অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰিষাৰ অসম আৰু জাপানিজ এনকেফেলাইটিছ

বাৰিষাৰ অসম আৰু জাপানিজ এনকেফেলাইটিছ

 

জাপানিজ এনকেফেলাইটিছ ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই, প্ৰতিৰোধেই ইয়াৰ একমাত্ৰ চিকিৎসা বুলি বুজিব পাৰোঁহঁক।

প্ৰতিৰোধৰ বাবে পোনতেই ভাইৰাছে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰা গাহৰিৰ গঁৰাল মানুহ থকা ঘৰৰ পৰা যথেষ্ট দূৰত কৰিব লাগে, যাতে সেইখিনি দূৰত্ব অতিক্ৰম কৰি আহি মহে মানুহক কামুৰিবৰ সুযোগ নাপায়।

বাৰিষা পৰাৰ লগে লগে অসমত জাপানিজ এনকেফেলাইটিছ নামৰ ৰোগবিধ সৰ্বস্তৰৰ ৰাইজৰ জীৱনৰ প্ৰতি এক ভাবুকি স্বৰূপ হৈ পৰে।

ফ্লেৱিভিৰিডি(Flaviviridea) পৰিয়ালৰ এক ভাইৰাছৰ পৰা এই ৰোগবিধ হয় আৰু এই ভাইৰাছ কিউলেকছ শ্ৰেণীৰ মহৰ কামোৰৰ দ্বাৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰে। এই ভাইৰাছে মানুহৰ মগজু আক্ৰমণ কৰে।

গাহৰি আৰু বগলী চৰাইৰ শৰীৰত এই ভাইৰাছে আশ্ৰয় গ্ৰহণ কৰি থাকে যদিও সিঁহতৰ শৰীৰত কোনো ৰোগ নকৰে।

মানুহৰ বাদে গৰু, ঘোঁৰা আদিৰ শৰীৰত এই ভাইৰাছে ৰোগ সৃষ্টি কৰিব পাৰে। এছিয়া মহাদেশৰ পূব আৰু দক্ষিণ-পূব অঞ্চলৰ দেশসমূহত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়।

কিউলেকছ প্ৰজাতিৰ মহৰ দ্বাৰা এই ৰোগ মানুহলৈ বিয়পে। ভাইৰাছপূৰ্ণ গাহৰি বা বগলীক কামুৰি সেই কিউলেকছ মহে মানুহক কামুৰিলে জাপানিজ এনকেফেলাইটিছ ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰে।

প্ৰৱেশ কৰাৰ পিছৰ প্ৰথম কেইটামান দিন ভাইৰাছবিধ নীৰৱে থাকি তেজত নিজৰ সংখ্যা বৃদ্ধি কৰে। এনেদৰে ৫ৰ পৰা ১৫ দিন অতিবাহিত হোৱাৰ পিছত ৰোগৰ লক্ষণে দেখা দিয়ে আৰু কঁপনিসহ জ্বৰ হয়, লগতে বমিৰ ভাব(ওক), বমি, মূৰৰ বিষ আৰু গাৰ বিষ হয়।

যিকোনো ভাইৰাছজনিত জ্বৰতেই এনে হয়। ছদিনমানলৈ এনেদৰে জ্বৰ হৈ থকাৰ পিছত ডিঙি টান হৈ পৰে আৰু মূৰটো ইফাল-সিফাল কৰিব কৰিব নোৱাৰা হৈ পৰে। আক্ৰান্ত ব্যক্তিগৰাকী খুবেই দুৰ্বল হৈ পৰে আৰু মূৰ্ছা যাব পাৰে। পুৰুষৰ ক্ষেত্ৰত অণ্ডকোষ ফুলিব পাৰে।

শৰীৰৰ উত্তাপ স্বাভাৱিকতকৈ বেছি হৈ থাকে(১০০.৪ৰ পৰা ১০৫.৮ ডিগ্ৰী ফাৰেনহাইটলৈ), শৰীৰৰ এফাল তত নোহোৱা হৈ পৰিব পাৰে।

জাপানিজ এককেফেলাইটিছ ৰোগাক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ হাৰ শতকৰা ৬০ পৰ্যন্ত হ’ব পাৰে। ৰোগৰ লক্ষণে দেখা দিয়াৰ গঢ়ে ৯ দিনৰ মূৰত আক্ৰান্ত ব্যক্তি মৃত্যুমুখত পৰিব পাৰে।

শিশুৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অধিক। গৰ্ভৱতী মাতৃ আক্ৰান্ত হ’লে গৰ্ভস্থ সন্তানৰ দেহলৈও এই ভাইৰাছ বিয়পিব পাৰে।

আক্ৰান্তসকলৰ যিসকল সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা বাছি যায়, তেওঁলোকৰো কিছুসংখ্যকৰ বিভিন্ন স্নায়ৱিক দুৰ্বলতা- যেনে কাণেৰে নুশুনা, বুদ্ধিমত্তা হ্ৰাস হোৱা, শৰীৰৰ এফাল অসাৰ হৈ পৰা আদি বিকলতা স্থায়ীভাৱে থাকি যায়।

জাপানিজ এনকেফেলাইটিছ ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। ৰোগীৰ কষ্ট লাঘৱ কৰিবলৈ শুশ্ৰূষা আৰু আনুষংগিক সহায়ী চিকিৎসা কৰিব পৰা যায়।

শুশ্ৰূষাৰ ক্ষেত্ৰত জিৰণি আৰু পৰিপুষ্টিৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। সহজে জীণ যোৱা আহাৰ আৰু নেমুটেঙাৰ চৰ্বত দিব লাগে।

মহৰ কামোৰৰ দ্বাৰা ভাইৰাছবিধ আক্ৰান্ত মানুহৰ পৰা আনৰ শৰীৰলৈ বিয়পিব নোৱাৰে, গতিকে আক্ৰান্ত ৰোগীক আনৰ পৰা পৃথককৈ ৰখাৰ প্ৰয়োজন নাই।

তেজ বা স্নায়ুৰস(CSF)ৰ এলিজা(Elisa) পৰীক্ষাৰ দ্বাৰা নিৰ্দিষ্ট এন্টিব’ডী ধৰা পেলাই জাপানিজ এনকেফেলাইটিছ ৰোগ সন্দেহাতীতভাৱে নিৰ্ধাৰণ কৰা সম্ভৱ। IFAS(Indirect Fluorescent Antibody Staining)ৰ পদ্ধতিৰ দ্বাৰা ভাইৰাছৰ এন্টিজেন নিৰ্ধাৰণ কৰিব পৰা যায়।

যিহেতু জাপানিজ এনকেফেলাইটিছ ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই, প্ৰতিৰোধেই ইয়াৰ একমাত্ৰ চিকিৎসা বুলি বুজিব পাৰোহঁক।

প্ৰতিৰোধৰ বাবে পোনতেই ভাইৰাছে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰা গাহৰিৰ গৰাল মানুহ থকা ঘৰৰ পৰা যথেষ্ট দূৰত কৰিব লাগে, যাতে সেইখিনি দূৰত্ব অতিক্ৰম কৰি আহি মহে মানুহক কামুৰিবৰ সুযোগ নাপায়।

গাহৰিৰ গৰাল মহ পাৰ হ’ব নোৱৰা জালেৰে আৱৰি ৰখাটো এটা ফলপ্ৰসূ ব্যৱস্থা। আগতেই উল্লেখ কৰি অহা হৈছে যে শৰীৰত ভাইৰাছ থাকিলেও গাহৰিয়ে কোনোধৰণৰ ৰোগৰ লক্ষণ নেদেখুৱায়।

গতিকে সকলো গাহৰিকে জাপানিজ এনকেফেলাইটিছ ভাইৰাছৰ সম্ভাব্য আশ্ৰয় তথা বংশবৃদ্ধিস্থল বুলি গণ্য কৰা উচিত। মহামাৰী ৰূপে দেখা দিলে ব্যাপক হাৰত গাহৰি নিধন কৰাৰো প্ৰয়োজন হ’ব পাৰে।

প্ৰতিৰোধৰ দ্বিতীয় পন্থা হিচাপে ৰোগ বিয়পোৱা কিউলেকছ প্ৰজাতিৰ মহৰ কামোৰৰ পৰা নিজকে বচোৱাৰ ব্যৱস্থা কৰিব লাগে। কিউলেকছ প্ৰজাতিৰ মহ আমাৰ পৰিৱেশত ব্যাপক পৰিমাণে আছে আৰু ইয়াক সেয়ে সহজে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাযায়।

মেলাথিয়ন, ফেনিট্ৰ’থিয়ন আদিৰে ‘ফগিং’ বা ডি ডি টি স্প্ৰে’ কৰি মহ কিছু পৰিমাণে নিধন কৰিব পৰা যায়। মহৰ কামোৰৰ পৰা বাচিবলৈ মহ দৰকাৰী ধূপ বা কইল, বিভিন্ন বৈদ্যুতিক সঁজুলি, ধোঁৱা বা ধূনা দিয়া আদি কাৰ্যপন্থা গ্ৰহণ কৰিব পৰা যায়।

দিনতে হওক বা ৰাতিয়েই হওক, শুৱাৰ সময়ত আঁঠুৱা তৰাটো নিতান্তই অপৰিহাৰ্য। মহ দূৰকাৰী ঔষধিযুক্ত আঁঠুৱা অতি ফলপ্ৰসূ। ঘৰৰ চৌকাষ পৰিষ্কাৰকৈ ৰাখিলে আৰু পানী জমা হৈ থাকিব নিদিলে মহে বংশবৃদ্ধি কৰা ৰোধ হয়।

ভেকচিন বা ছিটা জাপানিজ এনকেফেলাইটিছ প্ৰতিৰোধৰ এক ফলপ্ৰসূ উপায়। জাপানিজ এনকেফেলাইটিছৰ ছিটা ১৯৫০ৰ দশকত প্ৰথমে উপলব্ধ হয়, অৰ্ধশতিকাৰো অধিক কাল এইবিধ ছিটা ব্যৱহাৰ হোৱাৰ অন্তত পিছলৈ অধিক উন্নত ছিটা আৱিষ্কাৰ হোৱাত ২০০৫ চনত ইয়াৰ উৎপাদন বন্ধ কৰা হয়। বৰ্তমান সময়ত তিনি প্ৰকাৰৰ দ্বিতীয় প্ৰজন্মৰ ছিটা উপলব্ধ। এইবোৰৰ ভিতৰত ১৯৮৮ চনত চীনদেশত প্ৰয়োগ আৰম্ভ হোৱা এছ এ১৪-১৪-২ ছিটাবিধ তুলনামূলকভাৱে কম খৰচী। আনহাতে JE-VAX শ্ৰেণীৰ ছিটাৰ ওপৰত চলোৱা অধ্যয়নৰ পৰা দেখা গৈছে যে নিৰ্ধাৰিত দুটা পালি ছিটা লোৱাৰ পিছত ক’মেও এবছৰলৈ সুৰক্ষিত থাকিব পৰা সম্ভৱ।

শেহতীয়াভাৱে ভাৰততো স্থানীয়ভাৱে জাপানিজ এনকেফেলাইটিছ ছিটা উৎপাদন সম্ভৱ হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(ICMR: Indian Council of Medical Research) জাতীয় ভাইতাছ-বিষয় প্ৰতিষ্ঠান(NIV: National Institute of Virology) আৰু ভাৰত জৈৱপ্ৰযুক্তি আন্তঃৰাষ্ট্ৰীয়(BBI: Bharat Biotech International)ৰ সামূহিক উদ্যোগত ২৫ বছৰৰো অধিক কালৰ গৱেষণাৰ অন্তত মহাৰাষ্ট্ৰ ৰাজ্যৰ কোলাৰ অঞ্চলৰ পৰা সংগৃহীত ভাইৰাছৰ পৰা এই ছিটা প্ৰস্তুত কৰি উলিওৱা হৈছে। যোৱা ২০১৩ চনৰ অক্টোবৰ মাহৰ ৪ তাৰিখে এটা ছিটা ব্যৱহাৰৰ প্ৰয়োজনীয় অনুমোদন লাভ কৰাৰ পিছত বৰ্তমানে ব্যৱহাৰ কৰি অহা হৈছে। ৯০ শতাংশৰো অধিক সফলতা থকা এই ছিটা এবছৰীয়া শিশুৰ পৰা পঞ্চাশ বছৰীয়া প্ৰাপ্তবয়স্ক ব্যক্তিলৈকে প্ৰয়োগ কৰিব পৰা যায়। বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ অত্যাৱশ্যকীয় ঔষধৰ তালিকাত এই ভাৰতীয় ছিটা ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। JENVAC নামৰ ভাৰতীয় ছিটাবিধৰ ঈপসিত পূৰ্ণ কাৰ্যকুশলতাৰ বাবে দুটা পালি লোৱাৰ প্ৰয়োজন যদিও মহামাৰীৰ সময়ত এটা ছিটা প্ৰয়োগৰ ২৮ দিন পিছত ৯৮.৭ শতাংশলৈকে সুৰক্ষা দিয়াত সমৰ্থ হৈছে।

অসমত এই ৰোগে ভয়াৱহ স্বাস্থ্য-সমস্যাৰ সৃষ্টি কৰি আহিছে। বিগত কেইটামান বছৰত সহস্ৰাধিক লোক অসমত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে আৰু তথ্যমতে অকল ২০০৮-২০১৪ৰ কালছোৱাতে ২০৪৫ গৰাকী ৰোগী অসমত মৃত্যুবৰণ কৰিছে। ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, যোৰহাট তথা বৰপেটাস্থিত চিকিৎসা মহাবিদ্যালয় আৰু উত্তৰ লখিমপুৰ, গোলাঘাট, শিৱসাগৰ, তেজপুৰ, নগাঁও, এম এম চি গুৱাহাটী, কোকৰাঝাৰ আৰু ধুবুৰী অসামৰিক চিকিৎসালয়- সৰ্বমুঠ অসমৰ ১৭ খন চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত বিনামূলীয়াকৈ এই ভাইৰাছ নিৰ্ণয় কৰাৰ ব্যৱস্থা আছে।

সমস্যাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসমত শিশু আৰু প্ৰাপ্তবয়স্ক উভয়কে ছিটা প্ৰদানৰ এক অভিলাষী আঁচনি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে। এনে পদক্ষেপ লোৱা অসমেই ভাৰতৰ প্ৰথম ৰাজ্য। এই ছিটা এবিধ নিৰাপদ ছিটা আৰু সকলোৱে এই ছিটা গ্ৰহণৰ দ্বাৰা এই ঘাতক ৰোগটিৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰোঁ।

লেখক: ডাঃ ৰমেন কুমাৰ কাকতি(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate