অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰ্ধক্যজনিত স্বাস্থ্য সমস্যাঃ

বাৰ্ধক্যজনিত স্বাস্থ্য সমস্যাঃ

 

লুই মাজাউৰ নাম অসমীয়া সুধী সমাজৰ ভিতৰত কেইজনে শুনিছে সেই বিষয়ে মোৰ মনত সন্দেহৰ অৱকাশ আছে। খাচী জনগোষ্ঠীৰ এই বিখ্যাত সংগীতজ্ঞগৰাকীৰ সুনাম মাথোঁ ভাৰততে নহয়, বিশ্বৰ বিভিন্ন দেশতো আছে। ইতিমধ্যে সত্তৰৰ দেওনা অতিক্ৰম কৰা এইগৰাকী নমস্য ব্যক্তিৰ আমাৰ অসমৰ প্ৰয়াত সুধাকণ্ঠ গৰাকীৰ সৈতে আছিল একেবাৰে সহোদৰ ভাতৃৰ লেখীয়া সম্পৰ্ক। এই লেখক শ্বিলঙৰ নেইগ্ৰিমছ হস্পিতালৰ মেডিচিনৰ বিভাগীয় মূৰব্বী হৈ থকা অৱস্থাত এবাৰ এইজন গায়কক চিকিৎসা কৰাৰ সৌভাগ্য ঘটিছিল। হেন সময়তে এক অত্যন্ত ব্যস্ত জীৱন যাপন কৰিবলগীয়া হোৱা স্বত্ত্বেও গায়কগৰাকীৰ দৈহিক স্বাস্থ্যৰ তজবজীয়া ৰূপ দেখি বিস্ময়ত হতবাক হৈছিলো।

বয়স নামৰ শব্দটি আজিৰ তাৰিখত হয়তো অভিধানতহে আৱদ্ধ হৈ থাকিব- যাক নেকি সংজ্ঞায়িত কৰাটো হয়তো ক্ৰমান্বয়ে কঠিন আৰু দুৰূহ কাৰ্য হৈ পৰিব। চিকিৎসা বিজ্ঞানৰ অভাৱনীয় অগ্ৰগতিৰ সুবাদতে এয়া সম্ভৱপৰ হৈছে। ‘আপুনি বয়স হৈলে বুদ্ধি হৈবো ভাল’ আদিৰ লেখীয়া যিবোৰ প্ৰবাদ বাক্যৰ জৰিয়তে বয়সৰ অগ্ৰগতিৰ আনুষংগিকভাৱে মাৰ্জিত বুদ্ধি তথা আচৰণ প্ৰদৰ্শনৰ কথা কোৱা হৈছে সেইবোৰ হয়তো এটা সময়ত অপ্ৰাসংগিক হ’ব। বয়সৰ যি নিষ্ঠুৰ আঁচোৰ শৰীৰত সময়ৰ লগে লগে পৰে সেয়া প্ৰতিহত কৰিবলৈ আমাৰ অসম ৰাজ্যখনৰে নগৰ-চহৰৰ কথা বাদেই বহুতো গাঁও-ভুঁইত গঢ় লৈ উঠিছে ‘জিম’ আৰু ‘হেল্থ ক্লিনিক।‘ অৱশ্যে এইবোৰৰ ভিতৰত বহুততে থকা সা-সুবিধাৰ (যন্ত্ৰপাতিকে ধৰি) মান তথা প্ৰশিক্ষকৰ অৰ্হতা সম্বন্ধে প্ৰশ্নবোধক চিহ্নৰ অৱতাৰণা নোহোৱাকৈ নাথাকে। অৱশ্যে ‘নাই মোমাইতকৈ কণা মোমাই ভাল’ বুলি আমাৰ ৰাইজে স্পৰ্শ কৰিবলৈ বাধ্য হৈছে স্বাস্থ্য ৰক্ষাৰ এনেবোৰ ‘মেজিকেল’ সঁচাৰকাঠি। ফাৰ্টিলিটি ক্লিনিকবোৰৰ সুবাদে বহুতে নাৰীয়ে এতিয়া চল্লিশোৰ্ধ্ব বয়সৰ পাছতহে প্ৰথমটি সন্তান ধৰাৰ বুকুলৈ আদৰাৰ পৰিকল্পনা কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাছতো বহুতো মানুহে সুস্থ-সবল দেহাৰে বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ আছে। ভাৰতত শেহতীয়াভাৱে দুঃসাহসিক ক্ৰীড়াৰ বৰ্ধিত সা-সুবিধাসমূহ তথা জনপ্ৰিয়তাৰ গইনা লৈ বহুতো বয়সস্থ মানুহে অভাৱনীয় তথা অবিশ্বাস্যভাৱে এনেবোৰ খেলা-ধূলাতো লিপ্ত হৈছে। ইয়াৰে ভিতৰত পেৰাছ্যুট খেলা হৈছে অন্যতম। ইংৰাজী ভাষাৰ অভিধানত শেহতীয়াভাৱে সংযোজিত এক নৱতম শব্দ হৈছে Amortal  যাৰ অৰ্থ হৈছে এনে কিছুমান মানুহ, যিসকলৰ শৰীৰ তথা মনে বয়সৰ বৃদ্ধিৰ পৰিঘটনাটিক অস্বীকাৰ কৰে। বাৰ্ধক্যজনিত স্বাস্থ্য সম্বন্ধীয় গৱেষণা কেন্দ্ৰৰ বাৰ্ধক্য মনস্তত্ত্ব বিজ্ঞান বিভাগৰ অধ্যাপক পি ভি ৰামমূৰ্তিয়ে এনেদৰে কয়- আমি ঘাইকৈ যৌৱনৰ আধাৰত গঢ় লৈ উঠা সংস্কৃতিৰ মাজত বসবাস কৰো। গতিকে বৃদ্ধত্ব প্ৰাপ্তিৰ বাবে এক সূচকৰ নিতান্তই আৱশ্যক। ৬০ বছৰ বয়সত এজন মানুহ দৈহিক তথা মানসিক দৃষ্টিকোণৰ পৰা সম্পূৰ্ণ কাৰ্যদক্ষ হৈ থকা অৱস্থাতে অৱসৰ ল’বলৈ বাধ্য কৰোৱা হয়।

তাহানি বলিউডৰ জনপ্ৰিয় অভিনেতা জিতেন্দ্ৰৰ দ্বাৰা বিজ্ঞাপিত হোৱা এক বনৌষধি দৰবৰ নাম আছিল থাৰ্টী প্লাছ। বিগত শতিকাৰ পঞ্চাশৰ আৰু আমাৰ দৰে ষাঠিৰ দশকত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে স্বৰাজোত্তৰ যুগত (বিশেষকৈ নব্বৈৰ দশকত আৰম্ভ হোৱা অৰ্থনৈতিক উদাৰীকৰণৰ সুবাদত) ভাৰতৰ এক বুজন সংখ্যক মানুহে কটাবলৈ সক্ষম হোৱা সচ্ছল জীৱনৰ স্বাদ লভিবলৈ সক্ষম হৈছে আৰু বহুতে আমৃত্যু পৰ্যন্ত এয়া উপভোগ কৰিব বিচাৰিছে। ধন ঘটা জীৱনটো পৰিপূৰ্ণতাৰে উপভোগ কৰাটোৱেই যেন আজিৰ তাৰিখত আবাল-বৃদ্ধ-বনিতাৰ ঈপ্সিত লক্ষ্য হৈ পৰিছে।

ষাঠিৰ দেওনা অতিক্ৰম কৰা ব্যক্তিৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি গৈছে। ২০১১ চনৰ লোকপিয়ল অনুযায়ী এনে ব্যক্তিৰ সংখ্যা আছিল ৭৮ নিযুত আৰু অনুমান কৰা হৈছে যে ২০৩০ চনত এইসকল মানুহৰ সংখ্যাই ১৭৯ নিযুত স্পৰ্শ কৰিবগৈ।  গতিকে এতিয়া আশ্চৰ্যান্বিত হোৱাৰ কোনো কাৰণ নাই যে এইসকল ব্যক্তিৰ দৈহিক তথা মানসিক স্বাস্থ্যৰ যতনৰ বাবে আগবাঢ়ি আহিছে সুসংগঠিতভাৱে কাম-কাজ সম্পন্ন কৰা কেতবোৰ অনুষ্ঠান।

বয়সৰ অগ্ৰগতি ৰোধ কৰিবলৈ চলা যুঁজ-বাগৰখনত চিকিৎসা বিজ্ঞানৰ সহায়ত মানৱ প্ৰজাতিয়ে সফলতা লভা বুলি কৰা দাবী অগ্ৰাহ্য কৰিছে এচাম বিশেষজ্ঞই। চেন্নাইৰ কিডনী ৰোগ বিশেষজ্ঞ ডি দিবাকৰে এনেদৰে কয়- জন্ম অৱধি আমাৰ দেহৰ কোষবোৰ বয়সৰ বৃদ্ধিৰ বাবে প্ৰগ্ৰামিং কৰা থাকে। গতিকে এই প্ৰক্ৰিয়াটি কাহানিও পৰিৱৰ্তনশীল নহয়। সেয়েহে জানি শুনিয়েই বটক্স বেজী প্ৰয়োগ কৰি কপালৰ বলিৰেখাৰ তীব্ৰতা হ্ৰাস কৰাৰ প্ৰয়াস প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰাৰ লেখীয়া হৈছেগৈ। কাৰণ এনেধৰণৰ বেজীৰ প্ৰভাৱ শৰীৰত সাময়িকভাৱেহে থাকে আৰু শৰীৰৰ গভীৰতাত এইবোৰ দৰবৰ কুপ্ৰভাৱৰ বাদে আন তেনে কোনো বিক্ৰিয়া নঘটে।

তথাপি সময়ে গৰকা শৰীৰক নকৈ সজাই তুলিবলৈ কিছুমান মানুহৰ যেন হেঁপাহৰ অন্ত নাই। বাৰ্ধ্যক্যৰোধক নানা দৰবৰ চাহিদা (সদ্য উল্লিখিত বটক্সকে ধৰি) প্ৰতি বছৰে বজাৰত ৩০ শতাংশকৈ বাঢ়ি গৈ আছে। এই উদ্দেশ্য সাধনৰ বাবে প্ৰয়োজন হোৱা শল্য চিকিৎসাৰ চাহিদা ২০ শতাংশ আৰু অস্ত্ৰোপচাৰ বহিৰ্ভূত চিকিৎসাৰ চাহিদা ৩০ শতাংশ বাঢ়িছে বুলি চিকিৎসা বিজ্ঞান সম্বন্ধীয় এক শেহতীয়া সমীক্ষাত প্ৰকাশিত হৈছে। ইণ্ডিয়ান এছচিয়েচন অব্ এছথেটিক প্লাষ্টিক চাৰ্জনে এই সমীক্ষা চলাইছিল।

শৰীৰৰ বিভিন্ন অংশৰ ছালৰ সৌন্দৰ্য অটুট ৰাখিবলৈ যিবোৰ পদ্ধতি ব্যৱহাৰ কৰা হয়, সেইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে- ডাৰ্মেল ফিল্টাৰ, ফটোথেৰাপী, লেজাৰৰ প্ৰয়োগৰ উপৰি দৰবৰ জৰিয়তে যৌৱন পুনৰুদ্ধাৰৰ চিকিৎসা চলাব পাৰি। পৰ্যাপ্ত মাত্ৰাত ভিটামিন আৰু জাৰণৰোধক (এণ্টিঅক্সিডেণ্ট) খাবলৈ দিয়াৰ উপৰি এই উদ্দেশ্য প্ৰয়োগ কৰা অন্যান্য চিকিৎসা পদ্ধতিবোৰ হৈছে নাৰীৰ দেহত প্ৰজননক্ষম অৱস্থাত স্বাভাৱিকতে পোৱা প্ৰোজেষ্টেৰণৰ ব্যৱহাৰ আৰু পুং হৰম’ন টেষ্টোষ্টেৰণৰ সময়সাপেক্ষ ব্যৱহাৰ। তদুপৰি ডি এইচ ই এ নামৰ এটা ষ্টেৰ’ইড শ্ৰেণীভুক্ত হৰম’ন প্ৰয়োগ কৰাৰ উপৰি নাৰীৰ ক্ষেত্ৰত ৰজোঃ নিবৃত্তিৰ পাছত হৰম’ন পুনৰ সংস্থাপন চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে হিন্দী চিনেমাৰ প্ৰাণকেন্দ্ৰস্বৰূপ বলিউডৰ এগৰাকী সংগীত পৰিচালকৰ বিষয়ে উল্লেখ কৰিব পাৰি। তেওঁৰ বয়স ৫০ বছৰ হোৱাগৈ নাছিল যদিও এক বাৰ্ধক্যজনিত অৱসাদগ্ৰস্ততাই তেওঁৰ দেহ-মন আগুৰি ধৰিছিল। জৈৱ ৰাসায়নিক পৰীক্ষা-নিৰীক্ষা কৰি দেখা গ’ল যে তেওঁৰ তেজত টেষ্টোষ্টেৰণ আৰু খাদ্যপ্ৰাণ খ-১২ৰ মাত্ৰা টুটিছে। বেজীৰ জৰিয়তে এইকেইটা দ্ৰব্যৰ প্ৰয়োগ কৰাৰ পাছত দেখা গ’ল যে যৌৱনসুলভ চপলতা তেওঁৰ দেহলৈ পুনৰ ঘূৰি আহিছে।

পিছে হৰম’নৰ প্ৰয়োগ সদায়েই অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত সতৰ্কতাসহ কৰিব লাগে। তদুপৰি হেন সময়ত ৰক্তচাপ নিয়মিতভাৱে নিৰীক্ষণ কৰিব লাগে। অন্যথা হৰম’নবোৰৰ ভালেখিনি অপকাৰী প্ৰভাৱ শৰীৰত দেখা দিব পাৰে। সেইবোৰ হৈছে এনেধৰণৰ-

(১) স্তন, জৰায়ু আৰু শ্লেষ্মা কলাত কৰ্কট ৰোগ সৃষ্টিৰ শংকা বাঢ়ে।

(২) মানসিক সুস্থিৰতা বিঘ্নিত হ’ব পাৰে।

(৩) ষ্ট্ৰোক আৰু হাৰ্ট এটেক হোৱাৰ শংকা বাঢ়ে।

বৃদ্ধাসকলে ৰজোঃনিবৃত্তিৰ পাছত জীৱনৰ এক সুদীৰ্ঘ অধ্যায় অতিবাহিত কৰিবলগীয়া হয়। গতিকে এই সময়ছোৱাত সুস্থ শৰীৰ-মন লৈ এক সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষমতা আৰ্জনৰ উদ্দেশ্যে মানসিক তথা দৈহিকভাৱে নিজকে প্ৰস্তুত কৰিব লাগিব।

শৰীৰত বাৰ্ধক্যৰ আগমন অৱধাৰিত যদিও কিছু মাত্ৰাত হ’লেও ইয়াক প্ৰতিহত কৰাৰ উদ্দেশ্যে জীৱন ধাৰণৰ শৈলীৰ পৰিৱৰ্তন নিশ্চয়কৈ দৰকাৰ। এইক্ষেত্ৰত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পোষকতা কৰা যোগ সাধনা হৈছে অনুশীলন কৰিবলগীয়া এক ফলপ্ৰসূ তথা প্ৰণালীবদ্ধ পদ্ধতি। লিংগ বা বয়স নিৰ্বিশেষে যোগ হৈছে দৈহিক, মানসিক তথা বৌদ্ধিক আৰু নৈতিক উন্নতিৰ বাবে এক প্ৰয়োজনীয় সাধনা। যোগ সাধনাৰ জৰিয়তে বৃদ্ধাৱস্থাত জীৱনটোক আনন্দময়-সুখময় কৰিব পাৰি। ভাৰতৰ এই প্ৰাচীন সংস্কৃতিটোৰ গুৰুত্ব আজি একৈশ শতিকাত হ্ৰাস পোৱা নাই। বৰঞ্চ ক্ৰমান্বয়ে বাঢ়িয়েই আছে। তদুপৰি জীৱন নিৰ্বাহৰ শৈলী সঠিক কৰাৰ উদ্দেশ্যে নিয়ন্ত্ৰিত মাত্ৰাত আহাৰ খোৱাৰ উপৰি নিয়মীয়াভাৱে ব্যায়াম কৰা যুগুত। বিভিন্ন ধৰণৰ ব্যায়ামৰ ভিতৰত নিয়মীয়াকৈ খোজকঢ়া হৈছে আটাইতকৈ বেছি ফলপ্ৰসূ।

বৃদ্ধ বয়সত নিজৰ মানসিকতাৰ ওপৰত অনাহকতে অত্যধিক চাপ পৰিবলৈ দিয়া উচিত নহয়। বৰ্তমানৰ প্ৰাত্যহিক জীৱনৰ ধামখুমীয়াৰ পৰিপ্ৰেক্ষিতত এইষাৰ কথা অতিকৈ প্ৰাসংগিক।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate