অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰ্ধক্যৰ অসুখ-বিসুখ

 

বাৰ্ধক্যৰ লগে-লগে শৰীৰত নানান অসুখ-বিসুখে দেখা দিয়ে। বদহজম, বাতবিষ, ৰক্তচাপ বঢ়া-কমা, ৰাতি টোপনি নহা, দিনত অলসতা এনে অসংখ্য অসুখ। চিকিৎসকসকলে লক্ষ্য কৰিছে যে বার্ধক্যত সাধাৰণতে হোৱা অসুখবোৰৰ ভিতৰত শৰীৰত দুর্বলতাজনিত অসুখ, সংক্রামক অসুখ, কিডনীৰ পাথৰ, প্রষ্ট্রেট গ্ৰেণ্ডৰ বৃদ্ধি, বহুমূত্র আদিয়েই প্রধান। শৰীৰৰ দুর্বলতাজনিত আৰু সংক্ৰামক ৰোগ চেষ্টা কৰিলে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

কেন্‌ছাৰ

এক তুলনামূলক বিশ্লেষণৰ পৰা দেখা গৈছে যে বয়স্ক লোকৰ ক্ষেত্ৰত কেন্‌ছাৰ ৰোগৰ মাত্রা অধিক। আমাৰ দেশত যিবোৰ কেন্‌ছাৰ হয় তাৰ কিছুমান পূর্ব লক্ষণ আছে। যেনে— স্বৰযন্ত্ৰৰ কেন্‌ছাৰত হঠাতে মাত ভগা, বৃহৎ অন্তৰ কেন্‌ছাৰত মলত্যাগৰ স্বাভাৱিক প্রকৃতি হঠাৎ বদলি হোৱা, খাদ্যনলীৰ কেন্‌ছাৰত খাদ্য গিলোঁতে অসুবিধা হোৱা, তিল বা মাহ আদি ঋতুস্ৰাৱ বন্ধ হোৱাৰ পাছত আকৌ হঠাৎ ৰক্তপাত হোৱা, স্তন কেন্‌ছাৰত টেমুনা বা গোটাৰ অনুভৱ হোৱা ইত্যাদিবোৰত কেনছাৰৰ সম্ভাৱনা থাকিব পাৰে। এনে অৱস্থাত তৎক্ষণাৎ চিকিৎসাৰ অধীন হোৱা দৰকাৰ। তদুপৰি ধূমপান, তামোলৰ লগত ধপাত খোৱা, খৈনী খোৱা, পাণ-মছলা খোৱা, এক্স-ৰে বা অন্য ৰশ্মিৰ প্ৰভাৱলৈ বেছিকৈ অহা, কৃত্ৰিম খাদ্য খোৱা আদি কাৰ্যবোৰক কেন্‌ছাৰক দূত বোলা হয়।

হৃদযন্ত্ৰৰ অসুখ

বাৰ্ধক্যত সঘনে দেখা দিয়া ব্যাধি হ’ল হৃদযন্ত্রৰ সৈতে জড়িত নানা সমস্যা তথা ৰক্ত সঞ্চালনৰ সৈতে জড়িত সমস্যা। ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ ৰোগত সাধাৰণতে নিম্নলিখিত উপসৰ্গবোৰ দেখা যায়।

  • সামান্য পৰিশ্রমতে, যেনে ছিৰি আদি বগাওঁতে উশাহ-নিশাহ চুটি চুটি হোৱা।
  • বুকুৰ বিষ বা বুকুত হেঁচা অনুভৱ কৰা। সাধাৰণতে এই বিষ বাওঁফালে হয়। ভৰি ফুলে, মূৰ বিষাই, বুকু ধপধপাই, ভাগৰ লাগে আৰু ঘাম ওলায়। এনে উপসৰ্গবোৰ দেখা পালেই অলপো পলম নকৰি চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।
  • ৰক্তচাপ বা হৃদযন্ত্ৰৰ ৰোগৰ পৰা হাত সাৰিবলৈ হ’লে নিম্নলিখিত পৰামৰ্শবোৰ গ্রহণ কৰিব পাৰে।
  • যিসকলৰ পৰিয়ালত কাৰোবাৰ ৰক্তচাপজনিত অসুখ আছে। তেনে লোকে চল্লিছ বছৰ বয়স হোৱাৰ পাছৰে পৰা নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লওক।
  • আহাৰত স্নেহজাতীয় পদার্থৰ পৰিমাণ কমাই শৰীৰৰ ওজন স্থিৰ ৰখাৰ চেষ্টা কৰক। বিশেষকৈ জন্তুৰ মাংস পৰিহাৰ কৰিলে ভাল।
  • নিয়মিত লঘু ব্যায়াম কৰক, নিয়মীয়াকৈ বিশ্রাম লওক, মানসিক অস্থিৰতা, মানসিক চাপ আদি পাৰে মানে এৰাই চলিবলৈ চেষ্টা কৰক।
  • আচলতে হৃদযন্ত্র বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধসকলতকৈ মধ্যবয়সীয়াসকলৰহে বেছি। সেই অৰ্থত ইয়াক ঠিককৈ বার্ধক্যৰ ৰোগ বুলিবও নোৱাৰি। তথাপি মধ্য বয়স পাৰ হৈ যিসকলে বাৰ্ধক্যত ভৰি দিছে। তেওঁলোকৰ অনেকৰেই হৃদযন্ত্র কম-বেছি পৰিমাণে দুর্বল হৈ আহে। তদুপৰি উচ্চ ৰক্তচাপৰ কথাও আছে। বয়স বঢ়াৰ লগে লগে ৰক্তচাপ বঢ়াৰ সম্ভাৱনাও বাঢ়ি আহে। আৰু উচ্চ ৰক্তচাপৰ সৈতে হৃদযন্ত্ৰৰ সমস্যাও জড়িত হৈ আছে।

কিডনীৰ পাথৰ

বাৰ্ধক্যত দেখা দিয়া আৰু দুবিধ অসুখ হৈছে যে কিডনীৰ পাথৰ আৰু প্ৰষ্ট্রেট গ্লেণ্ডৰ বৃদ্ধি। কিডনীৰ পাথৰ প্রথম অৱস্থাত ধৰিব নোৱাৰি। তথাপি মাজে মাজে কঁকালৰ পিছফালৰ পৰা অলপ তললৈকো বিষ হোৱা দেখা যায়। প্ৰস্ৰাৱ পৰীক্ষা কৰি আৰু কিডনীৰ এক্স-ৰে কৰি ব্যাধিবিধ চিনাক্ত কৰিব পৰা যায়। কিডনীৰ পাথৰ মূত্ৰভাণ্ডাৰতে বৃদ্ধি পায়। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ আৰু সহায়ৰ অৱশ্যেই প্রয়োজনীয়। তদুপৰি কিডনীত পাথৰ জমা হ’লে খাদ্য বিধি সম্পর্কতো যথেষ্ট সজাগ হোৱা দৰকাৰ। এইবোৰ যিয়েই নহওক, ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

বয়স্কসকলৰ মাজত সততে দেখা মূত্রজনিত আৰু এক ব্যাধি হ’ল প্রষ্ট্রেট গ্লেণ্ডৰ বৃদ্ধি। এই ব্যাধিৰ বাবে প্রথম অৱস্থাত ঔষধৰ দ্বাৰা কিছু নিয়ন্ত্ৰণ কৰিব পাৰি যদিও অস্ত্ৰোপচাৰৰ বাহিৰে এই ৰোগৰ পৰা হাত সাৰিবৰ বাবে আৰু কোনো উপায় নাই।

বহুমূত্র বা ডায়েবেটিছ

বয়স বঢ়াৰ লগে লগে আৰু এক ব্যাধি সহজে দেখা যায়। সেয়া হৈছে বহুমূত্র বা ডায়েবেটিছ। এইবিধ ৰোগ নিয়ন্ত্ৰণলৈ আনিব পাৰিলে দীর্ঘকাল সুস্থ হৈ থকা নিশ্চয় সম্ভৱ। ৰক্তচাপ, ঘা আদি নুশুকুৱা আদি অনেক জটিলতাই দেখা দিব পাৰে। তদুপৰি ডায়েবেটিছৰ পৰা দৃষ্টিশক্তি হ্রাস বা অন্ধত্ব আদিয়েও দেখা দিব পাৰে

ডায়েবেটিছ ঔষধৰ দ্বাৰা যিমানখিনি নিয়ন্ত্ৰিত হয়, তাতকৈ অধিক নিয়ন্ত্ৰিত হয় জীৱন-যাপনৰ পদ্ধতিৰ দ্বাৰা। ইয়াৰ ভিতৰত খাদ্যৰ নিয়ন্ত্রণ অতি গুৰুত্বপূর্ণ। তদুপৰি দুশ্চিন্তা, দুর্ভাৱনা ত্যাগ কৰিব লাগিব। আটাইতকৈ দৰকাৰী কথা নিতৌ সামান্য হ’লেও ব্যায়াম কৰিব লাগিব।

ইয়াত যিবোৰ অসুখৰ কথা লিখা হ’ল বাৰ্ধক্যত সেইবোৰেই একমাত্র অসুখ নহয়। ইয়াৰ উপৰি অনেক অসুখ-বিসুখ বার্ধক্যত আহি পৰে। সংক্ৰামক ব্যাধি, যক্ষ্মা, নার্ভ সংক্রান্তীয় ব্যাধি, মানসিক ৰোগ, ছালৰ অসুখ, দাঁত, চকু আদিৰ সমস্যা। দুর্বল দেহ, দুর্বল মানসিক অৱস্থান, দুর্বল অর্থনৈতিক অৱস্থানে বয়স্কসকলক যিকোনো ৰোগৰ ওচৰত ধৰাশায়ী কৰে। সেয়ে বার্ধক্যৰ লগে লগে অলপ সচেতন অলপ সাৱধান হোৱা উচিত।

লিখক: অনিল চন্দ্ৰ শৰ্মা, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate