অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশেষ কেতবোৰ ৰোগৰ বিষয়ে :

বিশেষ কেতবোৰ ৰোগৰ বিষয়ে :

 

নতুন বছৰৰ আৰম্ভণিতে গুৱাহাটীৰ পানীখাইতীৰ ৰাজাবাৰী অঞ্চলত চাৰি শতাধিক লোক বৰআইসদৃশ ৰোগত আক্ৰান্ত হোৱা বুলি বাতৰি পোৱা গৈছিল। অতি দ্ৰুত গতিত  সংক্ৰমণ হোৱা এই ৰোগক স্বাস্থ্য বিভাগে বৰআই বুলি ঘোষণা কৰা নাছিল যদিও ৰোগৰ লক্ষণসমুহ চাই ৰাইজে তেনে বুলিয়েই সন্দেহ কৰিছিল। স্থানীয় স্বাস্থ্য কেন্দ্ৰত কে’বাখনো গাঁৱৰ লোকক একেলগে চিকিৎসা দিয়া সম্ভৱ হোৱা নাছিল। আনহাতে প্ৰায় এমাহতকৈও অধিক কাল ৰোগৰ প্ৰকোপ বাঢ়ি গৈ থকা আৰু ইতিমধ্যে এজনৰ মৃত্যু হোৱা পৰিস্থিতিত গাওঁবাসীয়ে বৰ্তমান বেজ-কবিৰাজৰ আশ্ৰয় লৈছে বুলি বাতৰি পোৱা গৈছে। এই ৰোগবিধ বৰআই বুলি চৰকাৰীভাৱে এতিয়াও ঘোষণা কৰা সম্ভৱ হোৱা নাই। এই ক্ষেত্ৰত বোধকৰো বিশেষ পৰীক্ষা-গৱেষণাৰ প্ৰয়োজন হ’ব, যিহেতু বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে ভাৰত বৰআই ৰোগমুক্ত দেশ বুলি ঘোষণা কৰি গৈছে।

চিকিৎসা-বিজ্ঞানৰ উন্নতি আৰু নানান উন্নত মানৰ ঔষধ-পাতিৰ আৱিষ্কাৰৰ ফলত একালৰ ভয়াৱহ মহামাৰীসদৃশ ৰোগবোৰৰ প্ৰকোপ বা অস্তিত্ব বৰ্তমান নোহোৱা হৈ গৈছে। বৰআই এনে ৰোগবোৰৰে এক প্ৰকাৰ। এসময়ত কলেৰা, টিবি, মেলেৰিয়া, কুষ্ঠ আদিও এনে ভয়াৱহ ৰোগ হিচাপে গণ্য কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে সমগ্ৰ বিশ্বতে লুপ্ত বুলি ঘোষণা কৰা ৰোগকেইটা হ’ল-yaws, guinea worm, Polio আৰু Small pox। ভাৰতবৰ্ষক ১৯৭৭ চনত বৰআইমুক্ত দেশ বুলি ঘোষণা কৰা হয়। ইয়াৰ লগতে ২০২০ চনত Kala Ajhar, Sleep-ing Sickness, Blinding rachoma,Laprosy আৰু Elephantisis ৰোগ সম্পুৰ্ণকৈ নিৰ্মুল হ’ব বুলি আঁচনি লোৱা হৈছে।

উন্নত চিকিৎসা ব্যৱস্থা, ঔষধৰ যোগান আৰু গৱেষণা আদিৰ দ্বাৰা বহলেমান ভয়াৱহ ৰোগৰ পৰা জনসাধাৰণক সুৰক্ষা দিব পৰা গৈছে যদিও বিভিন্ন অস্বাস্থ্যকৰ পৰিৱেশ, প্ৰদুষণ আৰু  অন্যান্য বদ অভ্যাসৰ ফলত নতুন নতুন ৰোগৰ আবিৰ্ভাবো হোৱা দেখা গৈছে। এইডছ, এব’লা, বাৰ্ড ফ্লু, জিকা আদি এনেজাতীয় ৰোগ। ইয়াৰ লগতে ভুতৰ ওপৰত দানহ পৰা দি লুপ্ত হৈ যোৱা বুলি ভবা কেতবোৰ ৰোগৰো পুনৰ আৱিৰ্ভাৱ হোৱাৰ বাতৰি পোৱা গৈছে। ‘The Epidemic you don’t Know’ শীৰ্ষক TOI ৰ বাতৰি অনুসৰি ২০১৫ চনত আমাৰ দেশ হস্তীপদ ৰোগ  (Filaria/Elephantisis) মুক্ত হ’ব বুলি ঘোষণা কৰাৰ বিপৰীতে বৰ্তমান দেশৰ কিছুমান অঞ্চলত এই ৰোগ পুনৰ হোৱা পৰিলক্ষিত হৈছে। দেশৰ কুৰিখন ৰাজ্যৰ ২৫০ খন জিলাত অৱস্থিত এই অঞ্চলবোৰৰ ভিতৰত গোৱালপাৰা, মধ্য অসম আৰু উজনি অসমৰো কেতবোৰ অঞ্চল অন্তৰ্গত।

কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ তথ্য আৰু ক্ষেত্ৰভিত্তিক অধ্যয়ন অনুসৰি Filariasis, called hathipao locally, can cause limbs, usually the leg, knee downwards, to swell enormously or hydrocele causing disfigurement and disability… Transmitted through mosquito bite filarial is estimated to be endemic in over 250 districts in 20 states, putting 650 million people at risk । এনে ৰোগৰ বীজাণু মহৰ কামোৰৰ দ্বাৰা ৰক্তসিৰাত প্ৰৱেশ কৰে আৰু ৫-৮ বছৰলৈ লুপ্ত কিন্তু সক্ৰিয় হৈ থাকিব পাৰে। এনে কাৰণতে এনকেফেলাইটিছ, ডেংগু আদি ৰোগতকৈ ই বেছি ভয়াৱহ আৰু প্ৰভাৱ সুদীৰ্ঘ। আৰু সেইবাবেই কেন্দ্ৰীয় স্বাস্থ্য বিভাগ অধিক উদ্বিগ্ন হৈ পৰিছে।

আমাৰ ৰাজ্যত এনেধৰণৰ ৰোগৰ ওপৰত গৱেষণা, ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু সজাগতা তেনেই নাই বুলিয়েই হয়। অৱশ্যে সীমিত পুঁজি, চিকিৎসক আৰু গৱেষণাগাৰৰ অভাৱে হেঁচা মাৰি ধৰি থকা পৰিস্থিতিত পুৰণি ৰোগৰ আৱিৰ্ভাৱ আৰু নতুন ৰোগৰ আৰম্ভণিক লৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা অসম্ভৱ প্ৰায়। এই ক্ষেত্ৰত স্বাস্থ্যকৰ্মী, সজাগতা শিশ্বিৰ, স্বাস্থ্য কৰ পৰিবেশ, উন্নত স্বাস্থ্যসন্মত খাদ্যাভ্যাস আদিৰ ব্যৱস্থা গ্ৰহণৰ দ্বাৰা ৰোগৰ বিস্তাৰ আৰু ভয়াৱহতা কিছু নিয়ন্ত্ৰণলৈ আনিব পৰা যায়। বৰ্তমান অভাৱ-অনাটন, নিবনুৱা সমস্যা, প্ৰাকৃতিক দুৰ্যোগ আদিয়ে জুৰুলা কৰি থকা ৰাজ্যবাসীৰ নতুন ৰোগত পৰি শাৰীৰিক আৰু আৰ্থিক বোজা বহনৰ ক্ষমতাশুন্যপ্ৰায়। গতিকে ৰোগবোৰে মহামাৰীৰ ৰুপ ধাৰণৰ আগতেই চৰকাৰীভাৱে নিয়ন্ত্ৰণৰ বাবে কিছু ব্যৱস্থা লোৱা উচিত

লেখিকা: ড° জয়শ্ৰী বৰা (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate