অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্বজুৰি নীৰৱ ঘাটকৰ আত্ংক

জিকা ভাইৰাছৰ ব্যাপক স্ংক্ৰমণৰ বাবে বিশ্ব স্বাস্থ্য স্ংস্থাই শেহতীয়াকৈ গোলকীয় ভাৱে জৰুৰী অৱস্থা ঘোষণা কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ সূচনা হোৱা বুলিয়ে ৰাষ্ট্ৰ সংঘৰ এজেঞ্চীটোৱে এই পদক্ষেপ লৈছে। ২০১৩-১৪ ত ফ্ৰান্স পলিনেছিয়াত প্ৰাদুৰ্ভাৱ হোৱাৰ পিছত মহৰ দ্বাৰা বিয়পা এই ভাইৰাছৰ বাবে ব্ৰাজিলত মগজুৰ ত্ৰুটি থকা তথা অস্বাভাৱিকভাৱে সৰু মূৰৰ শিশুৰ জন্ম হোৱা বুলি প্ৰকাশ পোৱাৰ পিছত সকলো দিশ বিবেচনা কৰি এনে পদক্ষেপ লোৱা হৈছে।

আমেৰিকাৰ ‘চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এ ইতিমধ্যে গৰ্ভাৱতী মহিলাসকলক জিকাৰ স্ংক্ৰমণ হোৱা ব্ৰাজিল আৰু অঞ্চলটোৰ অন্যান্য ৰাষ্ট্ৰত ভ্ৰমণ স্থগিত ৰাখিবলৈ পৰামৰ্শ দিছে। লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰসমূহৰ ২৮টা স্থান জিকা আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য স্ংস্থাই পশ্চিম আফ্ৰিকাত ইবোলা ভাইৰাছৰ স্ংহাৰৰ সময়ত এনে জৰুৰী অৱস্থা ঘোষণা কৰিছিল, সেইবাৰ ১১ হেজাৰৰো অধিক লোক ইবোলা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাবটি ল’বলগীয়া হৈছিল। বৰ্তমান জিকাৰ বাবে অনুজ্ঞা থকা কোনো চিকিৎসা বা ছিটা নাই। আনহাতে বিশ্ব স্বাস্থ্য স্ংস্থাই প্ৰকাশ কৰা মতে ব্ৰাজিল আৰু অন্যান্য ৰাষ্ট্ৰত অস্বাভাৱিকভাৱে সৰু মূৰৰ শিশুৰ জন্মৰ সৈতে জিকা ভাইৰাছৰ সম্পৰ্ক থকা-বা নথকাটো নিশ্চিত কৰাৰ বাবে ছয়ৰপৰা ন মাহ সময় লাগিব।

১৯৪৭ চনত ইউগাণ্ডাত জিকা ভাইৰাছ প্ৰথম চিনাক্ত কৰা হৈছিল। কিন্তু বিগত বছৰলৈ ইয়াৰ কোনো গুৰুতৰ প্ৰভাৱ থকা বুলি ভবা হোৱা নাছিল। স্ংক্ৰমণৰ বলি হোৱা প্ৰায় ৮০ শতাংশ লোকৰ ক্ষেত্ৰত কোনো লক্ষণ অনূভুত হোৱা নাছিল। এই ভাইৰাছবিধৰ ‘গুইলান বেয়াৰ লক্ষণ’ৰ সৈতে সম্পৰ্ক আছে, যিয়ে মাংসপেশীৰ দূৰ্বলতা আৰু স্নায়ুৰ সমস্যাৰ সৃষ্টি কৰে।

জিকা ভাইৰাছনো কি?

জিকা ভাইৰাছ হৈছে ফ্ৰেভিভাইৰিডী পৰিয়ালৰ সদস্য। দিনত সক্ৰিয় এডিছ প্ৰজাতিৰ মহে যেনে এডিছ ইজিপ্তিৰ দ্বাৰা এই ভাইৰাছ বিয়পে। ইউগাণ্ডাৰ জিকা নামৰ অৰণ্যখনৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। ১৯৪৭ চনত এই অৰণ্যতে ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল। মানুহৰ শৰীৰত এই ভাইৰাছে সাধাৰণ অসুস্থতাৰ সৃষ্টি কৰে বুলি ইমান দিনে জানি অহা হৈছিল যাক জিকা জ্জ্বৰ, জিকা বা জিকা ৰোগ বুলি কোৱা হয়। ১৯৫০ৰ দশকৰ পৰাই আফ্ৰিকাৰ পৰা এই ৰোগবিধ এছিয়ালৈ বিষুৱীয় সীমিত অঞ্চলত এই ৰোগবিধৰ স্ংক্ৰমণ হৈ আহিছিল। ২০১৪ ত এই ভাইৰাছবিধৰ স্ংক্ৰমণ প্ৰশান্ত মহাসাগৰ পাৰ হৈ ফ্ৰান্স পলিনেছিয়আলৈ বিয়পি পৰে আৰু ইয়াৰ পিছত ইষ্টাৰ দ্বীপতো ইয়াৰ প্ৰাদুৰ্ভাৱ ঘটে। বিগত বৰ্ষত মেক্সিকো, আমেৰিকাৰ মাজভাগ, কেৰিবিয়ান আৰু দক্ষিণ আমেৰিকাত ইয়াৰ স্ংক্ৰমণে মহামাৰীৰ ৰুপ ধাৰণ কৰে।

জিকা ভাইৰাছ ডেংগু, পীত জ্বৰ, জাপানী এনেকেফেলাইটিছ আৰু ৱেষ্ট নীল ভাইৰাছৰে সম্পৰ্কিত। এই ভাইৰাছে সৃষ্টি কৰা অসুস্থতাৰ লক্ষণ মধ্যমীয়া ধৰণৰ ডেংগু জ্বৰৰ দৰে। জিৰণিৰ জৰিয়তেই ইয়াৰ চিকিত্সা কৰা হয় আৰু বৰ্তমানলৈকে ইয়াৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ঔষধ বা ছিটাৰ উদ্ভাৱন হোৱা নাই।

১৯৪৭ চনৰ এপ্ৰিল মাহত পীত জ্বৰ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ইউগাণ্ডাৰ জিকা অৰণ্যৰ সজাত বন্দী কৰি ৰখা ৰেছাছ মাকাও বান্দৰ এটাৰ শৰীৰৰ পৰা প্ৰথমবাৰৰ বাবে এই ভাইৰাছবিধ পৃথক কৰা হৈছিল। সেই সুত্ৰে ইয়াৰ নাম জিকা ৰখা হয়।

১৯৪৮ চনৰ জানুৱাৰীতই একে ঠাইতে এডিছ আফ্ৰিকানাছ প্ৰজাতিৰ মহৰ পৰা ইয়াক দ্বিতীয়বাৰৰ বাবে পৃথক কৰা হৈছিল। মানৱ শৰীৰৰ পৰা ইয়াক প্ৰথমবাৰৰ বাবে পৃথক কৰা হৈছিল ১৯৬৮ চনত নাইজেৰিয়াত। ১৯৫০ ৰপৰা ১৯৮১ লৈ মানৱ শৰীৰত এই ভাইৰাছৰ স্ংক্ৰমণৰ বিষয়ে ইজিপ্ত, গেবন, ছিয়েৰা লিয়ন, টাঞ্জানিয়া আৰু ইউগাণ্ডাৰ দৰে মধ্য আফ্ৰিকাৰ দেশবোৰৰ উপৰি ভাৰত, ইণ্ডোনেছিয়া, মালয়ছিয়া, ফিলিপাইনছ, থাইলেণ্ড আৰু ভিয়েটনামতো সাক্ষ্য পোৱা গৈছিল। জিকা ভাইৰাছৰ দুটা কুল আছে। এটা আফ্ৰিকীয় মূলৰ আৰু আনটো এছীয় মূলৰ। বিশ্লেষণৰ পৰা দেখা গৈছে যে বৰ্তমানে আমেৰিকাত বিয়পি পৰা ভাইৰাছ বিধ এছীয় মূলৰ।

স্ংক্ৰমণ

জিকা ভাইৰাছৰ স্ংক্ৰমণ দিনৰ সক্ৰিয় মহৰ দ্বাৰা হয় আৰু এডিছ গোত্ৰৰ কেবাটাও প্ৰজাতিৰ পৰা যেনে এডিছ ইজিপ্টি আৰু গছত বাস কৰা মহ যেনে –এডিছ আফ্ৰিকানাছ, এডিছ এপিকো আৰ্জেণ্টিয়াছ, এডিছ ফাৰ্টিকাৰ, এডিছ হেনছিল, এডিছ লুটিঅ’চেফালাছ আৰু এডিছ ভিটাটাছ মহৰ দ্বাৰা বিয়পে। অধ্যয়ণৰ পৰা দেখা গৈছে যে মহৰ দেহত ইয়াৰ বৃদ্ধিৰ বাবে সময় লাগে দহ দিন। এই ভাইৰাছে যৌন সম্পৰ্কৰ দ্বাৰাও এজনৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। সন্তান জন্মৰ পূৰ্বে মাতৃ এগৰাকী এই ভইৰাছৰ দ্বাৰা স্ংক্ৰমিত হ’লে ই সন্তানৰ শৰীৰতো প্ৰৱেশ কৰিব পাৰে। উল্লেখ্য যে প্ৰাথমিকভাৱে জিকা ভাইৰাছৰ মেৰুদণ্ডী বাহক মানুহ আৰু বান্দৰ।

থোৰতে জিকা ভাইৰাছ

স্ংক্ৰমিত এডিছ মহে কামুৰিলে জিকা ভাইৰাছ মানুহৰ শৰীৰলৈ স্ংক্ৰমণন ঘটে। ইয়াৰ স্ংক্ৰমণ হ’লে সাধাৰণ জ্বৰ, শৰীৰত ৰঙা পৰা দাগ, কনজাংটিভাইটিছ আৰু মাংসপেশীৰ বিষ হয়। এই ভাইৰাছৰ স্ংক্ৰমণত দেখা দিয়া মূল লক্ষণ হৈছে সাধাৰণ জ্বৰ আৰু ছালৰ ৰঙা দাগ। স্ংক্ৰমিত মহে কামোৰৰ পৰা ২ ৰ পৰা ৭ দিনৰ ভিতৰত এই লক্ষণবোৰ দেখা দিয়ে। স্ংক্ৰমণ ঘটা চাৰিজন ব্যক্তিৰ ভিতৰত এজনৰ শৰীৰত নতুন লক্ষণ ফুটি উঠে। এই লক্ষণবোৰ ডেংগু বা চিকুণগুণিয়াৰ দৰে একে জাতীয় মহৰ দ্বাৰাই বিয়পে। এই ভাইৰাছৰ  দ্বাৰা স্ংক্ৰমিত হ’লে স্নায়’বিক বা ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ জটিলতা সঘনে দেখা নিদিয়ে। কিন্তু পলিনেছিয়া আৰু শেহতীয়াকৈ ব্ৰাজিলত হোৱা ইয়াৰ স্ংক্ৰমণত এনে জটিলতা পোহৰলৈ আহিছে।

স্ংক্ৰমিত এডিছ মহৰ দ্বাৰাই জিকা ভাইৰাছ মানুহৰ শৰীৰলৈ বিয়পে। এই মহেই ডেংগু আৰু চিকুণগুনিয়া ৰোগ বিয়পায়।

জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ চিকিত্সাৰ বাবে কোনো ছিটা বা নিৰ্দিষ্ট ঔষধ ওলোৱা নাই। জ্বৰ, বিষ আৰু অন্যান্য উপসৰ্গৰ চিকিত্সাৰ দ্বাৰাই ৰোগীক সকাহ দিবলৈ চেষ্টা কৰা হয়। ৰোগীৰ শৰীৰত যাতে পানীৰ পৰিমাণ কমি নাযায় তাৰ বাবে জ্বৰ নিয়ন্ত্ৰণ কৰাৰ লগতে জিৰণি আৰু যথেষ্ট পৰিমাণে পানী খাবলৈ পৰামৰ্শ দিয়া হয়।

ডেংগু আৰু চিকুণ গুণিয়াৰ পৃথক

জিকা, ডেংগু আৰু চিকুণগুনিয়া এই তিনিওটাৰ ক্ষেত্ৰতে একে ধৰণৰ লক্ষণ দেখা যায় যদিও নিৰ্দিষ্ট কেতবোৰ লক্ষণে ইটোৰ পৰা সিটোক পৃথক কৰে।

ডেংগুত সাধাৰণতে অতিমাত্ৰা জ্বৰ আৰু মাংসপেশীৰ অসহ্য বিষ হয়। ৰক্তক্ষৰণৰ দৰে জটিলতাৰো সৃষ্টি হ’ব পাৰে। চিকুণগুনিয়া হ’লে অতিমাত্ৰা জ্বৰৰ লগতে পিঠি বেছিকৈ আক্ৰান্ত হয়। ই আনকি আক্ৰান্ত ব্যক্তি এজনক অক্ষমো কৰিব পাৰে। আনকি মানুহ এজনে পানীৰ বটল এটাৰ সাফৰখনো খুলিব নোৱাৰা হ’ব পাৰে। জিকাৰ ক্ষেত্ৰত আক্ৰান্ত অধিকাংশ লোকৰে ছালত ৰঙা দাগ হোৱাৰ লগতে কনজাংটিভাইটিছত আক্ৰান্ত হ’ব পাৰে।

দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate