সকলো বৃক্ক ৰোগেই দুৰাৰোগ্য নহয়। প্ৰথম অৱস্থাত ধৰা পৰিলে চিকিৎসাৰ দ্বাৰা বৃক্ক ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
বহুক্ষেত্ৰত বেছিকৈ হোৱা বৃক্ক ৰোগীও কিছু পৰিমাণে সুস্থ হৈ উঠে। এনেদৰে ৰোগীৰ আয়ুস বৃদ্ধি হয়।
বেছিসংখ্যক বৃক্ক ৰোগীৰ ইডিমা থাকে যদিও সকলোৰে এনে নহয়। কোনো কোনো বৃক্ক বিকল ৰোগীৰ শেষ অৱস্থালৈকে ইডিমা হোৱা দেখা নাযায়।
প্ৰকৃততে দুয়োটা বৃক্ক বেয়া হ’লেহে বৃক্ক বিকল হোৱা বুলি কোৱা হয়। সাধাৰণতে যদি কোনো লোকৰ এটা বৃক্ক সম্পূৰ্ণ বেয়া হৈ পৰে, তেতিয়াও কোনো সমস্যা দেখা নাযাব।
এনেক্ষেত্ৰত তেজত ইউৰিয়া আৰু ক্ৰিয়েটিনাইনৰ পৰিমাণ স্বাভাৱিক ৰূপত পোৱা যায়। কিন্তু যেতিয়া দুয়োটা বৃক্ক বেয়া হৈ পৰে, তেতিয়া অলাগতিয়াল পদাৰ্থবোৰ শৰীৰত জমা হ’বলৈ ধৰে। তেতিয়া বৰ্ধিত ইউৰিয়া আৰু চেৰাম ক্ৰিয়েটিনাইনে বৃক্ক বিকলৰ প্ৰমাণ দিয়ে।
সংবেদনশীল হয়। সেয়ে সিদ্ধান্ত লোৱাৰ আগতে সদায় চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনা অতি বেছি।
বহুক্ষেত্ৰত দেখা যায় বৃক্ক ৰোগীৰ প্ৰস্ৰাৱৰ পৰিমাণ কম হয় বাবে শৰীৰ ফুলি উঠা দেখা যায়। সেয়ে এনে ৰোগীয়ে পানী বহু কমকৈহে খোৱা দৰকাৰ।
যি কি নহওক, বৃক্কৰ পাথ্ৰি ৰোগৰ আৰু মূত্ৰনলীৰ সংকলন হোৱা ৰোগীৰ যদি মূত্ৰ কাৰ্যপ্ৰণালী স্বাভাৱিক হৈ থাকে, তেতিয়া তেওঁলোকক যথেষ্ট পানী খাবলৈ কোৱা হয়।
সাধাৰণতে ক্ৰ’নিক বৃক্ক ৰোগৰ প্ৰথমাৱস্থাত কোনো লক্ষণ নাথাকে। পৰীক্ষাগাৰত পৰীক্ষাত পোৱা অস্বাভাৱিক পৰিমাণবোৰেই এই ৰোগীৰ একমাত্ৰ সূচক। এনেধৰণৰ বহু ৰোগীয়েই উপযুক্ত চিকিৎসাত সুস্থ হৈ উঠে।
কিন্তু কোনো কাৰণতে নিজৰ ইচ্ছা মতে বা আনৰ পৰামৰ্শ শুনি ঔষধ খোৱা বন্ধ কৰা অনুচিত। বৃক্ক ৰোগৰ বাবে খোৱা আহাৰ বাছ-বিচাৰ কৰাটো অতি প্ৰয়োজন, কিয়নো অতি সোনকালে ৰোগীৰ বৃক্ক বিকলতাৰ দিশে আগবাঢ়ে।
এনে ৰোগীৰ অতি কম সময়ৰ ভিতৰত ডায়েলাইছিছ কৰিবলগীয়া হ’ব পাৰে। আনকি বৃক্ক সংৰোপণৰো প্ৰয়োজন হ’ব পাৰে।
চিৰাম ক্ৰিয়েটিনাইনৰ অতি সামন্য বৃদ্ধিয়েও বৃক্কৰ দুৰ্বলতাৰ লক্ষণ সূচাব পাৰে আৰু সেয়ে ইয়াৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন। বিভিন্ন ধৰণৰ বৃক্ক ৰোগে বৃক্কৰ কাৰ্যকাৰিতা ধ্বংস কৰিব কৰিব পাৰে।
সেয়ে বিশেষজ্ঞ(নেফ্ৰ’লজিষ্টৰ) পৰামৰ্শ বিচৰা অতি প্ৰয়োজন। ক্ৰ’নিক বৃক্ক ৰোগৰ বিভিন্ন অৱস্থাত চিৰাম ক্ৰিয়েটিনাইন বৃদ্ধিৰ প্ৰতি মন কৰোঁ আহক।
ক্ৰ’নিক বৃক্ক ৰোগৰ প্ৰাৰম্ভিক অৱস্থা ধাৰণাত্মক স্থিতিৰ ওপৰত অৱস্থিত। এই অৱস্থাত অতি কম পৰিমাণে চিৰাম ক্ৰিয়েটিনাইনৰ পৰিমাণ যদি ১.৬ মিঃ গ্ৰাম ডি এল হয়, তেন্তে বুজা যায় যে বৃক্কৰ কাৰ্যকাৰিতা ৪০ৰ পৰা ৫০ শতাংশ কমি গৈছে আৰু সেইটো স্পষ্ট।
এই অৱস্থাৰ এজন বৃক্ক ৰোগীৰ চিকিৎসৰ ওচৰত চিকিৎসা কৰাটোৱেই একপ্ৰকাৰ ব্যৱস্থা, যাৰ দ্বাৰা বহু দিন বৃক্ক ভালে ৰাখিবলৈ সক্ষম হয়।
যেতিয়া চিৰাম ক্ৰিয়েটিনাইনৰ পৰিমাণ ৫.০ মিঃ গ্ৰাম ডি.এল হয়, তাৰ অৰ্থ হৈছে বৃক্কৰ কাৰ্যকাৰিতা ৭০ৰ পৰা ৮০ শতাংশ ধ্বংস হৈছে।
এই মাত্ৰাই তীব্ৰভাৱে বৃক্কৰ কাৰ্যকাৰিতা হ্ৰাস পোৱাটোকে বুজায়। এই অৱস্থাত সঠিক চিকিৎসা লোৱাটো অতি প্ৰয়োজন। কিন্তু মনত ৰখা উচিত যে এইটো এটা ক্ৰ’নিক বৃক্ক ৰোগৰ শেষ অৱস্থা।
যেতিয়া চিৰাম ক্ৰিয়েটিনাইনৰ পৰিমাণ ১০.০ মিঃগ্ৰাম ডি এল হয়, ইয়াৰ অৰ্থ হৈছে বৃক্কৰ ৯০ শতাংশই ধ্বংস হৈছে। এই পৰিমাণে বৃক্কৰ শেষ অৱস্থাৰ কথাকে সূচায়।
এই অৱস্থাত ৰোগীৰ ঔষধৰ দ্বাৰা চিকিৎসা কৰিব পৰা নাযায়। বেছিভাগ ৰোগীক এই অৱস্থাত ডায়েলাইছিছ বা সংৰোপণ কৰাৰ প্ৰয়োজন হয়।
লেখিকা: ডাঃ প্ৰণামিতা কলিতা(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 7/4/2020
কম পৰিমাণে শুলে হ’ব পাৰে কিডনিৰ ৰোগ, তাৰ বিষয়ে লিখ...