অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্রস্ৰাৱতন্ত্ৰৰ সংক্রমণ (UTI)

প্রস্ৰাৱতন্ত্ৰৰ সংক্রমণ (UTI)

বৃক্ক, প্রস্ৰাৱবাহী নলী, ব্লাডাৰ আৰু ইউৰেথাৰে গঠিত হৈছে প্রস্ৰাৱতন্ত্র। প্রস্ৰাৱতন্ত্রৰ সংক্রমণ (UTI) হৈছে এক বেক্টেৰিয়াজনিত সংক্রমণ,যিয়ে প্রস্ৰাৱতন্ত্রৰ যিকোনো অংশতে প্রভাৱ পেলায়। UTI হৈছে শৰীৰত হোৱা সংক্রমণসমূহৰ দ্বিতীয় অতি সাধাৰণ প্রকাৰ।

সংক্রমণৰ জটিলতা, বয়স আৰু ব্যৱস্থাটোত সংক্রমণৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি প্ৰস্ৰাৱতন্ত্র সংক্রমণৰ লক্ষণসমূহ ভিন্ন ভিন্ন হ’ব পাৰে।

• প্রস্ৰাৱ কৰোতে জ্বলা-পোৰা আৰু বিষোৱা।

• সঘনাই প্রস্ৰাৱ ত্যাগ কৰা আৰু একেৰাহে প্রস্ৰাৱ কৰিবলৈ লাগি থকা।

• জ্বৰ আৰু অসুস্থ অনুভৱ।

• দুৰ্গন্ধময় তথা ঘোলা বৰণৰ প্ৰস্ৰাৱ।

• তলপেটত অসুবিধাই দেখা দিয়া।

• কম পৰিমাণে সঘনাই, বেদনাযুক্ত প্রস্ৰাৱ ত্যাগ।

• শৰীৰৰ পাশ্বৱৰ্তী মঙহহাল অংশৰ বিষ নোহোৱাকৈ সাধাৰণতে কম তাপমাত্ৰাৰ জ্বৰ।

• প্রস্ৰাৱত তেজ |

• পিঠিৰ উৰ্দ্ধাংশ আৰু শৰীৰৰ পাশ্বৱৰ্তী মঙহাল অংশৰ বিষ।

• ঠাণ্ডাৰে সৈতে উচ্চ তাপমানৰ জ্বৰ।

• ওকালি অহা, বমি, দুর্বল অনুভৱ, তন্দ্রাচ্ছন্ন আৰু সাধাৰণতে অসুস্থ অনুভৱ।

• বৃদ্ধ লোকৰ ক্ষেত্ৰত মানসিক পৰিৱৰ্তন বা বিভ্রান্তি।

সঘন বা বাৰে বাৰে হৈ থকা প্রস্ৰাৱতন্ত্র সংক্ৰমণৰ গুৰুত্বপূর্ণ কাৰণসমূহ হৈছে:

১।বিভিন্ন অন্তৰ্নিহিত কাৰণ যিয়ে প্রস্ৰাৱতন্ত্রৰ বাধাগ্রস্ততাৰ পৰ্যায়লৈ যায়, যাৰ ফলত বাৰে বাৰে UTI হ'ব পাৰে।

২।ইউৰেখ্রা বেছি চুটি হোৱা বাবে মহিলাসকল পুৰুষতকৈ বেছি UTI আক্রান্ত হয়।

৩।যিসকল মহিলাৰ যৌনজীৱন অধিক সক্রিয়, তেওঁলোক নিষ্ক্ৰিয় মহিলাসকলতকৈ অধিক পৰিমাণে প্রস্ৰাৱতন্ত্রৰ সংক্রমণত ভোগে।

৪।বৃক্ক, ইউটেৰাৰ বা ব্লাডাৰৰ পাথৰে প্ৰস্ৰাৱৰ প্রৱাহ বন্ধ কৰিব পাৰে আৰু UTI ৰ বিপদাশংকা বৃদ্ধি কৰে।

৫।কেথেটাৰৰ সৈতে জীৱন ধাৰণ কৰা লোকৰ UTI হোৱাৰ বিপদাশংকা বেছি।

৬।ভেচিক’ৰেটেৰেল ৰিফ্লাৰ নিচিনা কনজেনিটেল এন’মেলিজ(ব্লাডাৰৰ পৰা প্রস্ৰাৱ ওপৰৰ ইউটেৰাৰলৈ উভতি বোৱাৰ পৰিস্থিতি) আৰু প'ষ্টেৰিঅ'ৰ ইউৰেথ্রেল ভেলভৰ UTI হোৱাৰ বিপদাশংকা বেছি।

৭।৬০ বছৰ বয়সৰ ওপৰৰ লোকৰ প্ৰ’ষ্টেটৰ আকাৰ বৃদ্ধি হোৱাৰ(বিনাইন প্র’ষ্টেটিক হাইপাৰপ্লাছিয়া BPH) বাবে UTI হোৱাৰ প্রৱণতা থাকে।

৮।ডায়েবেটিছ, এইছ আই ভি আৰু কৰ্কট ৰোগীৰ UTI হোৱাৰ বিপদাশংকা অতি বেছি।

৯।ইউৰেথা বা ইউটেৰাৰছ সংকীর্ণ হৈ পৰা জেনিট’ প্রস্ৰাৱতন্ত্ৰৰ যক্ষ্মাৰোগ, নিউৰ'জেনিক ব্লাডাৰ আৰু ব্লাডাৰ ডাইভাৰটিকিউলাম।

সাধাৰণতে প্রাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত বাৰে বাৰে হৈ থকা প্রস্ৰাৱতন্ত্ৰৰ সংক্রমণ বৃক্ক নষ্ট হোৱাৰ কাৰণ নহয়।

প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত UTI বৃক্ক নষ্ট হোৱাৰ কাৰণ হ’ব পাৰে, যদিহে পাথৰ, প্রস্ৰাৱ বন্ধ হোৱা বা প্রস্ৰাৱ নিৰ্গমনৰ পথ ঠেক হৈ পৰা আৰু জেনিট প্রস্ৰাৱতন্ত্রৰ যক্ষ্মাৰোগৰ নিচিনা আগতীয়াকৈ প্রভাৱিত কৰা কাৰকসমূহ নিৰাময় কৰা নহয়।

তদুপৰি শিশুৰ ক্ষেত্ৰত বাৰে বাৰে হৈ থকা প্রস্ৰাৱতন্ত্রৰ সংক্ৰমণৰ পলমকৈ কৰা তথা ত্রুটিপূর্ণ চিকিৎসা ব্যৱস্থা বিকশিত বৃক্কৰ পুনৰুদ্ধাৰ কৰিব নোৱাৰা অনিষ্টৰ কাৰণ হ’ব পাৰে। এই অনিষ্টই জীৱনৰ পৰৱৰ্তী কালত বৃক্কৰ কাম-কাজ হ্ৰাস কৰা আৰু উচ্চ ৰক্তচাপৰ পৰ্যায়লৈ লৈ যাব পাৰে। গতিকে, প্রাপ্তবয়স্ক লোকৰ তুলনাত শিশুৰ ক্ষেত্ৰত প্রস্ৰাৱতন্ত্ৰৰ সংক্রমণৰ সমস্যা অধিক জটিল।

প্রস্ৰাৱতন্ত্রৰ সংক্রমণ আৰু ইয়াৰ জটিলতা নিশ্চিত কৰিবলৈ বহুতো পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা হয়। জটিল বা বাৰে বাৰে প্ৰস্ৰাৱতন্ত্রৰ সংক্রমণ হৈ থকা এজন লোকৰ আগতীয়াকৈ প্রভাৱিত কৰা বা বিপদ কাৰকসমূহ নিশ্চিত কৰিবলৈ বিভিন্ন ধৰণৰ পৰীক্ষা সম্পন্ন কৰা হয়।

১।

UTI ৰ বাবে অতি গুৰুত্বপূর্ণ স্ত্রীণিং টেষ্টটো হৈছে ৰুটিন ইউৰিনেলিছিছ। এই পৰীক্ষাৰ বাবে ঢলপুৱাৰ প্ৰস্ৰাৱৰ নমুনাক অগ্রাধিকাৰ দিয়া হয়। প্রস্ৰাৱৰ অণুবীক্ষণীক পৰীক্ষাত নির্দিষ্ট শ্বেতৰক্ত কণিকাৰ উপস্থিতিয়ে UTI ৰ ইংগিত বহন কৰে। প্রস্ৰাৱত শ্বেতৰক্ত কণিকাৰ উপস্থিতিয়ে প্রস্ৰাৱতন্ত্ৰৰ জ্বলা-পোৰাৰ ইংগিত বহন কৰে, কিন্তু ইয়াৰ অনুপস্থিতিয়ে UTI নথকাৰ কথা নুবুজায়।

স্পেছিয়েল ইউৰিণ ডিপষ্টিক (লিউক'চাইট ইষ্টেৰেজ আৰু নাইট্রাইট) পৰীক্ষাসমূহ UTI ৰ বাবে উপযোগী স্ত্রীণিং টেষ্ট, যাক কৰ্মক্ষেত্র বা ঘৰ দুয়ো ঠাইতেই কৰিব পাৰি। ইউৰিণ ডিপষ্টিক টেষ্টৰ ফলাফল ধনাত্মক হ’লে UTI থকা বুলি বুজায় আৰু তেনে ৰোগীক অতিৰিক্ত মূল্যায়নৰ প্রয়োজন হয়। প্রস্ৰাৱৰ ৰং সলনি হোৱাৰ প্রবলতা হৈছে প্রস্ৰাৱত বেক্টেৰিয়াৰ পৰিমাণৰ সমানুপাতিক। UTI ৰ বাবে ইউৰিণ ডিপষ্টিক টেষ্ট ভাৰতবৰ্ষত ব্যাপকভাৱে উপলব্ধ নহয়।

 

UTI ৰ ৰোগ নির্ণয়ৰ বাবে অতি উত্তম মানদণ্ড হৈছে ইউৰিণ কালছাৰ টেষ্ট আৰু ইয়াক এণ্টিবায়’টিক চিকিৎসা কৰিবলৈ আৰম্ভ কৰাৰ আগেয়েই সম্পন্ন কৰা উচিত। প্রস্ৰাৱতন্ত্রৰ সংক্রমণৰ নিদানিক ৰোগ নির্ণয়ৰ নিশ্চয়তাৰ চিষ্ট'ৰেখ্রগ্রেম— MCU)। বাবে জটিল বা প্রতিৰোধী UTI আৰু কিছুমান ক্ষেত্ৰতহে এটা ইউৰিণ কালছাৰ পৰীক্ষা কৰাবৰ বাবে অনুমোদন দিয়া হয়।

ইউৰিণ কালছাৰ টেষ্টে প্রায় ৪৮-৭২ ঘণ্টা পর্যন্ত সময় লয়। নমুনা সংগ্ৰহ আৰু প্রতিবেদনৰ উপলব্ধতাৰ মাজৰ নির্দিষ্ট বিলম্বিত সময় হৈছে এই পৰীক্ষাৰ ডাঙৰ দুৰ্বলতা।

 

২। পেটৰ চিটি স্কেন বা MRI।

৩। ভাইডিং চি ষ্ট’ৰেথ ’গ্ৰেম— VCUG (মাইক ছিউ ৰেটিং

৪। ইন্ট্রাভেনাছ ইউৰ’গ্রেফী (IVU)।

৫। যক্ষ্মা ৰোগৰ বাবে প্রস্ৰাৱৰ অনুবীক্ষণীক পৰীক্ষা।

৬। চিষ্ট'স্কপি ঃ ই হৈছে চিষ্ট'স্ক'প বুলি কোৱা এটা বিশেষ সঁজুলিৰ সহায়ত ইউৰ’ল’জিষ্টে ব্লাডাৰৰ ভিতৰখন চোৱাৰ এক প্রক্রিয়া।

৭। স্ত্রীৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা। ইউৰিণ কালছাৰত অর্গেনিজিমৰ বিকাশৰ প্রকৃতিৰ ওপৰত ভিত্তি কৰি

৮। ইউৰ’ডাইনেমিকছ । সংক্রমণৰ জটিলতাৰ লগতে ইয়াৰ উপস্থিতি আৰু দায়ীৰ অৰ্গেনিজিমবোৰৰ ৯। ব্লাড কালছাৰছ। প্রকাৰ নিৰূপণ কৰা হৈছে। ইউৰিণ কালছাৰে সংক্রমণৰ কাৰণস্বৰূপ নির্দিষ্ট বেক্টেৰিয়াবিধ চিনাক্ত 72

১। প্রতিদিনে যথেষ্ট পৰিমাণৰ (৩-৪ মিটাৰ) পানীয় কৰক। ইয়ে ৰে আৰু ইয়াৰ চিকিৎসাৰৰ বাবে কেনে ধৰণৰ এণ্টিবায়টিক ব্যৱহাৰ হাস o ਾਂ ಗ್ದ পৰা কৰা উচিত তাক নির্ণয় কৰে। <-SN বেক্টেৰিয়া প্রক্ষালিত ৰাত সহায় কৰে। এই প্রস্ৰাৱৰ নমুনা প্ৰদূষিত নহ’বলৈ ৰোগীত জননেন্দ্ৰিয়ৰ এলেকাটো

২। প্রতি দুইৰ পৰা তিনি ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰক। প্রস্ৰাৱগাৰলৈ পৰিষ্কাৰ কৰি এটা বীজাণুমুক্ত কণ্টেইনাৰত প্রস্ৰাৱৰ মাজৰখিনি সংগ্ৰহ যোৱাটো বাতিল নকৰিব।

রাডাৰত দীর্ঘ সময় ধৰি প্ৰস্ৰাৱ ধৰি কৰিবলৈ পৰামর্শ দিয়া হয়। ইউৰিণ কালুর অর্থে নমুনা সংগ্রহৰ বাবে ৰখাটোৱে বেক্টেৰিয় শত হৈ উঠাত সুবিধা প্রদান কৰে। ব্যৱহৃত '' কেথেঢাৰ-

৩। প্রস্ৰাৱ অম্লীয় কৰি তুলিবলৈ খাদ্যপ্রাণ C, এছকর্বিক এছিড বা   বে চমেন | কেনেক বাঙ্গুলি বেয়াজতি কুশহস কৰে। UTI ত সাধাৰণতে সম্পন্ন কৰা তেজ পৰীক্ষাসমূহ হৈছে হিম'গ্লবিন, . মুঠ তথা ব্যৱধানিক শ্বেতৰক্ত কণিকাৰ হিচাপ, ব্লাড ইউৰিয়া, ছিৰাম পৰা পাছফাললৈ (পাছৰ পৰা আগলৈ নহয়) মোহাৰি পেলাওক।

ত্রিয়েটিনিন, ব্লাড ছুগাৰ আৰু C ৰিয়ে”িভ প্রটিন।

যদিহে চিকিৎসাৰ ফলত সংক্রমণ ভাল নহয় বা সংক্রমণ পুনৰ হয়, তেন্তে গোপন হৈ থকা এই অভ্যাসে গুহ্যদ্বাৰৰ আশে-পাশে থকা বেক্টেৰিয়াবোৰ যোনি আগতীয়াকৈ প্রভাৱিত কৰা বিষয় বা বিপদ কাৰকসমূহ নির্ণয় কৰিবলৈ বা ইউৰেখ্রালৈ বিয়পি যোৱাটো প্রতিৰোধ কৰে। ৬। যৌন সংগমৰ আগত আৰু পাছত জননেন্দ্রিয় আৰু গুহ্যদ্বাৰৰ এলেকাটো পৰিষ্কাৰ কৰি থওক। যৌন সংগমৰ আগত আৰু পাছত প্রস্ৰাৱ কৰক আৰু সংগমৰ ঠিক পিছতেই এগিলাচ পানী খাওক।

৭। মহিলাসকলে কেৱল কপাহী অন্তর্বাসহে পৰিধান কৰা উচিত, যাৰ মাজেৰে বায়ু চলাচল কৰিব পাৰে। টাইট-ফিটিং পেণ্ট আৰু নাইলনৰ অন্তর্বাস পৰিধান কৰাটো পৰিহাৰ কৰক।

৮। মহিলাৰ ক্ষেত্ৰত যৌন কৰ্মৰ পাছত বাৰে বাৰে প্ৰস্ৰাৱতন্ত্রৰ সংক্রমণ হোৱাসকলে যৌন সম্পৰ্কৰ পাছত এপালি এণ্টিবায়’টিক ঔষধ সেৱন কৰি ইয়াক সার্থকভাৱে প্রতিৰোধ কৰিব পাৰে।

যথেষ্ট পৰিমাণে পানী খাওক। যদিহে এজন মানুহ অতি অসুস্থ হয়, ডিহাইড্রেটেড হয় বা বমিৰ বাবে পর্যাপ্ত পৰিমাণৰ জুলীয়া খাদ্য খাব নোৱাৰে, তেন্তে তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা উচিত আৰু IV ফ্লুইড প্রয়োগ কৰা উচিত।

জ্বৰ বা বিষ কমাবৰ বাবে ঔষধ সেৱন কৰক। তপত পেডৰ ব্যৱহাৰে বিষ কমায়। কফি, মাদক দ্রব্য, ধূমপান আৰু মচলাযুক্ত আহাৰ পৰিহাৰ কৰক, এই সকলোবোৰে ব্লাডাৰক বিৰক্ত কৰে। প্রস্ৰাৱতন্ত্রৰ সংক্রমণৰ সকলোবোৰ প্রতিৰোধী মান অৱলম্বন কৰক।

এগৰাকী কম বয়সীয়া মহিলাৰ ক্ষেত্ৰত সাধাৰণতে তিনিদিনৰ বাবে হ্রস্বকালীন এণ্টিবায়টিকেই যথেষ্ট। কিছুমান চিকিৎসকে এটা সাদিনীয়া কোৰ্ছক অগ্রাধিকাৰ দিয়ে। নিয়মমতে, এণ্টিবায়’টিকৰ এটা পালিয়েই ব্যৱহাৰ কৰা হয়। UTI থকা প্রাপ্তবয়স্ত লোকৰ ৭ ৰ পৰা ১৪ দিনৰ বাবে এণ্টিবায়'টিকৰ প্রয়োজন হয়। সাধাৰণতে ব্যৱহৃত মুখেৰে সেৱন কৰা এণ্টিবায়’টিকসমূহ হৈছে ট্রাইমেথ’প্রিম, চেফাল'ছপৰিণছ, নাইট্রফিউৰেণটইন বা ফ্ল’ৰ’কুইন’লনছ।

অলপীয়াৰ পৰা গুৰুতৰ পৰ্যায়ৰ জটিল বৃক্ক সংক্ৰমিত ৰোগী, যিসকলৰ লক্ষণবোৰ গুৰুতৰ বা অসুস্থ ৰোগীসকলক চিকিৎসালয়ত ভর্তি কৰোৱা প্রয়োজন। ইয়াৰ কাৰণস্বৰূপ বেক্টেৰিয়াবিধক চিনাক্ত কৰিবলৈ আৰু এণ্টিবায়’টিকৰ সঠিক বাছনিৰ বাবে চিকিৎসা কৰাৰ আগেয়ে প্রস্ৰাৱ আৰু ব্লাড কালছাৰ সম্পন্ন কৰা হয়। কেইবাদিনৰ বাবে IV ফ্লুইড আৰু ইণ্টাভেনাছ এণ্টিবায়’টিকেৰে চিকিৎসা কৰা ৰোগীসকলক লগতে ১-১৪ দিনৰ মুখেৰে সেৱন কৰা এণ্টিবায়’টিকো প্রদান কৰা হয়। যদিহে IV এণ্টিবায়টিকে অতি দুর্বল সঁহাৰি আগবঢ়ায়(লক্ষণবোৰ আৰু জ্বৰ যদি ধাৰাবাহিকভাৱে বাহাল থাকে, বৃক্কৰ কাম-কাজৰ অধিক অৱনতি ঘটে) তেন্তে ইমেজিঙৰ প্রয়োজন হ’ব। চিকিৎসা ব্যৱস্থাৰ ফলাফল জানিবৰ বাবে ফল’-আপ ইউৰিণ টেষ্ট অপৰিহার্য।

বাৰে বাৰে UTI হোৱা ৰোগীৰ ক্ষেত্ৰত,ইয়াৰ অন্তৰ্হিত কাৰণটোৰ সঠিক চিনাক্তকৰণ অপৰিহার্য।

ইয়াৰ অন্তর্নিহিত কাৰণ অনুসৰি নির্দিষ্ট ঔষধীয় অস্ত্রোপচাৰজনিত চিকিৎসাৰ আঁচনি যুগুত কৰা হয়। এই ৰোগীসকলে ফল’-আপ, প্রতিৰোধী মানসমূহৰ প্রতি কঠোৰ আনুগত্য আৰু দীর্ঘকালীন ফ্লুইড প্রতিৰোধী এণ্টিবায়’টিক চিকিৎসাৰ প্রয়োজন।

UTI

এজন UTI ৰোগীয়ে ততালিকে চিকিৎসকৰ লগত যোগাযোগ কৰা, উচিত যদিহে:

• প্রস্ৰাৱৰ পৰিমাণ কমি যায় বা প্রস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

• একেৰাহে ডাঙৰ জ্বৰ, ঠাণ্ডা লাগে, পিঠিৰ বিষ হয় আৰু প্রস্ৰাৱ ঘোলা হয় বা প্রস্ৰাৱত তেজ পৰে।

• গুৰুতৰভাৱে বমি হোৱা সকলো ৰোগী, গুৰুতৰভাৱে দুর্বল হ’লে নাইবা ৰক্তচাপ কমি গ’লে।

• UTI হোৱা সকলো শিশুৱে।

• এটা বৃক্কবিশিষ্ট সকলো ৰোগী আৰু পাথৰজনিত ৰোগৰ পূৰ্বৰ ইতিহাস থাকিলে।

• চিকিৎসাৰ ২ ৰ পৰা ৩ দিন পর্যন্ত এণ্টিবায়’টিকৰ প্রতি কোনো সঁহাৰি নজনালে।

উৎস:কিডনী ইডুকেশ্বন ফাউনডেশ্বন

শেহতীয়া উন্নীতকৰণ: : 10/5/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate