অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৰণি বৃক্ক ৰোগৰ চিকিৎসা

পুৰণি বৃক্ক ৰোগৰ তিনিটা চিকিৎসাজনিত বিকল্প হৈছে চিকিৎসা ব্যৱস্থাপনা, ডায়েলিছিছ অথবা সংৰোপণ।

• পুৰণি বৃক্ক ৰোগ থকা সকলো ৰোগীকে প্রাৰম্ভিক পর্যায়ত  চিকিৎসাজনিত ব্যৱস্থাপনা (ঔষধ, পথ্যাপথ্যৰ পৰামর্শ আৰু নিৰীক্ষণ)ৰে চিকিৎসা কৰা হয়।

• পুৰণি বৃক্ক ৰোগৰ গুৰুতৰ অনিষ্ট (অন্তিম পর্যায়ৰ বৃক্ক ৰোগ)ৰ ক্ষেত্ৰত প্রয়োজন হয় ডায়েলিছিছ বা সংৰোপণৰ দ্বাৰা বৃক্ক প্রতিস্থাপনৰ।

পুৰণি বৃক্ক ৰোগৰ কোনোধৰণৰ নিৰাময়ৰ ব্যৱস্থা নাই। আমাৰ জীৱনটো ধৰি ৰাখিবলৈ সম্পূর্ণভাৱে বিকশিত CKD নিৰাময়ৰ বাবে প্রয়োজন হয় ডায়েলাইছিছ বা বৃক্ক সংৰোপন। অতি উচ্চ হাৰৰ মূল্য আৰু উপলভ্যতাৰ সমস্যাৰ বাবে ভাৰতবৰ্ষত কেৱল ৫-১০ বৃক্ক ৰোগীহে ডায়েলাইছিছ আৰু বৃক্ক সংৰোপনৰ নিচিনা চিকিৎসা লাভ কৰাৰ বিপৰীতে বাকী সকলোৱেই কোনোধৰণৰ নিৰ্ণায়ক চিকিৎসা লাভ নকৰাকৈয়ে মুত্যুবৰণ কৰে। গতিকে সোনকালে চিনাক্ত কৰা আৰু পুংখানুপুংখ ৰক্ষণশীল চিকিৎসাজনিত ব্যৱস্থাপনাই হৈছে CKDৰ চিকিৎসা আৰু ডায়েলাইছিছ বা সংৰোপন বিলম্বিত কৰি তোলাৰ একমাত্র সমাধানযোগ্য তথা কম ব্যয়বহুল উপায়।

পুৰণি বৃক্ক ৰোগৰ প্ৰাৰম্ভিক পর্যায়ত সঠিক চিকিৎসা প্রদানৰ পদক্ষেপ অতি প্রশংসনীয়। পুৰণি বৃক্ক ৰোগৰ প্ৰাৰম্ভিক পর্যায়ত সঠিক চিকিৎসা লাভ কৰি অধিকাংশ ৰোগীয়েই এই ৰোগৰ লক্ষণহীন হৈ পৰে নাইবা  অতি সুস্থ অনুভৱ কৰে। এই লক্ষণসমূহ নাইকিয়া হৈ পৰাৰ বাবে বহু ৰোগী তথা তেওঁলোকৰ পৰিয়ালবৰ্গই এই ৰোগৰ জটিলতা নির্ণয় কৰাত বিফল হয় আৰু ঔষধ তথা পথ্যাপথ্যৰ নিষিদ্ধতাসমূহৰ ক্ষেত্ৰত এৰাধৰা কৰে। ইয়াৰ চিকিৎসাৰ ধাৰাবাহিকতা ভঙ্গ কৰাটোৱে ৰোগীক দ্রুতগতিত বৃক্ক বিফল হোৱাৰ অধিক বেয়া পর্যায়লৈ ঠেলি দিয়ে। এনে ৰোগীসকলক অতি কম সময়ৰ ভিতৰতে ডায়েলাইছিছ বা বৃক্ক সংৰোপনৰ নিচিনা ব্যয়বহুল চিকিৎসা মডেলিটিৰ প্রয়োজন হৈ পৰে।

পুৰণি বৃক্ক ৰোগ হৈছে নিৰাময়বিহীন দ্রুতগতিত ৰোগীৰ অৱনতি ঘটা এটা অৱস্থা। ইয়াৰ চিকিৎসা ব্যৱস্থাপনাৰ লক্ষণবোৰ হৈছে :

১। ৰোগ বৃদ্ধিৰ গতি মন্থৰ কৰি তোলা।

২। অন্তর্নিহিত কাৰণ আৰু ইয়াত অৰিহনা আগবঢ়োৱা কাৰকবোৰৰ চিকিৎসা।

৩। লক্ষণবোৰৰ উপশম ঘটোৱা আৰু ৰোগবিধৰ জটিলতাবোৰৰ চিকিৎসা কৰা।

৪। বিকশিত কাৰ্ডিঅ'ভাংছক্যুলাৰ ৰোগৰ বিপদাশংকা হ্রাস কৰা।

৫। ডায়েলাইছিছ বা সংৰোপনৰ প্রয়োজনীয়তা বিলম্বিত কৰা।

CKD

পুৰণি বৃক্ক ৰোগৰ বিভিন্ন পর্যায়ৰ চিকিৎসা কৌশল আৰু অনুমোদিত কার্য ব্যৱস্থাৰ তলৰ তালিকাখনত সংক্ষিপ্ত ৰূপত দিয়া হৈছে।

১)CKD

অন্তৰ্নিহিত প্রাথমিক অৱস্থাৰ চিনাক্তকৰণ আৰু চিকিৎসাৰ বিষয়ে

তলত উল্লেখ কৰা হ’ল। ইয়ে CKDৰ বৃদ্ধিৰ হাৰ বিলম্বিত, প্রতিৰোধ বা বিপৰীতমুখী কৰিব পাৰে। • ডায়েবেটিছ মেলিটাছ আৰু উচ্চ ৰক্তচাপ।

• প্রস্ৰাৱতন্ত্রৰ সংক্রমণ বা বাধাগ্রস্ততা।

• গ্ল'মেৰুলোনেফ্রাইটিছ, ৰেনোভাছক্যুলাৰ ৰোগ, এনালজেছিক নেফ্ৰ’পেথি ইত্যাদি।

২) CKD

পুৰণি বৃক্ক ৰোগ বৃদ্ধিৰ গতি মন্থৰ কৰাৰ গুৰুত্বপূর্ণ আৰু সার্থক মানসসমূহ হৈছে :

• কঠোৰ ৰক্তচাপ নিয়ন্ত্ৰণ আৰু ACE ইনহিবিটৰ বা এঙ্গিঅ'টেনছিন। ৰিচেপ্টৰ-ব্লকাৰ থেৰাপি।

• প্রটিন নিষিদ্ধতা।

• লিপিড হাস কৰাৰ চিকিৎসা আৰু ৰক্তহীনতা নাইকিয়া কৰা।

৩) CKD

প্রস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ওখহাটো হ্রাস কৰিবলৈ ৱাটাৰ পিল (ডিউৰেটিক্‌ছ)

• ওকালি অহা, বমি কৰা আৰু গেষ্ট্ৰিকৰ অসুবিধা নিয়ন্ত্রণ কৰিবলৈ ঔষধ সেৱন।

• CKD সম্বন্ধীয় হাড়ৰ ৰোগ প্রতিৰোধ তথা নিৰাময় কৰিবলৈ কেলছিয়াম, ফছফেট বাইণ্ডাৰ, খাদ্যপ্রাণ Dৰ সক্রিয় ৰূপৰ পৰিপূৰক প্ৰ্দান।

• আইৰণ, ভিটামিন আৰু বিশেষ ইৰিথ্রি’পয়েটিন ইঞ্জেকশ্যনেৰে নিম্নমানৰ হিম'গ্লবিন (ৰক্তহীনতা)ৰ নিৰাময়।

• কাৰ্ডিঅ'ভাছকুলাৰ ঘটনাৰ প্রতিকাৰ। পৰামর্শ অমান্য নকৰাকৈ দৈনিক এছপিৰিন ল’বলৈ আৰম্ভ কৰক।

৩) CKD

এই ৰোগৰ বিপৰীতমুখী কাৰকসমূহ বিচাৰি উলিয়াওক আৰু চিকিৎসা কৰক, যিয়ে বৃক্ক বিকলতাৰ প্রকোপ বেছি কৰে বা ইয়াৰ মাত্ৰাৰ অধিক অৱনতি ঘটায়। এই বিপৰীতমুখী কাৰকসমূহ নিৰাময়ৰ দ্বাৰা বৃক্কৰ

সকলোবোৰ পর্যায়

 

• নিয়মিত ফল আপ আৰু পর্যবেক্ষণ।

 

 

• জীৱনশৈলীৰ পৰিৱর্তনবোৰ আৰু সাধাৰণ মানসসমূহ।

 

বৃদ্ধিৰ হাৰ মন্থৰ কৰিবৰ বাবে ৰোগ নিৰ্ণয়/চিকিৎসা।

 

• ৰোগ নিয়ন্ত্ৰণৰ ওপৰত ৰোগীক শিক্ষিত কৰি তোলা।

 

• কো-মৰবিড অৱস্থাৰ চিকিৎসা কৰা, কাৰ্ডিঅ'ভাচক্যুলাৰ ৰোগৰ বিপদাশংকা হ্ৰাস।

 

বৃদ্ধিৰ হাৰ নিৰূপণ, কো-মৰবিড অৱস্থাৰ চিকিৎসা কৰা।

• জটিলতাসমূহৰ মূল্যায়ন চিকিৎসা কৰা, নেফ্ৰ’লজিষ্টলৈ প্ৰেৰণ কৰা।

• বৃক্ক স্থানান্তৰণ বিকল্পৰ ওপৰত ৰোগীক জ্ঞান প্রদান কৰা নাইবা চিকিৎসাৰ বাবে ৰোগীক সাজু কৰি তোলা।

 

• ডায়েলাইছিছ বা সংৰোপণৰ দ্বাৰা বৃক্ক স্থানান্তৰণ।

 

 

বিকলতা উন্নত কৰি তুলিব পাৰি আৰু বৃক্কৰ কাম-কাজ তাৰ কামৰ বুনিয়াদী পর্যায়লৈ ঘূৰাই আনি সুস্থিৰ কৰি তুলিব পাৰি। ইয়াৰ সাধাৰণ বিপৰীতমুখী কাৰকসমূহ হৈছে :

• ভলিউম ডিপ্ৰেছন।

• ঔষধৰ বাবে বৃক্ক বিকল হোৱা (নন ষ্টেৰইডেল এণ্টি-ইনফ্লেমেটৰী ড্রাগছ-NSAIDS, কণ্ট্ৰেষ্ট এজেণ্টছ, এমাইনেগইকোচাইডছ এণ্টিবায়’টিকছ)

• সংক্রমণ আৰু কনেজেষ্টিভ হার্ট ফেইলৰ।

৫)CKD

CKDৰ জটিলতাসমূহ আৰম্ভণিতে নির্ণয় কৰা আৰু ততালিকে চিকিৎসা কৰা প্রয়োজন। এই ৰোগত মনোযোগ দিবলগীয়া সাধাৰণ জটিলতাসমূহ হৈছে তৰল পদার্থ শৰীৰত গুৰুতৰভাৱে অধিক মজুত

হোৱা, তেজৰ পটাছিয়ামৰ স্তৰ উচ্চ হোৱা (পটাছিয়াম৫ > mEq/L) আৰু অধিক বৃক্ক বিকলতাৰ বাবে হৃদপিণ্ড, মগজু আৰু হাওঁফাওঁৰ ওপৰত গুৰুতৰ কুপ্রভাৱ।

৬)CKD সামগ্রিক বিপদাশংকা হ্রাস কৰাত গুৰুত্বপূর্ণ মানসমূহ হ’ল :

 

• ধুমপান বন্ধ কৰা।

• স্বাস্থ্যবান ওজন বাহাল ৰখা,নিয়মিত ব্যায়াম কৰা আৰু নিয়মিতৰূপে শাৰীৰিকভাৱে সক্রিয় হৈ থকা।

• মাদক দ্রব্য সেৱন কৰাটো সীমিত কৰা।

• এখন স্বাস্থ্যকৰ খাদ্য আঁচনি অৱলম্বন কৰা আৰু খাদ্যত নিমখ খোৱাটো হ্ৰাস কৰা।

• নিৰ্দেশানুসৰি নিদানকৃত ঔষধ সেৱন কৰা। বৃক্ক বিকলতাৰ জটিলতাৰ কথা বিবেচনা কৰি ঔষধৰ পালিসমূহ বিনষ্ট কৰা।

• নেফ্ৰ'লজিষ্টৰ পৰামর্শ অনুসৰি নিয়মিত ফল’আপ আৰু চিকিৎসা কৰা |

বৃক্ক ৰোগৰ প্রকাৰ আৰু জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি CKDত পথ্যাপথ্যৰ বাধা নিষেধৰ প্রয়োজন আছে (অধ্যায়-২৫ত বিস্তৃতভাৱে  আলোচনা কৰা হৈছে)।

• উচ্চ ৰক্তচাপ আৰু ওখহাটো নিয়ন্ত্রণ কৰিবলৈ নিমখ নাখাবলৈ পৰামর্শ দিয়া হয়। নিমখ নিষিদ্ধতাৰ ভিতৰত আছে : টেবুলত খাদ্যৰ সৈতে নিমখ যোগ নিদিয়া আৰু ফাষ্টফুড, পাপৰ, আচাৰৰ নিচিনা নিমখ বেছিকৈ থকা খাদ্য পৰিহাৰ কৰা আৰু টেমাৰ খাদ্য বেছিকৈ ব্যৱহাৰ কৰাটো কমোৱা।

• CKD ৰোগীৰ ক্ষেত্ৰত প্রস্ৰাৱৰ পৰিমাণ হাস পোৱাৰ কাৰণে ৰোগী ওখহিব পাৰে আৰু গুৰুতৰ অৱস্থাৰ ক্ষেত্ৰত আনকি শ্বাস-প্রশ্বাসো বন্ধ হৈ যাব পাৰে। গতিকে ওখহাৰ সমস্যা থকা সকলো CKD     ৰোগীকে পানীয় সেৱন নকৰিবলৈ পৰামর্শ দিয়া হয়।

• CKD ৰোগীৰ শৰীৰত পটাছিয়ামৰ স্তৰ বেছিকৈ হোৱাটো হৈছে এটা সাধাৰণ সমস্যা। ই হৃদপিণ্ডৰ কাম-কাজত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰতিৰোধৰ বাবে চিকিৎসকৰ পৰামর্শ অনুসৰি  পটাছিয়াম সমৃদ্ধ খাদ্য (শুকান ফল, নাৰিকলৰ পানী, আলু, কমলা, কল, বিলাহী ইত্যাদিৰ নিচিনা) খোৱাটো নিষিদ্ধ কৰক।

• CKD থকা ৰোগীয়ে প্রটিনযুক্ত খাদ্য পৰিহাৰ কৰা উচিত। কাৰণ ইয়াক সেৱন কৰাৰ ফলত বৃক্ক নষ্ট হোৱাৰ হাৰ দ্রুতগামী হ’ব পাৰে।

৮)

• CKD নির্ণয় হোৱাৰ পিছত যিমান ততালিকে পাৰে বাওঁ হাতৰ ঠাৰিৰ (হেঁচা খাই নথকা ফালটো) সিৰাবোৰ সুৰক্ষিত কৰি তোলক।

• তেজ সংগ্রহ, IV ইনফিউজন বা লং লাইন ভৰাবলৈ কোনেও বাওঁ হাতৰ ঠাৰিৰ সিৰাবোৰ ব্যৱহাৰ কৰিবলৈ দিয়া উচিত নহয়।

• ৰোগী আৰু তেখেতৰ পৰিয়ালবৰ্গক এই বিষয়ৰ জ্ঞান প্রদান কৰক আৰু এটা AV ফিষ্টুলাৰ বাবে তেওঁলোকক সাজু কৰি তোলক- হেমোডায়েলিছিছৰ পদক্ষেপ গ্রহণ কৰিবৰ বাবে প্রয়োজনীয় আগতীয়া ব্যৱস্থা কৰিবলৈ, পৰাপক্ষত ৬-১২ মাহ আগেয়ে।

 

• CKDৰ প্রাৰম্ভিক পর্যায়ত হেপাটাইটিছ Bৰ প্রতিষেধক প্রদানে ডায়েলিছিছ বা বৃক্ক সংৰোপণৰ সময়ত হেপাটাইটিছ B সংক্রমণৰ  বিপদাশংকা হাস কৰে। পুনঃযুধ্যমান হেপাটাইটিছ প্রতিষেধকৰ  চাৰিটা পালি (0, 1, 2 আৰু 4)ৰ প্রত্যকৰে দুপালিকৈ ডেল্টইড অংশৰ পেশীত প্রদান কৰা উচিত।

• ডায়েলিছিছ আৰু বৃক্ক প্রতিস্থাপনৰ বিষয়ে শিক্ষা প্রদান কৰক তথা আঁচনি যুগুত কৰক। পি-এম্পটিভ বৃক্ক প্রতিস্থাপনৰ উপকাৰিতাৰ বিষয়ে বুজি লৈ সেই সংক্রান্তত বিবেচনা কৰক। প্রি-এম্পটিভ প্রতিস্থাপন মানে হৈছে ডায়েলিছিছৰ পদক্ষেপ গ্রহণ কৰাৰ আগেয়ে এজন জীৱিত দাতাৰ পৰা এটা স্থানান্তৰিত বৃক্ক গ্রহণ কৰা।

৯)CKD থকা এজন ৰোগীক সোনকালে নেফ্র’লজিষ্টৰ ওচৰলৈ প্রেৰণ কৰা প্রয়োজন। এজন নেফ্র’লজিষ্টৰ ওচৰলৈ সোনকালে প্রেৰণ কৰাটোৱে আৰু প্রি-ডায়েলিছিছৰ জ্ঞানে ৰোগীৰ ৰুগ্নতা তথা মৰণশীলতা হ্রাস কৰে। এই প্রাৰম্ভিক প্রেৰণে বৃক্ক ৰোগ অন্তিম পর্যায়লৈ যোৱাৰ গতি হ্রাস কৰে আৰু সেইবাবেই বৃক্ক প্রতিস্থাপন চিকিৎসাৰ পদক্ষেপ গ্রহণ কৰাৰ প্ৰয়োজনীয়তা বিলম্বিত কৰে।

CKD

CKDৰ অন্তর্নিহিত কাৰণ যিয়েই নহওঁক কিয়, CKDৰ বৃদ্ধি বিলম্বিতকৰণ আৰু প্রতিৰোধৰ অতি গুৰুত্বপূর্ণ চিকিৎসা হৈছে ৰক্তচাপৰ কঠোৰ নিয়ন্ত্রণ। অনিয়ন্ত্রিত ৰক্তচাপে দ্রুতগতিত CKDৰ অৱনতি ঘটায় আৰু হার্ট এটেক বা ষ্ট্রোকৰ নিচিনা জটিলতাৰ সৃষ্টি কৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰিবলৈ নেফ্র’লজিষ্ট বা চিকিৎসকে, সঠিক কাৰক বাছনি কৰিব। ইয়াত অতি বেছিকৈ ব্যৱহৃত সাধাৰণ ঔষধসমূহ

হৈছে এঙ্গিঅ’টেনছিন কনভার্টিং এনজাইম ("ACE") ইনহিবিটৰছ, এঙ্গিঅ'টেনছিন ৰিচেপ্টৰ ব্লকাৰছ ("ARBs"), কেলছিয়াম চেনেল ব্লকাৰছ, বিটা ব্লকাৰছ আৰু ডিউৰেটিকছ।

ACEইনহিবিটৰছ আৰু ARBs বোৰ প্রথম শাৰীৰ চিকিৎসা হিচাপে আগবঢ়োৱা হয়, যিয়ে ৰক্তচাপ হ্ৰাস কৰে আৰু ইয়াৰ আছে পুৰণি বৃক্ক ৰোগৰ বৃদ্ধি মন্থৰ কৰাৰ অতিৰিক্ত বিশেষ উপকাৰিতা, যাৰ  দ্বাৰাই ইহঁতে বৃক্কদ্বয়ক সুৰক্ষা প্রদান কৰে। ACE ইনহিবিটৰছ কৰে আৰু ইয়াৰ আছে পুৰণি বৃক্ক ৰোগৰ বৃদ্ধি মন্থৰ কৰাৰ অতিৰিক্ত বিশেষ উপকাৰিতা, যাৰ দ্বাৰাই ইহঁতে বৃক্কদ্বয়ক সুৰক্ষা প্রদান কৰে।

CKD

CKDৰ বাবে ৰক্তচাপ বৃদ্ধি পায় আৰু ইয়াৰ প্রকোপো বৃদ্ধি পায়, যিয়ে CKD বৃদ্ধিত অৰিহণা যোগায়।গতিকে, সদায়েই ৰক্তচাপ 130/80 mmHgৰ তলত আৰম্ভ কৰক।

CKD

এজন চিকিৎসকৰ সৈতে নির্দিষ্ট সময়ৰ মূৰে মূৰে সাক্ষাৎ কৰি থাকিলে ৰক্তচাপৰ অৱস্থা জনাত সহায় কৰে। কিন্তু CKDত ৰক্তচাপ নিয়ন্ত্ৰণৰ তথ্য আহৰণ আৰু পর্যবেক্ষণৰ বাবে এটা ৰক্তচাপ জোখা সঁজুলি ক্রয় কৰা আৰু ঘৰতে নিয়মিতভাৱে ইয়াৰ ব্যৱহাৰ কৰাটো হৈছে আটাইতকৈ ভাল পদ্ধতি। ৰক্তচাপৰ এখন তালিকা লিপিবদ্ধ কৰক, যিয়ে ঔষধৰ পালিসমূহ আৰু ইয়াক প্রয়োগৰ সময় বিনষ্ট কৰাত চিকিৎসকক সহায় কৰে।

CKD

CKD ৰোগীৰ ক্ষেত্ৰত প্রস্ৰাৱৰ পৰিমাণ হাস পোৱাৰ ফলত ৰোগী ওখহিব পাৰে আৰু আনকি শ্বাস-প্রশ্বাস বন্ধ হৈ যাব পাৰে। ডিউৰেটিক ড্রাগছসমূহ হৈছে প্রস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰা আৰু ওখহা তথা শ্বাস প্রশ্বাস বন্ধ হোৱাটো হ্ৰাস কৰাত ব্যৱহৃত ঔষধ। এই কথা মনত ৰখাটো জৰুৰী যে এই ঔষধবোৰে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে কিন্তু বৃক্কৰ কাম-কাজ উন্নত নকৰে।

CKD

বৃক্কই যেতিয়া সঠিকভাৱে কাম কৰি থাকে, তেতিয়া ইহঁতে ইৰিথ্ৰ’পয়েটিন বুলি কোৱা এবিধ হৰম’ন প্ৰস্তুত কৰে, যিয়ে লোহিত ৰক্তকণিকা সৃষ্টি কৰিবলৈ বোনমেৰুক উদগনি দিয়ে। CKDত বৃক্কৰ কাম-কাজ হাস পোৱাৰ লগে লগে ইৰিথ্র’পয়েটিনৰ সৃষ্টিও হাস পায়, যিয়ে ৰোগীক ৰক্তহীনতাৰ পৰ্যায়লৈ লৈ যায়।

CKDৰ বাবে হোৱা ৰক্তহীনতা চিকিৎসাৰ প্রথম পদক্ষেপ হৈছে CKD সময়মতে আইৰণ টেবলেট, ভিটামিন আৰু ইণ্ট্ৰাভেনাছ আইৰণ ইঞ্জেকশ্যন লোৱা। গুৰুতৰ ৰক্তহীনতা বা ড্রাগ থেৰাপিৰ প্রতি সঁহাৰি নজনোৱা ৰক্তহীনতাৰ বাবে ছিন্থেটিক ইৰিথ্র’পয়েটিন ইঞ্জেকশ্যনৰ প্রয়োজন, যিয়ে অক্সিজেনবাহিত লোহিত ৰক্তকণিকা সৃষ্টি কৰিবলৈ বোনমেৰুক সহায় কৰে। CKDৰ বাবে হোৱা ৰক্তহীনতাৰ চিকিৎসাত ইৰিথ্ৰ’পয়েটিন ইঞ্জেকশ্যন হৈছে নিৰাপদ, সার্থক আৰু অতি অগ্রাধিকাৰপ্রাপ্ত পদ্ধতি। জৰুৰীকালীন সময়ত তেজ দিয়াটো হৈছে ৰক্তহীনতা নিৰাময়ৰ দ্রুত তথা সার্থক পদ্ধতি। কিন্তু সংক্রমণ আৰু এলাৰ্জিক প্রতিক্রিয়াৰ বিপদাশংকাৰ বাবে ই পছন্দৰ পদ্ধতি নহয়।

লোহিত ৰক্তকণিকাই হাওফাওঁৰ পৰা শৰীৰৰ সকলো অংশলৈঅক্সিজেন কঢ়িয়াই নিয়ে, যিয়ে দৈনন্দিন ক্রিয়াকলাপৰ বাবে শৰীৰক শক্তি প্রদান কৰে আৰু হৃদযন্ত্রক সুস্থ কৰি ৰাখে। CKDৰ বাবে হোৱ ৰক্তহীনতাই (হিম'গ্লবিনৰ মান কমি যোৱা) দুর্বলতা, ভাগৰুৱা হোৱা, ব্যায়াম কৰাৰ ক্ষমতা হ্ৰাস পোৱা, শ্বাস-প্রশ্বাস বন্ধ হোৱা, হৃদস্পন্দনৰ গতি দ্রুততৰ হোৱা, মনোযোগ হেৰুওৱা, ঠাণ্ডা সহিব নোৱাৰা আৰু বুকুৰ বিষৰ পৰ্যায়লৈ ঠেলি দিয়ে আৰু সেই বাবে ই আগতীয়া তথা সঠিক চিকিৎসা বিচাৰে।

উৎস:কিডনী ইডুকেশ্বন ফাউনডেশ্বন

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate