অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্ক বিকলতা কি ?

বৃক্কৰ প্রধান কামবোৰ হৈছে শৰীৰত উৎপন্ন হোৱা পৰিশোধন আৰু বর্জনীয় পদার্থসমূহ নিষ্কাশণ কৰা, শৰীৰত উৎপন্ন হোৱা অতিৰিক্ত পানীভাগ উলিয়াই পঠোৱা আৰু শৰীৰত ইলেক্ট্র লাইট আৰু এচিডৰ পৰিমাণ সমতুল্যতা বজাই ৰখা। বৃক্কৰ এইবোৰ কাৰ্যবোৰ সম্পাদন কৰাৰ সামর্থ হাস পোৱাকে বৃক্কৰ বিকলতা তথা বৃক্ক সম্বন্ধীয় বিকলতা বুলি কোৱা হয়।

বৃক্কৰ বিকলতা কেনেকৈ নিৰূপণ কৰিব পাৰি?

তেজত ত্রিয়েটিনাইন আৰু ইয়াৰ পৰিমাণে বুক্কৰ কাৰ্যকাৰিতা নির্ণয় কৰে। এইবোৰ পৰিমাণত বৃদ্ধি হোৱাটোৱে দুয়োটা বৃক্কৰ কাৰ্যকাৰিতাৰ হ্রাস হোৱাটোকে সূচায়। গুৰুত্বপূর্ণ কথাটাে হ’ল চেৰাম ত্রিয়েটিনাইনৰ পৰিমাণ প্রতি ডেচি লিটাৰত ১.৬ মিলি গ্রাম পোৱা যায়, তেন্তে বুজিব লাগিব বৃক্কৰ সক্ষমতা ৫০ শতাংশ হ্রাস পাইছে।

এটা বৃক্ক বিকলতাই বৃক্ক বিকলতাৰ পর্যায়লৈ লৈ যাব পাৰেনে ?

নোৱাৰে। দুটা বৃক্কৰ ভিতৰত এটাৰ বিকলতা বা অপসাৰণে বৃক্কৰ সামগ্রিক কাম-কাজত প্রভাৱ নেপেলায়,কাৰণ আনটাে স্বাস্থ্যবান বৃক্ক দুয়োটা বৃক্কৰে কামৰ বোজা বহন কৰে।

বৃক্ক বিকলতাৰ দুটা প্রধান ভাগ

একিউট বৃক্ক বিকলতা আৰু পুৰণি বৃক্ক ৰোগ (ক্ৰণিক কিড়নী ফেইলিউৰ)

একিউট বৃক্ক বিকলতা

একিউট বৃক্ক বিকলতা (আগতে এ কউট ৰেনাল ফেইলিউৰ – ARF বুলি জনা গৈছিল আৰু এতিয়া একিউট কিডনী ইনজুৰি - AKI বুলি নামাকৰণ কৰা হৈছে)ত, শৰীৰত বিভিন্ন ধৰণৰ অসন্তুষ্টিৰ বাবে চমু সময়ৰ

ভিতৰত বৃক্কৰ কৰ্মসক্ষতা হ্রাস পায় বা হেৰাই যায়।

বৃক্কৰ বিকলতাৰ অৰ্থ হৈছে দুয়োটা বৃক্কৰে কর্মক্ষমতা হেৰুওৱা। এইধৰণৰ বৃক্ক বিকলতা সাধাৰণতে অস্থায়ী। বহুৰোগীৰ ক্ষেত্ৰত সঠিক চিকিৎসাৰে বৃক্কৰ কর্মক্ষমতা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

পুৰণি বৃক্ক ৰোগ

কেইবামাহৰপৰা কেইবাবছৰ পৰ্যন্ত বৃক্কৰ কাম-কাজৰ ক্রমাগত অগ্রগামী তথা পুনৰুদ্ধাৰ কৰিব নোৱাৰা ক্ষতিকে পুৰণি বৃক্ক ৰোগ (আগতে ক্ৰণিক কিডনি ফেইলিউৰ - CRE বুলি জনা গৈছিল) বুলি কোৱা হয়।এই নিৰাময় কৰিব নোৱাৰা ৰোগবিধত বৃক্কৰ কাম-কাজ লাহে লাহে তথা অবিৰতভাবে হ্ৰাস পায়।এটা দীঘলীয়া সময়ৰ পিছত ই এনেকুৱা এটা পৰ্যায়লৈ হ্রাস পায়  য'ত বৃক্কদ্বয়ে কাম কৰাটো সম্পূৰ্নৰুপে বন্ধ কৰে।ৰোগবিধৰ এই চৰম আৰু জীৱনৰ প্রতি ভাবুকি সৃষ্টি কৰা পর্যায়টোকে কোৱা হয় অন্তিম পর্যায়ৰ বৃক্ক ৰোগ ESKD (বা অন্তিম পর্যায়ৰ বৃক্ক সমন্ধীয় বৃক্ক ৰোগ-ESRD)

বৃক্ক বিকলতা যেতিয়া নিৰ্নয় কৰা হয় তেতিয়াই বৃক্ক ৫০ শতাংশতকৈ অধিক কৰ্মক্ষমতা হেৰুৱাই পেলাই।

উৎস:বৃক্ক শৈক্ষিক প্ৰতিষ্ঠান

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate