অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্কৰ ঘাই ঘাই ৰোগসমূহ

বৃক্কৰ ৰোগসমূহ দুটা ভাগত ভাগ কৰা হয়

  • ঔষধ সন্মন্ধীয় ৰোগসমূহ (মেডিকেল ডিজিজেছ):ঔষধ সন্মন্ধীয় বৃক্কৰ ৰোগসমূহ হৈছে-বৃক্ক বিকল হোৱা,ইউৰিনেৰী ট্রেক বা মূত্রবাহী পথৰ সংক্রমন আৰু নেফ্রটিক চিণ্ডুম ।এইবোৰ ৰোগৰ চিকিৎসা নিফ্রে লোজিষ্টে দিয়া দৰৱৰ যোগেদি কৰা হয়।যিবোৰ ৰোগীৰ আগতীয়াকৈ বৃক্ক বিকল হয় তেওঁলোকৰ চিকিৎসা হৈছেডায়েলাইচিছ আৰু বৃক্কৰ সংৰোপন বা ট্রেন্সপ্লেষ্টেচন।
  • অষ্ট্রোপচাৰ সন্মন্ধীয় ৰোগ : অষ্ট্রোপচাৰ বা চাজিকেল সন্ম ৰোগ সমূহ হৈছে-বৃক্কত হোৱা পাখৰ, প্রষ্টেটৰ সমস্যা আৰু প্রনালীৰ কৰ্কটৰোগ । এইবোৰ ৰোগৰ অষ্ট্রোপচাৰ, এণ্ডোস্ক আৰু লিথ ত্রিন্সি আদিৰ যোগেদি ইউৰোলোজিষ্টে চিকিৎসা কৰে।

নেফ্র লোজিষ্ট আৰু ইউৰোলোজিষ্টৰ পাৰ্থক্য ক’ত ?

  • নেফ্র লোজিষ্ট সকল চিকিৎসক আৰু ইউৰোলোজিষ্ট সকল অষ্ট্রোপচাৰক বা শৈল চিকিৎসকল।দুয়োবিধেই বৃক্কৰোগৰ বিশেষজ্ঞ।

(প্ৰৱল বৃক্ক বিকল হৈছে বৃক্কৰ কাৰ্যকাৰিতাৰ সঘন হ্ৰাস। কম সময়ৰ চকিৎসাৰ যোগেদি বৃক্ক সাধাৰণতে নিৰাময় হয়)

প্ৰধান বৃক্ক ৰোগসমূহ

মেডিকেল

চাৰ্জিকেল

প্ৰৱল বৃক্ক বিকল

পাথৰি ৰোগ

ক্ৰ্নিক বৃক্ক ৰোগ

প্ৰষ্টেটৰ সমস্যা

ইউৰিনেৰি ট্ৰেক সংক্ৰমন

কনজেলিটেল ইউৰিনেৰী এনমেলিজ

নেফ্ৰেটিক চিণ্ড্ৰম

কৰ্কটৰোগ

আপোনাৰ বৃক্কদ্বয় সুৰক্ষিত কৰি ৰাখক

বৃক্ক বিকল

বৃক্কই শৰীৰৰ পৰা অপ্রয়োজনীয় আৰু বিষাক্ত দ্রৱ্য সমূহ পৰিশোধনকৰি বাহিৰ কৰিব পৰাৰ ক্ষমতা হ্রাস পোৱা আৰু শৰীৰৰ জুলীয়া দ্ৰৱ্যৰ সমতুল ৰক্ষাৰ ক্ষমতা হ্রাস পোৱাটোৱে বৃক্ক বিকল বুলি কোৱা হয়। ৰক্ত পৰীক্ষা, ইউৰীয়া, চেৰাম ক্রিয়েটিনাইনৰ পৰিমান বৃদ্ধি পোৱটোৱে বৃক্ক বিকলৰ লক্ষণ।

বৃক্ক বিকল প্রধানকৈ দুবিধ। প্ৰৱল বৃক্ক বিকলতা আৰুত্র ণিক বৃক্ক ৰোগ।

প্ৰৱল বৃক্ক বিকলতা

হঠাতে বৃক্কৰ কাৰ্যকাৰিতা হ্রাস পোৱাটোকে প্ৰৱল বৃক্ক বিকলতা বা প্ৰৱল বৃক্ক আঘাত বুলি কোৱা হয়। এই ৰোগত বেছি সংখ্যকৰ ক্ষেত্রতে প্রস্ৰাৱৰ পৰিমান হ্রাস পায়। প্ৰৱল বৃক্ক বিকলতাৰ প্রধান কাৰক হৈছে - গ্রহণী, বমী অহা কমা, উচ্চ ৰক্তচাপ, ফেলচিফেৰাম, মেলেৰীয়া, চেপছিচ, বিশেষ কিছুমান দৰৱ (এ.চি.ই. ইনহিবিটৰ, এন.এছ.এ. আই. ডি. এছ) ইত্যাদি। বহুক্ষেত্ৰত সঠিক চিকিৎসাৰ দ্বাৰা (কেতিয়াবা কেতিয়াবা ডায়েলেচিছৰ সহায়ত)। বৃক্কৰ কাৰ্যকাৰিতা সাধাৰণ হোৱা দেখা যায়।

ত্র ণিক বৃক্ক ৰোগ

লাহে লাহে ক্রমবদ্ধিত আৰু অপৰিৱৰ্ত্তনয় ধৰণে কেইবা মাহ বা কেইবা বছৰ ধৰি বৃক্কৰ কাৰ্যকাৰিতা হ্রাস পোৱাটোকে ক্ৰণিক - চি.কে.ডি বুলি কোৱা হয়। চি.কে.ডি.ত বৃক্কৰ কাৰ্যকাৰিতা লাহে লাহে আৰু একেলেঠাৰীয়ে হ্রাস পায় গৈ থাকে। বহুদিনৰ মুৰত এই কার্যকাৰিতা ইমানেই হাস পায় যে ই কাম কৰা বন্ধ হৈ যায়।

(লাহে লাহে, ক্রমবদ্ধত ভাৱে আৰু অপৰিৱৰ্ত্তনীয় ধৰণে কেইবা মাহ বা কেইবা বছৰ ধৰি বৃক্কৰ কাৰ্যকাৰিতা হ্রাস পোৱাটোকে ক্ৰণিক বৃক্ক ৰোগ -চি.কে.ডি বুলি কোৱা হয়। )

এই আগতীয়া আৰু জীৱনৰ সংকটপূর্ণ অৱস্থাটোক বৃক্কৰ শেষ অৱস্থা বুলি কোৱা হয়।ইংৰাজীত ইয়াক End stage of Kidney (Renel) disease (ESKD-ESRD) বোলে।

ক্রণিক বৃক্ক ৰোগ এটা গোপন ৰোগ আৰু কেতিয়াবা কেতিয়াবা ই চকুত ধৰা নিদিয়াকৈয়ে বৃদ্ধি পায়। চি.কে.ডি. প্রথম অৱস্থাৰ চিন বা লক্ষণ সমূহ বৰ কম বা নগন্য। চি.কে.ডি.ৰ সাধাৰণ লক্ষণ হৈছে, দুর্বলতা, ভোগ নলগা,শৰীৰ ফুলি উঠা, উচ্চ ৰক্তচাপ, ওকালি অহা আদি। প্রস্ৰাৱ পৰীক্ষাত প্রটিন পোৱা, ৰক্ত পৰীক্ষাত উচ্চ ক্রয়েটিনাইন পোৱা আৰু চন’গ্ৰাফীত বৃক্কৰ আকাৰ সৰু পোৱা - এইবোৰ হৈছেচি.কে.ডি.ৰ অতি দৰকাৰী লক্ষণ।

চেৰাম ক্রিয়েটিনাইনৰ পৰিমানে বৃক্ক বিকলতাৰ তীব্রতা প্রতিফলিত কৰে

এই পৰিমান, এই ৰোগত ক্রমে বৃদ্ধি হৈ থাকে।

 

চি.কে.ডিৰ প্রথম অৱস্থাত ৰোগীক সঠিক দৰৱ আৰু খাদ্যৰ শুধৰণীৰ প্রয়োজন হয়। এই ৰোগৰ সম্পূর্ণ আৰোগ্য হৈ উঠা কোনো চিকিৎসা নাই।চিকিৎসাৰ দ্বাৰা মাত্র হ্রাস পায় অহিব পৰা বৃক্কৰ কাৰ্যকাৰিতাৰ গতি মন্থৰ হয় আৰু তেনেকৈয়ে ৰোগীক তীব্ৰ সুখ হোৱা স্বত্বেও দীঘলীয়া সময় ধৰি জীয়াই ৰাখিব পাৰি।

 

এইবৃক্কৰ ৰোগ যেতিয়া তীব্র হয় (End Stage of the Kidney disease) ৯০ শতাংশ বৃক্কৰ কাৰ্যকাৰিতা হ্রাস পায়, তেজত চেৰাম, ক্রিয়েটিনাইনৰ পৰিমান ৮-১০ মিলিগ্রাম প্রতি ডি. লিটাৰত বা তাতকৈ বেছিয়েই হয়গৈ) ।সেই সময়ত ইয়াৰ একমাত্র চিকিৎসা হৈছে ডায়েলাইছিছ (হিম ডায়েলাইচিছ আৰু পেৰিটোনিয়েল ডায়েলাইচিছ) আৰু বৃক্ক সংৰোপন।

ডায়েলাইচিছহৈছে এটা পৰিশোধন প্রক্রিয়া, যাৰ দ্বাৰা শৰৰীত উৎপন্ন হোৱা অলাগতীয়াল দ্রৱ্যবোৰ আৰু অতিৰিক্ত পানীভাগ আতৰাই পেলোৱা হয়।(যেতিয়া বৃক্ক বিকল হৈ পৰে)। ক্রণিক বৃক্ক ৰোগৰ বাবে ডায়েলাইচিছ কোনো আৰগ্যতা নহয়। ই এছ কে.ডিত ৰোগীক গোটেই জীৱিত কালত নিয়মিয়াকৈ ডায়েলাইচিছৰ প্রয়োজন হয় (যেতিয়ালৈকে বৃক্ক সংৰোপন সফল নহয়)।

ডায়েলাইচিছৰ দুটা পদ্ধতি হৈছে - হিমডায়েলাইচিছ আৰু পেৰিটোনিয়েল ডায়েলাইচিছ


(ডায়েলাইচিছ এটা কৃত্রিম প্রত্রিয়া, যাৰ সহায়ত শৰীৰৰ অলাগতীয়াল দ্রব্যবোৰ আতৰাই পেলোৱা হয় আৰু তেজৰ অতিৰিত্ত পানী ভাগ আতৰোৱা হয়)। যেতিয়া নেকি বৃক্ক বিকল হৈ পৰে পৰে।

 

হিম’ডায়েলাইচিছ (এইচ. ডি.) বহুল ভাৱে ব্যৱহৃত হয়। এইছ ডি.ত এটা বিশেষ যন্ত্র দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতীয়াল দ্রৱ্য সমূহ, অতিৰিক্ত পানীভাগ আৰু লৱন ভাগ আতৰাই পেলোৱা হয়। কন্টিনিয়াচ এম্বুলেটৰী পেৰিটনিয়েল ডায়েলাইচিছ-চি.এ.পি.ডি. হৈছে ডায়েলাইচিছৰ আন এটা পদ্ধতি যিটো ঘৰত বা কৰ্ম্ম স্থানত কোনো যন্ত্র নহোৱাকেয়ে কৰিব পৰা যায়। বৃক্ক সংৰোপন হৈছে আটাইতকৈ কার্যকাৰী চিকিৎসা আৰু ই.এছ.কে.ডি.ত এইটোৱে একমাত্র কিছু আৰোগ্য হোৱাৰ উপায়।

 

ইউৰিনেৰী ট্রেক (মূত্র প্রণালী) সংক্রমন :

সঘনাই প্রস্ৰাৱ লগা, প্রত্ৰাৱত জ্বালা পোৰা কৰা, তলপেটৰ বিষ আৰু জ্বৰ উঠা আদি ইউ.টি.আইৰ সাধাৰণ লক্ষণ। প্রস্ৰাৱ পৰীক্ষাত যদি পুজ যায়, তেতিয়াই ইউ.টি.আই বুলি গম পোৱা যায়। বেছিভাগ ইউ.টি.আই. ৰোগীয়ে এন্টিবায়োটিক থেৰাপীৰ দ্বাৰা আৰোগ্য হয়। সৰু ল’ৰা-ছোৱালীৰ ইউ.টি.আই হ’লে বিশেষ বিবেচনাৰ প্রয়োজন। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত চিকিৎসা যদি কম পৰিমানৰ হয় বা দেৰী হৈ যায় তেন্তে বদ্ধিচ্ছত বৃক্কৰ অপূৰণীয় ক্ষতি হ’ব পাৰে। ৰিকাৰেণ্ট ইউ.টি.আই থকা এজন ৰোগীয়ে মূত্ৰনলীৰ অৱৰোধ, পাথৰি ৰোগ, মূত্ৰনলীৰ বিকৃতি আৰু জেনিট ইউৰিনেৰী, টিউবাৰকুলছিচ আদিৰ সকলো পৰিক্ষা কৰাই লোৱা অতি প্রয়োজন। সৰু ল’ৰা-ছোৱালীৰ ৰিকাৰেণ্ট ইউ.টি.আই ৰোগৰ আটাইতকৈ দৰকাৰী কাৰণটো হৈছে – ভি. ইউ. আৰ (ভিছিকোইউ ৰেটেৰা ৰেফলেক্স)। ভি.ইউ.আৰ. হৈছে কনজিনেটল বিকৃতি যাৰ ফলত প্রস্ৰাৱৰ সোঁতটো ওলাটোকৈ মূত্রাশয়ৰ পৰা যিকোনো এটা বা দুটা ইউৰিটাৰেলৈ বৈ যায় আৰু বৃক্কলৈও বৈ যায়।

(ইউ.টি.আই হোৱা সৰু ৰা-ছোৱালী চিকিৎসা কৰাৰ যদি পলম হয় কি নহওক কোনো কোনো এনে কিডনী ষ্টোন হোৱা থাকে যাৰ বা সম্পূর্ণ চিকিৎসা কৰা নহয়, তেন্তে বৃক্কৰ অপূৰণীয় ক্ষতি পাৰে)

নেফ্রটিক চিণ্ডম

নেফ্রটিক চিণ্ডম নামৰ বৃক্ক ৰোগটোক বয়স্ক লোকতকৈ সৰু লৰা-ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।সঘনাই শৰীৰ উখহী উঠা (ইডিমা) হৈছে এই ৰোগৰ প্রধান লক্ষণ।এইৰোগ লে এজন ৰোগীৰ  সাধাৰণতে বৃক্কৰ কাৰ্যকাৰিতা আৰু ৰক্তচাপ ঠিকেই থাকে কিন্তু প্রস্ৰাৱত প্রটিন (. গ্ৰামতকৈ বেছি) পোৱা যায়।তেজত এলবুমিনৰ পৰিমান কম (হাইপএলবুমিনিমা) কলেষ্টৰেল বেছি পোৱা যায়।

চিকিৎসাৰ দ্বাৰা এই ৰোগ সহজে আৰোগ্য হয়।খুব কম সংখক ৰোগীৰ চিকিৎসা শেষ হোৱাৰ পিছত দৰৱ ব্যৱহাৰ নকৰিলেও বেমাৰটোৰ কোনো লক্ষণ দেখা পোৱা নাযায়।কিন্ত বেছিভাগ লোকৰ ক্ষেত্ৰত ৰোগটো পুনৰ হয়।

এইদৰে চিকিৎসাৰ প্রতি সহাৰি,চিকিৎসা নকৰাৰ সময়ত পুনৰ আৰম্ভ হোৱা সঘনে শৰীৰ ফুলি উঠা – এই লক্ষনবোৰ চক্ৰকাৰে হৈছে নেফ্রটিক চিণ্ডুমৰ প্রকৃতি।যদিহে আৰোগ্য হোৱা আৰু পুনৰাই আৰম্ভ হোৱা চক্রটো বছৰ বছৰ তেন্তে সৰু ৰা-ছোৱালী বা তেওঁৰ পৰিয়ালৰ বাবে চিন্তাৰ বিষয় হৈ পৰে।কিন্তু এটা কথা মনত ৰাখা উচিত যে, দীঘলীয়া সময় ধৰি এই ৰোগ হৈ থকাটো সৰু- ছোৱালীৰ বাবে শুভ।তেওঁলোকে স্বাভাৱিক বৃক্কৰ সৈতেই এটা সুস্থ জীৱন জীয়াই থাকে

কিডনি ষ্টোন বা বৃক্কৰ পাথৰি ৰোগ

বৃক্কৰ পাথৰি ৰোগ এটা সাধাৰণ তথা গুৰুত্ব দিৱলগীয়া বৃক্কৰ সমস্যা।পাথৰ হোৱাৰ সাধাৰণ ঠাইবোৰ হৈছে - বৃক্ক, ইউৰিটাৰ আৰু মূত্রাশয় কিড়নী ষ্টোনৰ সাধাৰণৰ লক্ষণবোৰ হৈছে- তীব্র আৰু অসহ্যকৰ বিষ, পেট অকোৱা পকোৱা কৰা, বমি হোৱা, প্রস্ৰাৱত তেজ যোৱা আদি।যি কি নহকও কোনো কোনো এনে কিডনী ষ্টোন হোৱা থাকে যাৰ দীঘলীয়া সময় ধৰি এই ৰোগ হৈ আছে অথচ কোনো এটা লক্ষনে দেখা দিয়া নাই।ইয়াক চাইলেণ্ট ষ্টোন (মৌন বৃক্ক -পাথৰি) বোলা হয়।

কিডনি ষ্টোন চিনাক্ত কৰিবলৈ তলপেটৰ এক্স ৰেআন্ট্রাচনগ্ৰাফী কৰাৰ প্রয়োজন।সৰু আকাৰৰ বেছিভাগ পাথৰ অতিৰিক্ত পানী খালে প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যায়।যদিহে এবাৰ ভাল হোৱাৰ পিছত পুনাই তীব্র বিষ সংক্রমণ, প্রস্ৰাৱত বাধা বা বৃক্কৰ অপকাৰ হয়,তেন্তে ইয়াক আতৰাই পেলোৱাটো প্রয়োজনীয় হৈ পৰে।কিডনী ষ্টোন আতৰাবলৈ প্রয়োজন হোৱা পদ্ধতীটো নির্ভৰ কৰে। ষ্টোনৰ আকাৰ, ইয়াৰ অৱস্থান আৰু ইয়াৰ প্ৰকাৰৰ ওপৰচত। সাধাৰণতে ব্যৱহৃত পদ্ধতিবোৰ হৈছেলিথ ট্রপছি, এণ্ডোস্ক পি, পি.চি.এন.এল. চি ক্টোস্ক'পি আৰম্ভ ইউৰেটেৰস্কোপী আৰু মুক্ত অষ্ট্রপচাৰ।

(কিড়নী ষ্টোন কোনো লক্ষণ নেদেখুৱাকৈ বছৰ বছৰ ধৰি হৈ চিকিৎসা নকৰাৰ সময়ত থাকিব পাৰে)

আৰু যিহেতু কিড়নী ষ্টোন পুনৰ লে সংকত ৬০-৮০ শতাংশ, সেয়ে এনে ক্ষেত্ৰত অতিৰিক্ত পানী খোৱা,অপাথ্য খাদ্য নখোৱা আৰু সময়ে সময়ে পৰীক্ষা কৰা আদি অৱ্যহত ৰাখিব লাগে।

বেনাইন প্রষ্টেটিক হাইপাৰ প্ৰছিয়া (বি.পি,এইছ)

প্রষ্টেট গ্রন্থী কেৱল পুৰুষৰহে থাকে।ই মূত্রাশয়ৰ ঠিক তলতে আৰু ইউৰিথাৰ অগ্রাংশ আৱৰী থাকে।৫০ বছৰৰ পাছত প্রষ্টেট গ্রন্থী ডাঙৰ বলৈ ধৰে প্রষ্টেট ডাঙৰ হৈ যোৱাত ইউৰিথ্রাটো চেপাখাই যায়।ফলত বয়স্ক পুৰুষৰ প্ৰস্ৰাৱ কৰাত অসুবিধাৰ সৃষ্টি হয়

উৎস:বৃক্ক শৈক্ষিক প্ৰতিষ্ঠান

শেহতীয়া উন্নীতকৰণ: : 11/8/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate