অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্কৰোধৰ সন্দৰ্ভত প্ৰচলিত ভূল ধাৰনা আৰু সত্য কথা

বৃক্কৰোধৰ সন্দৰ্ভত প্ৰচলিত ভূল ধাৰনা আৰু সত্য কথা

ভূল ধাৰনা: সকলো বৃক্কৰোগেই দূৰাৰোগ্য।

সত্য: নহয়,সকলো বৃক্কৰোগ দুৰাৰোগ্য নহয়।প্রথম অৱস্থাত ধৰা পৰিলে চিকিৎসাৰ দ্বাৰা বৃক্কৰোগৰপৰা পৰিত্ৰাণ পাব পাৰি। বহুক্ষেত্ৰত বৰ্দ্ধিত বৃক্কৰোগৰ গতি কমাব পাৰি আৰু মানুহৰ জীৱনকাল বৃদ্ধি কৰিব পাৰি।

ভুল ধাৰণা : যদিহে এটা বৃক্ক বিকল হৈ পৰে তেতিয়াই দুয়োটাই বৃক্ক বিকল হয়।

সত্য : নহয় বৃক্ক বিকল তেতিয়াহে হোৱা বুলি কোৱা হয়, যেতিয়া  দুয়োটা বৃক্ক বিকল হৈ পৰে।সাধাৰনতে যেতিয়া কোনো লোকৰ এটা বৃক্ক সম্পূৰ্ন বেয়া হৈ পৰে তেতিয়াও কোনো সমস্যা দেখা নেযায়।আৰু এনে ক্ষেত্ৰত তেজত ইউৰীয়া আৰু ত্রিয়েটনাইনৰ পৰিমাণ স্বাভাবিক ৰুপ পোৱা যায়।কিন্তু যেতিয়া দুয়োটা বৃক্ক বিকল হৈ পৰে তেতিয়া অলাগতিয়াল পদার্থবোৰ শৰীৰত জমা হ’বলৈ ধৰে।তেতিয়া বৰ্দ্ধিত হোৱা ইউৰিয়া আৰু চেৰাম ত্রিয়েটিনাইনে বৃক্ক বিকলৰ প্রমাণ দিয়ে।

ভুল ধাৰণা:বৃক্ক বিকল হোৱা সকলো ৰোগীৰে ইডিমা থাকে।

সত্য :নহয়,বেছি সংখ্যক বৃক্ক বিকল ৰোগীৰে ইডিমা থাকে কিন্ত সকলোৰে এই লক্ষন পোৱা নাযয়।কোনো কোনো বৃক্ক বিকল ৰোগীৰ শেষ অৱস্থালৈকে ইডিমা থকা দেখা নাযায়।গতিকে ইডিমা নাথাকিলেই বৃক্ক বিকল নোহোৱাটো নুই কৰিব নোৱাৰী।

ভূল ধাৰনা:সকলো বৃক্ক ৰোগীয়েই যথেষ্ঠ পৰিমানৰ পানী খাব লাগে।

সত্য:নহয় বহুত বৃক্ক ৰোগীৰ প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱাৰ বাবে অধ্যায় শৰীৰ ফুলি উঠা দেখা যায়।সেয়ে এনে ৰোগীয়ে পানী বহু কমকৈহে খোৱা দৰকাৰ।যি কি নহওঁক, বৃক্কৰ পাথৰী ৰোগীৰ আৰু মূত্ৰনলীৰ (ইউৰেণেৰী ট্ৰাক)সংক্ৰমন হোৱা ৰোগীৰ যদি মুত্ৰ কাৰ্যপ্ৰনালী স্বাভাবিক হৈ থাকে তেওঁলোকক যথেষ্ঠ পানী খাবলৈ কোৱা হয়।

ভূল ধাৰনা:মই সুস্থই আছো সেয়ে মই ভাবো মোৰ বৃক্কৰ কোনো সমস্যা নাই।

সত্য:ক্ৰণিক বৃক্ক ৰোগৰ প্ৰথমাৱস্থাত বেছিভাগ ৰোগীৰেই কোনো লক্ষণ নাথাকে।পৰীক্ষাগাৰৰ পৰীক্ষাত পোৱা অস্বাভাৱিক পৰিমাণেবোৰেই এই ৰোগীৰ একমাত্র সূচক।

ভূল ধাৰনা:মই সুস্থ অনুভৱ কৰিছো। গতিকে মই আৰু মোৰ কোনো বৃক্ক সম্পকীয় সমস্যাৰ বাবে চিকিৎসা কৰিব নালাগে।

সত্য:ক্ৰণিক বৃক্ক ৰোগ থকা বহুতো ৰোগীয়েই সঠিক চিকিৎসাৰ দ্বাৰা সুস্থ হৈ থাকে। সেয়েহে দৰৱ খোৱা বন্ধ কৰি দিয়ে আৰু খোৱা বোৱা বাছ বিচাৰ নকৰা হয়।ই অতি সোনকালে ৰোগীক বৃক্ক বিকলতা দিশলৈ লৈ যায়।এনে ৰোগীৰ অতি কম সময়ৰ ভিতৰত ডায়েলাইছিচ কৰিবলগিয়া হব পাৰে আনকি বৃক্ক সংৰোপনৰো প্ৰয়োজন হব পাৰে আৰু সেয়ে ইয়াৰু প্রতি সচেতন হোৱাৰ প্রয়োজন।

ভূল ধাৰনা:মোৰ চিৰাম ত্রিয়েটিনাইনৰ পৰিমাণ স্বাভাৱিকতকৈ  সামান্য বেছি।কিন্তু মই যিহেতু সম্পূর্ণ সুস্থ, সেয়েহে চিন্তাৰ কোনো কাৰণ নাই।

সত্য:চিৰাম ত্রিয়েটিনাইনৰ অতি সামান্য বৃদ্ধিও বৃক্কৰ দুৰ্বলতাৰ লক্ষনক সূচাব পাৰে আৰু সেয়ে ইয়াৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন।বিভিন্ন ধৰনৰ বিক্ক ৰোগে বৃক্কৰ কাৰ্যকাৰিতা ধ্বংস কৰিব পাৰে।সেয়েহে বৃক্ক বিশেষজ্ঞক (নেফ্ৰ'ল'জিষ্ট)ৰ পৰামর্শ বিচৰা অতি প্রয়োজন।ত্রণিক বৃক্ক ৰোগৰ প্ৰাৰম্ভিক অৱস্থা স্থিতিৰ ওপৰত

অৱস্থিত। এই অৱস্থাত অতি কম পৰিমাণে চিৰাম ত্রিয়েটিনাইনৰ বৃদ্ধিয়ে বৃক্কৰ ৰোগৰ উপস্থিতিৰ কথাকে সূচায়। চিৰাম ত্রিয়েটিনাইনৰ পৰিমাণ যদি ১.৬ মি.গ্রাম/ডি.এল. হয় তেন্তে বুজা যায় যে বৃক্কৰ কাৰ্যকাৰিতা ৮০ শতাংশ কমি গৈছে আৰু সেইটো স্পষ্ট। এই অৱস্থাত এজন বৃক্ক ৰোগৰ বিশেষজ্ঞৰ ওচৰত চিকিৎসা কৰাটোৱেই এক প্রকাৰ ব্যৱস্থা যাৰ দ্বাৰা বহু সময় দীঘলীয়া সময় ধৰি বৃক্ক ভালে ৰাখিবলৈ সহায় কৰে। যেতিয়া চিৰাম ত্রিয়েটিনাইনৰ পৰিমাণ ৫.০ মি.গ্রাম/ডি.এল হয়, তাৰ অৰ্থ হৈছে বৃক্কৰ কাৰ্যকাৰিতা ৪০ শতাংশ ধ্বংস হৈছে। এই মাত্রাই তীব্রভাৱে বৃক্কৰ কার্যকাৰিতা হ্রাস পোৱা কথাটোকে সূচায়। এই অৱস্থাত সঠিক চিকিৎসা লোৱাটো অতি প্রয়োজন। কিন্তু মনত ৰখা উচিত যে, এইটো এটা ত্রণিক বৃক্ক ৰোগৰ শেষ অৱস্থা আৰু সেয়ে ভাল ফল পোৱাৰ বাবে চিকিৎসাৰ সময় দুর্ভাগ্যবশতঃ প্রায় উকলি গৈছে।

যেতিয়া চিৰাম ত্রিয়েটিনাইনৰ পৰিমাণ ১০.০ মি.গ্রাম/ডি.এল হয় ইয়াৰ অৰ্থ হৈছে বৃক্কৰ ৪৫ শতাংশই ধ্বংস হৈছে। এই পৰিমাণে বৃক্কৰ শেষ অৱস্থাৰ কথাকে সূচায়। এই অৱস্থাত ৰোগীৰ ঔষধৰ দ্বাৰা চিকিৎসা কৰিব পৰা নাযায়। বেছিভাগ ৰোগীক এই অৱস্থাত ডায়েলাইচিছ কৰাৰ প্রয়োজন হয়।

ভুল ধাৰণা : বৃক্ক বিকল হোৱা ৰোগীক এবাৰ ডায়েলাইচিছ কৰাৰ পিছত এইটো বাৰে বাৰে কৰাৰ প্রয়োজন হৈ থাকে।

সত্য : নহয়, কোনো এজন বৃক্ক ৰোগীক কিমান দিনলৈ বা কিমান বাৰ ডায়েলাইচিছৰ প্রয়োজন সেয়া নিৰ্ভৰ ৰে ৰোগীৰ বৃক্কৰ ৰোগৰ স্তৰৰ ওপৰত ।

একিউট কিড়নী ৰোগ হৈছে এক প্রকাৰ হঠাতে দেখা দিয়া আৰু অস্থায়ী বৃক্কৰ ৰোগ। এইবিধ বৃক্ক ৰোগত ভগা কিছুমান ৰোগীক ডায়েলাইচিছৰ প্রয়োজন হ’ব পাৰে; কিন্তু সঠিক চিকিৎসা আৰু এবাৰ বা দুবাৰ ডায়েলাইচিছৰ পিছত উক্ত ৰোগৰ পৰা উপশম পাব পাৰি। কিন্তু এবাৰ আৰম্ভ কৰিলে সদায়ে ডায়েলাইচিছৰ প্রয়োজন হ’ব বুলি ভয়তে ডায়েলাইচিছ দেৰিকৈ আৰম্ভ কৰাটোৱে জীবনলৈ অধিক বিপদ চপাই আনিব পাৰে।

ক্রণিক কিডনীৰোগ বহুদিনৰ পৰা লাহে লাহে বৃদ্ধি পোৱা ৰোগ এইধৰনৰ ৰোগ দুৰাৰোগ্য বৃক্ক বিকল অৱস্থা।এই ৰোগ শেষ অৱস্থাত (ই.এচ.কে.ডি) নিয়মীয়া আৰু জীৱনযোৰা ডায়েলাইচিছৰ প্রয়োজন হয়।

ভুল ধাৰণা:ডায়েলাইচিছৰ দ্বাৰা বৃক্ক বিকল হোৱা ৰোগ আৰোগ্য হৈ উঠে।

সত্য: নহয়,ডায়েলাইচিছে বৃক্ক বিকল হোৱা ৰোগী আৰোগ্য কৰিব নোবাৰে।ডায়েলাইচিছ হৈছে এটা কৃত্রিম পৰিশোধন প্রক্রিয়া যাৰ দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল পদার্থসমূহৰ লগতে অতিৰিক্ত পানীভাগ বাহিৰ কৰি দিয়া হয় আৰু ৰোগীক জীয়াই ৰখাত সহায় কৰে।

ভূল ধাৰনা:বৃক্ক সংৰোপণত বিপৰীত লিংগৰ লোকেইজনে সিজনক বৃক্ক দান দিব নোৱাৰে।

সত্য:পুৰুষ-মহিলা উভয়ে তেওঁলোকৰ বৃক্ক বিপৰীত লিংগৰ লোকক দান কৰিব পাৰে।বৃক্ক দান কৰিলেও দান কৰোতাজনে স্বাভাৱিক জীৱনযাপন কৰিব পাৰে আনকি বিবাহিত জীৱন বা শিশু জন্ম দিয়াটো কোনো অসুবিধাৰ সৃষ্টি নহয়।

ভূল ধাৰনা:বৃক্ক সংৰোপণে স্বাস্থ্য আৰু যৌন সম্বন্ধীয় দিশত কুপ্ৰভাৱ পেলায়।

সত্য:নহয়, বৃক্ক সংৰোপন বা দান কৰাটো নিৰাপদ আৰু স্বাস্থ্য বা যৌন সমন্ধীয় দিশত ই কোনো প্ৰভাৱ নেপেলায়।বৰঞ্চ বৃক্ক দান কৰোটাজনে অইন দহজনৰ দৰে এক স্বাভাবিক জীবন অতিবাহিত কৰিব পাৰে।

ভুল ধাৰনা:বৃক্ক সংৰোপণত বৃক্ক ক্রয় কৰি লব পৰা যায়।

সত্য:বৃক্ক বেচা-কিনা কৰাটো আইন মতে দণ্ডনীয়।মনত ৰখা উচিত যে সম্বন্ধীয় কোনো ব্যক্তিৰ পৰা বৃক্ক নলৈ সম্বন্ধ নথকা কোনো অইন

ব্যক্তিৰ পৰা বৃক্ক গ্রহণ কৰিলে দেহতন্ত্রই সেই বৃক্ক গ্রহণ নকৰিবও পাৰে আৰু ই বেছি বিপদজনক।

ভুল ধাৰণা : মোৰ ৰক্তচাপ এতিয়া স্বাভাৱিক অৱস্থাত আছে। সেয়েহে মই কোনো ৰক্তচাপ নিয়ন্ত্রণকাৰী ঔষধ খোৱাৰ প্রয়োজন নাই।ৰক্তচাপ প্রতিৰোধী ঔষধ নাখালেহে মই বেছি সুস্থ অনুভৱ কৰো, গতিকে মই কিয় ঔষধ গ্রহণ কৰিব লাগে?

সত্য : বেছিভাগ উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে ৰক্তচাপ নিয়ন্ত্রিত অৱস্থালৈ হোৱাৰ লগে লগে ঔষধ খোৱা ত্যাগ কৰে, কাৰণ তেওঁলোক উচ্চ ৰক্তচাপৰ কোনো ধৰণৰ লক্ষণ বিচাৰি নাপায় আৰু বিনা ঔষধে বেছি সুস্থ অনুভৱ কৰে। নিয়ন্ত্রিত নোহোৱা ৰক্তচাপ এক প্রকাৰ গোপন হত্যাকাৰীৰ দৰে যিয়ে দীর্ঘদিন ধৰি চলা প্রকোপৰ বাবে প্রাণনাশী কিছুমান বেমাৰ যেনে হৃদৰোগ, বৃক্ক বিকল আৰু ষ্ট্রক পর্যন্ত ঘটাই মৃত্যু পর্যন্ত ঘটাব পাৰে। সেয়েহে শৰীৰ প্রদান অংগসমূহৰ সুৰক্ষাৰ বাবে নিয়মীয়াকৈ দৰৱ খোৱাটো অতি প্রয়োজনীয়। ইয়াৰোপৰি কোনো নির্দিষ্ট লক্ষণ নেদেখিলেও আৰু আগত কৈ বহুখিনি সুস্থ অনুভৱ কৰিলেও ৰক্তচাপ স্বাভাৱিক অৱস্থাত ৰাখিবলৈ দৰৱ খোৱা অতি প্রয়োজন।

ভুল ধাৰণা : কেৱল পুৰুষৰে বৃক্ক থাকে, যিটো দুই ভৰি এটি স্থলিত অৱস্থিত।

 

সত্য : পুৰুষ-মহিলা উভয়ৰে বৃক্ক থাকে আৰু ইয়াৰ অৱস্থান তল পেটৰ ঠিক ওপৰ ভাগৰ পিছফালে কামিহাড়ৰ তলত। উভয়ৰে ক্ষেত্ৰত বৃক্কৰ আকাৰ, আকৃতি আৰু কার্যকাৰিতা একেই। পুৰুষৰ ক্ষেত্ৰত দুই ভৰিৰ মাজত দৰকাৰী প্রজনন অংগহে থাকে।

উৎস:বৃক্ক শৈক্ষিক প্ৰতিষ্ঠান

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate