অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্ক ৰোগীৰ খাদ্য :

বৃক্ক ৰোগীৰ খাদ্য :

 

বৃক্ক ৰোগীয়ে নেফ্ৰ’লজিষ্টৰ পৰামৰ্শ মানি খাদ্য বিশেষজ্ঞই পৰিকল্পনা কৰি দিয়া খাদ্য তালিকা গ্ৰহণ কৰিব লাগে। খাদ্য বিশেষজ্ঞই যেনেধৰণৰ খাদ্য খাবলৈ অনুমতি দিয়ে, সেই খাদ্য নিয়ম মতে পালন কৰাটো বাধ্য়তামূলক। অন্যথা শাৰীৰিক সমস্যাই দেখা দিব পাৰে।

*বৃক্ক ৰোগীয়ে পানীয় গ্ৰহণ কৰাৰ ক্ষেত্ৰত সীমিতকৰণ কৰা উচিত।

*শৰীৰটোৱে যাতে প্ৰয়োজনীয় পুষ্টি গ্ৰহণ কৰিব পাৰে, সেইমতে খাদ্য তালিকাখন প্ৰস্তুত কৰি ল’ব লাগে। প্ৰ’টিনযুক্ত আহাৰ কমকৈ খোৱাৰ পৰামৰ্শ দিয়ে। মাছ-মাংস অৰ্থাৎ উচ্চ হাৰত প্ৰ’টিনৰ লগতে পটাছিয়াম আৰু ফছফৰাছো থাকে, তেনে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত চিকিৎসকৰ আলোচনা কৰা উচিত।

*খাদ্যত কাৰ্বহাইড্ৰেট কমাব লাগে। চৰ্বিযুক্ত আহাৰ পৰিহাৰ কৰাৰ লগতে আহাৰৰ লগত কিমান তেল দৈনিক গ্ৰহণ কৰিব সেই কথা জানি লোৱা উচিত।

*বৃক্ক ৰোগীক নিমখ কমকৈ থকা আহাৰ খাবলৈ দিব লাগে। সেয়ে কেঁচা নিমখ খোৱাৰ অভ্যাস পৰিহাৰ কৰক। ইয়াৰ লগতে বেকিং পাউডাৰ দি ৰন্ধা খাদ্য খাব নালাগে।

*একে বস্তু সদায় খাই থাকিলে খোৱাৰ প্ৰতি ৰুচি কমি যায়। সেয়ে যিখিনি খাদ্য গ্ৰহণ কৰিলে বৃক্ক ভালে থাকে, তেনে আহাৰ চিনাক্ত কৰি সেইমতে খাব লাগে। চিৰা, মুড়ি, আখৈ আদি কম পৰিমাণে খাব পাৰে।

*প্ৰতিদিনে এটা ফল খাব পাৰি যদিও পৰাপক্ষত নিম্ন পটাছিয়ামযুক্ত ফল গ্ৰহণ কৰিব লাগে।

*শাক আৰু পাচলি খাওঁতে মন কৰিব যাতে তেনে ধৰণৰ খাদ্যত পটাছিয়াম কম থাকে। প্ৰায় সকলো খাদ্যতে পটাছিয়াম থাকেই। সেয়েহে পৰাপক্ষত কম মাত্ৰাৰ পটাছিয়ামযুক্ত খাদ্য চিনাক্ত কৰি লওক।

*পাচলি সৰু সৰুকৈ কাটি পানীত ভালদৰে ধুই কিছুসময় পানীত ডুবাই ৰাখিব। এনে কৰিলে শাক-পাচলিত থকা পটাছিয়ামৰ মাত্ৰা কিছু কমাব পাৰি। বৃক্ক ৰোগত বেছিকৈ সমস্যাই দেখা দিলে তেনে ৰোগীক আহাৰ প্ৰদান কৰোঁতে শাক-পাচলি সিজাই সেই পানীখিনি পেলাই দিব লাগে। উচ্চ পটাছিয়ামযুক্ত শাক-পাচলি বৃক্ক ৰোগীয়ে বৰ্জন কৰা উচিত।

*ৰান্ধি খোৱা আহাৰৰ জৰিয়তে ভিটামিন শৰীৰত যোগান ধৰাৰ পৰিৱৰ্তে চিকিৎসকৰ উপদেশ অনুসৰি ভিটামিন পৰিপূৰক গ্ৰহণ কৰা উচিত। মনত ৰাখিব বৃক্ক ৰোগীৰ কাৰণে পটাছিয়ামৰ মাত্ৰা স্বাভাৱিক হৈ থকা অতি প্ৰয়োজন। কিয়নো পটাছিয়ামৰ মাত্ৰা অতিক্ৰম কৰিলে মাংসপেশী অতিশয় দুৰ্বল হৈ পৰে আৰু বিপজ্জনকভাৱে হৃদপিণ্ডৰ ছন্দ অনিয়মিত হ’ব পাৰে। যেতিয়া পটাছিয়াম খুব ওপৰলৈ উঠে, তেতিয়া অভাৱনীয়ভাৱে হৃদপিণ্ড বন্ধ হৈ যাব পাৰে আৰু ই আকস্মিক মৃত্যুৰো হৈ পৰে। সেয়েহে তেজত পটাছিয়ামক নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে চিকিৎসকৰ পৰামৰ্শ নিয়মীয়াকৈ গ্ৰহণ কৰা উচিত।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate