মানৱ দেহৰ আটাইতকৈ বিস্ময়কৰ অংগকেইটাৰ ভিতৰত এটা হ’ল বৃক্ক(Kidney)। আমাৰ বুকুৰ কামীহাড়বোৰ য’ত শেষ হৈছে, ঠিক সেইখিনিতে দুটা বৃক্ক ৰাজহাড়ৰ দুয়োফালে ওলমি থাকে। মজলীয়া জোখৰ এজন মানুহৰ হাতৰ মুঠিটো যিমান ডাঙৰ, প্ৰতিটো বৃক্ক প্ৰায় সিমান ডাঙৰ। প্ৰতিটো বৃক্কৰ ওজন প্ৰায় দুই আউন্স। বৰণ ৰঙচুৱা মুগা। দুয়োটা বৃক্কই কাম নকৰা হ’লেই দেহৰ ধ্বংস তথা মৃত্যু অনিবাৰ্য হৈ পৰে। বহু সময়ত বৃক্কৰ ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত একো লক্ষণ প্ৰকাশ নাপায়, যাৰ বাবে বৃক্কৰ ৰোগক ‘নীৰৱ ঘাতক’ আখ্যা দিয়া হৈছে। সেয়েহে বৃক্ক সুস্থ কৰি ৰখাৰ বাবে আমি সদা সচেতন হৈ থকা উচিত।
শৰীৰৰ বিপাকীয় ক্ৰিয়াৰ(Metabolism) ফলত কেতবোৰ বৰ্জ্য পদাৰ্থ বা টক্সিন উদ্ভৱ হয়। বৃক্কই প্ৰস্ৰাৱৰ সৈতে এই বৰ্জ্য পদাৰ্থবোৰ শৰীৰৰপৰা বাহিৰ কৰি দিয়ে। শৰীৰত পানী আৰু ইলেক্ট্ৰ’লাইট(ছ’ডিয়াম, পটাছিয়াম আদি)ৰ ভাৰসাম্যও ৰক্ষা কৰে বৃক্কই। আমাৰ শৰীৰত যিমান তেজ আছে, তাৰ দুগুণ তেজ প্ৰতি ঘন্টাত বৃক্কৰ মাজেদি প্ৰৱাহিত হয়, এনেদৰে প্ৰতিদিনে প্ৰায় ২০০ লিটাৰ তেজ বৃক্কই শোধন কৰে। বৃক্কই শৰীৰত হিম’গ্ল’বিনৰ মাত্ৰা সঠিক হৈ থকাত সহায় কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু শৰীৰৰ সমস্ত হাড়ৰ গঠন সঠিক কৰি ৰখাতো বৃক্কৰ ভূমিকা আছে। মেদহবুলতাৰ বাবে হৃদৰোগ, মধুমেহ আদিৰ উপৰি বৃক্কৰ ৰোগো হ’ব পাৰে। বি এম আই(Body Mass Index) সদায় ২৫ৰ তলত থকা উচিত। বি এম আই ২৫-৩০ৰ ভিতৰত থাকিলে তাক মাত্ৰাধিক ওজন(Over Weight) বোলা হয়। আনহাতে, বি এম আই ৩০ৰ ওপৰত থাকিলে তাক মেদবহুলতা(Obesity) বোলে। মেদবহুলতাৰ ফলত বৃক্কত গোমেৰুলোপেথী(Glomerulopathy) নামৰ এক ধৰণৰ জটিল পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। প্ৰতিটো বৃক্কত থকা লক্ষ লক্ষ নেফ্ৰন(Nephron)-এ ছেকনিৰ দৰে কাম কৰি, যিবোৰ বস্তু শৰীৰৰ বাবে প্ৰয়োজনীয়, সেইবোৰ ধৰি ৰাখে আৰু অদৰকাৰী তথা বিষাক্ত বস্তুবোৰ শৰীৰৰপৰা বাহিৰ কৰি দিয়াৰ ব্যৱস্থা কৰে। মেদবহুলতাৰ ফলত শৰীৰৰ চৰ্বি কোষ (Fat cell)-বোৰ অধিক মোটা হৈ পৰাৰ পৰিপ্ৰেক্ষিতত শৰীৰৰপৰা বৰ্জ্য পদাৰ্থবোৰ বাহিৰ কৰি দিয়াৰ বাবে বৃক্কই অধিক পৰিশ্ৰম কৰিবলগীয়া হয়। ইয়াৰ পৰিণতিত নেফ্ৰনৰ গ্লোমেৰুলাছ(Glomerulus)-বোৰ ফুলি যায়। এই পৰিস্থিতি দীৰ্ঘদিন অব্যাহত থাকিলে গ্লোমেৰুলাছ চাপ বৃদ্ধি পায় আৰু তাৰ ফলত আশ-পাশৰ গাঁথনিৰ ক্ষতি হয়। তেতিয়া সেই গাঁথনিবোৰত ফাইব্ৰ’ছিছ(Fibrosis) উদ্ভৱ হয়। এনে অৱস্থাত বৃক্কত নানা সমস্যাৰ উদ্ৰেক হয়। ইয়াৰ বাহিৰেও মেদবহুলতাৰ বাবে শৰীৰৰ কিছুমান কোষৰপৰা কেতবোৰ হৰম’ন অধিক মাত্ৰাত উৎপন্ন হয়- যিবোৰ বৃক্কৰ ক্ষতিসাধন কৰে। সেয়েহে মধুমেহ আৰু উচ্চ ৰক্তচাপৰ পিছতেই বৃক্কৰ ৰোগৰ অন্যতম প্ৰধান কাৰণৰূপে পৰিগণিত হৈছে মেদবহুলতা। গতিকে আন কেতবোৰ ৰোগৰ উপৰি বৃক্কৰ ৰোগৰপৰাও হাত সাৰি থাকিবলৈ হ’লে আমি নিৰ্মেদ-আটিল দেহৰ অধিকাৰী হৈ থকাটো নিতান্তই প্ৰয়োজনীয়।
শৰীৰৰ ওজন কমোৱাৰ বাবে আজিকালি কেতবোৰ ঔষধ পোৱা যায় আৰু অস্ত্ৰোপচাৰৰো ব্যৱস্থা আছে; কিন্তু এইবোৰৰ পাৰ্শ্বক্ৰিয়াও আছে। গতিকে শৰীৰৰ ওজন কমোৱাৰ আটাইতকৈ ভাল উপায় হ’ল জীৱন-চৰ্যা(Lifestyle)-ৰ পৰিৱৰ্তন সাধন কৰা। প্ৰতিদিনে অন্তত: ৩০-৪৫ মিনিট খোজকঢ়াটো নিতান্তই প্ৰয়োজনীয়। নিয়মিত খোজকাঢ়িলে মেদবহুলতাৰপৰা মুক্তি পোৱাৰ উপৰি বৃক্কত সমস্যাৰ সৃষ্টি কৰা মধুমেহ, উচ্চ ৰক্তচাপ আদি ৰোগ হোৱাৰ আশংকা কমিব অথবা এই ৰোগবোৰ নিয়ন্ত্ৰণত থাকিব। শৰীৰ নিৰ্মেদ কৰাৰ বাবে কম কেল’ৰিযুক্ত তথা সুষম আহাৰ গ্ৰহণ কৰাটো ব্যায়াম কৰাৰ সমানেই প্ৰয়োজনীয়। দুবাৰ খাদ্য খোৱাৰ মাজত বহু বেছি সময়ৰ ব্যৱধান ৰখা উচিত নহয়। ইয়াৰ ফলত শৰীৰত চৰ্বিৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। কম কমকৈ দিনটোত কেইবাবাৰো খাব লাগে। ফাষ্ট ফুড, জাংক ফুড খোৱাৰপৰা বিৰত থকা ভাল।
প্ৰাথমিক পৰ্যায়ত বৃক্কৰ ৰোগ ধৰা পৰিলে ইয়াৰ প্ৰতিৰোধ কৰাৰ বাবে খোৱা-বোৱাত কিছু বাছ-বিচাৰ মানি চলাৰ প্ৰয়োজন হয়। বিশেষকৈ মাছ, মাংস, কণী, দাইল, গাখীৰ আদি অধিক প্ৰ’টিনযুক্ত খাদ্য খুব কম পৰিমাণেহে খাব লাগে। শৰীৰৰ প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে ৮ গ্ৰামকৈ- এই অনুপাতত দৈনিক প্ৰ’টিন খোৱা উচিত; অৰ্থাৎ শৰীৰৰ ওজন ৬০ কিলোগ্ৰাম হ’লে প্ৰ’টিন খোৱা উচিত ৪৮ গ্ৰাম। শৰীৰত অধিক মাত্ৰাত প্ৰ’টিন প্ৰৱেশ কৰিলে বৃক্কত চাপ পৰিব পাৰে। বৃক্ক ৰোগাক্ৰান্ত হ’লে বহু সময়ত শৰীৰত পটাছিয়ামৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়। পটাছিয়াম বৃদ্ধি হ’লে হৃদৰোগ হোৱাৰ আশংকাই দেখা দিয়ে। শৰীৰত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি হ’লে ফল, ফলৰ ৰস, কাজু, কিছমিছ প্ৰভৃতি খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। ফলৰ ভিতৰত কেৱল আপেল, অমিতা আৰু মধুৰিআম খাব পাৰি। শাক খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল যদিও শৰীৰত পটাছিয়ামৰ মাত্ৰা বেছি থাকিলে যিমান দূৰ সম্ভৱ শাক খোৱাৰপৰা বিৰত থকা উচিত। তদুপৰি আলু আৰু কেঁচা অমিতাৰ তৰকাৰি খোৱাও বেয়া। খাদ্যত নিমখৰ মাত্ৰা কম থাকিব লাগে।
আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল বিষ নিৰাময়কাৰী ঔষধ বা পেইনকিলালবোৰে বৃক্ক, হৃদপিণ্ড আদিৰ ক্ষতি কৰাৰ আশংকা থাকে। অতিমাত্ৰা পেইনকিলাৰ সেৱন কৰিলে বৃক্ক বিকল(Chronic and acute kidney failure) হ’ব পাৰে। কেতবোৰ এন্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো বৃক্কৰ ৰোগ হ’ব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ অবিহনে এইবোৰ ঔষধ সেৱন নকৰাই মংগল। এজন সুস্থ, প্ৰাপ্তবয়স্ক মানুহে সাধাৰণতে দৈনিক আঢ়ৈৰপৰা তিনি লিটাৰ পানী খাব লাগে। অৱশ্যে স্থান, কাল, পাত্ৰভেদে পানী খোৱাৰ প্ৰয়োজনীয়তাৰ কিছু হীন-ডেঢ়ি হয়। কিন্তু বৃক্কৰ ৰোগ জটিল হ’লে পানী খোৱাৰ পৰিমাণ কমাবলগীয়া হয়।
ৰক্তচাপ আৰু তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক মাত্ৰাত ৰখা নিতান্তই প্ৰয়োজনীয়। শৰীৰ নিৰ্মেদ কৰি ৰখা তথা শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰখাটোও জৰুৰী। উচ্চ ৰক্তচাপত আক্ৰান্তসকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিত ৰক্তচাপ নিয়ন্ত্ৰণ কৰা ঔষধ সেৱন কৰা উচিত। নিয়মিত ব্যায়াম কৰা উচিত, খোজকঢ়াটো(Fitness walking) বিশেষভাৱে ফলপ্ৰসূ। ফাষ্ট ফুড, জাংক ফুড প্ৰভৃতি অত্যাধিক কেল’ৰিযুক্ত খাদ্য খোৱাৰপৰা বিৰত থকা উচিত। দৈনিক ৫-৬ গ্ৰামতকৈ বেছি নিমখ খোৱা উচিত নহয়। সদায় স্বাস্থ্যসন্মত, সুষম তথা পৰিমিত খাদ্য খাব লাগে।
লেখক:অমল ভাগৱতী(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 7/15/2020