বৃক্কৰ ৰোগসমূহ দুটা ভাগত ভাগ কৰা হয়- ১) ঔষধ সম্বন্ধীয় ৰোগসমূহ (মেডিকেল ডিজিজেছ), আৰু ২) অস্ত্ৰোপচাৰ সম্বন্ধীয় ৰোগ ।
১) ঔষধ সম্বন্ধীয় ৰোগসমূহ (মেডিকেল ডিজিছেছ):-
ঔষধ সম্বন্ধীয় বৃক্কৰ ৰোগসমূহ হৈছে- বৃক্ক বিকল হোৱা, ইউৰেনিৰী ট্ৰেক বা মূত্ৰবাহী পথৰ সংক্ৰমণ আৰু নেফ্ৰ’টিক ছিণ্ড্ৰ’ম । এইবোৰ ৰোগৰ চিকিৎসা নিফ্ৰেল’জিষ্টে দিয়া দৰবৰ যোগেদি কৰা হয় । যিবোৰ ৰোগীৰ আগতীয়াকৈ বৃক্ক বিকল হয় তেওঁলোকৰ চিকিৎসা হৈছে ডায়েলাইছিছ আৰু বৃক্কৰ সংৰোপণ বা ট্ৰেন্সপ্লেণ্টেচন ।
২) অস্ত্ৰোপচাৰ সম্বন্ধীয় ৰোগ :- অস্ত্ৰোপচাৰ বা ছাৰ্জিকেল সম্বন্ধীয় ৰোগসমূহ হৈছে- বৃক্কত হোৱা পাথৰ, প্ৰ’ষ্টেটৰ সমস্যা আৰু মূত্ৰ প্ৰণালীৰ কৰ্কট ৰোগ । এইবোৰ ৰোগৰ অস্ত্ৰোপচাৰ, এণ্ডোস্ক’পী আৰু লিথ’ত্ৰিন্সী আদিৰ যোগেদি ইউৰ’লজিষ্টে চিকিৎসা কৰে ।
নেফ্ৰে’লজিষ্টসকল চিকিৎসক আৰু ইউৰ’লজিষ্টসকল অস্ত্ৰোপচাৰক বা শল্য চিকিৎসক । দুয়োবিধেই বৃক্ক ৰোগৰ বিশেষজ্ঞ । (প্ৰবল বৃক্ক বিকল হৈছে বৃক্কৰ কাৰ্যকাৰিতাৰ সঘন হ্ৰাস । কম সময়ৰ চিকিৎসাৰ যোগেদি বৃক্ক সাধাৰণতে নিৰাময় হয় ) ।
বৃক্ক বিকল :-
বৃক্কই শৰীৰৰ পৰা প্ৰয়োজনীয় আৰু বিষাক্ত দ্ৰব্যসমূহ পৰিশোধন কৰি বাহিৰ কৰিব পৰাৰ ক্ষমতা হ্ৰাস পোৱা আৰু শৰীৰৰ জুলীয়া দ্ৰব্যৰ সমতুল ৰক্ষাৰ হ্ৰাস পোৱাটোকে বৃক্ক বিকল বুলি কোৱা হয় । ৰক্ত পৰীক্ষা, ইউৰিয়া, চেৰাম ক্ৰিয়েটিনাইনৰ পৰিমাণ বৃদ্ধি পোৱাটোৱে বৃক্ক বিকলৰ লক্ষণ ।
হঠাতে বৃক্কৰ কাৰ্যকাৰিতা হ্ৰাস পোৱাটোকে প্ৰবল বৃক্ক বিকলতা বা প্ৰবল বৃক্ক আঘাত পোৱা বুলি কোৱা হয় । এই ৰোগত বেছিসংখ্যকৰ ক্ষেত্ৰতে প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস পায় । প্ৰবল বৃক্ক বিকলতাৰ প্ৰধান কাৰক হৈছে- গ্ৰহণী, বমি অহা, উচ্চ ৰক্তচাপ, ফেলচিফেৰাম, মেলেৰিয়া, চেপছিছ, বিশেষ কিছুমান দৰব (এ চি ই ইনহিবিটৰ, এন এছ এ আই ডি এছ ) ইত্যাদি । বহু ক্ষেত্ৰত সঠিক চিকিৎসাৰ দ্বাৰা (কেতিয়াবা কেতিয়াবা ডায়েলাইছিছৰ সহায়ত) । বৃক্কৰ কাৰ্যকাৰিতা সাধাৰণ হোৱা দেখা যায় ।
লাহে লাহে ক্ৰমবৰ্ধিত আৰু অপৰিৱৰ্তনীয় ধৰণে কে’বা মাহ বা কে’বা বছৰ ধৰি বৃক্কৰ কাৰ্যকাৰিতা হ্ৰাস পোৱাটোকে ক্ৰ’নিক চি কে ডি বুলি কোৱা হয় । চি কে ডিত বৃক্কৰ কাৰ্যকাৰিতা লাহে লাহে আৰু একেলেথাৰিয়ে হ্ৰাস পাই গৈ থাকে । বহু দিনৰ মূৰত এই কাৰ্যকাৰিতা ইমানেই হ্ৰাস পায় যে ই কাম কৰা বন্ধ হৈ যায় ।
(লাহে লাহে ক্ৰমবৰ্ধিতভাৱে আৰু অপৰিৱৰ্তনীয় ধৰণে কে’বা মাহ বা কে’বা বছৰ ধৰি বৃক্কৰ কাৰ্যকাৰিতা হ্ৰাস পোৱাটোকে ক্ৰ’নিক বৃক্ক ৰোগ- চি কে ডি বুলি কোৱা হয় । )
এই আগতীয়া আৰু জীৱনৰ সংকটপূৰ্ণ অৱস্থাটোক বৃক্কৰ শেষ অৱস্থা বুলি কোৱা হয় । ইংৰাজীত ইয়াক End stage of kidney (Renel) disease (ESKD-ESRD) বোলে ।
ক্ৰ’নিক বৃক্ক ৰোগ এটা গোপন ৰোগ আৰু কেতিয়াবা কেতিয়াবা ই চকুত ধৰা নিদিয়াকৈয়ে বৃদ্ধি পায় । চি কে ডিৰ প্ৰথম অৱস্থাৰ চিন বা লক্ষণসমূহ বৰ কম বা নগণ্য । চি কে ডিৰ সাধাৰণ লক্ষণ হৈছে দুৰ্বলতা, ভোগ নলগা, শৰীৰ ফুলি উঠা, উচ্চ ৰক্তচাপ, ওকালি অহা আদি । প্ৰস্ৰাৱ পৰীক্ষাত প্ৰ’টিন পোৱা, ৰক্ত পৰীক্ষাত উচ্চ ক্ৰিয়েটিনাইন পোৱা আৰু ছন’গ্ৰাফীত বৃক্কৰ আকাৰ সৰু পোৱা-এইবোৰ হৈছে চি কে ডিৰ অতি দৰকাৰী লক্ষণ । চেৰাম ক্ৰিয়েটিনাইনৰ পৰিমাণে বিকলতাৰ তীব্ৰতা প্ৰতিফলিত কৰে । এই পৰিমাণ এই ৰোগত ক্ৰমে বৃদ্ধি হৈ গৈ থাকে ।
চি কে ডিৰ প্ৰথম অৱস্থাত ৰোগীক সঠিক দৰব আৰু খাদ্যৰ শুধৰণিৰ প্ৰয়োজন হয় । এই ৰোগৰ সম্পূৰ্ণ আৰোগ্য হৈ উঠা কোনো চিকিৎসা নাই । চিকিৎসাৰ দ্বাৰা মাত্ৰ হ্ৰাস পাই আহিব পৰা বৃক্কৰ কাৰ্যকাৰিতাৰ গতি মন্থৰ হয় আৰু তেনেকৈয়ে ৰোগীক তীব্ৰ অসুখ হোৱা সত্ত্বেও দীঘলীয়া সময় ধৰি জীয়াই ৰাখিব পাৰি ।
এই বৃক্কৰ ৰোগ যেতিয়া তীব্ৰ হয় (End stage of kidney disease) ৯০ শতাংশ বৃক্কৰ কাৰ্যকাৰিতা হ্ৰাস পায়, তেজত চেৰাম, ক্ৰিয়েটিনাইনৰ পৰিমাণ ৮-১০ মি: লি: গ্ৰাম প্ৰতি ডি: লিটাৰত বা তাতকৈ বেছিয়েই হয়গৈ)। সেই সময়ত ইয়াৰ একমাত্ৰ চিকিৎসা হৈছে ডায়েলাইছিছ (হিম’ডায়েলাইছিছ) আৰু পেৰিটোনিয়েল ডায়েলাইছিছ) আৰু বৃক্ক সংৰোপণ ।
ডায়েলাইছিছ হৈছে এটা পৰিশোধন প্ৰক্ৰিয়া, যাৰ দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল দ্ৰব্যবোৰ আৰু অতিৰিক্ত পানীভাগ আঁতৰাই পেলোৱা হয় । (যেতিয়া বৃক্ক বিকল হৈ পৰে ) । ক্ৰ’নিক বৃক্ক ৰোগৰ বাবে ডায়েলাইছিছ কোনো আৰোগ্যতা নহয় । ই এছ কে ডিত ৰোগীক গোটেই জীৱিত কালত নিয়মীয়াকৈ ডায়েলাইছিছৰ প্ৰয়োজন হয় । (যেতিয়ালৈকে বৃক্ক সংৰোপণ সফল নহয়) ।
ডায়েলাইছিছৰ দুটা পদ্ধতি হৈছে- হিম’ডায়েলাইছিছ আৰু পেৰিটোনিয়েল ডায়েলাইছিছ) ।
(ডায়েলাইছিছ এটা কৃত্ৰিম প্ৰক্ৰিয়া, যাৰ সহায়ত শৰীৰৰ অলাগতিয়াল দ্ৰব্যবোৰ আঁতৰাই পেলোৱা হয় আৰু তেজৰ অতিৰিক্ত পানীভাগ আঁতৰোৱা হয়। যেতিয়া নেকি বৃক্ক বিকল হৈ পৰে ) ।
হিম’ডায়েলাইছিছ (এইচ ডি) বহুলভাৱে ব্যৱহৃত হয় । এইচ ডিত এটা বিশেষ যন্ত্ৰৰ দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল দ্ৰব্যসমূহ, অতিৰিক্ত পানীভাগ আৰু লৱণভাগ আঁতৰাই পেলোৱা হয় । কণ্টিনিয়াছ এম্বুলেটৰী পেৰিটনিয়েল ডায়েলাইছিছ চি এ পি ডি হৈছে ডায়েলাইছিছৰ আন এটা পদ্ধতি, যিটো ঘৰত বা কৰ্মস্থানত কোনো যন্ত্ৰ নোহোৱাকৈ কৰিব পৰা যায় । বৃক্ক সংৰোপণ হৈছে আটাইতকৈ কাৰ্যকৰী চিকিৎসা আৰু ই এছ কে ডিত এইটোৱে একমাত্ৰ কিছু আৰোগ্য হোৱাৰ উপায় ।
ইউৰিনেৰী ট্ৰেক (মূত্ৰ প্ৰণালী) সংক্ৰমণ :-
সঘনাই প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱত জ্বলা-পোৰা কৰা, তলপেটৰ বিষ আৰু জ্বৰ উঠা আদি ইউ টি আইৰ সাধাৰণ লক্ষণ । প্ৰস্ৰাৱ পৰীক্ষাত যদি পূঁজ যায়, তেতিয়া ইউ টি আই বুলি গম পোৱা যায় ।
বেছিভাগ ই উ টি আই ৰোগীয়ে এণ্টিবায়’টিক থেৰাপীৰ দ্বাৰা আৰোগ্য হয় । সৰু ল’ৰা-ছোৱালীৰ ইউ টি আই হ’লে বিশেষ বিবেচনাৰ প্ৰয়োজন । সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত চিকিৎসা যদি কম পৰিমাণৰ হয় বা দেৰি হৈ যায়, তেন্তে বৰ্ধিত বৃক্কৰ অপূৰণীয় ক্ষতি হ’ব পাৰে ।
ৰিকাৰেণ্ট ইউ টি আই থকা এজন ৰোগীয়ে মূত্ৰনলীৰ অৱৰোধ, পাথৰি ৰোগ, মূত্ৰনলীৰ বিকৃতি আৰু জেনিট ইউৰিনেৰী, টিউবাৰকুল’ছিছ আদিৰ সকলো পৰীক্ষা কৰাই লোৱা অতি প্ৰয়োজন । সৰু ল’ৰা-ছোৱালীৰ ৰিকাৰেণ্ট ইউ টি আই ৰোগৰ আটাইতকৈ দৰকাৰী কাৰণটো হৈছে- ভি ইউ আৰ (ভিছিকোইউ ৰেটেৰা ৰেফলেক্স) । ভি ইউ আৰ হৈছে কনজিনেটল বিকৃতি, যাৰ ফলত প্ৰস্ৰাৱৰ সোঁতটো ওলোটাকৈ মূত্ৰাশয়ৰ পৰা যিকোনো এটা বা দুটা ইউৰিটাৰেললৈ বৈ যায় আৰু বৃক্কলৈও বৈ যায় ।
( ইউ টি আই হোৱা সৰু ল’ৰা-ছোৱালীৰ চিকিৎসা কৰাত যদি পলম হয় বা সম্পূৰ্ণ চিকিৎসা কৰা নহয়, তেন্তে বৃক্কৰ অপূৰণীয় ক্ষতি হ’ব পাৰে ।
নেফ্ৰ’টিক ছিণ্ড্ৰ’ম
নেফ্ৰ’টিক ছিণ্ড্ৰ’ম নামৰ বৃক্ক ৰোগটো বয়স্ক লোকতকৈ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় । সঘনাই শৰীৰ উখহি উঠা (ইডিমা) হৈছে এই ৰোগৰ প্ৰধান লক্ষণ । এই ৰোগ হ’লে এজন ৰোগীৰ সাধাৰণতে বৃত্তৰ কাৰ্যকাৰিতা আৰু ৰক্তচাপ ঠিকেই থাকে, কিন্তু প্ৰস্ৰাৱত প্ৰ’টিন (৩.৫ গ্ৰামতকৈ বেছি) পোৱা যায় । তেজত এলবুমিনৰ পৰিমাণ কম (হাইপ’এলবুমিনিয়া) আৰু কলেষ্টেৰল বেছি পোৱা যায় ।
চিকিৎসাৰ দ্বাৰা এই ৰোগ সহজে আৰোগ্য হয় । খুব কমসংখ্যক ৰোগীৰ চিকিৎসা শেষ হোৱাৰ পিছত দৰব ব্যৱহাৰ নকৰিলেও বেমাৰটোৰ কোনো লক্ষণ দেখা পোৱা নাযায় । কিন্তু বেছিভাগ লোকৰ ক্ষেত্ৰত ৰোগটো পুনৰ হয় ।
এইদৰে চিকিৎসাৰ প্ৰতি সঁহাৰি, চিকিৎসা নকৰাৰ সময়ত পুনৰ আৰম্ব হোৱা, সঘনে শৰীৰ ফুলি উঠা, এই লক্ষণবোৰ চক্ৰাকাৰে হোৱাটোৱে হৈছে নেফ্ৰ’টিক ছিণ্ড্ৰ’মৰ প্ৰকৃতি ।
যদিহে আৰোগ্য হোৱা আৰু পুনৰায় আৰম্ভ হোৱা চক্ৰটো বছৰ বছৰ ধৰি চলি থাকে, তেন্তে ই সৰু ল’ৰা-ছোৱালীৰ বা তেওঁৰ পৰিয়ালৰ বাবে চিন্তাৰ বিষয় হৈ পৰে । কিন্তু এটা কথা মনত ৰখা উচিত যে দীঘলীয়া সময় ধৰি এই ৰোগ হৈ থকাটো সৰু ছোৱালীৰ বাবে শুভ । তেওঁলোকে স্বাভাৱিক বৃক্কৰ সৈতেই এটা সুস্থ জীৱন জীয়তাই থাকে ।
বৃক্কৰ পাথৰি ৰোগ এটা সাধাৰণ তথা গুৰুত্ব দিবলগীয়া বৃক্কৰ সমস্যা । পাথৰ হোৱাৰ সাধাৰণ ঠাইবোৰ হৈছে-বৃক্ক, ইউৰিটাৰ আৰু মূত্ৰাশয় । কিডনী ষ্টোনৰ সাধাৰণ লক্ষণবোৰ হৈছে- তীব্ৰ আৰু অসহ্যকৰ বিষ, পেট অকোৱা-পকোৱা কৰা, বমি হোৱা, প্ৰস্ৰাৱত তেজ যোৱা আদি । যি কি নহওক, কোনো কোনো এনে কিডনী ষ্টোন হোৱা থাকে, যাৰ দীঘলীয়া সময় ধৰি এই ৰোগ হৈ আছে, অথচ কোনো এটাও লক্ষণে দেখা দিয়া নাই । ইয়াক চাইলেণ্ট ষ্টোন (মৌন বৃক্ক-পাথৰি) বোলা হয় ।
কিডনী ষ্টোন চিনাক্ত কৰিবলৈ তলপেটৰ এক্স-ৰে’ আল্ট্ৰাছন’গ্ৰাফী কৰাৰ প্ৰয়োজন । সৰু আকাৰৰ বেছিভাগ পাথৰ অতিৰিক্ত পানী খালে প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যায় । যদিহে এবাৰ ভাল হোৱাৰ পিছত পুনৰায় তীব্ৰ বিষ, সংক্ৰমণ, প্ৰস্ৰাৱত বাধা বা বৃক্কৰ অপকাৰ হয়, তেন্তে ইয়াক আঁতৰাই পেলোৱাটো প্ৰয়োজনীয় হৈ পৰে । কিডনী ষ্টোন আঁতৰাবলৈ প্ৰয়োজন হোৱা পদ্ধতিটো নিৰ্ভৰ কৰে ষ্টোনৰ আকাৰ, ইয়াৰ অৱস্থান আৰু ইয়াৰ প্ৰকাৰ ওপৰত । সাধাৰণতে ব্যৱহৃত পদ্ধতিবোৰ হৈছে- লিথ’ট্ৰ্পসী , এণ্ডোস্ক’পী, পি চি এন এল, চিষ্টোস্ক’পী আৰু ইউৰিটেৰ’স্ক’পী আৰু মুক্ত অস্ত্ৰোপচাৰ । কিডনী ষ্টোন কোনো লক্ষণ নেদেখুওৱাকৈ বছৰ বছৰ ধৰি হৈ থাকিব পাৰে ।
আৰু যিহেতু কিডনী ষ্টোন পুনৰ হ’লে সংকট ৬০-৮০ শতাংশ, সেয়ে এনে ক্ষেত্ৰত অতিৰিক্ত পানী খোৱা, অপথ্য খাদ্য নোখোৱা আৰু সময়ে সময়ে পৰীক্ষা কৰা আদি অব্যাহত ৰাখিব লাগে ।
প্ৰ’ষ্টেট গ্ৰন্থি কেৱল পুৰুষৰহে থাকে । ই মূত্ৰাশয়ৰ ঠিক তলতে আৰু ইউৰিথ্ৰাৰ অগ্ৰাংশ আৱৰি থাকে । ৫০ বছৰৰ পিছত প্ৰ’ষ্টেট গ্ৰন্থি ডাঙৰ হ’বলৈ ধৰে । প্ৰ’ষ্টেট ডাঙৰ হৈ যোৱাত ইউৰিথ্ৰাটো চেপা খাই যায় । ফলত বয়স্ক পুৰুষৰ প্ৰস্ৰাৱ কৰাত অসুবিধাৰ সৃষ্টি হয় ।
লেখিকা:- ডা: প্ৰণামিকা কলিতা
উৎস :- জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 3/15/2020