অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰেইন কেন্সাৰ আৰোগ্য হয়নে?

ব্ৰেইন কেন্সাৰ আৰোগ্য হয়নে?

 

*মগজুৰ কেন্সাৰ স্বাস্থ্যবিজ্ঞানৰ এক বৃহৎ প্ৰত্যাহ্বান।একবিংশ শতিকাৰ অভুতপুৰ্ব গৱেষণা আৰু আৱিষ্কাৰৰ ফলস্বৰুপে ব্ৰেইন কেন্সাৰ বৃহৎ সংখ্যক নিয়ন্ত্ৰণ কৰিব পৰা গৈছে।কিন্তু ব্ৰেইন কেন্সাৰৰ সম্পুৰ্ণ নিৰাময়ৰ উপায় এতিয়াও গৱেষণাৰত অৱস্থাতে আছে।ব্ৰেইন কেন্সাৰৰ বিষয়ে জানিবলৈ হ’লে মগজুৰ আন্ত:গাঁথনিৰ বিষয়ে কিছু কথা জানিব লাগিব।মানুহৰ মগজুটো হৈছে সুকোমল,স্পঞ্জধৰণৰ। আৰু সেয়েহে মগজুৰ বাহিৰত কিছুমান আৱৰণ থাকে।এই আৱৰণবোৰ হৈছে-

১/অস্থিৰ খোলা

২/কোষৰ তিনি তৰপীয়া আৱৰণ-

ক/ডুৰামেটাৰ

খ/ এৰাকনইড

গ/পায়মিটাৰ

৩/মগজু

৪/মগজুৰ জুলীয়া দ্ৰব্য।

মগজুৰ কোষবোৰৰ ভিতৰত আছে মগজুৰ প্ৰাথমিক কোষ বা নিউৰন।এই নিউৰনৰ সহায়কাৰী বা গ্লায়েল কোষ।মগজুৰ নিউৰনৰ বৈশিষ্ট্য হ’ল যে এই কোষৰ কেতিয়াও বিভাজন নহয়।সেয়েহে মগজুৰ প্ৰাথমিক টিউমাৰ সহায়কাৰী গ্লায়েল কোষৰ পৰাহে সৃষ্টি হয় বা মগজুৰ আৱৰণকাৰী কোষৰ পৰা সৃষ্টি হয়।

মগজুৰ টিউমাৰ আৰু মগজুৰ কেন্সাৰ একে নেকি?

 

*মগজুৰ আৱৰণৰ পৰা মগজুৰ কোষৰ যিকোনো অংশৰ পৰা টিউমাৰৰ উদ্ভৱ হ’ব পাৰে।এইক্ষেত্ৰত আৱৰণৰ পৰা ওলোৱা টিউমাৰ ৮০-৯০ শতাংশ সম্পুৰ্ণ নিৰাময় কৰিব পাৰি।কিন্তু মগজুৰ পৰা ওলোৱা টিউমাৰ ৬০-৭০ শতাংশহে নিৰাময় কৰিব পাৰি।বাকী ২০-৩০ শতাংশ সম্পুৰ্ণ নিৰাময় কৰিব পৰা নাযায়।এই নিৰাময় কৰিব নোৱাৰা টিউমাৰক ব্ৰেইন কেন্সাৰৰ বিভাগত ৰখা হৈছে।গতিকে মগজুৰ টিউমাৰ হ’লেই নিৰাময়ৰ উপায় নাই বুলি ভাবিব নালাগে।মগজুৰ ৬০-৭০ শতাংশ টিউমাৰ সম্পুৰ্ণ নিৰাময় কৰিব পাৰি।বাকী থকা ৩০ শতাংশ ব্ৰেইন কেন্সাৰৰ কথাহে চিন্তনীয়।

ব্ৰেইন কেন্সাৰত মগজুৰ কি পৰিৱৰ্তন হয়?

 

*মগজুৰ কেন্সাৰত কোষবোৰ অনিয়ন্ত্ৰিত মাত্ৰাত খুব কম সময়ৰ ভিতৰত বাঢ়ি যায় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা চাপত মগজুৰ স্বাভাৱিক কোষৰ ক্ষতি হ’বলৈ আৰম্ভ হয়।কেন্সাৰৰ কোষবোৰ অতি সোনকালে উৎপত্তিস্থলৰ পৰা মগজুৰ বাকী অংশলৈ গতি কৰি নিৰাময় অসম্ভৱ কৰি তোলে।কিন্তু মগজুৰ কেন্সাৰ শৰীৰৰ বাকী অংশ,যেনে-যকৃৎ,হাওঁফাওঁ আদিলৈ বিয়পি নাযায়।কেৱল ব্ৰেইন আৰু স্পাইনেল ক’ৰ্ডলৈ সিঁচৰিত হ’ব পাৰে।মগজুৰ কেন্সাৰৰ ৰোগক চাৰিটা অৱস্থাত ভাগ কৰা হৈছে।প্ৰথম অৱস্থাৰ ৰোগীসকলৰ ৭০-৮০ শতাংশ লোকৰ চিকিৎসাৰ পিছত ৫-১০ বছৰ স্বাভাৱিক জীৱন যাপন কৰিব পাৰে।দ্বিতীয় অৱস্থাত ৫০৬০ শতাংশ লোকৰ ৫-১০ বছৰলৈ স্বাভাৱিক জীৱন যাপন কৰিব পাৰে।তৃতীয় পৰ্যায়ত ২০ শতাংশ লোকহে ৫ বছৰ জীয়াই থকাৰ সম্ভাৱনা থাকে।চতুৰ্থ পৰ্যায়ত মাত্ৰ ১০ শতাংশ লোকহে এবছৰতকৈ বেছি দিন জীয়াই থকাৰ আশা কৰিব পাৰি।

লেখক:ডা: নিতু কুমাৰ দাস (জি এনআৰ চি স্বাস্থ্য)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate