অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাইৰেল হেপাটাইটিছ :

ভাইৰেল হেপাটাইটিছ :

 

উল্লেখযোগ্য যে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ৰোগ সমগ্ৰ বিশ্বৰ বাবে এইডছতকৈও বেছি ভয়াৱহ। এইচ আই ভি ভাইৰাছ হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছতকৈ অধিক সংক্ৰামক। মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা এইডছত মৃত্যু হোৱা ব্যক্তিতকৈ অধিক।

তথাপি হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ সজাগতা এইচ আই ভি এইডছ ৰোগ প্ৰতিৰোধ সজাগতাতকৈ কম হোৱা দেখা যায়। যদিহে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ৰোগৰ বিৰুদ্ধে উপযুক্ত সজাগতা আনি আমি এই ভাইৰাছ সংক্ৰমণ বন্ধ কৰিব পাৰোঁ তেতিয়া প্ৰতিদিনে সমগ্ৰ বিশ্বত প্ৰায় চাৰি হেজাৰ ব্যক্তি মৃত্যুৰপৰা হাত সাৰিব পাৰিব।

ভাইৰেল হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ৰোগো প্ৰতিৰোধযোগ্য আৰু আৰম্ভণিতে চিকিৎসা কৰিলে জটিলতাবোৰো আঁতৰাব পাৰি। হেপাটাইটিছ ‘বি’ প্ৰতিৰোধৰ বাবে ভেকচিন দিলেই হয়। শিশুসকলক জন্মৰ পিছতে এই ভেকচিন দি আন ডোজবোৰো সময়মতে দিব লাগে।

বয়স্ক লোকেও এই ভেকচিন ল’ব লাগে। হেপাটাইটিছ ‘চি’ প্ৰতিৰোধৰ বাবে ভেকচিন নাই। যিবোৰ পথৰদ্বাৰা এইবোৰ ভাইৰাছ মানুহৰ শৰীৰলৈ বিয়পে সেই পথবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিলেই ভাইৰেল হেপাটাইটিছ ‘বি’ আৰু ‘চি’ প্ৰতিৰোধ কৰিব পাৰি।

হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছ এই ৰোগত আক্ৰান্ত লোকৰ তেজ, দেহৰ নানাৱিধ ৰস, বীৰ্য, লেলাউটি আদিত থাকে। হেপাটাইটিছ ‘বি’ আৰু ‘চি’

*অসুৰক্ষিত যৌন সম্পৰ্ক,

*অসুৰক্ষিত ৰক্ত গ্ৰহণ,

*দেহ ৰসৰ মিলন,

*বীজাণুমুক্ত নকৰা একেটা বেজীকে দুই-তিনিজনে ব্যৱহাৰ কৰা,

*একেটা বেজীৰে টাটু কৰা আৰু সংক্ৰমিত মাতৃৰপৰা গৰ্ভৰ সন্তানলৈ বিয়পিব পাৰে।

এই দুই ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে-

*দাড়ি খুৰোৱা ব্লেড আনে ব্যৱহাৰ কৰাৰ পিছত ব্যৱহাৰ কৰিব নালগে,

*পৰীক্ষা কৰা ৰক্তহে গ্ৰহণ কৰিব লাগে,

*আনৰ তেজ বা ৰক্তজাত সামগ্ৰী খালী হাতেৰে চুব নালাগে,

*অসুৰক্ষিত যৌন সংগম কৰিব নালাগে,

*আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব নালাগে,

*পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰি সদায় হাত ভালকৈ ধুই আহাৰ খাব লাগে,

*স্বাস্থ্যসন্মত জীৱন যাপন কৰিব লাগে,

*মদ্যপান ত্যাগ কৰি স্বাস্থ্যসন্মত খাদ্য খাব লাগে আৰু দূষিত খাদ্য,

*পানী আদি খাব নালাগে।

হেপাটাইটিছ ‘বি’ৰ দ্বাৰা সংক্ৰমিত লোক হেপাটাইটিছ ‘ডি’ৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে। সেয়েহে হেপাটাইটিছ ‘বি’ প্ৰতিৰোধ কৰিলেই হেপাটাইটিছ ‘ডি’ প্ৰতিৰোধ হয়।

সময়মতে পৰীক্ষা কৰি চিকিৎসা কৰিলে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছত আক্ৰান্ত ব্যক্তিক বচাব পৰা যায়। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এই ভাইৰাছসমূহৰ বাবে থাকিবলগীয়া পৰীক্ষা, ভেকচিন আৰু চিকিৎসাৰ ব্যৱস্থা যথোপযুক্ত নোহোৱা বাবে যথেষ্টসংখ্যক হেপাটাইটিছ ‘বি’ কাৰু ‘চি’ ভাইৰাছত আক্ৰান্ত ব্যক্তিয়ে পাবলগীয়া যত্নৰপৰা বঞ্চিত হোৱা দেখা গৈছে।

সমগ্ৰ বিশ্বতে আজিও হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছত আক্ৰান্ত কেইবানিযুত ব্যক্তিৰ তেজ পৰীক্ষা কৰা হোৱা নাই। তেওঁলোকে গমেই নাপায় যে তেওঁলোক এই দুই ভাইৰাছত আক্ৰান্ত। কিছুমানে জানে যদিও চিকিৎসা নলৈ জনসমুদ্ৰৰ মাজত হেৰাই গৈছে। অতি ভয়াৱহ কথা হ’ল যে সমগ্ৰ বিশ্বতে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছৰদ্বাৰা আক্ৰান্ত ৩২৫ নিযুত ব্যক্তিৰ প্ৰায় ২৯০ নিযুত ব্যক্তিয়ে নিজেই নাজানে যে তেওঁলোকে নিজে গম নোপোৱাকৈয়ে এই দুই ভাইৰাছ পৰিয়ালৰ লোক তথা বন্ধু-বান্ধৱীৰ মাজত বিয়পাই আছে। এনেদৰে হেৰাই থকা হেপাটাইটিছ ‘বি’  আৰু ‘চি’ ভাইৰাছত আক্ৰান্ত ব্যক্তিসকলক বিচাৰি উলিয়াই তেওঁলোকক উচিত চিকিৎসা দিব নোৱাৰিলে বিশ্বৰপৰা ভাইৰেল হেপাটাইটিছ কেতিয়াও আঁতৰি নাযাব আৰু অনেক লোকৰ এই ৰোগত মৃত্যু হৈয়েই থাকিব। সেয়েহে এনেদৰে হেৰাই থকা হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছত আক্ৰান্ত ব্যক্তিসকলক বিচাৰি উলিয়াই এই দুই ভাইৰাছৰ বাবে পৰীক্ষা কৰি তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। ২০১৬ চনৰ মে’ মাহত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ সাধাৰণ সভাত বিশ্বৰ সকলো দেশকে ২০৩০ চনৰ ভিতৰত ভাইৰেল হেপাটাইটিছৰ আতংকৰপৰা মুক্ত কৰাৰ বাবে যাৱতীয় কৰ্মপদ্ধতি ল’বলৈ অনুৰোধ কৰিছিল। আজি আমি অনুভৱ কৰিছোঁ, যদিহে এই ভাইৰাছসমূহৰ বাবে থাকিবলগীয়া পৰীক্ষা, ভেকচিন আৰু চিকিৎসাৰ ব্যৱস্থা যথোপযুক্ত কৰা নহয়, তেন্তে ২০৩০ চনত বিশ্বক ভাইৰেল হেপাটাইটিছৰপৰা মুক্ত কৰা বাবে যথোপযুক্ত পৰীক্ষা, ভেকচিন আৰু চিকিৎসা কৰা হওক। তেতিয়াহে হয়তো আমি এখন ভাইৰেল হেপাটাইটিছ মুক্ত পৃথিৱীৰ কামনা কৰিব পাৰিম।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate