অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মদ আৰু লিভাৰঃ

সন্দেহৰ বিন্দুমাত্ৰ অৱকাশ নাই যে সুৰাপানে মানুহক কিছু সময়ৰ বাবে হ’লেও মধুৰ আনন্দাভূতিত উজ্জীৱিত কৰি তোলে। বিশ্বৰ সকলো দেশতে কম-বেছি পৰিমাণে সুৰাসক্ত লোক আছে। এই কথা সঁচা যে এটা বয়সৰ পাছত পৰিমিত পৰিমাণে আৰু নিয়মীয়াকৈ সুৰাপান কৰিলে স্বাস্থ্যৰ ক্ষতি নহয়, বৰং কিছুমান ক্ষেত্ৰত উপকাৰহে হোৱা দেখা যায়। কিন্তু বিভিন্ন সমীক্ষাই এই কথা স্পষ্ট কৰি দিছে যে সুৰাপানত অভ্যস্ত হ’লে ক্ৰমে চাহিদা বৃদ্ধি পায় আৰু তেওঁলোকে ক্ৰমাগতভাৱে সুৰাৰ পৰিমাণ বৃদ্ধি কৰি যায়।

সুৰাপায়ীসকলে সুৰাপানৰ পক্ষে নিজৰ নিজৰ সুবিধা অনুযায়ী নানা যুক্তি প্ৰদৰ্শন কৰে। যেনে- সুৰাপান কৰিলে-

 

-  মানসিক উদ্বিগ্নতা দূৰ হয়।

- টোপনি ভাল হয়।

- ক্লান্তি-অৱসাদ দূৰ হয়।

- চিন্তাশক্তি খোল খায়, কৰ্মস্পৃহা বাঢ়ে।

- উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, হাৰ্ট এটেক নহয়।

- দুখ-যন্ত্ৰণা-হতাশা দূৰ হয় ইত্যাদি।

এই ‘সুফল’সমূহৰ আটাইবোৰেই যে মিছা তেনে নহয়। কিন্তু এইধৰণৰ অজুহাতত সুৰাপান কৰাসকলক এদিন মদেই খাই পেলায়, তেতিয়া মদৰ আসক্তিৰ পৰা ওলাই অহাটো কঠিন হৈ পৰে।

মদ খাব পাৰিনেঃ

 

আৱহমান কালৰে পৰা মানুহে মদ্যপান কৰি আহিছে। সকলো বস্তুৰে থকাৰ দৰে মদৰো ভাল আৰু বেয়া গুণ আছে। বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে ৪০ বছৰ বয়সৰ পিছত যদি পুৰুষ-মহিলা নিৰ্বিশেষে পৰিমিত পৰিমাণে নিয়মীয়াকৈ মদ্যপান কৰে তেন্তে তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা ৩০ৰ পৰা ৫০ শতাংশ হ্ৰাস পায়। ডাঃ হাৰ্ভে বি চাইমন নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে মদ যে স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকৰ সেই কথা স্বীকাৰ কৰিও তেওঁৰ গৱেষণা গ্ৰন্থত লিখিছিল যে অত্যধিক সুৰাপানে হৃৎপিণ্ডৰ লগতে দেহৰ আন গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি কৰে, কিন্তু হৃদৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত মদৰ উপকাৰিতা অনস্বীকাৰ্য। উল্লেখ্য, হৃদৰোগ প্ৰতিৰোধৰ বাবে তেওঁ পৰিমিত পৰিমাণৰ মদ্যপানৰ পোষকতা কৰিছিল। আধুনিক পৰিপুষ্টি বিজ্ঞানেও ডাঃ হাৰ্ভে বি চাইমনৰ কথাক অস্বীকাৰ কৰা নাই। পুষ্টি বিজ্ঞানেও স্বাস্থ্যকৰ মদ্যপানৰ দিহা দিছে। কিন্তু স্বাস্থ্যকৰ মদৰ পৰিমাণনো কিমান ? আপোনাৰ বাবে এদিনৰ অনুমোদিত মদৰ পৰিমাণ হ’ল-

হুইস্কীঃ পুৰুষ ৬০ মিলিগ্ৰাম, মহিলা ৩০ মিলিগ্ৰাম।

ৱাইনঃ পুৰুষ ২০০ মিলিগ্ৰাম, মহিলা ১০০ মিলিগ্ৰাম।

বীয়েৰঃ পুৰুষ ৫০০ মিলিগ্ৰাম, মহিলা ২৫০ মিলিগ্ৰাম।

সুৰাৰ কেইটামান ভাল গুণঃ

 

বীয়েৰত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে যিয়ে দেহৰ অক্সিডেণ্ট টক্সিছ আঁতৰায় আৰু ৰক্তচাপ কমোৱাত সহায় কৰে। ক্লাছি ড্ৰিংকছ হিচাপে পৰিচিত ৰেড ৱাইনো বীয়েৰৰ দৰেই। ই আয়ু বৃদ্ধিকাৰক জীনক দীৰ্ঘায়ু কৰে আৰু এইচ ডি এল অৰ্থাৎ ভাল কলেষ্টেৰল বৃদ্ধি কৰে। হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে। ভদকাই বেক্টেৰিয়া মাৰি পেলায় আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। চুলিৰ বৃদ্ধি আৰু ছাল ভালে ৰখাত সহায় কৰে। আনহাতে গৰম পানীৰে সৈতে কুলকুলি কৰিলে হুইস্কিয়ে ডিঙিৰ বিষ কমায় আৰু সীমিত পৰিমাণে সেৱন কৰিলে এইচ ডি এল বঢ়ায়। হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে।

অতিৰিক্ত মদ্যপান নকৰিবঃ

 

মাত্ৰাধিক মদ্যপান কৰিলে নানাধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে, বিশেষকৈ লিভাৰ অৰ্থাৎ যকৃত নামৰ অতি গুৰুত্বপূৰ্ণ অংগটোৰ সাংঘাতিক ক্ষতি হ’ব পাৰি। নিৰ্ভৰযোগ্য অধ্যয়নত দেখা গৈছে যে মাত্ৰাধিক মদ্যপান কৰাসকল বা মদাসক্তসকলৰ-

  • ৯০ শতাংশই ফেটি লিভাৰত ভোগে।
  • ফেটি লিভাৰত ভোগাসকলৰ ২০ শতাংশতকৈ অধিকসংখ্যকৰ ক্ষেত্ৰত লিভাৰ ছিৰছিছ হ’ব পাৰে।
  • দীৰ্ঘদিন ধৰি ছিৰছিছত ভোগাসকলৰ ৫ শতাংশৰ বেলিকা লিভাৰ ফেলিয়ৰ, লিভাৰ কেঞ্চাৰ হ’ব পাৰে।
  • ফেটি লিভাৰ হোৱাসকলৰ ৩৫ শতাংশৰ ক্ষেত্ৰত এলক’হলিক হেপাটাইটিছ বা যকৃতৰ প্ৰদাহ হোৱা দেখা যায়।

লিভাৰৰ কামঃ

 

লিভাৰ বা যকৃত আমাৰ দেহৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। যিয়ে আমি প্ৰতিদিনে গ্ৰহণ কৰা খাদ্যৰ ৮০-৯০ শতাংশৰ হজমত সহায় কৰে। লিভাৰত তেজ সংৰক্ষণ হয় আৰু তাৰ পৰাই দেহৰ বিভিন্ন অংশলৈ সৰবৰাহ হয়। লিভাৰে তেজ সৃষ্টিও কৰে। আনকি আমি খোৱা দৰববোৰো বিপাক প্ৰক্ৰিয়া সম্পন্ন হয় লিভাৰত।

অতিৰিক্ত মদ্যপানৰ ফলত এইহেন গুৰুত্বপূৰ্ণ লিভাৰটো নষ্ট হ’ব পাৰে যি জীৱনৰ বাবে ভাবুকি স্বৰূপ। উল্লেখ্য, লিভাৰৰ বেয়া হোৱা অংশ কেতিয়াও ভাল নহয়। উল্লেখ্য যে মদ্যপানজনিত কাৰণত পুৰুষতকৈ মহিলাৰ লিভাৰ বেয়া হোৱাৰ সম্ভাৱনা দুগুণ অধিক। কিয়নো মহিলাৰ দেহত এলক’ল ডি হাইড্ৰ’জেনেছ নামৰ উৎসেচকবিধ নাথাকে। লিভাৰ বেয়া হ’লে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিকল হয়। তেজ উৎপন্ন প্ৰক্ৰিয়া ব্যাহত হয় আৰু ৰক্তাল্পতা বা এনিমিয়াই দেখা দিয়ে। তদুপৰি পুৰুষৰ বুকু মহিলাৰ দৰে হ’ব পাৰে।

সুৰাপান নকৰিলে যকৃত ৰোগ নহয়নেঃ

 

জীৱনত এদিনৰ বাবেও সুৰা স্পৰ্শ নকৰা লোকৰো যকৃতৰ ৰোগ হ’ব পাৰে। সুৰাপানৰ পক্ষে যুক্তি দিবলৈ গৈ অনেকেই কয় যে অমুকে দেখোন এটোপালো মদ নাখায়, তেওঁৰনো ছিৰছিছ হ’ল কিয় ? কিন্তু এনে প্ৰশ্নৰ আঁৰত থাকে আত্মঘাতী প্ৰৱণতা। বিভিন্ন সমীক্ষা আৰু অধ্যয়নে এই তথ্য প্ৰকাশ কৰিছে যে সুৰাপান নকৰাসকলতকৈ সুৰাপান কৰাসকলৰ যকৃত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কেইবাগুণো অধিক।

(উৎসঃ অসমীয়া খবৰ, ডাঃ অঞ্জন শইকীয়া, গেষ্ট্ৰ আৰু লিভাৰ ৰোগ বিশেষজ্ঞ, হায়াত হস্পিতাল, ফোনঃ ৯৮৫৪০-৬২২১২)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate