অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মধুমেহ বা ডায়েবেটিচ ৰোগৰ চিকিৎসা :

মধুমেহ বা ডায়েবেটিচ ৰোগৰ চিকিৎসা :

 

বৰ্তমান আমাৰ দেশত বহুমূত্ৰ বা ডায়েবেটিচ ৰোগ ভয়াৱহ ৰূপে দেখা দিছে। এই ৰোগ কোনো মানুহৰ শৰীৰত আৰম্ভ হ’লে ইয়াক সহজতে আঁতৰ কৰা সম্ভৱ নহয়। ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ খাদ্য, জীৱন ধাৰণৰ প্ৰয়োজনীয় ব্যৱস্থা, শাৰীৰিক পৰিশ্ৰম, ঔষধ প্ৰয়োগ আদিৰ অতি প্ৰয়োজন।

মানুহৰ খাদ্যবোৰ পাকস্থলীত মণ্ডৰ দৰে হয়। তাৰ পিছত কিছু ঢিলা বা আধা জুলীয়া(Chyme) হৈ তলৰ ফালে সংযোজিত হৈ থকা চুঙাৰ দৰে ডিওডেনামত পৰে। ইয়াৰ খাদ্যৰ সাৰ বস্তুবোৰৰ ওপৰত যকৃতৰ পৰা ওলোৱা পিত্তৰস(Bile) আৰু অগ্নাশয়ৰ পৰা ওলোৱা এনজাইমবোৰ(Enzyme) পৰে আৰু খাদ্যৰ মণ্ডবোৰ কিছু পনীয়া হৈ তলৰ ফালে গৈ থাকে। ক্ষুদ্ৰ অন্ত্ৰৰ ভিলিবোৰে এইবোৰ শুহি লয় আৰু যকৃতলৈ(Liver) পঠিয়ায়। ইয়াৰ পিছত তেজে শৰীৰৰ বিভিন্ন অংগ-প্ৰগংগৰ কোষবোৰলৈ এই গ্লুক’জবোৰ(Glucose) লৈ যায়। গ্লুক’জবোৰ শৰীৰ কোষবোৰত সোমাই পৰি বল ম্বা শক্তি প্ৰদান কৰে। কিন্তু এই গ্লুক’জবোৰ শৰীৰৰ কোষে এটা নিৰ্দিষ্ট পৰিমাণতহে গ্ৰহণ কৰিব পাৰে। পেনক্ৰিয়াচে এনজাইমবোৰৰ উপৰি এবিধ হৰমোন উৎপাদন কৰে আৰু তিক্ত ৰসেই হৈছে ইনচুলিন(Insulin)। যিকোনো কাৰণত শৰীৰত, ইনচুলিন আৱশ্যকতকৈ কম হ’লে, কোষবোৰে গ্লুক’জবোৰক শক্তলৈ ৰূপান্তৰিত কৰিব নোৱাৰে। কোষবোৰত অক্সিডেচন নহয়। কোষবোৰ দুৰ্বল হৈ যায়। শৰীৰত শক্তিৰ উৎপাদন কমি যায়। আনহাতে কোষবোৰে ব্যৱহাৰত লগাব নোৱাৰা গ্লুক’জ বা চুগাৰবোৰ তেজৰ লগত মিহলি হৈ পৰে আৰু তাৰ ফলত ব্লাডচুগাৰ বাঢ়ি গৈ থাকে। পিছলৈ চেনি বা চুগাৰ প্ৰস্ৰাৱতো যাবলৈ ধৰে। থুলমূলকৈ এই ৰোগকেই ডায়েবেটিচ বোলা  হয়।

সঘনে পিয়াহ লগা, ঘনে ঘনে প্ৰস্ৰাৱ লগা আদি লক্ষণে দেখা দিলে বহুমূত্ৰ ৰোগ হৈছে বুলি জানিব পাৰি। বহুমূত্ৰ দুই প্ৰকাৰৰ। ডায়েবেটিচ ইনচিপিডাচ(Diabetes insipidus) আৰু ডায়েবেটিচ মেলিটাচ। পিটুইটাৰী হৰমোন শৰীৰত কম হ’লে কিডনীয়ে(বৃক্ক গন্থিয়ে) শৰীৰত পানীৰ সমতা ৰক্ষা কৰিব নোৱাৰা হয়। তেতিয়া প্ৰস্ৰাৱৰ বেগ বাঢ়ে। ইয়াক ডায়েবেটিচ ইনচিপিডাচ বোলা হয়। শৰীৰত যেতিয়া চেনিৰ সমতা নাথাকে, তেতিয়া প্ৰস্ৰাৱৰ বেগ বাঢ়িব পাৰে। লগতে প্ৰস্ৰাৱত চেনি যায়। তেজ পৰীক্ষা কৰিলে তেজত চেনিৰ পৰিমাণ বেছি দেখা যায়। ইয়াক ডায়েবেটিচ মেলিটাচ বোলা হয়।

ডায়েবেটিচ ৰোগৰ লক্ষণ -

এই অসুখত সঘনে পিয়াহ লাগে, প্ৰস্ৰাৱ সঘনে হয়, তেজত চেনিৰ পৰিমাণ বাঢ়ি যায়। বেছিকৈ ভোক লাগে। দিনে দিনে শৰীৰ ক্ষীণাই যাবলৈ ধৰে, ওজন কমি যায়। শৰীৰৰ কোনো কোনো ঠাইত খজুৱতি হয়, প্ৰস্ৰাৱ কেতিয়াবা হালধীয়া হ’ব পাৰে। প্ৰস্ৰাৱ মিঠা মিঠা গোন্ধায়, গাত সৰু সৰু গুটিদানা(Crystal) ওলায়। শাৰীৰিক দুৰ্বলতা বাঢ়ে, শৰীৰ অৱস লাগে, সকলো সময়তে টোপনিৰ ভাৱ এটা থাকে। এলাহ বাঢ়ি যায়। যৌন উত্তেজনা কমি যায় ইত্যাদি।

শৰীৰৰ ৰক্তবাহক নলীবোৰ কঠিন হৈ যায় আৰু অতি কম দিনৰ ভিতৰতে চকুৰ ক্ষতি সাধন হয়। (Diabetes) হৃদপিণ্ড, কিডনি আদি ৰোগাক্ৰান্ত(Retinopathy) হয়। তেজত পৰিমাণ স্বাভাৱিক নহ’লে যিকোনো অঙ্গৰ কোষে ঠিক মতে কাম কৰিব নোৱাৰা হয়। ফলত ৰোগৰ জটিলতা বাঢ়ি যায়।

মধ্য বয়সৰ বা বৃদ্ধ বয়সৰ লোকতকৈ কম বয়সৰ ল’ৰা-ছোৱালীৰ এই ৰোগ হ’লে বেছি জটিলতাৰ সৃষ্টি হয়।

ডায়েবেটিচ বা বহুমূত্ৰ ৰোগ হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা নাযায় যদিও খাদ্যাভ্যাসৰ বিজুতি ঘটা, শাৰীৰিক পৰিশ্ৰম নকৰি শুই বহি থকা, ফাষ্টফুড বেছিকৈ খোৱা, জৈৱিক শাক-পাচলি, ফল-মূল খোৱাৰ পৰা বিৰত থকা, খোজ নকঢ়া, গাড়ী-মটৰত ঘূৰি ফুৰা, অধিক খাদ্য খোৱা, জীৱন শৈলীৰ পৰিৱৰ্তনৰ ফলত এই ৰোগত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা বৰ্তমান অধিক হৈছেগৈ। আমি দৈনিক যি খাদ্য গ্ৰহণ কৰো, তাৰ পৰা পোৱা গ্লুক’জ আৰু শৰীৰত উৎপাদিত ইনচুলিনৰ সমতা যদি নেথাকে, শৰীৰত গ্লুক’জ বা চেনি বেছি হ’ব পাৰে আৰু তেতিয়াই এই অসুখ হ’ব পাৰে। ঔষধ আৰু খোৱা বস্তুৰে শৰীৰত ইনচুলিন বঢ়াব পাৰিলে শৰীৰ সুস্থ হ’ব পাৰে। ব্লাড চুগাৰ নিয়মীয়া হৈ থাকিলে বহুমূত্ৰ ৰোগ কমি যায়।

সাধাৰণতে খোৱাৰ আগত ১০০ মিঃলিঃ তেজত ৮০-১১৪ এম, জি আৰু প্ৰধান আহাৰ খোৱাৰ দুই ঘন্টাৰ ভিতৰত তেজত ১০০-১৪০/১৮০ এম, জি(বয়সভেদে) ব্লাড চুগাৰ থকাটো স্বাভাৱিক বা Normal বুলি ধৰা হয়। এই ৰোগ কঠিন অৱস্থাত থাকিলে কেতিয়াবা ৪০০-৫০০ মিঃ লিঃ পৰ্য্যন্ত ব্লাড চুগাৰ হোৱা দেখা যায়। এই অৱস্থাৰ পৰা হাত সাৰিবলৈ ইনচুলিন ইনজেকচন লোৱাৰ প্ৰয়োজন হয়।

ডায়েবেটিচ সাধাৰণতে, খোৱা-লোৱাৰ অনিয়ম, ফুৰা-চকা বা ব্যায়াম আদি নকৰা, সুষম আহাৰ বেছিকৈ খোৱা অভ্যাসৰ বাবে হয়। আমাৰ খাদ্যত কাৰ্বোহাইড্ৰেট ৫০-৬০ শতাংশ, ফেট ৪০ শতাংশ আৰু প্ৰোটিন ১০-২০ শতাংশ থাকিব লাগে। বয়সস্থ লোকে চৰ্বিযুক্ত খাদ্য ২০% হে খাব লাগে। কিন্তু সোৱাদ লগা বস্তু বা খাদ্য হ’লে মানুহে ভাল পায়। উৎসৱ-পাৰ্বন, বিয়া-সকাম, ভোজ-ভাত আদিত বৰ্তমান মাছ-মাংস, মিঠাই, পোলাও আদি বেছিকৈ চৰ্বি আৰু কাৰ্বোহাইড্ৰেট থকা খাদ্য খাব লগাত পৰে। ফলত আমাৰ শৰীৰত চুগাৰৰ পৰিমাণ বাঢ়ি যায়। তেল, ঘিউ, মাখন আদিত চৰ্বিৰ পৰিমাণ বেছি। এইবোৰ খাদ্য সঘনাই খাই থাকিলে বহুত মানুহ মেদবহুলতাত ভুগিব লগা হয়।

শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ কাম সঠিকভাৱে হৈ থাকিবলৈ বিপাকক্ৰিয়াৰ আৱশ্যক হয়। তাৰ বাবে শাৰীৰিক পৰিশ্ৰমৰ দৰকাৰ হয়। যিসকল লোকৰ দৈহিক পৰিশ্ৰম নাই, শুই বহি, টিভি চাই, অলস জীৱন-যাপন কৰে, তেওঁলোক বহুমূত্ৰ বা ডায়েবেটিচ ৰোগৰ চিকাৰ হোৱা দেখা যায়। আমাৰ পেনক্ৰিয়াচৰ বা অগ্নাশয়ৰ কৰ্ম ক্ষমতা স্বাভাৱিক হৈ নাথাকিলে খোৱা খাদ্যত গ্লুক’জৰ পৰিমাণ বেছি হ’বলৈ ধৰে আৰু ফলত ডায়েবেটিচ ৰোগত ভুগিব হয়। দৈহিক পৰিশ্ৰম কৰা লোকৰ মাজত ডায়েবেটিচ ৰোগীৰ সংখ্যা কম। পেনক্ৰিয়াছ যদি কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত হয়, তেনেহ’লে ইনচুলিন উৎপাদনত ব্যাঘাত জন্মে। তেতিয়াও ডায়েবেটিচ হ’ব পাৰে। আনহাতে খাদ্যৰ পৰা পোৱা গ্লুক’জ প্ৰতিদিনে লগাতকৈ বেছি হ’লে যকৃতত(Liver) গ্লাইক’জেন জমা হৈ থাকে আৰু লঘোন আদি কৰিলে, শৰীৰত গ্লুক’জৰ অভাৱ হ’লে সেই গ্লাইক’জেনবোৰ যকৃততে গ্লুক’জলৈ পৰিৱৰ্তন কৰি শৰীৰৰ কামত লগায়। কিন্তু ডায়েবেটিচ ৰোগ হ’লে যকৃতৰ এই কামো ঠিকমতে নহয় আৰু কোষবোৰে গ্লুক’জ ঠিকমতে নহয় আৰু কোষবোৰে গ্লু’কজ ঠিকমতে নাপায়। ফলত কোষবোৰ আৰু শৰীৰ দুৰ্বল হয়।

ডায়েবেটিচৰ চিকিৎসা -

আমি খোৱা খাদ্যবস্তুবোৰৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰখা উচিত। তেল, ঘিউ, অধিক মঙহ, অধিক শৰ্কৰাযুক্ত খাদ্য, অধিক কাৰ্বোহাইড্ৰেটযুক্ত খাদ্য নিয়মিত খোৱা লোকৰ ডায়েবেটিচ ৰোগ হ’ব পাৰে। যিবোৰ খাদ্যই শৰীৰত গ্লুক’জ বেছিকৈ উৎপন্ন কৰে, যেনে- মিঠাই, চেনি, চেনিৰে তৈয়াৰী যিকোনো খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিকৈ কাৰ্বোহাইড্ৰেটযুক্ত খাদ্য, যেনে- ভাত, ঘেঁহুৰ আটা, ময়দাৰে প্ৰস্তুত কৰা ৰুটি-পুৰি, লুচি, চিংৰা আদি খাব নালাগে। সৰু বাটি এটাত ৰাখিব পৰা ভাত ৰাতি খাব পাৰি। দুপৰীয়া ভাত, দাইল, ভাজি, চালাড, ফল-মূল, খাব লাগে। ৰাতি শুকান ৰুটি দুখন, এবাটি দাইল, এবাটি ভাজি(তেল কমকৈ দি ভাজিব লাগে) খাব লাগে। সৰু মাছ, স্থানীয় মুৰ্গী খাব পাৰে- সপ্তাহত তিনিবাৰ। দিনটোৰ ভিতৰত(ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি) শাক-পাচলি, গাজৰ, তিঁয়হ, বিলাহীৰ চালড খাব পাৰি।

ডায়েবেটিচ ৰোগত ভোগা মানুহে তেজত চুগাৰ বা চেনি নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী, ফলৰ ৰস খাব লাগে।

*ডায়েবেটিচ ৰোগত ভোগা মানুহৰ বাবে ৰাতিপুৱা খাব লগা খাদ্য হ’ল- এগিলাচ গৰম পানীত(খাব পৰা গৰম), এটা গোল নেমুৰ বা কাজি নেমুৰ ৰস। চেনি নোহোৱাকৈ খাব নোৱাৰা সকলে মৌ-তুলসীৰ(Stevia) ২টা টেবলেট মিহলাই খাব পাৰে।

*২ চামুচ মেথি গুটি তিওৱা(ৰাতি তিয়াই থোৱা) পানী ৰাতিপুৱা খাব আধাগিলাচ পৰিমাণত।

*১ টা পকাবিলাহী, ১টা কেৰেলাৰ ৰস, ১টা তিয়ঁহৰ ৰস- আটাইকেইটাৰ ৰস মিশ্ৰণ কৰি শুদাপেটত খাব।

*২০টা বা ২২টা আঁহত পাতৰ ৰস(আগদিনা ৰাতি তিয়াই থোৱা) শুদা পেটত খাব।

*১০/১২ টা আমৰ পাত(কুমলীয়া) আগৰাতি তিয়াই থৈ পিছদিনা তাৰ ৰস শুদা পেটত খাব।

*মধুৰীআমৰ ১০টা পাতৰ ৰস ৰাতিপুৱা শুদা পেটত খাব।

*দুপৰীয়া এবাটি সিজোৱা তৰকাৰী, একপ্লেট চালাড(গজালি ওলোৱা বুট, মগু খাব)।

*আবেলি এবাটি দৈৰ লগত আটাৰে বনোৱা ৰুটি ১ খন বা ২ খন খাব।

ডায়েবেটিচ ৰোগত ভোগা মানুহে আমিষতকৈ নিৰামিষ আহাৰ গ্ৰহণ কৰা ভাল। যিসকল লোকে আমিষ আহাৰ খায়, তেওঁলোকে কণীৰ বগা অংশ, সৰু মাছ, মুৰ্গীৰ মাংস, পনিৰ(কমকৈ) খাব পাৰে। এই ৰোগত ভোগা লোকে এলকালাইন(Alkaline) যুক্ত আহাৰ খোৱাৰ প্ৰতি চকু দিব লাগে। অন্যথা গেচ বা পিত্ত ৰোগত ভুগিব পাৰে। নেমুটেঙাৰ চৰবৎ, সতেজ শাক-পাচলিত এলকালাইন পোৱা যায়। তিয়ঁহ, নহৰু, পিয়াঁজ, পালেং, ধনিয়া, মেথি, বন্ধা কবি, গাজৰ, ডালিম, মৌচম্বি, সুমথিৰা টেঙা, ৰবাব টেঙা খাব পাৰি।

ডায়েবেটিচ ৰোগত আক্ৰান্ত লোকৰ বাবে কেৰেলাৰ ৰস বৰ উপকাৰী। তেজ আৰু প্ৰস্ৰাৱত চুগাৰ কমোৱাত ই বৰ সহায় কৰে। ফলৰ ভিতৰত টেঙা মিঠাযুক্ত আপেল, আমলখি ভাল ফল।

ইনচুলিনে চুগাৰৰ স্থিতি নিয়ন্ত্ৰণ কৰে। আমি খোৱা খাদ্যবোৰ নিয়ম অনুসাৰে ব্যৱহাৰ কৰিলে ঔষধত পৰিণত হয়। তলত কেইটামান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হ’ল -

১)৬ গ্ৰাম মেথি গুটি ধুই পৰিষ্কাৰ কৰি পটাত খুন্দি ভাঙি ল’ব লাগে। গধূলি ২৫০ গ্ৰাম পানীত তিয়াই থৈ ৰাতিপুৱা মেথি গুটিবোৰ মোহাৰি ভালকৈ চেকি লৈ সেই পানীখিনি খাব। ১/২ মাহ নিয়মিতভাৱে খালে তেজৰ চুগাৰ কমি যাব, লগতে আনুসংগিক সমস্যাও দূৰ হ’ব।

২)৬০ গ্ৰাম পকা জামু ৩০০ মিঃ গ্ৰাম পানীত উতলাব লাগে। পানীখিনি চেঁচা হ’লে জামুবোৰ মোহাৰি চেকি লৈ ৩ ভাগ কৰি একোভাগ লৈ দিনটোত ৩ বাৰ খাব লাগে। এইদৰে ১ সপ্তাহ ধৰি ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱত থকা চুগাৰ কমি যাব। জামুগুটি চূৰ্ণ কৰি ১ চামুচ পৰিমাণে পানীৰ সৈতে খালেও চুগাৰ কমে।

৩)চ’ত মাহত মহানিমৰ কুঁহিপাত ১০ টাকৈ ৰাতিপুৱা ১০/১৫ দিন খালে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ হয়।

৪)গুড়মাৰ(Gymnama) গছৰ পাত ১০টা, তুলসীৰ পাত ১০ টাকৈ ৰাতিপুৱা ১৫ দিন খালে বহুমূত্ৰ বা ডায়েবেটিচ ৰোগ ৭০% কমি যায়।

৫)চয়াবিন ডায়েবেটিচ ৰোগৰ মহৌসধ স্বৰূপ। ইয়াত কাৰ্বোহাইড্ৰেট থাকে কিন্তু ষ্টাৰ্চ(Starch) নাথাকে। আনহাতে ই প্ৰোটিন আৰু ভিটামিনেৰে ভৰপূৰ। ই আমাৰ শৰীৰৰ পুষ্টি সাধন কৰে অথচ ইয়াত চুগাৰ নাথাকে। ডায়েবেটিচৰ ৰোগীয়ে চয়াবিনৰ গুটি পানীত এৰাতি তিয়াই অংকুৰিত কৰি খালে বা চয়াবিনৰ গাখীৰ খালে ১৫/২০ দিনৰ ভিতৰতে তেজৰ চুগাৰ কমি যায়। চয়াবিন ৰক্তহীনতা, চৰ্মৰোগ, হৃদৰোগ, কেঞ্চাৰ পৰ্য্যন্ত ৰোগত উপকাৰী।

৬)শগুণী লতা(অমৰলতা বা গিলোয়) ডায়েবেটিচ ৰোগীৰ বাবে মহৌষধ। ইয়াৰ গা-গছ ১ ইঞ্চিমান দীঘলকৈ ৩/৪ টুকুৰা কাটি লৈ ৰাতি তিয়াই থৈ পিছদিনা পুৱা পানীখিনি খাব লাগে। ২/৩ মাহ খালে হৃদৰোগ, ডায়েবেটিচ, গেষ্ট্ৰিক ৰোগ ভাল হয়।

ডায়েবেটিচৰ সহায়ক চিকিৎসা -

*প্ৰ্তিদিনে ১০ টাকৈ কেচাবাদাম চোবাই খাব লাগে। ই শৰীৰৰ নিকোটিনিক এচিডৰ ঘাটি পূৰাব আৰু পুষ্টি লাভ কৰিব।

*ৰোগীৰ তেজত হোৱা বিজুতি দূৰ কৰাত বাদামে সহায় কৰে। মগজুৰ শক্তি বৃদ্ধি কৰাত আৰু ডিমেনচিয়া ৰোগ আঁতৰ কৰিবলৈ ১ মাহত ২ টাকৈ আখৰুট খাব লাগে।

*কেঁচা ৰঙালাও ডায়েবেটিচ ৰোগীৰ বাবে মহৌষধ স্বৰূপ। নিয়মিত কেঁচা আৰু পকা ৰঙালাও খোৱা উচিত। ৰঙালওৰ গুটি প্ৰ’ষ্টেট গ্লেণ্ডৰ সমস্যাত ভোগা মানুহৰ বাবে অত্যন্ত উপকাৰী।

নিয়মিত ৰঙালাও খালে তেজৰ চুগাৰ হ্ৰাস পায়।

*২ মাহ ধৰি ১ ফোটাকৈ(সৰু) নহৰু গৰম ভাতৰ লগত খালে পেনক্ৰিয়াচৰ সমস্যা আঁতৰি যায়। ডায়েবেটিচ ৰোগীৰ বাবে সেয়ে ই মহৌষধ স্বৰূপ। ই অন্ত্ৰৰ ৰোগৰ ভাল ঔষধ।

ডায়েবেটিচ ৰোগৰ পথ্য -

শাক-পাচলি, ধনিয়া, পদিনা, বন্ধা কবি, গাজৰ, মূলা, পালেং, তিয়ঁহ, কেৰেলা, পানীলাউ, বিলাহী, পিঁয়াজ, নহৰু, টেমুটেঙা, বাদাম, জামু, নাৰিকল(ডাবৰ পানী উত্তম), আমলখি, দৈ, ঘোল, নৰসিংহ, অমিতা, স্কোৱাচ, মানিমুনি ইত্যাদি।

অপথ্য -

চেনি, মিঠাই, বিড়ি, চিগাৰেট, মদ, ভাং, পকাকল, পকা কঠাল, মাটি কঠাল, চিংৰা, ভূজিয়া, নিমকি, পকৰী, পৰঠা, ময়দাৰে তৈয়াৰ কৰা খাদ্য, ফাষ্টফুড, জাম, জেলী, আচাৰ ইত্যাদি।

লেখক: উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate