অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিচ আৰু নিয়ন্ত্ৰণ

বহুমূত্ৰ বা ডায়েবেটিচ কি ?

—

আমাৰ শৰীৰত থকা পেনক্ৰিয়াচ্ বা অগ্নাশয় নামৰ গ্ৰন্হিটোৰ পৰা ইনচুলিন নামৰ এবিধ হৰমন নি:সৰিত হয়৷


 

এই ইনচুলিনে আমাৰ খাদ্যৰ পৰা সৃষ্টি হোৱা চেনিক শক্তিলৈ ৰূপান্তৰিত কৰে ৷

এই শক্তিয়ে আমাক দৈনন্দিন কাম কৰাত সহায় কৰে ৷

আমাৰ দৈনিক কাম-কাজ সুকলমে সমাপন কৰোঁ

শৰীৰত যেতিয়া ইনচুলিনৰ আপেক্ষিক বা সম্পূৰ্ণৰূপে অভাৱ হয়, তেতিয়াই বহুমূত্ৰৰোগে দেখা দিয়ে ৷

বহুমূত্ৰ ৰোগ সম্পূৰ্ণ নিৰ্মূল নহয় ৷

  • বিভিন্ন উপায়েৰে ব্লাড চুগাৰ বা তেজৰ চেনিৰ পৰিমান স্বাভাৱিক অৱস্হাত ৰাখিব পাৰিলেই আমি ডায়েবেটিচ আৰু ইয়াৰ জটিলতাসমুহৰ পৰা বাচি থাকিব পাৰিম ৷

ডায়েবেটিচ নিয়ন্ত্ৰণৰ চাৰিটা খোজ:

১ম খোজ: ডায়েবেটিচৰ বিষয়ে জানক

২য় খোজ: ডায়েবেটিচৰ ABC ৰ বিষয়ে জানক

৩য় খোজ: ডায়েবেটিচ নিয়ন্ত্ৰণ কৰক

৪ৰ্থ খোজ: নিয়মিত পৰামৰ্শ লওক

প্ৰথম খোজ: ডায়েবেটিচৰ বিষয়ে জানক:

তেজত চেনিৰ পৰিমান বঢ়া মানেই হ’ল ডায়েবেটিচ ৷ ই সাধাৰণতে দুই প্ৰকাৰৰ:

Type 1  ডায়েবেটিচ: এই বিধ ৰোগত দেহত ইনচুলিন একেবাৰে উৎপন্ন নহয় ৷ ইনচুলিনে আমি খাদ্যৰ পৰা চেনিক শক্তিলৈ ৰূপান্তৰিত কৰে ৷ Type 1 ডায়েবেটিচ ৰোগীয়ে সদায়ে ইনচুলিন লব লগা হয় ৷

Type 2ডায়েবেটিচ : এই বিধ ৰোগত দেহে পৰ্য্যাপ্ত পৰিমানৰ ইনচুলিন প্ৰস্তুত নকৰে বা  ব্যৱহাৰ কৰিব নোৱাৰে ৷ Type 2 ডায়েবেটিচ ৰোগীয়ে টেবলেট অথবা ইনচুলিন ব্যৱহাৰ কৰিব লাগে ৷ Type 2 ডায়েবেটিচ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা পৃথিবীত বেছি ৷

প্ৰসৱকালীন বহুমূত্ৰ বা ডায়েবেটিচ: গৰ্ভাৱস্হাত হোৱা ডায়েবেটিচ ৷ প্ৰসবৰ পিচত সাধাৰণতে স্বাভাৱিক অৱস্হালৈ আহে কিন্তু ভৱিষ্যতলৈ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা বঢ়াই তোলে ৷ ই কেচুৱাৰ ওজন অস্বাভাবিক ভাবে বঢ়াব পাৰে অথবা শিশুক ভৱিষ্যতে বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বঢ়াই তোলে ৷

ডায়েবেটিচ গুৰূত্বপূৰ্ণ

কোনোবাই যদি কয় যে তেওঁৰ ‘অলপমান ডায়েবেটিচ আছে’ অথবা ‘চুগাৰ অলপমান বেছি আছে’, তেনেহলে ভাব হয় যে ডায়েবেটিচ যেন এটা ডাঙৰ অসুখ নহয় ৷ কিন্তু কথাটো সঁচা নহয় ৷ ডায়েবেটিচ এটা ভয়ানক সমস্যা আৰু তাক সমাধান কৰিবলৈ শিকাটো আপোনাৰ কাম্য ৷

কথাটো সহজ নহয়, কিন্তু মূল্যবান ৷

সকলো বহুমূত্ৰৰোগীয়েই উচিত খাদ্য, ওজনৰ সন্তোলন ৰক্ষা কৰা আৰু সদায় খোজ কৰাত গুৰূত্ব দিব লাগে ৷

নিজৰ আৰু বহুমূত্ৰৰোগৰ প্ৰতি লোৱা সাৱধানতাই আপোনাক সুস্হ কৰি ৰখা আৰু সুস্হ অনুভৱ কৰাত সহায় কৰাৰ উপৰিও তলত উল্লেখ কৰা জটিলতাসমুহ দূৰ কৰাত সহায় কৰে : হৃদৰোগ আৰু পক্ষাঘাত

চকু আৰু দৃষ্টিশক্তি—বহুমূত্ৰৰোগ দৃষ্টিহীনতাৰ অন্য এক প্ৰধান কাৰণ ৷

স্নায়ু ৰোগ; হাত-ভৰি জিনজিনোৱা বা বিষোৱা ৷ বহু সমায়ত বহুতে ভৰি বা আঙুলি হেৰুৱাব লগীয়া হয় ৷

বৃক্ক বা কিডনি বিকলতা ৷

দাঁতৰ আলুৰ অসুখ বা অকালতে দাঁত সৰা ৷

হৃদৰোগ আৰু পক্ষাঘাত

 

 

চকু আৰু দৃষ্টিশক্তি—বহুমূত্ৰৰোগ দৃষ্টিহীনতাৰ অন্য এক প্ৰধান কাৰণ ৷

 

 

স্নায়ু ৰোগ; হাত-ভৰি জিনজিনোৱা বা বিষোৱা ৷ বহু সময়ত বহুতে ভৰি বা আঙুলি হেৰুৱাব লগীয়া হয় ৷

বৃক্ক বা কিডনি বিকলতা ৷

দাঁতৰ আলুৰ অসুখ বা অকালতে দাঁত সৰা ৷

তেজৰ চেনিৰ পৰিমান সঠিক থাকিলে আপুনি:

  • সতেজ অনুভৱ কৰিব
  • ভাগৰ কম লাগিব, পিয়াহ লগা বা ঘনাই পেচাব কৰাৰ পৰা মুক্ত হব
  • ঘাঁ আদি সোনকালে শুকাব, চালৰ অথবা পেচাবৰ অসুখ কম হব
  • দৃষ্টি শক্তি, ভৰি বা দাঁতৰ অসুখ কম হব৷
  • আপোনাৰ কি ধৰণৰ ডায়েবেটিচ হৈছে স্বাস্থ্য কৰ্মীৰ পৰা জানি লওক ৷
  • জানি লওক ডায়েবেটিচ কিয় বিপদজনক৷
  • জানি থওক, কিয় ডায়েবেটিচৰ যত্ন ললে আপোনাৰ বৰ্তমান আৰু ভৱিষ্যত সুন্দৰ হৈ উঠিব পাৰে ৷

২য় খোজ : ডায়েবেটিচৰ ABC ৰ বিষয়ে জানক:

আপোনাৰ চিকিৎসকৰ সৈতে এই বিষয়সমুহৰ বিষয়ে কথা পাতক কেনেকৈ আপোনাৰ A1c, Blood pressure আৰু Cholesterol নিয়ন্ত্ৰন কৰিব পাৰি ৷ইয়াৰ দ্বাৰা আপুনি হৃদৰোগ, পক্ষাঘাত (ষ্ট্ৰোক, বা ডায়েবেটিচৰ অন্যান্য জটিলতাসমুহৰ পৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমাব পাৰিব ৷

বহুমূত্ৰৰোগৰ ABC হ’ল:

A  মানে হ’ল A1c Test:

এই পৰীক্ষাই বিগত তিনি মাহৰ আপোনাৰ তেজৰ চেনিৰ পৰিমানৰ বিষয়ে আভাস দিয়ে ৷ ইয়াক আমি ৭% ৰ তলত ৰাখিবলৈ যত্ন কৰা উচিত ৷ তেজৰ অত্যাধিক চেনিৰ পৰিমানে আপোনাৰ হৃৎপিণ্ড আৰু ৰক্তসঞ্চালন প্ৰণালী, বৃক্ক, ভৰি আৰু চকুৰ ক্ষতিসাধন কৰিব পাৰে ৷

B মানে হ’ল Blood Pressure:

ব্লাড প্ৰেচাৰৰ লক্ষ্য সীমা ১৩০/৮০ হব লাগে ৷

উচ্চ ৰক্ত চাপ বা ব্লাড প্ৰেচাৰে আমাৰ হৃদপিণ্ডক কষ্টেৰে কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰে ৷ ইয়াৰ ফলত হৃদৰোগ (Heart attack), পক্ষাঘাত (Stroke) আৰু বৃক্কৰোগ (Kidney disease)হব পাৰে ৷

C মানে হ’ল cholesterol :

বহুমুত্ৰ ৰোগীৰ LDL ৰ লক্ষ্য ১০০ মি.গ্ৰা/ডে.লি তকৈ কম

পুৰুষ বহুমুত্ৰ ৰোগীৰ HDL ৰ লক্ষ্য ৪০ মি.গ্ৰা/ডে.লি তকৈ বেছি

মহিলা বহুমুত্ৰ ৰোগীৰ HDL ৰ লক্ষ্য ৫০মি.গ্ৰা/ডে.লি তকৈ বেছি

LDL বা ‘বেয়া কলেষ্টৰলে’ আপোনাৰ ৰক্তবাহী নলীবোৰ চামনিৰে বন্ধ কৰি দিব পাৰে ৷ইয়াৰ ফলত আপোনাৰ হৃদৰোগ বা ষ্ট্ৰোক কব পাৰে ৷HDL বা ‘ভাল কলেষ্টৰলে’ আপোনাৰ ৰক্তবাহী নলীৰ কলেষ্টৰলৰ চামনিবোৰ আঁতৰাই নিয়ে ৷

আপোনাৰ চিকিৎসকক সোধক:

—আপোনাৰ A1C, ব্লাড প্ৰেচাৰ আৰু কলেষ্টৰলৰ পৰিমান কিমান ? —আপোনাৰ A1C   ব্লাড প্ৰেচাৰ আৰু কলেষ্টৰলৰ  পৰিমান কিমান হোৱা উচিত ? —লক্ষ্যত উপনীত হবলৈ আপুনি কি কৰিব লাগিব ?

এই সংখ্যাসমুহ আপোনাৰ বহীত লিপিবদ্ধ কৰি ৰাখক ৷

—যদিও বহুমূত্ৰৰোগীৰ Hb A1c  লক্ষ্য ৭% তকৈ কম, সকলোৰে ক্ষেত্ৰত ই প্ৰযোজ্য নহবও পাৰে ৷ আপোনাৰ চিকিৎসকৰ সৈতে এই বিষয়ে আলোচনা কৰক ৷

৩য় খোজ: ডায়েবেটিচ নিয়ন্ত্ৰণ কৰক:

বহুতো ডায়েবেটিচ ৰোগীয়ে স্বযত্নেৰে বহুমূত্ৰৰোগ প্ৰসুত দীৰ্ঘকালীন সমস্যাসমুহ প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় ৷চিকিৎসক আৰু চিকিৎসা-কৰ্মীৰ সহযোগত আপুনি ডায়েবেটিচ নিয়ন্ত্ৰণৰ ABC লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰক ৷ এই স্বযত্ন-পৰিকল্পনা ব্যৱহাৰ কৰক ৷

আপোনাৰ ডায়েবেটিচ খাদ্য তালিকা অনুসৰণ কৰক ৷

আপোনাৰ হাতত যদি তেনে তালিকা নাই তেন্তে চিকিৎসক-স্বাস্হ্য কৰ্মীক তিনি তালিকা প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰক

  • স্বাস্হ্যকৰ খাদ্য খাওক যেনে ফলমূল আৰু শাক-পাচলি, মাছ, কাঠ মাংস, ছাল ছেলুৱা কুকুৰা, শুকান বুট বা মটৰ, ডাইল জাতীয় খাদ্য, মাখন-ৰহিত গাখীৰ৷
  • মাছ-মাংস পৰিমান হব লাগে প্ৰায় ৮৫ গ্ৰাম বা এজাপ তাচৰ সমান ৷ পানীত সিজাই বা খৰিকা্ত দি খাব ৷
  • কম চৰ্বী আৰু কম নিমখ থকা খাদ্য খাব ৷
  • আঁহ থকা খাদ্য যেনে সম্পূৰ্ণ চাউল বা ঘেঁহু, ৰুটী ইত্যাদি ৷
  • প্ৰতি দিন ৩০-৬০ মিনিট ব্যায়াম কৰক ৷ খৰকৈ খোজ কৰাটো এটা সুন্দৰ ব্যায়াম ৷
  • হিচাবৰ ওজন ৰক্ষা কৰক ৷ ইয়াৰ বাবে খাদ্য তালিকা ব্যৱহাৰ আৰু ব্যায়াম কৰক ৷
  • যদিহে গা-মন ভাল নালাগে, চিকিৎসকৰ সহায় লওক ৷ মানসিক চিকিৎসক আৰু পৰামৰ্শদাতা, সাহাৰ্য্য গোট, ধৰ্ম বা আধ্যাত্মিক সংগ, বন্ধু-বান্ধৱ বা পৰিয়ালৰ সদস্যই যিসকলে আপোনাৰ সমস্যা বুজে, তেওঁলোকে আপোনাক যঠেষ্ট মানসিক সকাহ দিব পাৰে ৷
  • মানসিক হেঁচা মোকাবিলা কৰিবলৈ শিকক ৷ মানসিক দুশ্চিন্তাই আপোনাৰ ব্লাড চুগাৰ বা তেজৰ চেনিৰ পৰিমান বঢ়াব পাৰে ৷ যদিও দুশ্চিন্তা কমোৱা বৰ কঠিন, তথাপি তাৰ উপায় আছে ৷
  • ধুমপান বৰ্জন কৰক ৷
  • সুস্হ যেন অনুভৱ কৰিলেও ঔষধ সেৱন বন্ধ নকৰিব ৷ হৃদৰোগ বা ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে আপোনাৰ এচপিৰিনৰ প্ৰয়োজন আছে নেকি চিকিৎসকক সোধক ৷ যদিহে আপুনি ঔষধ কিনিবলৈ অক্ষম বা কোনো ঔষধে আপোনাক ক্ষতিকাৰক বিক্ৰিয়া কৰে, চিকিৎসকক জানিবলৈ দিয়ক ৷
  • আপোনাৰ ভৰি দুটা সদায় পৰীক্ষা কৰক ৷ কেনেবাকৈ ভৰি কাটিছে নেকি বা ঢৌ উঠা, ৰঙা পৰা, ফুলা আদি হৈছে নেকি লক্ষ্য কৰক ৷ ভৰিৰ ঘা যদি বহুত দিন শুকুৱা নাই, তেনেহলে চিকিৎসকৰ পৰামৰ্শ লওক ৷
  • সদায় দাঁত পৰিষ্কাৰ কৰক ৷
  • ব্লাড চুগাৰ (তেজৰ চেনিৰ পৰিমান) পৰীক্ষা কৰক ৷প্ৰয়োজন হলে দিনত দুই-তিনিবাৰো কৰিব লগীয়া হব পাৰে৷ এই বিলাকৰ হিচাব লিপিবদ্দ কৰি ৰাখিব ৷
  • ব্লাড প্ৰেচাৰ (ৰক্ত চাপ) জোখক (চিকিৎসকৰ পৰামৰ্শ অনুযায়ী) ৷
  • দৃষ্টি-শক্তিৰ তাৰতম্য লক্ষ্য কৰিলে চিকিৎসকৰ পৰামৰ্শ লওক ৷

আপোনাৰ ব্লাড চুগাৰ কিমানত ৰখা উচিত চিকিৎসকৰ সৈতে আলোচনা কৰক ৷ ব্লাড চুগাৰ কেনেকৈ আৰু কেতিয়া জোখা হয় আৰু ইয়াক ডায়েবেটিচ নিয়ন্ত্ৰনত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানি লওক ৷

এই নিৰ্দেশাৱলী আপোনাৰ দিক্ নিৰ্দেশক হিচাবে ব্যৱহাৰ কৰক ৷

স্ব-যত্ন পৰিকল্পনাই আপোনাক কেনে ধৰণে সহায় কৰিছে সেই বিষয়ে যেতিয়াই আপুনি চিকিৎসকৰ ওচৰলৈ যায় আলোচনা কৰক৷

৪ৰ্থ খোজ: নিয়মীয়া পৰীক্ষা কৰাওক ৷

আপোনাৰ চিকিৎসক মণ্ডলীক বছৰত কমেও দুবাৰ লগ কৰক আৰু কিবা সমস্যা উদ্ভৱ হৈছে নেকি বুজ লওক ৷

চিকিৎসকৰ ওচৰত প্ৰতিবাৰেই তলৰ পৰীক্ষা কেইটা সুনিশ্চিত কৰক:

ৰক্তচাপ পৰীক্ষা

ভৰি পৰীক্ষা

ওজন পৰীক্ষা

স্ব-যত্ন পৰিকল্পনাৰ পৰ্য্যালোচনা

প্ৰতি বছৰেই দুবাৰকৈ

  • HbA1C পৰীক্ষা কৰাওক ৷ যদিহে ই ৭% তকৈ বেছি, তেনেহলে তাতোতকৈ বেছি বাৰ কৰিব ৷

বছৰত এবাৰকৈ তলত দিয়া পৰীক্ষাসমুহ নিশ্চিত কৰক:

  • কলেষ্টৰল
  • ট্ৰাইগ্লিচেৰাইদ্
  • সম্পূৰ্ণ ভৰি পৰীক্ষা
  • দাঁত আৰু আলু পৰীক্ষা ৷ দাঁতৰ ডাক্তৰক আপোনাৰ যে ডায়েবেটিচ আছে কবলৈ নেপাহৰিব ৷
  • চকু পৰীক্ষা; ৰেটিনা পৰীক্ষণ ৷
  • টীকাকৰণ (ফ্লো আদি)৷
  • বৃক্কৰ ৰোগৰ বাবে তেজ আৰু পেচাব পৰীক্ষা ৷
  • কমেও এবাৰ নিওমনিয়াৰ টীকা ৷

এই পৰীক্ষাসমুহ আৰু তাৰ ফলাফলৰ বিষয়ে চিকিৎসক মণ্ডলীক সোধক ৷এই পৰীক্ষাৰ ফলাফলৰ অৰ্থ চিকিৎসকৰ পৰা বুজি লওক ৷

আকৌ কেতিয়া চিকিৎসকৰ ওচৰলৈ আহিব লাগিব ( তাৰিখ আৰু সময় ) টোকা লৈ থওক ৷

যদিহে আপুনি স্বাস্হ্য বীমা কৰিছে তেনেহলে তলত দিয়া সুবিধাসমুহ উপলব্ধ হয়নে নহয় জানি লওক:

স্ব-যত্ন পৰিকল্পনা

প্ৰয়োজন সাপেক্ষে বিশেষ জো্তা

যন্ত্ৰ-পাতি যোগান

ডায়েবেটিচৰ ঔষধ

ডায়েবেটিচ নিয়ন্ত্ৰণত ৰোগীৰ নিজৰ ভূমিকা অপৰিসীম ৷

ডায়েবেটিচৰ বিষয়ে জানক আৰু এই ৰোগ নিয়ন্ত্ৰনত চিকিৎসকক সহযোগ কৰক৷ আজিৰ অলপ সাৱধানতা আৰু ত্যাগে আপোনাৰ আয়ুস বৃদ্ধিত সহায় কৰিব

ডা. হেমন্ত কুমাৰ গগৈ MD, Dip. Diab (UK), FD(Chennai)

বহুমূত্ৰ ৰোগ বিশেষজ্ঞ, শিমলুগুৰি

শেহতীয়া উন্নীতকৰণ: : 3/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate