সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান সময়ত কম বয়সৰ ব্যক্তিৰ মাজতো এই ৰোগ বেছিকৈ হোৱা দেখা গৈছে। ডায়েবেটিছ ৰোগীৰ প্ৰায় ৯০ শতাংশ ব্যক্তিয়ে টাইপ-২ ডায়েবেটিছত ভোগে। বাকী দহ শতাংশহে টাইপ-১ ডায়েবেটিছত ভোগে। অলস জীৱনশৈলী, খাদ্যাভাস, শাৰিৰীক শ্ৰমহীনতা, মেদবহুলতা আৰু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন টাইপ-২ ডায়েবেটিছ বৃদ্ধি হোৱাৰ মূখ্য কাৰণ। যদিও টাইপ-১ ডায়েবেটিছ প্ৰতিৰোধ কৰা সম্ভৱ নহয়, তথাপি আমি অলপ সজাগ হৈ অলস জীৱনশৈলী আৰু খাদ্যাভাসৰ অলপ সংশোধন ঘটাই দৈনন্দিন জীৱনত কিছুমান কথা মানি চলিলে টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধ কৰিব পাৰে।
টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধৰ মুখ্য কথা হ’ল শৰীৰৰ মেদবহুলতা কমাই স্বাস্থ্যৰ ওজন সঠিক ৰাখিবলৈ খাদ্যাভাসৰ পৰিৱৰ্তন কৰা। স্বাস্থ্যৰ ওজন সঠিককৈ ৰাখিবলৈ ব্যক্তি এজনে প্ৰতিদিনে গ্ৰহণ কৰিব লগা কেলৰি নিৰ্ধাৰণৰ বাবে ব্যক্তিজনৰ ওজন আৰু শাৰিৰীক পৰিশ্ৰমৰ মাত্ৰা চাই ল’ব। ওজন হিচাপে ব্যক্তিবোৰক কম ওজনৰ (বি এম আই ১৮.৫ তকৈ কম), নিয়মীয়া ওজনৰ (বি এম আই , ১৮-২৪.৯০) , গধুৰ মেদবহুল ব্যক্তি (বি এম আই যদি ২৫ তকৈ অধিক) আৰু শাৰিৰীক পৰিশ্ৰমক একেবাৰে কম পৰিশ্ৰম কৰা লোক (যেনে-লেখক, চিকিৎসক, অফিচাৰ, শিক্ষক, নাপিত ইত্যাদি), মধ্যমীয়া পৰিশ্ৰম কৰা লোক (যেনে- মাছমৰীয়া, ড্ৰাইভাৰ, সোণাৰি ইত্যাদি), আৰু গধুৰ পৰিশ্ৰম কৰা লোক (যেনে-খৰিকটীয়া, শিল ভঙা ব্যক্তি ইত্যাদি) হিচাপে ভাগ কৰা হয়। অধ্যয়ন মতে টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধ কৰাৰ বাবে প্ৰতি কেজি শৰীৰৰ ওজন হিচাপত কম ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা ৪০ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৪৫ কিলোকেলৰি), নিয়মীয়া ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ৩০ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৪০ কিলোকেলৰি) আৰু গধুৰ মেদবহুল ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ২০ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা ৩০ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি) প্ৰতিদিনে গ্ৰহণ কৰা উচিত। শৰীৰক দৰকাৰী মুঠ কেলৰিৰ ৬৫-৭০ শতাংশ আঁহযুক্ত কাৰ্বহাইড্ৰেট (যেনে- ভাত, ৰুটী, ফল-মূল) ৰ পৰা, ১৫-২০ শতাংশ কম চৰ্বিযুক্ত প্ৰ’টিন (যেনে-কুকুৰাৰ মাংস, মাছ, দাইল, মগু)ৰ পৰা আৰু ১০ শতাংশ তেল, ঘিউ, মাখন আদি চৰ্বিযুক্ত খাদ্যৰ পৰা আহিব লাগে। উচ্চ কেলৰি থকা চৰ্বিযুক্ত খাদ্য বাদ দি কম কেলৰিযুক্ত শাক (পালেং, মেথি, ধনিয়া, পদিনা), পাচলি (তিঁয়হ, ভেন্দি, ফ্ৰেন্সবিন)আৰু ফল-মূল (কমলা, অমিতা, তিঁয়হ, মধুৰি) আদি খাব। এই ধৰণে খাদ্য তালিকাৰ আঁচনি কৰি লৈ নিয়মীয়া ওজন বজাই ৰাখিলে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ বাবে চিকিৎসক বা ডায়েবেটিছিয়ানৰ পৰামৰ্শ প্ৰয়োজনীয়।
নিয়মীয়াকৈ তেজত চুগাৰ পৰীক্ষা কৰিব লাগে। প্ৰতিৰোধৰ বাবে প্ৰি-ডায়েবেটিছ পৰ্য্যায়তে ধৰা পৰাটো প্ৰয়োজনীয়। আহাৰ নোখোৱাকৈ আৰু খাই তেজত চুগাৰ পৰীক্ষা কৰি থাকিব লাগে। সাধাৰণতে প্ৰতি ডেচিলিটাৰ প্লাজমাত আহাৰ নোখোৱা অৱস্থাত ৭০-১০০ মিলিগ্ৰামৰ ভিতৰত আৰু আহাৰ খোৱাৰ দুঘন্টাৰ পিচত ৮০-১৪০ মিলিগ্ৰামৰ ভিতৰত থাকিব লাগে। অতি বেছি ওজন বৃদ্ধি, অতিৰিক্ত মেদবহুলতা, পৰিয়ালত কাৰোবাৰ ডায়েবেটিছৰ ইতিহাস থকা, উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰেৰল, মহিলাসকলৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ত তেজত চুগাৰৰ পৰিমাণ বেছি হোৱা বাবে বেছি ওজনৰ নৱজাতকৰ জন্ম দিয়া, মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱাৰ অন্যতম কাৰণ পি চি অ’ এছ ৰোগত ভোগা আদি থাকিলে চিকিৎসকৰ পৰামৰ্শমতে ৩০-৩৫ বছৰ বয়সৰ ভিতৰতে প্ৰথমবাৰ ডায়েবেটিছৰ বাবে তেজত চুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। ফলাফল নিৰ্দিষ্ট মাত্ৰাৰ ভিতৰত থাকিলে তিনি বছৰৰ মূৰে মূৰে পুনৰ কৰিব লাগে।
মানসিক চাপ ত্যাগ কৰিব। ই বিপাকীয় কাৰ্য্যত আউল লগাই টাইপ-২ ডায়েবেটিছ কৰে। নিয়মিত ধ্যান কৰিব আৰু বন্ধুৰ সৈতে আড্ডা দিব। প্ৰাণ ভৰি হাঁহিব। সুৰাপান ত্যাগ কৰিব। সুৰাই অগ্নাশয়ৰ অন্যায় কৰি ইনচুলিনৰ ওপৰত প্ৰভাৱ পেলাই ডায়েবেটিছ হোৱাত সহায় কৰে। ধূমপান ত্যাগ কৰিব। টোপনি ভালদৰে মাৰিব। সঘনাই ক্ষতি হ’লে বিপাকীয় কাৰ্যত আউল লাগি টাইপ-২ ডায়েবেটিছ হ’ব পাৰে। সৰুকালত অপুষ্টিত ভুগিলে আৰু জীৱনত কেতিয়াবা মাম্পছ, হিউমেন কোক্সাকী ভাইৰাছ বি৪ ৰ সংক্ৰমণ আৰু এলোক্সিন, এন্দুৰ মৰা দৰব আদি খালেও অগ্নাশয়ৰ বিটা কোষ ধ্বংস কৰি মেটাবলিজিমত আউল লগাই ডায়েবেটিছ কৰিব পাৰে। সেয়েহে সুস্থ জীৱনশৈলী কটাই এইবোৰৰ পৰা আঁতৰত থাকিব লাগে। শৰীৰৰ মেদবহুলতা কমাই দেহত লিপিড প্ৰফাইল, ভিটামিন ডি, বি১২ আৰু ৰক্তচাপ সঠিককৈ ৰাখিব লাগে, কাৰণ এইবোৰ বেছি হ’লে বিপাকীয় কাৰ্যত আউল লাগি টাইপ-২ ডায়েবেটিছ হ’ব পাৰে। সাধাৰণতে ৰক্তচাপ ১৩০-৮০ মিলিমিটাৰ পাৰাস্তম্ভৰ ভিতৰত থকা ভাল। কলেষ্ট্ৰেৰলৰ এল ডি এলৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১০০ মিলিগ্ৰামতকৈ কম, এইচডিএলৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ৪০ মিলিগ্ৰামতকৈ অধিক আৰু ট্ৰাইগ্লিচাৰিদৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১৮০ মিলিগ্ৰামতকৈ কম থকা জৰুৰী। ২০ বছৰ বয়সৰ পৰাই এই পৰীক্ষা আৰম্ভ কৰিব লাগে।
দেহৰ ওজন কমাই সঠিক ওজন কৰি মেদবহুলতা আঁতৰাব লাগে। উচিত খাদ্য গ্ৰহণ, শাৰিৰীক কাম-কাজ আৰু ব্যায়াম আদিয়ে শৰীৰৰ সঠিক ওজন নিয়ন্ত্ৰণত সহায় কৰে। কেইবাটাও সমীকৰণেৰে দেহৰ সঠিক ওজন নিৰ্ধাৰণ কৰিব পাৰি। একেবাৰে সৰল উপায়টো দেহৰ উচ্চতাৰ পৰা ১০০ বিয়োগ কৰিলে সংখ্যা ওলাব, সেয়াই হ’ল কিলোগ্ৰাম হিচাপত সেই ব্যক্তিজনৰ বাবে উপযুক্ত শাৰিৰীক ওজন। সাধাৰণতে দেহৰ ওজন প্ৰতি বৰ্গমিটাৰ দেহ আয়তন হিচাপত ১৯ ৰ পৰা ২৩ কিলোগ্ৰামৰ ভিতৰত হ’ব লাগে। কঁকালৰ ঘেৰ পুৰুষৰ ৯০ ছেন্টিমিটাৰতকৈ কম আৰু মহিলাৰ ৮০ ছেন্টিমিটাৰতকৈ কম হ’ব লাগে। এনে ধৰণে থাকিলে টাইপ-২ ডায়েবেটিছ কমকৈ হয়। মেদবহুলতা আছেনে নাই তাক চাবলৈ ব’ডি মাছ ইণ্ডেক্স ব্যৱহাৰ কৰা হয়। বি এম আই যদি ২৫ তকৈ অধিক হয় তেন্তে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশংকা অধিক হয়। ১০ শতাংশ ওজন কমাব পাৰিলে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশংকাও ১০ শতাংশ কমি যায়।
ব্যায়ামৰ ভূমিকা টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত অপৰিহাৰ্য। সপ্তাহত মুঠ ১৫০ মিনিট, প্ৰতিদিনে অন্তত: ত্ৰিশ মিনিটকৈ সপ্তাহত পাঁচদিন নিয়মীয়াকৈ ব্যায়াম (খোজ কঢ়া, লাহে লাহে দৌৰা, সাতোঁৰা, চাইকেল চলোৱা ইত্যাদি) কৰি টাইপ-২ ডায়েবেটিছ ৰোগৰ আশংকা কমাই ৰাখিব পাৰি। শাৰিৰীক ব্যায়ামৰ লগতে আন শ্ৰমহীন জীৱনশৈলীৰ পৰিৱৰ্তন (যেনে- গাড়ী ধোৱা, পুৱা-গধূলি খোজ কঢ়া, বাগিচাত কাম কৰা, ঘৰ চাফা কৰা, কুকুৰ ফুৰাবলৈ নিয়া, বেডমিন্টন খেলা, লিফ্ট ব্যৱহাৰ নকৰা, খোজ কাঢ়ি বজাৰ সমাৰ কৰা আদি) কৰিও স্বাস্থ্যসন্মত ওজন অটুট ৰাখিব পাৰিলে উৎকৃষ্ট ফল পাব পৰা যায়। পৰিশ্ৰমী জীৱন এটা কটালে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশংকা ৬০ শতাংশ কমি আহে।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ।
শেহতীয়া উন্নীতকৰণ: : 6/24/2020
এই শিতানত মেদবহুলতা কেনেকৈ নিয়ন্ত্ৰনত ৰাখিব পাৰি স...
ডায়েবেটিছ প্ৰতিৰোধ
মেদবহুলতা
মেদ বহুলতা হ্ৰাসৰ প্ৰাথমিক উপায়ৰ বিষয়ে ইয়াত দিয়া হ...