সমগ্ৰ বিশ্বতে ডায়েবেটি ৰোগীৰ স্ংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি হ’বলৈ ধৰিছে। বৰ্তমান সময়ত কম বয়সৰ ব্যক্তিৰ মাজতো এই ৰোগ বেছিকৈ হোৱা দেখা গৈছে। ডায়েবেটিছ ৰোগীৰ প্ৰায় ৯০ শতাংশ ব্যক্তিয়ে টাইপ-২ ডায়েবেটিত ভোগে। বাকী দহ শতাংশহে টাইপ-১ ডায়েবেটিছত ভোগে। অলস জীৱনশৈলী, খাদ্যাভ্যাস শাৰীৰিক শ্ৰমহীনতা, মেদবহুলতা আৰু সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন টাইপ-২ ডায়েবেটিছ বৃদ্ধি হোৱাৰ মুখ্য কাৰণ। যদিও টাইপ-১ ডায়েবেটিছ প্ৰতিৰোধ কৰা সম্ভৱ নহয় তথাপি আমি অলপ সজাগ হৈ অলস জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ অলপ স্ংশোধন ঘটাই দৈনন্দিন জীৱনত কিছুমান কথা মানি চলিলে টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধ কৰিব পাৰো।
টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধৰ মুখ্য কথা হ’ল শৰীৰৰ মেদবহুলতা কমাই স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখি খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰা। স্বাস্থ্যকৰ ওজন সঠিককৈ ৰাখিবলৈ ব্যক্তি এজনে প্ৰতিদিনে গ্ৰহণ কৰিবলগা কেলৰি নিৰ্দ্ধাৰণৰ বাবে ব্যক্তিজনৰ ওজন আৰু শাৰীৰিক পৰিশ্ৰমৰ মাত্ৰা চাই ল’ব লাগে। ওজন হিচাপে ব্যক্তি এজনৰ কম ওজনৰ (বি এম আই ১৮.৫ তকৈ কম), নিয়মীয়া ওজনৰ (বি এম আই ১৮-২৪.৯০) গধুৰ মেদবহুক ব্যক্তি(বি এম আই যদি ২৫ত কৈ অধিক)আৰু শাৰীৰিক পৰিশ্ৰমক একেবাৰে কম পৰিশ্ৰম কৰা লোক(যেনে-লেখক, চিকিৎসক, শিক্ষক, নাপিতি ইত্যাদি), মধ্যমীয়া পৰিশ্ৰম কৰা লোক (যেনে-মাছমৰীয়া, ড্ৰাইভাৰ, সোণাৰি ইত্যাদি)আৰু গধুৰ পৰিশ্ৰম কৰা লোক (যেনে- খৰিকটীয়া, শিল ভঙা ব্যক্তি ইত্যাদি) হিচাপে ভাগ কৰা হয়। অধ্যয়ন মতে টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধ কৰাৰ বাবে প্ৰতি কেজি শৰীৰৰ ওজন হিচাপত কম ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা ৪০ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৪৫ কিলোকেলৰি); নিয়মীয়া ওঅজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ৩০ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৪০ কিলোকেলৰি) আৰু গধুৰ মেদবহুল ওজনৰ ব্যক্তিয়ে (কম পৰিশ্ৰম কৰা ২০ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা৩০ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি) প্ৰতিদিনে গ্ৰহণ কৰা উচিত। শৰীৰক দৰকাৰী মুঠ কেলৰিৰ ৬৫-৭০ শতাংশ আঁহযুক্ত কাৰ্বহাইড্ৰেট (যেনে- ভাত, ৰুটি, ফল-মূল)ৰ পৰা, ১৫-২০ শতাংশ কম চৰ্বিযুক্ত প্ৰ’টিন (যেনে-কুকুৰাৰ মাংস, মাছ, দাইল, মগু)ৰ পৰা আৰু ১০ শতাংশ তেল, ঘিউ, মাখন আদি চৰ্বিযুক্ত খাদ্যৰপৰা আহিব লাগে। উচ্চ কেলৰী ত্ৰ্হক চৰ্বীযুক্ত খাদ্য বাদ দি কম কেলৰিযুক্ত শাক(পালেং, মেথি, ধনীয়া, পদিনা), পাচলি(তিয়ঁহ, ভেণ্ডি, ফ্ৰেন্সবিন) আৰু ফল-মূল(কমলা, মধুৰি, অমিতা) আদি খাব। এই ধৰণে খাদ্য তালিকাৰ আঁচনি কৰি লৈ নিয়মীয়া ওজন বৰ্তাই ৰাখিলে টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভৱনা বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ বাবে চিকিৎসক বা ডায়েবেটিছিয়ানৰ পৰামৰ্শ প্ৰয়োজনীয়।
মানসিক চাপ ত্যাগ কৰিব। ই বিপাকীয় কাৰ্যত আউল লগাই টাইপ-২ ডায়েবেটিছ কৰে। নিয়মিত ধ্যান কৰিব আৰু বন্ধুৰ সৈতে আড্ডা দিব। প্ৰাণ ভৰি হাঁহিব। সুৰাপান ত্যাগ কৰিব। সুৰাই অগ্নাশয়ৰ ক্ষতি কৰি ইনছুলিনৰ ওপৰত প্ৰভাৱ পেলাই ডায়েবেটিছ হোৱাত সহায় কৰে। ধুমপান ত্যাগ কৰিব। টোপনি ভালদৰে মাৰিব। সঘনাই টোপনি ক্ষতি হ’লে বিপাকীয় কাৰ্যত আউল লাগি টাইপ-২ ডায়েবেটিছ হ’ব পাৰে। সৰু কালত অপুষ্টিত ভুগিলে আৰু জীৱনত কেতিয়াবা ৰুবেলা, মাপ্স, হিউমেন কোক্সাকি ভাইৰাছ বি ৪ ৰ স্ংক্ৰমণ আৰু এলোক্সিন, এন্দুৰ মৰা দৰৱ আদি খালেও অগ্নাশয়ৰ বিটা কোষ ধ্বংস কৰি মেটাবলিজিমত আউল লগাই ডায়েবেটিছ কৰিব পাৰে। সেয়েহে সুস্থ জীৱনশৈলী কটাই এইবোৰৰপৰা আঁতৰত থাকিব লাগে। শৰীৰৰ মেদবহুলতা কমাই দেহত লিপিড প্ৰফাইল, ভিটামিন ডি, বি ১২ আৰু ৰক্তচাপ সঠিককৈ ৰাখিব লাগে, কাৰণ এইবোৰ বেছি হ’লে বিপাকীয় কাৰ্যত আউল লাগি টাইপ-২ ডায়েবেটিছ হ’ব পাৰে। সাধাৰণতে ৰক্তচাপ ১৩০/৮০ মিলিমিটাৰ পাৰাস্তম্ভৰ ভিতৰত থকা ভাল। কলেষ্টেৰল LDL ৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১০০ মিলিগ্ৰামতকৈ কম, HDLৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ৪০ মিলিগ্ৰামতকৈ অধিক আৰু ট্ৰাইগ্লিচাৰিদৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ তেজত ১৮০ মিলিগ্ৰামতকৈ কম থকা জৰুৰী। ২০ বছৰ বয়সৰ পৰাই এই পৰীক্ষা আৰম্ভ কৰিব লাগে।
ব্যায়ামৰ ভূমিকা টাইপ-২ ডায়েবেটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত অপৰিহাৰ্য। সপ্তাহত মুঠ ১৫০ মিনিট, প্ৰতিদিনে অন্তত: ত্ৰিশ মিনিটকৈ সপ্তাহত পাঁচদিন নিয়মীয়াকৈ ব্যায়াম(খোজ কঢ়া, লাহে লাহে দৌৰা, সাঁতোৰা, চাইকেল চলোৱা ইত্যাদি) কৰি টাইপ-২ ডায়েবেটিছ ৰোগৰ আশংকা কমাই ৰাখিব পাৰি। শাৰীৰিক ব্যায়ামৰ লগতে আন শ্ৰমহীন জীৱনশৈলীৰ পৰিৱৰ্তন(যেনে- গাড়ী ধোৱা, পুৱা-গধুলি খোজ কঢ়া, বাগিচাত কাম কৰা, ঘৰ চাফা কৰা, কুকুৰ ফুৰাবলৈ নিয়া, বেডমিণ্টন খেলা, লিফ্ট ব্যৱহাৰ নকৰা, খোজ কাঢ়ি বজাৰ-সমাৰ কৰা অদি) কৰিও স্বাস্থ্যসন্মত ওজন অটুট ৰাখিব পাৰিলে উতকৃষ্ট ফল পাব পৰা যায়।প্পৰিশ্ৰমি জীৱন এটা কটালে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশ্ংকা কমি আহে।
দেহৰ ওজন কমাই সঠিক ওজন কৰি মেদবহুলতা আঁতৰাব লাগে। উচিত খাদ্য গ্ৰহণ, শাৰীৰিক কাম-কাজ আৰু ব্যায়াম অদিয়ে শৰীৰৰ সঠিক ওজন নিয়ন্ত্ৰণত সহায় কৰে। কেইবাটাও সমীকৰণেৰে দেহৰ সঠিক ওজন নিৰ্দ্ধাৰণ কৰিব পাৰি। একেবাৰে সৰল উপায়টো হ’ল দেহৰ উচ্চতাৰ(ছে:মি:ত) পৰা ১০০ বিয়োগ কৰা- যি স্ংখ্যা ওলাব সেয়াই হ’ল কিলোগ্ৰাম হিচাপত সেই ব্যক্তিজনৰ বাবে উপযুক্ত শাৰীৰিক ওজন। সাধাৰণতে দেহৰ ওজন প্ৰতি বৰ্গমিটাৰ দেহ আয়তন হিচাপত ১৯ ৰপৰা ২৩ কিলোমিটাৰ ভিতৰত হ’ব লাগে। কঁকালৰ ঘেৰ পুৰুষৰ ৯০ ছেণ্টিমিটাৰতকৈ কম আৰু মহিলাৰ ৯০ ছেণ্টিমিটাৰতকৈ কম হ’ব লাগে। এনে ধৰণে থাকিলে টাইপ-২ ডায়েবেটিছ কমকৈ হয়। মেদবহুলতা আছেনে নাই তাক চাবলৈ বডি মাছ ইণ্ডেক্স ব্যৱহাৰ কৰা হয়। বি এম আই যদি ২৫ তকৈ অধিক হয় তেন্তে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশ্ংকা অধিক হয়। ১০ শতাংশ ওজন কমাব পাৰিলে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশ্ংকাও ১০ শতাংশ কমি যায়।
নিয়মীয়াকৈ তেজত ছুগাৰ পৰীক্ষা কৰিব লাগে। প্ৰতিৰোধৰ বাবে প্ৰাক ডায়েবেটিছ পৰ্যায়তে ধৰা পৰাটো প্ৰয়োজনীয়। আহাৰ নোখোৱাকৈ আৰু খাই তেজৰ ছুগাৰ পৰীক্ষা কৰি থাকিব লাগে। সাধাৰণতে প্ৰতি ডেচিলিটাৰ প্লাজমাত আহাৰ নোখোৱা অৱস্থাত ৭০-১০০ মিলিগ্ৰামৰ ভিতৰত আৰু আহাৰ খোৱাৰ দুঘন্টা পিছত ৮০-১৪০ মিলিগ্ৰামৰ ভিতৰত থাকিব লাগে। অতি বেছি ওজন বৃদ্ধি, অতিৰিক্ত মেদবহুলতা, পৰিয়ালত কাৰোবাৰ ডায়েবেটিছৰ ইতিহাস থকা, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল, মহিলাসকলৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ত তেজত ছুগাৰৰ পৰিমাণ বেছি হোৱা বা বেছি ওজনৰ নৱজাতকৰ জন্ম দিয়া, মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱাৰ অন্যতম কাৰণ PCOS ৰোগত ভোগা আদি থাকিলে চিকিৎসকৰ পৰামৰ্শ মতে ৩০-৩৫ বছৰ বয়সৰ ভিতৰতে ডায়েবেটিছৰ বাবে তেজত ছুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। ফলাফল নিৰ্দিষ্ট মাত্ৰাৰ ভিতৰত থাকিলে তিনি বছৰৰ মুৰে মুৰে পুনৰাই কৰিব লাগে।
ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক্ অসম।
শেহতীয়া উন্নীতকৰণ: : 3/5/2020
অসমীয়া সমাজ ব্যৱস্থাত জাপি
কৃষি কৰ্মৰে সমাজৰ আদৰ্শ হৈছে তামুলপুৰৰ যুৱক ধনেশ্ব...
কাৰবি সমাজত পশুপালন অতীত আৰু বৰ্তমান
খাদ্য সামগ্ৰীৰ ভেজালকৰণ