অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাক মধুমেহ ৰোগ

প্ৰাক মধুমেহ বা প্ৰি-ডায়েবেটিছ’ হৈছে-পূৰ্ণ পৰ্য্যায়ৰ মধুমেহ বা ডায়েবেটিছৰ লক্ষণবোৰ প্ৰকাশ পোৱাৰ আগতে দেখা দিয়া কিছুমান শাৰিৰীক লক্ষণযুক্ত ঈষৎ মধুমেহ ৰোগগ্ৰস্ত অৱস্থা। এই অৱস্থাতে ৰোগটোৰ অগ্ৰগতি নিয়ন্ত্ৰণ কৰিব পাৰিলে আপোনাৰ শৰীৰত ভৱিষ্যতে ডায়েবেটিছৰ আগ্ৰাসন সম্পূৰ্ণৰূপে বাধা দিব পাৰে। ডায়েবেটিছ বা মধুমেহ ৰোগৰ লক্ষণবোৰ পূৰ্ণ পৰ্য্যায়ত দেখা দিয়াৰ আগৰ সময়খিনিত আপুনি কিছু পৰিমাণে অসুস্থ অনুভৱ কৰি থাকিব পাৰে আৰু কেই বছৰমানলৈ এই অৱস্থা অব্যাহত থাকিব পাৰে। এই সময়ছোৱাক ‘প্ৰাক-মধুমেহ’ বুলি কোৱা হয়।

এই সময়ছোৱাত এই ৰোগৰ কোনো বিশেষ লক্ষণ প্ৰকাশ নেপায়। প্ৰতিজন টাইপ-২ ডায়েবেটিছৰ ৰোগীয়ে চাৰি-পাঁচ বছৰমান সময় এই পৰ্য্যায়ত থাকে। চিকিৎসা সম্পৰ্কীয় উপযুক্ত জ্ঞানৰ অভাৱ, নিজৰ স্বাস্থ্যৰ প্ৰতি কম সজাগতা, অস্বাস্থ্যকৰ খাদ্যাভাস, মানসিক হতাশা, দুশ্চিন্তা আদিয়ে ডায়েবেটিছ ৰোগটো পূর্ণ বিকশিত হোৱাত অৰিহনা যোগায়। যিহেতু ডায়েবেটিছ ৰোগটো সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰি, কেৱল নিয়ন্ত্ৰণতহে ৰাখিব পাৰি, গতিকে এই ‘প্ৰাক মধুমেহ’ সময়ছোৱাতে ৰোগটো যথাযথভাৱে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। কোনো অভিজ্ঞ মধুমেহ ৰোগৰ চিকিৎসকৰ পৰা এই ৰোগ নিয়ন্ত্ৰণৰ উপায়বিলাক শিকি লৈ, সেইবিলাক আখৰে আখৰে পালন কৰিবলৈ আন্তৰিকভাৱে চেষ্টা কৰিলে পিছলৈ এই ৰোগ পূৰ্ণ ৰূপত প্ৰকাশ নেপাবও পাৰে।

আজি ভাৰতবৰ্ষত প্ৰায় ৮০ নিযুত লোক প্ৰাক মধুমেহ বা ‘প্ৰি-ডায়েবেটিছ’ ৰোগত আক্ৰান্ত হৈ আছে। এই লোকসকলৰ ভিতৰৰে বহু সংখ্যকে নিজে এই ৰোগত আক্ৰান্ত হৈ আছে বুলি গম নেপায় আৰু ৰোগটো নিয়ন্ত্ৰণৰ উপায়বোৰৰ বিষয়েও নেজানে। সেয়ে এই ৰোগীসকলৰ অধিকাংশই দুই-এবছৰৰ পিছতে পূৰ্ণ পৰ্য্যায়ৰ ডায়েবেটিছ ৰোগত ভোগাটো নিশিচত।

আমেৰিকাৰ প্ৰতি তিনিজন নাগৰিকৰ এজন প্ৰাক মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে। এই লোকসকল স্বাস্থ্য সম্পৰ্কে যথেষ্ট সজাগ আৰু ৰোগটো নিয়ন্ত্ৰণত ৰখাৰ বাবে যত্নৰ ত্ৰুটি নকৰে। সেয়ে পূৰ্ণ পৰ্য্যায়ৰ ডায়েবেটিছত ভোগাৰ আশংকাও বহু কম।

প্রাক মধুমেহ বুলি কেনেকৈ জানিব

এজন প্রাপ্তবয়ষ্ক লোকে প্রতিবছৰত এবাৰকৈ তেজৰ শৰ্কৰা পৰীক্ষা কৰোৱাব লাগে। ডায়েবেটিছ নির্ণয় কৰিবলৈ তেজৰ দুটা পৰীক্ষা কৰা হয়। প্ৰথমটো পৰীক্ষাৰ বাবে পুৱা খালী পেটত থাকোতেই এবাৰ তেজৰ নমুনা দিব লাগে। সেইবাৰ কৰিব লগা তেজৰ পৰীক্ষাটো ‘ফাৰ্ষ্টিং’ (উপবাসকালীন) তেজ পৰীক্ষা আৰু আহাৰ খোৱাৰ পিছত (Post Prandial/P.P) কৰা তেজৰ পৰীক্ষা।

উপবাসকালীন তেজ পৰীক্ষা কৰোতে যদি তেজত শৰ্কৰা ১০০ ৰ পৰা ১২৫ ৰ ভিতৰত থাকে, তেনেহ’লে ব্যক্তিজনৰ ‘প্ৰাক মধুমেহ’ (Pre-Diabetes) হোৱা বুলি সন্দেহ কৰিব পাৰি। তেনেদৰে আহাৰ খোৱাৰ ডেৰ ঘণ্টাৰ পিছত সংগ্ৰহ কৰা তেজ পৰীক্ষা কৰোতে যদি তেজৰ শৰ্কৰা ১৪০ ৰ পৰা ১৯৯ ৰ ভিতৰত থাকে, তেনেহ’লে ব্যক্তিজনৰ ‘প্ৰাক মধুমেহ’ত আক্রান্ত হোৱা বুলি ধৰা হ’ব। অৱশ্যে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ মতে উপবাসকালীন তেজত ১১০ ৰ ওপৰত শর্কৰা থাকিলেহে ‘প্রাক মধুমেহ’ বুলি গণ্য কৰা হয়।

  • প্ৰাক মধুমেহৰ বাবে তেজ পৰীক্ষা কৰালে, একে লগতে HbA1C ৰ পৰিমাণো পৰীক্ষা কৰাব লাগে। যদি তেজত ৫.৭ ৰ পৰা ৬.৪ ৰ ভিতৰত HbA1C থাকে, তেনেহ’লেও ‘প্রাক মধুমেহ’ত আক্রান্ত হোৱা বুলি ধৰা হয়।
  • এই ৰোগৰ বাবে Oral Glucose Tolarance Test (OGTT) নামৰ আন এটি পৰীক্ষাও কৰা হয়। এই পৰীক্ষাৰ বাবে ব্যক্তিজনক এগিলাছ পানীত ৭৫ গ্রাম গ্লুক’জ মিহলাই খাবলৈ দিয়া হয়। আৰু এই পানী খোৱাৰ দুঘণ্টাৰ পিছত সংগ্ৰহ কৰা তেজত শৰ্কৰা (Blood Sugar) ৰ পৰিমাণ যদি ১৪০ ৰ পৰা ১৯৯ ৰ ভিতৰত থকাটো প্ৰমাণ পোৱা যায়, তেনেহ’লে ব্যক্তিজনৰ প্ৰাক মধুমেহ ৰোগ থাকিব পাৰে বুলি সন্দেহ কৰা হয়।
  • ৰোগ নিয়ন্ত্ৰণৰ উপায় মানি চলাৰ বাবে অতি উপযুক্ত সময়।
  • ‘প্ৰাক মধুমেহ’ত ভুগি থকাৰ সময়খিনিয়ে ব্যক্তি এজনৰ ভৱিষ্যতে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকিব নে নেথাকে, সেই কথা নিৰ্ণয় কৰিব। ডায়েবেটিছ ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইখিনি সময়ত পালন কৰা সাৱধানতা আৰু  দা য়ক ৰোগটোৰ পৰা হাত সাৰি থাকিব

এই সময়ছোৱাত কিছু সাৱধানতা কিছু সাৱধানতা অৱলম্বন কৰিলে আপুনি আজীৱন এই যন্ত্ৰণাদায়ক ৰোগটোৰ পৰা হাত সাৰি থাকিব পাৰিব। অৱশ্যে এই কথা কেৱল টাইপ-২ ডায়েবেটিছ বা বয়স্ক লোকৰ হোৱা ডায়েবেটিছৰ ক্ষেত্ৰতহে প্রযোজ্য হ’ব। শৈশৱ কালত হোৱা টাইপ-১ ডায়েবেটিছৰ ক্ষেত্ৰতো এই সূত্র প্রযোজ্য হ’ব। শৈশৱ কালত হোৱা টাইপ-১ ডায়েবেটিছৰ ক্ষেত্ৰতো এই সূত্ৰ প্ৰযোজ্য হ’ব।

সংশয়জনক কাৰকবোৰ

  • অন্যান্য কাৰকবোৰ সক্রিয় হৈ থাকোতে শৰীৰৰ ওজন যদি স্বাভাৱিকতকৈ বেছি হয়, তেতিয়া ‘প্রাক মধুমেহ’ হোৱাৰ আশংকা থাকে।
  • শাৰীৰিক শ্রম-ব্যায়াম যদি একেবাৰে কম হয়, তেতিয়াও ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা থাকে। কেৱল শুই বহি জীৱন কটালে বা আধুনিক অলস জীৱনশৈলীত অভ্যস্ত হ’লেও প্রাক মধুমেহই পিছলৈ পূর্ণ পর্যায়ৰ মধুমেহলৈ ৰূপান্তৰিত হ’বগৈ পাৰে।
  • পৰিয়ালত যদি কাৰোবাৰ, বিশেষভাৱে পিতৃ-মাতৃৰ, ভাই-ভনীৰ বা ককাক-আইতাকৰ টাইপ-২ ডায়েবেটিছ থাকে, তেনেহ’লে ব্যক্তিজনৰো এই ৰোগ পিছলৈ হোৱাৰ আশংকা থাকে।
  • গৰ্ভাৱস্থাত যদি ডায়েবেটিছত ভোগাৰ উদাহৰণ থাকে, তেনেহ’লে মহিলাগৰাকীৰ পিছলৈ ডায়েবেটিছ হোৱাৰ আশংকা থাকে।

ওপৰত উল্লেখ কৰা- এই কাৰকবোৰৰ ভিতৰত যদি এটা বা তাতকৈ বেছি থাকে, তেনেহ’লে প্রাক-মধুমেহৰ বাবে বিশেষ পৰীক্ষা কৰোৱাব লাগে। কেৱল তেজৰ শৰ্কৰা (Blood Sugar) পৰীক্ষাই যথেষ্ট নহয়। লগতে HbA1C ৰ পৰীক্ষাও কৰাব লাগে। এই পৰীক্ষাটো কৰালে যোৱা তিনিমাহত আপোনাৰ তেজত শৰ্কৰাৰ পৰিমাণ কিমান আছিল, তাৰ উমান পোৱা যাব।

প্রাক মধুমেহ অৱস্থাৰ পৰিণতিবোৰ

  • পূর্ণ পর্যায়ৰ ডায়েবেটিছলৈ ৰূপান্তৰিত হ’ব পাৰে।
  • একে ধৰণে থাকিব পাৰে।
  • ই শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বঢ়াই হৃদযন্ত্ৰ আৰু ক’ৰনাৰী ধমনীৰ ৰোগ, আনকি হার্ট এটেকে কৰিব পাৰে।
  • ছুগাৰৰ পৰিমাণ কমি বিপদহীন পর্যায়লৈ আহিব পাৰে।

কেতিয়াবা স্নায়ুজনিত কিছুমান বিসংগতিয়ে দেখা দিব পাৰে, যেনে— জিনজিননি, কোনো অংগৰ সংবেদনহীনতা বা সংবেদন কম হোৱা ইত্যাদি। কেতিয়াবা গলধনৰ বিষ বা ফ্রজেন চ’লজাৰো হ’ব পাৰে।

আপোনাৰ কৰণীয়

যদি আপোনাৰ বয়সে ৩৫-ৰ দেওনা অতিক্রম কৰিছে আৰু আপোনাৰ ঘৰত ডায়েবেটিছ ৰোগী আছে, শৰীৰৰ ওজন প্রয়োজনতকৈ অধিক হৈছে বা পেট আৰু কঁকালত চর্বি জমা হৈছে, মানসিক চাপ আছে, খাদ্য তালিকা ভাল নহয়, তেনেহ’লে তেজৰ শৰ্কৰা পৰীক্ষা কৰাওক। এবাৰ চালেই নহয়। কেতিয়াবা এবাৰত ‘নৰ্মেল’ পোৱা শৰ্কৰা (Sugar) পুনৰ চালে বেছিও পাব পাৰে। হ’ব পাৰে আপুনি Transient prediabetes stage ত আছে আৰু সেই অৱস্থাটো সহজে স্বাভাৱিক অৱস্থালৈ আনিব পাৰি। পাৰিলে HbA1C ও চাই ল’ব, সঠিক সিদ্ধান্তৰ বাবে।

যদি আপোনাৰ ৰক্ত শৰ্কৰা ক্ৰমে বৃদ্ধি পোৱাৰ প্ৰৱণতা আছে, তেনেহ’লে নিম্নলিখিত কার্যপন্থা অৱলম্বন কৰিব—

  • শৰীৰৰ ওজন বেছি থাকিলে কমাবলৈ চেষ্টা কৰক। দিনে দুই-তিনি কিলোমিটাৰ বা বিছ-ত্ৰিছ মিনিট সময় খোজকঢ়ক। স্বাস্থ্যসন্মত খাদ্য, যেনে- ফল-মূল, শাক-পাচলি, তেলযুক্ত মাছ (সাগৰীয় হ’লে ভাল হয়) নিয়মিত খোৱা, কার্বোহাইড্রেটৰ পৰিমাণ কমোৱা, আঁহযুক্ত খাদ্য খোৱাৰ অভ্যাস, নিয়মিতভাৱে প্রোটিন আৰু গাখীৰেৰে তৈয়াৰী সামগ্ৰী সুষম হিচাপত খোৱা অতি দৰকাৰ৷ দিনটোত তিনিবাৰ প্রধান আহাৰ আৰু মাজত দুই বা তিনিবাৰ লঘু আহাৰ খাই থাকিলে Balance diet ৰক্ষা কৰাত সহায় কৰে।
  • মানসিক চাপৰ পৰিমাণ কমাবলৈ চেষ্টা কৰিব লাগে। দিনে ছয়ৰ পৰা আঠ ঘণ্টা সময় ভাল টোপনিৰ দৰকাৰ। কর্মক্ষেত্ৰ আৰু বাসগৃহৰ দূৰত্ব অত্যাধিক হ’ব নালাগে। যোগাত্মক চিন্তা কৰা মানুহৰ সংগ লওক। সংগৰ সংখ্যা সীমিত কৰা দৰকাৰ।
  • সময়ে সময়ে আপোনাৰ ‘হবি’ বা ভাল লগা কাম কৰি যাব লাগে। জটিল সমাজ ব্যৱস্থাত যিহেতু অতি কম সংখ্যক মানুহেহে নিজৰ ইচ্ছা অনুযায়ী কাম কৰিবলৈ সুযোগ পায়, তথাপি নিজৰ ভাল লগা কাম কৰাৰ সময় উলিয়াই ল’ব। নিয়মিতভাৱে যোগাসন কৰিব পাৰিলে ভাল।
  • আন পৰীক্ষা, যেনে- শৰীৰৰ চৰ্বিৰ পৰিমাণ চাই লোৱা, প্ৰস্ৰাৱত এলবুমিন আছে নেকি, চাই লোৱা, দৰকাৰ অনুযায়ী থাইৰয়ডৰ পৰীক্ষা কৰোৱা ইত্যাদি। উচ্চ ৰক্তচাপ, বৃক্কৰ অথবা হৃৎপিণ্ডৰ কোনো ৰোগ, স্নায়ুৰোগ আদি আছে নেকি, নিশ্চিত হৈ ল’ব লাগে আৰু সেইবিলাকৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব লাগে|
  • মাদক দ্রব্য সেৱনে ডায়েবেটিছ বা প্রাক মধুমেহ (Pre diabetes) হোৱাত সহায় কৰিব পাৰে। এই অভ্যাস নিয়ন্ত্ৰণ কৰা দৰকাৰ। যদি সুৰা সেৱন সম্পূৰ্ণকৈ বাদ দিয়াত ব্যর্থ হয়, তেনেহ’লে অতি কম পৰিমাণত সপ্তাহত মাত্র এদিন সুৰাপান কৰিব পাৰে।
  • প্ৰতি চাৰিৰ পৰা ছমাহত এবাৰকৈ তেজত ছুগাৰৰ পৰিমাণ চাই ল’ব লাগে আৰু যদি তথাপিও একেই থাকে, চিকিৎসকৰ পৰামর্শ অনুযায়ী ঔষধ খাব লাগে। আজিকালি বজাৰত বহুতো মধুমেহ প্ৰতিৰোধী ঔষধ পোৱা যায়, যেনে- Metformin, Voglibose আদিৰ লগতে বহুতো নতুনকৈ আৱিষ্কাৰ হোৱা ঔষধ। অৱশ্যে স্বাস্থ্যসন্মত খাদ্য আৰু নিয়মিত ব্যায়ামেই হৈছে আটাইতকৈ ভাল ব্যৱস্থা।

কেইবিধমান ডায়েবেটিছ প্রতিৰোধৰ সহায়ক খাদ্যসামগ্ৰী

  • এভ’কাডো (এবিধ ব্যতিক্রমী ফল)।
  • কাঠ বাদাম বা আলমণ্ড।
  • পালেং শাক।
  • লেটুচ পাত।
  • সাগৰীয় মাছ- টুনা, ছাৰদাইন আদি।
  • Whole Wheat বা Brown Bread।
  • ওটছ (Oats)।
  • মাহজাতীয় শস্য আৰু গজালি মেলা বুট, মগু আদি।
  • ব্রাউন ৰাইচ বা বেছিকৈ পলিচ নকৰা চাউল।
  • সেউজীয়া শাক-পাচলি ইত্যাদি।

লিখক: ডা: নৱ বেজবৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate