অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মগজুৰ ডায়েবেটিছ

মগজুৰ ডায়েবেটিছ

ছুজান ডে লা মন্টেই এন্দুৰৰ ওপৰত এটা পৰীক্ষা চলাইছিল। সিহঁতৰ স্মৃতি পৰীক্ষাৰ বাবে বৃত্তাকাৰ জলচক্ৰবেহু এটাৰ চাৰিওফালে খোজকাঢ়িবলৈ দিয়া হৈছিল। সিঁহত দিকভ্ৰষ্ট আৰ বিমূঢ় আছিল। সিঁহতে পাহৰি পাহৰি গৈছিল, সিহঁত হ’ত আছে। পানীৰ তলত লুকুৱাই ৰখা সুৰক্ষা বেদীবোৰ সিহঁতে বিচাৰি উলিয়াব পৰা নাছিল। সিহঁতৰ মগজু পৰীক্ষা কৰি পোৱা গৈছিল প্ৰলয়ংকাৰী ধ্বংসলীলা। স্মৃতিৰ সৈতে জড়িত মগজুৰ অংশবোৰত পোৱা গৈছিল কিছুমান উজ্জ্বল গুলপীয়া ফলক- এবিধ বিষাক্ত প্ৰ’টিনেৰে গঠিত। ভালেমান স্নায়ুকোষ বিষাক্ত প্ৰ’টিনৰ দ্বাৰা ওফন্দি উঠিছিল। স্নায়ুকোষবোৰ সংকুচিত হৈ চূৰ্ণ-বিচূৰ্ণ হৈছিল।

এনে পৰিৱৰ্তন এলজাইমাৰ ৰোগৰ সূচক। অৱশ্যে এন্দুৰৰ মগজুৰ পৰিৱৰ্তনসমূহ এক আচৰিত পটভূমিত সংঘটিত হৈছিল। স্নায়ুবিকৃতি বিজ্ঞানবিদ ছুজানে ডায়েবেটিছ বিৰোধী দৰবেৰে চিকিৎসা কৰিছিল। এই পৰীক্ষাৰ দ্বাৰা জানিব পাৰি মগজুৱে ইনছুলিনৰ প্ৰতি কেনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইনছুলিনে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ইনছুলিনৰ প্ৰতি সংবেদনশীলতা হ্ৰাস পালে ‘টাইপ টু’ ডায়েবেটিছ হয়। কিন্তু ইনছুলিনে মগজুৰ সংকেত প্ৰেৰণ প্ৰণালীৰ ক্ষেত্ৰতো মুখ্য ভূমিকা লয়। ছুজানে কৰা অধ্যয়নৰ ফালে কিছু সংখ্যক গৱেষকৰ মনত প্ৰশ্ন জগালে- মগজুৰ ডায়েবেটিছৰ বাবেও এলজাইমাৰ হ’ব পাৰে নেকি? সেয়ে এলজাইমাৰ ৰোগক ‘টাইপ থ্ৰী’ ডায়েবেটিছ বোলা হয়।

যদি এনে ধাৰণা সঁচা হয়, তাৎপৰ্য চিন্তা উদ্ৰেককাৰী। আমি জানো যে অধিক চেনি আৰু কেল’ৰিযুক্ত খাদ্যই ইনছুলিনৰ প্ৰতি শৰীৰৰ সঁহাৰি ব্যাহত কৰে। এনে খাদ্য খালে মগজুকো একে পৰিস্থিতি হ’ব পাৰে। যাৰ ফলত মগজু ধ্বংস হ’ব পাৰে।

এক শতিকাৰো অধিক কালজুৰি বিজ্ঞানীসকলে এলজাইমাৰৰ কাৰক হিচাপে মগজুত জমা হোৱা বিটা এমাইলয়ড ফলকৰ কথা কৈ আহিছে। এই বিটা এমাইলয়ড হ’ল এবিধ বৃহদাকাৰ প্ৰ’টিনৰ ভগ্নাংশ। এই বৃহদাকাৰ প্ৰ’টিনে মগজু কোষৰ আৱৰণি তৈয়াৰ কৰাত সহায় কৰে। এইদৰেও ভবা হয় যে প্ৰ’টিনবিধে বীজাণুৰ সৈতে যুঁজাত শৰীৰক সহায় কৰে, কলেষ্টেৰ’ল পৰিবহন কৰে আৰু কেতবোৰ জিন নিয়ন্ত্ৰণ কৰে। কি কাৰণত এই প্ৰ’টিনে বিষাক্ত ভগ্নাংশ বন্ধনমুক্ত কৰে, যিয়ে এমাইলয়ড ফলকৰ সৃষ্টি কৰে, সেই কথা এতিয়াও ৰহস্যময় বুলি ভবা হয়। কিন্তু যদি নতুন গৱেষণা শুদ্ধ হৈছে, তেনেহ’লে ডায়েবেটিছ সদৃশ এবিধ ৰোগে এনে অৱস্থাৰ সৃষ্টি কৰে বুলি ভাবিব পাৰি।

মগজুৰ ডায়েবেটিছ কেনেকৈ সৃষ্টি হয়? অধিক চৰ্বিযুক্ত আৰু অধিক চেনিযুক্ত খাদ্য খালে বাৰম্বাৰ ইনছুলিনৰ মাত্ৰা বৃদ্ধি হয়। মাংসপেশী, যকৃৎ আৰু চৰ্বিকোষে ইনছুলিনৰ প্ৰতি সঁহাৰি বন্ধ কৰে। তেজৰ পৰা গ্লক্ক’জ আৰু চৰ্বি সম্মাৰ্জন নকৰা হয়। ফলস্বৰূপে অগ্ন্যাশয় গ্ৰন্থিয়ে অধিক ইনছুলিন তৈয়াৰ কৰিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰে, যাতে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ হয়। দুয়োবিধ অণুৰ মাত্ৰা বৃদ্ধি হয়। অবিৰত ইনছুলিন বৃদ্ধিয়ে মগজুতো প্ৰতিক্ৰিয়া কৰে, ইনছুলিনৰ প্ৰতি মগজুৰ সংবেদনশীলতা হ্ৰাস পায়। ফলত চিন্তাশক্তি আৰু স্মৃতিশক্তি বিকল হয়। স্নায়ুৰ বৈকল্য হয় পিছলৈ এই বৈকল্য স্থায়ী হয়।

স্মৃতিভ্ৰংশ হোৱা এন্দুৰৰ ওপৰত কৰা ছুজানৰ পৰীক্ষাই প্ৰতিপন্ন কৰে যে ইনছুলিনৰ প্ৰক্ৰিয়া বিঘ্নিত হ’লে এলজাইমাৰ ৰোগৰ লক্ষণ সৃষ্টি হ’ব পাৰে। আন কেইবাগৰাকী বিজ্ঞানীয়েও এনে ধৰণৰ পৰীক্ষা কৰিছে। এই কথাও জানিব পৰা গৈছে যে এন্দুৰক ১২ মাহ অধিক চৰ্বিযুক্ত খাদ্য খুৱালে সিহঁতৰ ইনছুলিন নিয়ন্ত্ৰণ শক্তি বিঘ্নিত হয় আৰু ডায়েবেটিছ হয়; এলজাইমাৰ সদৃশ লক্ষণো দেখা যায়।

পৰীক্ষাৰ পৰা দেখা গৈছে যে এলজাইমাৰ ৰোগীৰ মগজু ইনছুলিন প্ৰতিৰোধী হয়। পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত মৃত ব্যক্তিৰ মগজু কোষ ইনছুলিনত ডুবাই ৰখা হৈছিল। যিসকল ব্যক্তিৰ এলজাইমাৰ ৰোগ নাই, তেনে ব্যক্তিৰ মগজু কোষ জীৱিত কোষৰ নিচিনা সক্ৰিয় হৈছিল’ কিন্তু এলজাইমাৰ ৰোগত ভোগা ব্যক্তিৰ মগজু কোষে তেনে কোনো সক্ৰিয়তা প্ৰদৰ্শন কৰা নাছিল।

অন্য এক গৱেষণাত দেখা গৈছে যে ইনছুলিন আৰু বিটা এমাইলয়ড একেবিধ পাচক ৰসে ভাঙিব পাৰে। স্বাভাৱিক অৱস্থাত পাচক ৰসবিধে দুয়োটাৰ ওপৰত ক্ৰিয়া কৰে; কিন্তু যদি মজগুত ইনছুলিনৰ মাত্ৰা অধিক হয়, তেতিয়া পাচক ৰসে ক্ৰিয়া কৰিব নোৱাৰা হয়। ফলত মগজুত বিটা এমাইলয়ড জমা হয়। এই বিটা এমাইলয়ডে সৃষ্টি কৰা ফলকে মগজুৰ কোষ ধ্বংস কৰে।

এন্দুৰৰ স্নায়ুকোষ ইনছুলিনে আৱৰি ৰাখিলে বিটা এমাইলয়ডে মগজুকোষ ধ্বংস কৰে আৰু এন্দুৰৰ বোধশক্তি লোপ পায়। ইনছুলিন প্ৰতিৰোধ্যতাই কোষক অধিক বিটা এমাইলয়ড সৃষ্টি কৰিবলৈ উদগনি যোগায়; ফলত অধিক মগজু কোষ ধ্বংস হয়। অৱশ্যে এই প্ৰক্ৰিয়াই এলজাইমাৰৰ একমাত্ৰ কাৰক নহ’ব পাৰে। অন্য কাৰকো থাকিব পাৰে। এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে। কাৰণ ভালেসংখ্যক এলজাইমাৰ ৰোগীৰ পূৰ্ণাঙ্গ টাইপ টু ডায়েবেটিছ নাথাকে। তথাপি সাৱধান হোৱা ভাল। ভাৰতত প্ৰায় ৫০ নিযুত ডায়েবেটিছ ৰোগী আছে। ২০৩০ চনত এই সংখ্যা এশ নিযুত হ’বগৈ পাৰে। প্ৰাক-ডায়েবেটিছ ৰোগীৰ সংখ্যা কেইবানিযুতো হ’ব। এই লোকৰ শৰীৰত ইনছুলিন প্ৰতিৰোধ্যতা থাকিব পাৰে। এলজাইমাৰ আৰু টাইপ টু ডায়েবেটিছৰ সৃষ্টি প্ৰক্ৰিয়া একে ধৰণৰ হ’ব পাৰে। কিন্তু কাৰোবাৰ ডায়েবেটিছ নাথাকিলেও অস্বাস্থ্যকৰ খাদ্যই মগজু কোষ ধ্বংস কৰিব পাৰে। এক অধ্যয়নত এমাহৰ বাবে ডায়েবেটিছ নথকা এটা স্বেচ্ছাসেৱকৰ দলক অধিক পৰিমাণৰ চেনি আৰু চৰ্বিযুক্ত খাদ্য খাবলৈ দিয়া হৈছিল। আন এটা দলক কমকৈ চেনি আৰু চৰ্বিযুক্ত খাদ্য খাবলৈ দিয়া হৈছিল। এমাহৰ পিছত প্ৰথম দলটোৰ তেজত ইনছুলিনৰ মাত্ৰা অধিক পোৱা গৈছিল আৰু মগজুত অধিক পৰিমাণৰ বিটা এমাইলয়ড পোৱা গৈছিল। আনটো দলৰ ক্ষেত্ৰত দুয়োটাৰে পৰিমাণ প্ৰায় স্বাভাৱিক আছিল।

জানিব পৰা গৈছে যে ইনছুলিনে এলজাইমাৰৰ লক্ষণ পৰিৱৰ্তন কৰিব পাৰে। ৰোগীৰ স্মৃতি শক্তি বৃদ্ধি হয়, মনোযোগ দিব পৰা হয়, চখৰ কাম কৰিবলৈ মন যোৱা হয় আৰু নিজৰ যতন ল’ব পৰা হয়। তেওঁলোকৰ মগজুত গ্লুক’জৰ বিপাকৰো উন্নতি হয়।

অধ্যয়নৰ জানিব পৰা গৈছে যে কেতবোৰ ডায়েবেটিছৰ ঔষধে ইনছুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি এলজাইমাৰৰ লক্ষণসমূহ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে। ডায়েবেটিছৰ ঔষধ ব্যৱহাৰ কৰি বিটা এমাইলয়ড ফলকবোৰত সংকোচন ঘটাব পাৰি নেকি, সেই দিশতো অধ্যয়ন কৰা হৈছে।

স্বাস্থ্যকৰ খাদ্য, স্বাস্থ্যসন্মত শৰীৰৰ ওজন আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে বোধশক্তিৰ অৱনতি ৰোধ কৰিব পাৰে। অধিক চেনি আৰু চৰ্বিযুক্ত খাদ্য বৰ্জন কৰিলে এলজাইমাৰৰ সম্ভাৱনা হ্ৰাস পায়। আনহাতে, ওমেগা-৩ ফেটী এচিডে মগজুত ইনছুলিনৰ কাৰ্যকাৰিতা বৃদ্ধি কৰিব পাৰে। শাৰিৰীক শ্ৰম বা ব্যায়ামেও ইনছুলিন প্ৰতিৰোধ্যতা ৰোধ কৰাত সহায় কৰিব পাৰে। নিয়মিত ব্যায়ামে এলজাইমাৰৰ সম্ভাৱনা ৩০ শতাংশ হ্ৰাস কৰিব পাৰে।

লিখক: ডা: জীৱন দত্ত বৰুৱা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 1/10/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate