অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকাল আৰু ডায়েবেটিছ

শীতকাল আৰু ডায়েবেটিছ

মানসিক হেঁচা, শাৰীৰিক শ্রমহীনতা তথা দেহৰ ভিতৰত সজীৱ উপাদানসমূহৰ ৰাসায়নিক পৰিৱৰ্তন বৃদ্ধিয়ে শৰীৰত গ্লু’কজৰ (শর্কৰা) পৰিমাণ বৃদ্ধি কৰে, সেয়েহে এই শীতকালত মধুমেহ ৰোগীয়ে জীৱন-যাপন প্রক্ৰিয়াত বিশেষভাৱে সাৱধান হোৱা নিতান্তই প্রয়োজন।

ল’বলগীয়া সাৱধানতাসমূহ

  • শীতকালত মধুমেহ ৰোগীয়ে প্ৰয়োজনীয় আহাৰ প্রটিন জাতীয় খাদ্য ৩০-৪০ গ্রাম গ্ৰহণ কৰিব লাগে। তাৰ ফলত সংক্রামক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ শীতকালত শৰীৰৰ সিৰা-উপসিৰা সংকুচিত হৈ থকা কাৰণে শৰীৰৰ ভিতৰৰ আৰু পৰিৱেশৰ তাপমাত্রা ভিন্ন হোৱা হেতুকে শৰীৰৰ উত্তাপ আৰু শক্তিৰ সন্তুলনৰ হীনডেঢ়ি হয়। ডায়েবেটিছ থকা গৰ্ভৱতীয়ে স্ত্রী ৰোগ বিশেষজ্ঞৰ ওচৰত সঘনাই পৰামৰ্শ লোৱা উচিত।
  • শীতকালত গৰম কাপোৰ পৰিধান কৰোঁতে লক্ষণীয় দিশসমূহ হ’ল যে তেওঁলোকে এটা গধুৰ গৰম কাপোৰ পৰিধান নকৰি পাতল গৰম কাপোৰ কেইবা তৰপকৈ পিন্ধাটো দৰকাৰী। নিজৰ ভৰিকেইটা গৰম কৰি ৰখাৰ লগতে নিৰাপদে ৰাখিব লাগে। শীতকালত যেতিয়া তাপমাত্রা অধিক পৰিমাণে নিম্নমানৰ হয় তেতিয়া গ্লু’ক’মিটাৰ আৰু ইনচুলিন পেনে সঠিকৰূপত কাম নকৰিব পাৰে। সেয়ে এনে সঁজুলিসমূহ উচিত তাপমাত্ৰাত ৰাখিব লাগে। পুৱা-গধূলি হাতমোজা আৰু ভৰিমোজা পিন্ধিব লাগে।
  • মধুমেহ ৰোগীৰ বাবে স্বাস্থ্যকৰ খাদ্য অতি প্রয়োজনীয়। তেওঁলোকে বতৰৰ ফলমূল, শাক-পাচলি আদি প্ৰচুৰ পৰিমাণে খাব লাগে। এনে ৰোগীয়ে প্রতিদিনে ৩-৫ বাৰকৈ সতেজ শাক-পাচলি আৰু ফলমূল খোৱাটো উচিত। নিচাযুক্ত দ্রব্য পৰিমিত ৰূপত সেৱন কৰাটো বাঞ্ছনীয়। ইনচুলিন গ্ৰহণকাৰী ৰোগীয়ে নিচাযুক্ত দ্ৰব্য যদি ব্যৱহাৰ কৰে, কেৱল তেনেহ’লে আহাৰৰ লগতহে খাব লাগে।
  • দিন চুটি আৰু ৰাতি দীঘলৰ সময়ত এনে ৰোগীয়ে প্রতি সপ্তাহত ১৫০ মিনিট ব্যায়াম কৰিব লাগে। ৫ দিন আৰু প্ৰতি দিনে আধা ঘণ্টাকৈ শাৰীৰিক শ্ৰম কৰা প্রয়োজন, কেলৰিৰ ভাৰসাম্য ৰখাৰ পুৱা বা গধূলী সূর্যোদয়ৰ পাছত (ৰাতিপুৱা) আৰু সূৰ্যাস্তৰ আগে আগে (আবেলি) খোজকঢ়াটো জৰুৰী।
  • শীতকালত মুখেৰে প্ৰৱাহিত হোৱা ঠাণ্ডা বতাহে হাওঁফাওঁৰ ক্ষতিসাধন কৰে। এনে শুকান ঠাণ্ডা বতাহে শ্বাসনলী বীজাণুজনিত সংক্রমণে শ্বাসনলী ঠেক কৰি দিব পাৰে। যাৰ ফলত ৰোগীৰ উশাহ-নিশাহত এজমেটিক, বংকাইটিছ বা নাক বন্ধ হৈ শ্বাস-প্রশ্বাসজনিত সমস্যাই দেখা দিব পাৰে। সেয়ে মধুমেহ ৰোগীয়ে শীতকালত এই বতাহ আৰ্দ্ৰ কৰি ৰাখিবৰ বাবে মুখত এখন গৰম কাপোৰ মেৰিয়াই ৰাখিব লাগে। শীতকালত হৃদযন্ত্ৰৰ ৰোগ সঘনাই সংঘটিত হ’ব পাৰে, কিয়নো শীতকালত ব্যায়াম কৰিলে হৃদস্পন্দন যথেষ্ট বৃদ্ধি হয় আৰু তেনে অৱস্থাত হৃদযন্ত্ৰই ৰক্ত নিঃসৰণ (to pump blood) কৰিবৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হয়। সেয়ে ঠাণ্ডাৰ দিনত মধুমেহ ৰোগী, হৃদৰোগী আৰু উচ্চ ৰক্তচাপ থকা ৰোগীয়ে অতিৰিক্তভাৱে সাৱধানতা লোৱা প্ৰয়োজন।
  • ব্যায়াম কৰা সময়ত শৰীৰৰ উত্তাপ থকা সত্ত্বেও শৰীৰৰ পৰা ঘাম নিঃসৰণ হোৱা বাবে আৰ্দ্ৰতা কমি যায় আৰু তাক পুনৰ পূৰ্ণ কৰিবৰ বাবে যথেষ্ট পানী খোৱাৰ দৰকাৰ৷ বিশেষকৈ শীতকালত metabolism বৃদ্ধি পোৱাৰ বাবে শৰীৰক সঠিক জলযোজনৰ (Hydration) প্রয়োজন হয়। প্রতিদিনে ৮ গিলাচকৈ কুহুমীয়া পানী খাব লাগে।
  • শীতকালত শৰীৰৰ ছাল যথেষ্ট শুকান হয়। শুকান ছালত অতি সোনকালে ফাট মেলে। ইয়াৰ ফলত বেক্টেৰিয়া আৰু বীজাণু সংক্ৰমণৰ বাবে পথ প্রশস্ত হয়। সেয়ে শীতকালত দিনে ২বাৰকৈ আর্দ্রতাযুক্ত ক্ৰীম ঘঁহা উচিত।
  • মধুমেহ ৰোগীয়ে শীতকালত নিজকে ঘৰৰ ভিতৰৰ কামত ব্যস্ত ৰাখিব পাৰিলে ভাল হয়। কাৰণ তাৰ বাবে কিছুমান অতি ফলদায়ক ব্যায়াম (pushups crunches) আদি ব্যায়াম ঘৰতেই সহজে কৰিব পাৰে। জুই ফুওৱা আৰু হিটাৰত ভৰি সেকিব নালাগে, কাৰণ Diabetic neuropathy থকাৰ বাবে উত্তাপ সোনকালে অনুভৱ নহয়, যাৰ ফলত ভৰিৰ ঘা হ’ব পাৰে।

চকু শুষ্ক বতৰৰ বাবে চকুৰ পানী কমি যোৱাৰ ফলত খজুৱতি বা বীজাণুৱে সংক্ৰমণ কৰিব পাৰে। ধূলি-বালি আদি চকুৰ ভিতৰত সোমাই চকুৰ অসুখ কৰিব পাৰে। সেয়েহে ছানগ্লাছ বা চছমা পৰিধান কৰি ওলাই যোৱা আৰু ঘূৰি আহি চকু পৰিষ্কাৰ কৰা উচিত।

৬-৭ ঘণ্টা নিদ্ৰা সকলোৰে বাবে নিতান্ত প্রয়োজনীয়। লঘুপাকী (Low calory) আহাৰ ৫-৬ ঘণ্টাৰ মূৰে মূৰে গ্ৰহণ কৰিব লাগে। শৌচ-প্ৰস্ৰাৱ নিয়মীয়া কৰি ৰখা উচিত। শীতকালত সাধাৰণতে শৌচ টান, প্ৰস্ৰাৱ ঘনাই হোৱা দেখা যায়। শৌচ কঠিন হ’লে পেটৰ ভিতৰত বা বীজাণুসমূহৰ বিক্ৰিয়াৰ বাবে শৰীৰত Metabolism ৰ তাৰতম্য ঘটায়। গতিকে শৌচ-প্ৰস্ৰাৱ খোলোচা ৰখা নিতান্ত প্রয়োজনীয়। ঘৰৰ মুকলি বাৰাণ্ডাত বহি হাওঁফাওঁৰ ব্যায়াম, প্রাণায়াম, মেৰুদণ্ডৰ ব্যায়াম আদি কৰিলে হাওঁফাওঁ আৰু হৃদৰোগ আৰু স্নায়ু সবল থাকে। খালী ভৰিৰে খোজকাঢ়িব, নখ কাটোতে সাৱধান হ’ব৷ শীতকালত দাঁতৰ ব্যাধি প্রকট হ’ব পাৰে, সেয়ে দন্ত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। Postat gland ৰ সমস্যা থকা ৰোগীৰ বাবে শীতকালৰ ৰাতি অসহনীয়। কাৰণ বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ উঠি যাব লাগে। যিটোৱে টোপনিত ব্যাঘাত জন্মায়, লগতে ছুগাৰ আৰু প্রেছাৰ বঢ়াব পাৰে। সেইকাৰণে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

  • শীতকালৰ বতৰে ৰোগীৰ মনৰ অৱস্থা তথা আৱেগৰ ওপৰত অবাঞ্ছনীয় প্ৰভাৱ পেলায়। যাৰ ফলত হতাশাজনিত ৰোগে দেখা দিব পাৰে। ৰোগী তেনে অৱস্থাৰ সন্মুখীন হ’লে নিজৰ পৰিয়ালৰ সদস্য বা অন্তৰংগ বন্ধু নাইবা তেওঁৰ স্বাস্থ্যৰ যত্ন লোৱা ব্যক্তিৰ সহায় লোৱাটো বাঞ্ছনীয়। নিয়মিত ব্যায়াম, স্বাস্থ্যকৰ খাদ্য আদিৰ দ্বাৰা ৰোগীৰ মনৰ উদ্যম বঢ়াব পাৰে। হতাশাই যিহেতু শৰীৰৰ ৰক্ত শৰ্কৰাৰ ওপৰত বেয়াকৈ প্রভাব পেলায়, সেয়ে নিয়মিত ছুগাৰ পৰীক্ষাকৰণ কৰাটো অতি জৰুৰী।

লিখক: ডাঃ অমিয় শর্মা।

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate