অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মধুমেহ ৰোগ: হৃদযন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ

ভাৰতবৰ্ষক বিশ্বৰ ‘Diabetes Capital’ বুলি কোৱা হয়। গোটেই বিশ্বৰ প্ৰায় ৪৯% মধুমেহ বা বহুমূত্ৰ ৰোগী ভাৰতবৰ্ষত বাস কৰে।

বিশ্বস্বাস্থ্য সংস্থা(WHO) ৰ মতে ভাৰতৰ জনসংখ্যাৰ প্ৰায় ৮.৭% লোক(২০-৭০) বছৰ বয়সৰ বহুমূত্ৰ ৰোগত ভুগি আছে।

২০১৭ চনত এই সংখ্যা আছিল প্ৰায় ৭০ মিলিয়ন আৰু ২০২৫ চনলৈ ইয়াৰ সংখ্যা প্ৰায় দুগুণ হৈ ১৩৪ মিলিয়ন হোৱাৰ সম্ভাৱনা আছে।

মধুমেহ বা বহুমূত্ৰ ৰোগত ভোগা বেছিভাগ লোকৰে হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি। মধুমেহ ৰোগীৰ মাজত পৰায় ২/৩ হৃদযন্ত্ৰৰ ৰোগ বা ষ্ট্ৰোক(Strock) হৈ মৃত্যু হোৱাৰ সম্ভাৱনা সাধাৰণ লোকতকৈ ২-৪ গুণ বেছি।

মনত ৰাখিবলগীয়া যে -

  • ৬৫ বছৰৰ ঊৰ্ধ্বৰ মধুমেহ ৰোগীসকলৰ প্ৰায় ৬৮% হৃদৰোগত আক্ৰান্ত হৈ আৰু ১৬% ষ্ট্ৰোক হৈ মৃত্যুমুখত পৰে।
  • মধুমেহ ৰোগীসকল, সাধাৰণ লোকৰ তুলনাত যথেষ্ট কম বয়সতে হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হয়।
  • এজন হাৰ্ট এটেক হৈ যোৱা ৰোগীৰ পুনৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আৰু এজন মধুমেহ ৰোগীৰ প্ৰথম হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা প্ৰায় সমান।

মধুমেহ ৰোগ আৰু হৃদযন্ত্ৰৰ ৰোগৰ মাজৰ সম্পৰ্ক -

মধুমেহ ৰোগীৰ তেজত শৰ্কৰাৰ(Sugar)ৰ পৰিমাণ সাধাৰণ লোকতকৈ বহুত বেছি থাকে।

ইয়ে শৰীৰৰ বিভিন্ন অংগলৈ ৰক্ত পৰিবহণ কৰা ধমনীসমূহৰ ভিতৰত থকা কোষ(Cell) বোৰৰ বহুত ক্ষতিসাধন কৰে।

ধমনীবোৰ ঠিকমতে কাম কৰাৰ ক্ষেত্ৰত ইয়াৰ ভিতৰত থকা কোষবোৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

এই কোষবোৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিচত ধমনীসমূহৰ বেৰত কিছুমান চৰ্বিজাতীয় দ্ৰব্য জমা হ’বলৈ ধৰে। ইয়াক ‘প্লাক’(Plaque) বুলি কোৱা হয়।

সময়ৰ লগে লগে এই ‘প্লাক’সমূহৰ অধিক প্ৰসাৰ ঘটে আৰু ধমনীসমূহৰ তেজ চলাচল কৰা বাটটো সৰু হৈ অহাৰ লগতে ধমনীসমূহৰ বেৰবোৰ টান হৈ উঠে। এই গোটেই প্ৰক্ৰিয়াটোক Atherosclerosis বুলি কয়।

ইয়াৰ ফলত বিভিন্ন অংগলৈ তেজ চলাচল সম্পূৰ্ণভাৱে বন্ধ হৈ যাব পাৰে। হৃদযন্ত্ৰত এনে হ’লে হাৰ্ট এটেক হয় আৰু মজবুত হ’লে তাক ষ্ট্ৰোক বুলি কোৱা হয়।

এইটো দেখা গৈছে যে, মধুমেহ ৰোগীৰ ক্ষেত্ৰত তেজত শৰ্কৰা(Sugar)ৰ পৰিমাণ বঢ়াই আগতেই দেহৰ ধমনীসমূহৰ বেৰত চৰ্বিযুক্ত দ্ৰব্য জমা হ’বলৈ ধৰে।

মধুমেহ ৰোগ ধৰা পৰাৰ আগতেই বেছিভাগ লোকৰ হৃদযন্ত্ৰৰ ধমনীসমূহত Atherosclerosis প্ৰক্ৰিয়াটো যথেষ্ট আগবাঢ়ি যোৱা দেখা যায়।

মধুমেহ ৰোগীৰ ক্ষেত্ৰত হৃদৰোগৰ আশংকা আৰু কিয়ে বৃদ্ধি কৰে?

উচ্চ ৰক্তচাপ:

উচ্চ ৰক্তচাপ হৃদৰোগৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত। বেছিসংখ্যক মধুমেহ ৰোগীয়ে উচ্চ ৰক্তচাপত ভোগা দেখা যায়।

যেতিয়া এজন ব্যক্তি মধুমেহ আৰু উচ্চ ৰক্তচাপ দুয়োটা ৰোগতে ভোগে, তেতিয়া তেওঁৰ হৃদৰোগৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়।

এইক্ষেত্ৰত-

  • বৃক্কৰ ৰোগ,
  • ষ্ট্ৰোক,
  • চকুৰ ৰোগ আদিৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি কৰে।

তেজত অত্যধিক কলেষ্টেলৰ মাত্ৰা -

মধুমেহ ৰোগীৰ ক্ষেত্ৰত বেছিভাগতে দেখা যায় যে, তেজত LDL Cholesterol(বেয়া)ৰ মাত্ৰা অধিক থাকে আৰু HDL Cholesterol (ভাল)ৰ মাত্ৰা কম থাকে।

তাৰ লগতে বহুক্ষেত্ৰত Triglyceride(বেয়া)ৰ মাত্ৰা বেছি থাকে। তেজত এনে অস্বাভাৱিক কলেষ্টেৰলৰ মাত্ৰাই হৃদৰোগৰ ক্ষেত্ৰত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলায়।

মেদবহুলতা:

শৰীৰৰ মেদবহুলতা আৰু ওজন কমাব পৰাটো হৃদৰোগৰ ক্ষেত্ৰত যথেষ্ট লাভজনক। একেধৰণে এয়াই উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে।

শাৰীৰিক ব্যায়ামৰ অভাৱ:

শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামৰ অভাৱ হৃদযন্ত্ৰৰ ৰোগৰ এটা প্ৰধান কাৰণ। নিয়মীয়া শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়াম আদিয়ে শৰীৰৰ ওজন আৰু মেদবহুলতা কমোৱাৰ লগতে হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

ইয়াৰ ফলত উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে।

ধূমপান:

ধূমপানে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে। মধুমেহ ৰোগীৰ ক্ষেত্ৰত এই সম্ভাৱনা অতিকে বেছি। তেওঁলোক ধূমপানৰ পৰা বিৰত থকাটো অতি আৱশ্যক।

অন্যথা কম বয়সতে হৃদৰোগ বা ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। ধূমপানে হাওঁফাওঁৰ ৰোগ আৰু বিভিন্ন কৰ্কট ৰোগৰো সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।

পৰিয়ালত নিকটাত্মীয় হৃদৰোগত আক্ৰান্ত হোৱা -

যদি পৰিয়ালৰ কোনো নিকটাত্মীয় লোক ৫০ বছৰ বয়সৰ আগতে হাৰ্ট এটেকৰ দ্বাৰা আক্ৰান্ত হৈছে, তেনেহ’লে আপোনাৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা অধিক।

মধুমেহ ৰোগীৰ হৃদযন্ত্ৰৰ কি ধৰণৰ ৰোগ হ’ব পাৰে?

হৃদযন্ত্ৰৰ ৰোগ:

এইবিধে মধুমেহ ৰোগীৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ আটাইতকৈ সঘনাই হোৱা ৰোগ। ইয়াক কৰন্যাৰী আৰ্টাৰী ডিজিজ বা ক’ৰন্যাৰী হাৰ্ট ডিজিজ বুলিও কোৱা হয়।

এই ৰোগত হৃদযন্ত্ৰৰ ধমনীসমূহৰ ভিতৰত কিছুমান চৰ্বী জাতীয় দ্ৰব্য জমা। ইয়াৰ ফলত ধমনীসমূহৰ মাজেৰে তেজৰ চলাচল কমি যায়।

ফলত হৃদযন্ত্ৰই যিমান অক্সিজেন পাব লাগে, সিমানখিনি নাপায়। ইয়াৰ ফলত বিভিন্ন উপসৰ্গই দেখা দিব পাৰে।

বুকুৰ বিষ(Angina):

কোনোধৰণৰ শাৰীৰিক পৰিশ্ৰম কৰিলে বা বেগাই খোজ কাঢ়িলে বুকুৰ মাজত বিষ হ’ব পাৰে বা বুকুত গধূৰ ভাব হ’ব পাৰে।

কেতিয়াবা এই বিষ হাতলৈ, ডিঙিলৈ বা পিঠিৰ ফালেও যাব পাৰে। কিছুসময় বিশ্ৰাম কৰিলে এই ভাব কমি যাব।

হাৰ্ট এটেক(Heart attack):

কেতিয়াবা ধমনীৰ ভিতৰত এটা তেজৰ চলাচল সম্পূৰ্ণ বন্ধ কৰি পেলাব পাৰে। তেতিয়া হৃদযন্ত্ৰৰ যি অংশলৈকে ধমনীডালে তেজ সৰবৰাহ কৰি আছিল, সেই অংশটো নষ্ট হৈ যায়। ইয়াকে হাৰ্ট এটেক বুলি কোৱা হয়।

হাৰ্ট এটেক হ’লে বুকুৰ মাজত প্ৰচণ্ড বিষ হয়। কিন্তু মধুমেহ ৰোগীৰ ক্ষেত্ৰত বহু সময়ত বিষ নোহোৱাকৈও হাৰ্ট এটেক হ’ব পাৰে।

বহুতৰ ক্ষেত্ৰত-

  • উশাহৰ কষ্ট,
  • মূৰ ঘূৰণি,
  • বমি হোৱা আদি লক্ষণে দেখা পাৰে।

হাৰ্ট এটেকৰ ফলত মৃত্যুপৰ্যন্ত হ’ব পাৰে।

হৃদযন্ত্ৰৰ মাংসপেশীৰ ৰোগ(Diabetic Cardiomyopathy):

এই ৰোগত হৃদযন্ত্ৰৰ মাংসপেশীবোৰৰ কাৰ্যক্ষমতা কমি যায়। ইয়াৰ ফলত সোনকালে ভাগৰ লগা, হৃদযন্ত্ৰৰ স্পন্দন অনিয়মীয়া হোৱা আৰু হাৰ্টফেইলিয়ৰ পৰ্যন্ত হ’ব পাৰে।

হাৰ্টফেইলিয়ৰ(Heart Failure)-

হৃদযন্ত্ৰৰ মাংসপেশী দুৰ্বল হোৱাৰ বা তাৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ ফলত সি শৰীৰৰ প্ৰয়োজন অনুসৰি ৰক্ত সঞ্চালন কৰিব নোৱাৰা হয়।

ইয়াৰ ফলত শৰীৰত অত্যধিক তৰল পদাৰ্থ জমা হ’বলৈ ধৰে। হৃদযন্ত্ৰৰ ধমনীসমূহৰ ৰোগ আৰু উচ্চ ৰক্তচাপেও ইয়াত যথেষ্ট অৰিহণা যোগায়।

  • ব্যক্তিজনে দুৰ্বল অনুভৱ কৰে,
  • সোনকালে ভাগৰি পৰে,
  • উশাহ-নিশাহত কষ্ট পায়,
  • কাহ হ’ব পাৰে বা ভৰি ফুলিব পাৰে।

শৰীৰৰ নিম্নাংশৰ ধমনীৰ ৰোগ(Peripheral Artery Disease):

এই ৰোগত ভৰিৰ ধমনীসমূহৰ ভিতৰত চৰ্বি জাতীয় দ্ৰব্য জমা হৈ ভৰিৰ মাংসপেশীৰ তেজ চলাচল কমি যায়।

ভৰিৰ মাংসপেশীবোৰে যথেষ্ট পৰিমাণে অক্সিজেন নোপোৱাৰ ফলত খোজকাঢ়িলে ভৰিত বিষ উঠে আৰু অলপ বিশ্ৰাম কৰিলে সেইটো কমি যায়।

তেজ চলাচল অত্যন্ত কমি গ’লে ভৰিত ঘা হ’ব পাৰে বা ভৰিৰ নিম্নাংশ মৰি যাব পাৰে। তেনে ক্ষেত্ৰত ভৰিৰ আঙুলি বা নিম্নাংশ কাটি পেলাব লগা(Ampulation) হ’ব পাৰে।

ষ্ট্ৰোক(Strock):

মধুমেহ ৰোগীৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ সম্ভাৱনা যথেষ্ট বেছি। উচ্চ ৰক্তচাপ থাকিলে ইয়াৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পায়।

মগজুৰ এটা অংশলৈ তেজ চলাচল বন্ধ হৈ গ’লে বা ৰক্তক্ষৰণ হ’লে ইয়াক ষ্ট্ৰোক বুলি কোৱা হয়।

ইয়াৰ ফলত শৰীৰৰ এটা ফাল দুৰ্বল হৈ পৰিব পাৰে বা সম্পূৰ্ণ অজ্ঞান হৈ পৰিব পাৰে। মগজুৰ বেছি অংশ ক্ষতিগ্ৰস্ত হ’লে মৃত্যুপৰ্যন্ত হ’ব পাৰে।

মধুমেহ ৰোগীৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ বাবে ল’বলগা সাৱধানতা:

মধুমেহ ৰোগীসকলৰ যদিও হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি, তেওঁলোকে কিন্তু হতাশ হোৱাটো উচিত নহয়।

কিছু সাৱধানতা অৱলম্বন কৰি, জীৱনধাৰাৰ সামান্য সাল-সলনি কৰি আৰু দৰবপাতি নিয়মমতে ব্যৱহাৰ কৰি হৃদযন্ত্ৰৰ ৰোগ প্ৰতিহত কৰাৰ লগতে এক সুস্থ আৰু স্বাভাৱিক জীৱন ধাৰণ কৰিব পাৰে।

নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম কৰক:

প্ৰতিদিনে ৩০ মিনিটৰ পৰা ৪৫ মিনিট সময় শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰাটো উচিত। সপ্তাহত কমেও পাঁচদিন এনেদৰে শাৰীৰিক পৰিশ্ৰম কৰা উচিত।

ইয়াৰ ফলত শৰীৰত শৰ্কৰাৰ পৰিমাণ কমাই ৰখাৰ লগতে হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধ কৰাটো যথেষ্ট সহায়ক হয়।

খাদ্যাভ্যাস সলনি কৰক:

অত্যধিক চৰ্বিযুক্ত খাদ্য, অত্যধিক নিমখ আৰু চেনি এৰাই চলক।

  • বেছিকৈ ভজা খাদ্য,
  • ফাষ্টফুড,
  • ছফট ড্ৰিংক,
  • চৰ্বিজযুক্ত মাংস আদিৰ পৰা দূৰত থকাটো উচিত।

ফল-মল, শাক-পাচলি আদি খাদ্য বেছিকৈ গ্ৰহণ কৰক। অধিক আঁহযুক্ত খাদ্য হৃদযন্ত্ৰ আৰু মধুমেহ ৰোগ দুয়োটাৰ বাবে অতি উপযুক্ত।

শৰীৰৰ ওজন কমাবলৈ:

যদি আপোনাৰ শৰীৰৰ ওজন স্বাভাৱিকতকৈ বেছি তেন্তে শৰীৰৰ ওজন কমালে যথেষ্ট লাভৱান হ’ব। ইয়ে মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ লগতে হৃদযন্ত্ৰৰ ৰোগ নিয়ন্ত্ৰণতো যথেষ্ট সহায় কৰে।

নিয়মীয়া শাৰীৰিক পৰিশ্ৰম আৰু খাদ্যাভ্যাসৰ কিছু সাল-সলনিয়ে ওজন কমোৱাৰ ক্ষেত্ৰত আপোনাক যথেষ্ট সহায় কৰিব।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰক:

আপুনি যদি উচ্চ ৰক্তচাপত ভুগি তেনেহ’লে ইয়াক নিয়ন্ত্ৰণ কৰি ৰখাতো অতি আৱশ্যক। মধুমেহ ৰোগীসকলৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপে হৃদযন্ত্ৰৰ ৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।

সেয়েহে তেওঁলোক বিশেষভাৱে সাৱধান হ’ব লাগে। দৰবৰ নিয়মীয়া ব্যৱহাৰ আৰু নিয়মীয়া ব্যৱহাৰ আৰু নিয়মীয়া স্বাস্থ্যব পৰীক্ষাৰ দ্বাৰা উচ্চ ৰক্তচাপ সহজতে নিয়ন্ত্ৰণ কৰিব পাৰি।

তেজত থকা চৰ্বিৰ(Blood Cholesterol) পৰিমাণ নিয়ন্ত্ৰণত ৰাখক:

তেজত থকা চৰ্বিৰ পৰিমাণ পৰীক্ষা কৰি প্ৰয়োজন হ’লে তাক কমাই ৰাখিবলৈ ব্যৱস্থা ল’ব লাগে।

খাদ্যৰ সাল-সলনিৰ লগতে উপযুক্ত দৰবৰ ব্যৱহাৰে এইক্ষেত্ৰত যথেষ্ট সহায় কৰিব।

তেজৰ শৰ্কৰাৰ(Sugar)ৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখক:

নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু দৰ্বৰ ব্যৱহাৰ অপৰিহাৰ্য। নিয়মীয়া শাৰীৰিক পৰিশ্ৰম আৰু খাদ্যাভ্যাসৰ সাল-সলনিয়ে এইক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে।

ধূমপান পৰিহাৰ কৰক -

ধূমপানে হৃদযন্ত্ৰৰ ৰোগৰ লগতে হাওঁফাওঁৰ ৰোগ আৰু বিভিন্ন কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।

মধুমেহ ৰোগীসকলে ধূমপান কৰি হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

ধূমপান পৰিহাৰ কৰাটো সকলোৰে ক্ষেত্ৰত আৰু বিশেষকৈ মধুমেহ ৰোগীসকলৰ ক্ষেত্ৰত অতিকে প্ৰয়োজনীয়।

দৰব-পাতি নিয়মীয়াকৈ ব্যৱহাৰ কৰক:

মধুমেহ ৰোগ ভালদৰে চিকিৎসা কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে ভৱিষ্যতে হ’ব পৰা বহুতো পাৰ্শ্বক্ৰিয়াৰ(Complications) পৰা নিজক বচাই ৰাখিব পাৰি।

উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ কোনো ৰোগত ভুগিলে তাৰ বাবেও চিকিৎসকে দিয়া বিভিন্ন দৰব নিয়মীয়াকৈ সেৱন কৰিব লাগে।

চিকিৎসকৰ পৰামৰ্শ মানি চলিব লাগে আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

যদিহে হাৰ্ট এটেক বা ষ্ট্ৰোকৰ কোনো লক্ষণ দেখা দিয়ে, তেনেহ’লে চিকিৎসকৰ ওচৰ চাপিব লাগে।

তাৎক্ষণিক(Urgent or immediate) চিকিৎসা লাভ কৰিলে সোনকালে আৰু সম্পূৰ্ণভাৱে সুস্থ হৈ উঠাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

লেখক: ডাঃ অমিতাভ মিশ্ৰ(সাদিন)

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate