অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মলদ্বাৰৰ ৰক্তক্ষৰণ

মলদ্বাৰেৰে ৰক্ত নিৰ্গত হোৱা সমস্যাত অনেক লোকেই ভোগে। এনেদৰে ৰক্ত নিৰ্গত হোৱাৰ বিভিন্ন কাৰণ থাকে। তদুপৰি শিশু আৰু প্ৰাপ্তবয়স্কৰ মলদ্বাৰেৰে হোৱা ৰক্তক্ষৰণৰ কাৰণ ভিন্ন হয়। সৰু ল’ৰা-ছোৱালীৰ মলদ্বাৰেৰে হোৱা ৰক্তক্ষৰণৰ প্ৰধান কাৰণ হ’ল মলদ্বাৰত হোৱা ‘ছলিটেৰী ৰেক্টেল পলীপ বা মলদ্বাৰত হোৱা সৰু টেমুনা(tumour)। ক’ল’ন’স্কোপীৰ সহায়ত এনে টেমুনা চিনাক্ত কৰা হয়। টেমুনাটো সৰু হ’লে তথা মলদ্বাৰৰ খুব ওচৰত থাকিলে, অস্ত্ৰোপচাৰৰ জৰিয়তে টেমুনাটো আঁতৰোৱা হয়। আনহাতে, টেমুনাটো মলনলী(rectum)ৰ ভিতৰত থাকিলে ক’ল’ন’স্কোপীৰ জৰিয়তে তাক আঁতৰোৱা হয়। ইয়াৰ বাহিৰে আন কেতবোৰ কাৰনতো শিশুৰ মলদ্বাৰেৰে ৰক্ত নিৰ্গত হ’ব পাৰে; যেনে- পেটৰ ভিতৰত নাড়ী পাক খাই গ’লে।
মলদ্বাৰেৰে ৰক্তপাত হোৱা সমস্যাত ভোগা শিশুতকৈ প্ৰাপ্তবয়স্কৰ সংখ্যা বহু বেছি। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত এই সমস্যা দুই ধৰণৰ হয়-
১)মলদ্বাৰেৰে ৰক্তপাত ঝোৱাৰ লগতে বিষ হোৱা আৰু
২)বিষহীন ৰক্তপাত।

ৰক্তপাতৰ সৈতে বিষ:


এই সমস্যাই দেখা দিয়ে মূলতঃ ‘একিউট এনেল ফিছাৰ’ৰ বাবে। মলদ্বাৰৰ মুখত থকা এখন ভালভাৰ জৰিয়তে মল নিয়ন্ত্ৰণ হয়। সেই ভালভখন খুব ডাঠ হৈ পৰিলে মলদ্বাৰৰ মুখত তেজৰ সৰবৰাহ কমি যোৱাৰ লগতে মলৰ ঘঁহনি লাগি লাগি সেই ঠাইত ঘা হয় আৰু এই ঘাকেই বোলা হয় ‘একিউট এনে ফিছাৰ’। এই সমস্যা দীৰ্ঘদিন অব্যাহত থাকিলে ঘাৰ চাৰিওকাষ মোটা হৈ পৰে আৰু তেতিয়া তাক ‘ক্ৰণিক এনেল ফিছাৰ’ বোলে। এই সমস্যাৰ চিকিৎসা মূলতঃ ঔষধৰ জৰিয়তে কৰা হয়। তদুপৰি ৰোগীক পৰ্যাপ্ত মাত্ৰাত শাক-পাচলি আৰু যথেষ্ট পৰিমাণে পানী খাই থাকিবলৈ পৰামৰ্শ দিয়া হয়, যাতে শৌচ নৰম হৈ থাকে তথা সহজে বাহিৰ হয়। মলদ্বাৰত গৰম পানী লগাবলৈ দিয়া হয়। খোৱা ঔষধৰ লগতে মলমো লগাবলৈ দিয়া হয়। এনেদৰে এমাহমান চিকিৎসা গ্ৰহণ কৰাৰ পিছত সমস্যাটো নাইকিয়া হ’লে বা সমস্যাটোৰ প্ৰকোপ কমিলে আৰু চিকিৎসাৰ আৱশ্যকতা নাথাকে। কিন্তু যদি সমস্যাটোৰ একো পৰিৱৰ্তন নহয় বা নিৰাময় হোৱাৰ পিছত পুনৰ উক দিয়ে তেতিয়া অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰে।


বিষহীন ৰক্তপাত:


বেছিভাগ মলদ্বাৰৰ ৰক্তপাতেই বিষহীন হয়, উদাহৰণস্বৰূপে অৰ্শ বা পাইলছ ৰোগত হোৱা ৰক্তপাতত বহু সময়ত বিষ নাথাকে। অৰ্শৰ ক্ষেত্ৰত মলদ্বাৰৰ ভিতৰৰ সিৰত যথেষ্ট পৰিমাণে তেজ জমা হৈ সিৰ ফুলি যায়। ইয়াৰ ফলত প্ৰচুৰ পৰিমাণে ৰক্তপাত হয় যদিও বিষ নহয়। মলত্যাগ কৰা হোৱাৰ পিছতো ৰক্তপাত হৈয়েই থাকে। এনেদৰে ৰক্তপাত হৈ থকাৰ ফলত কেতিয়াবা ৰোগী অসুস্থ হৈ পৰে। অৰ্শ বাহিৰলৈ ওলাই অহাৰ সময়ত যদি সংক্ৰমণ হয় বা তেজ মখা বান্ধে, তেতিয়া বিষ হ’ব পাৰে।


অৰ্শৰ চিকিৎসা:

 

অৰ্শৰ কেইবাটাও পৰ্যায় আছে আৰু চিকিৎসাও সেই অনুসৰি কৰা হয়। প্ৰাথমিক পৰ্যায়ৰ অৰ্শৰ চিকিৎসা ঔষধ আৰু মলমৰ সহায়ত কৰা হয়। শৌচ নৰম কৰি ৰখাৰ বাবে যথেষ্ট পৰিমাণে পানী আৰু শাক-পাচলি খাই থাকিবলৈ পৰামৰ্শ দিয়া হয় আৰু ছীৰাপ দিয়া হয়। দ্বিতীয় পৰ্যায়ৰ অৰ্শৰ ক্ষেত্ৰত এবিধ বিশেষ ধৰণৰ ঔষধ ইঞ্জেকচনৰ জৰিয়তে অৰ্শ হোৱা ঠাইত সুমুৱাই দিয়া হয় যাতে অৰ্শবোৰ শুকাই যায়। তদুপৰি এই পৰ্যায়ত বেণ্ডিং প্ৰক্ৰিয়াৰেও অৰ্শৰ চিকিৎসা কৰিব পৰা যায়। এই প্ৰক্ৰিয়াত যন্ত্ৰৰ সহায়ত অৰ্শৰ একেবাৰে গুৰিত ৰাবাৰ বেণ্ড লগাই দিয়া হয় আৰু তাৰ ফলত অৰ্শবোৰ শুকাই যায়। অৰ্শ তৃতীয় বা চতুৰ্থ পৰ্যায়ৰ হ’লে অস্ত্ৰোপচাৰ কৰি অৰ্শ আঁতৰাবলগীয়া হয়। এই দুই পৰ্যায়ত ‘ষ্টেপলড হেমোৰয়ে ডোপেক্সী’ও কৰিব পৰা যায়। এই পদ্ধতিত বিশেষ এটা যন্ত্ৰৰ সহায়ত অৰ্শ বাদ দি তাৰ ওপৰৰ অংশটো চিলাই কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা হয়। এই পদ্ধতিৰে অৰ্শৰ চিকিৎসা কৰিলে মলদ্বাৰ সৰু হোৱাৰ আশংকা নাথাকে, যিটো আশংকা অৰ্শৰ সাধাৰণ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত থাকে।


ৰক্তপাতৰ অন্য কাৰণ:


অৰ্শ আৰু ফিছাৰৰ বাহিৰেও আন কেতবোৰ কাৰণতো মলনলী বা মলদ্বাৰৰপৰা ৰক্তক্ষৰণ হ’ব পাৰে; উদাহৰণস্বৰূপে, ‘ছলিটাৰী ৰেক্টেল আলচাৰ ছীণ্ড্ৰ’ম- যাৰ আৰম্ভণি ৰক্তপাত আৰু কোষ্ঠকাঠিন্যৰে হয়।
মলদ্বাৰ আৰু মলনলীৰ কেন্সাৰ:
মলনলীত কেন্সাৰ হ’লে মলনলী সৰু হৈ যাব পাৰে, শৌচ আবদ্ধ হৈ পৰিব পাৰে তথা ভালদৰে শৌচ নিষ্কাসন নহ’ব পাৰে। ৰক্তপাত হ’ব পাৰে। আনহাতে, মলদ্বাৰৰ কেন্সাৰৰ ক্ষেত্ৰত বাৰে বাৰে শৌচ কৰিব লগা হয় আৰু প্ৰতিবাৰতে শাঁওৰ দৰে সামান্য শৌচ হোৱাৰ লগতে ৰক্তপাত হয়। তদুপৰি পুৱা শুই উঠাৰ পিছত শৌচ কৰাৰ প্ৰৱণতা ৰোধ কৰিব নোৱৰা হয়। ইয়াৰ বাহিৰেও শৰীৰৰ ওজন কমি যোৱা, দুৰ্বলতা, ৰক্তাল্পতা প্ৰভৃতি অন্যান্য কেন্সাৰজনিত লক্ষণে দেখা দিয়ে।
অন্যান্য কেন্সাৰৰ লেখীয়াকৈ এই দুবিধ কেন্সাৰৰ ক্ষেত্ৰতো প্ৰথমে চোৱা হয় ৰোগ কি পৰ্যায়ত আছে। তাৰ পিছত হয় তাৎক্ষণিকভাৱে অস্ত্ৰোপচাৰ কৰা হয়, নহয় ঔষধৰ জৰিয়তে টেমুনা সৰু কৰাৰ পিছত অস্ত্ৰোপচাৰ কৰা হয়। মলনলীৰ কেন্সাৰৰ ক্ষেত্ৰত মলনলীৰ যিটো অংশতে কেন্সাৰ হয়, সেই অংশটোৰ লগতে কাষৰ বেছ কিছু অংশ কাটি উলিয়াই পেলোৱাৰ পিছত মলনলী জোৰা লগাই দিয়া হয়। আনহাতে, মলদ্বাৰৰ কেন্সাৰৰ ক্ষেত্ৰত, কেন্সাৰ খুব ভিতৰৰ ফালে থাকিলে, অস্ত্ৰোপচাৰ কৰি কেন্সাৰ হোৱা অংশটো আঁতৰাই পেলাই মলনলীৰ সৈতে জোৰা লগাই দিয়া হয়। মলদ্বাৰৰ সন্মুখৰ ফালে বা বাহিৰৰ ফালে কেন্সাৰ হ’লে গোটেই মলদ্বাৰটো আঁতৰাই পেলোৱা হয় আৰু স্থায়ীভাৱে পেটেৰে মল বাহিৰ কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়া হয়।


প্ৰতিৰোধৰ উপায়:


অৰ্শ, মলনলী আৰু মলদ্বাৰৰ কেন্সাৰ প্ৰভৃতি ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিবলগীয়া কথাটো হ’ল শৌচ সদায় খোলোচা কৰি ৰখাটো। কেন্সাৰত আক্ৰান্ত হোৱা লোকসকলৰ ৯৮ শতাংশৰেই দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্যত ভুগি থকাৰ ইতিহাস থাকে। প্ৰতিদিনে পৰ্যাপ্ত মাত্ৰাত বিশুদ্ধ পানী খাব লাগে। শাক-পাচলি আৰু ফল-মূল খোৱাত গুৰুত্ব দিব লাগে। মাংস, ফাষ্ট ফুড, ভজা-পোৰা খাদ্য যিমান পাৰি কমকৈ খাব লাগে। অধিক মাত্ৰাত তেল, জ্বলা-মচলা বা নিমখ দি ৰন্ধা খাদ্য খাব নালাগে। যিসকল লোকৰ নিকটাত্মীয়ৰ কেন্সাৰ হোৱাৰ ইতিহাস আছে, তেওঁলোক সতৰ্ক হৈ থাকিব লাগে আৰু সন্দেহজনক কিবা লক্ষণে দেখা দিলে ততালিকে চিকিৎসকৰ ওচৰ চাপিব লাগে। নিয়মিত ব্যায়াম কৰা তথা শৰীৰ নিৰ্মেদ কৰি ৰখা অত্যন্ত জৰুৰী। নিয়মিতভাৱে যোগৰ অনুশীলন কৰাৰ জৰিয়তে অন্যান্য সৰু-বৰ ৰোগৰ লগতে মলদ্বাৰত উৎপত্তি হোৱা ৰোগবোৰো বহুলাংশে প্ৰতিৰোধ কৰিব পাৰি। বিশেষকৈ অশ্বিনী মুদ্ৰা আৰু মূলবন্ধা মুদ্ৰাৰ অনুশীলনৰ জৰিয়তে মলদ্বাৰত উৎপত্তি হোৱা যিকোনো প্ৰকাৰৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি তথা এনে ৰোগৰপৰা আৰোগ্য লাভ কৰাটো সহজসাধ্য হৈ পৰে।

লেখক: অমল ভাগৱতী(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate