অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহৰ্ষি বাগভটৰ অষ্টাংগহৃদয়মত উল্লেখিত কিছুমান বেগ আৰু সেইবোৰ বাধাপ্ৰাপ্ত হোৱাৰ ফলত উৎপত্তি হব পৰা ৰোগ :

মহৰ্ষি বাগভটৰ অষ্টাংগহৃদয়মত উল্লেখিত কিছুমান বেগ আৰু সেইবোৰ বাধাপ্ৰাপ্ত হোৱাৰ ফলত উৎপত্তি হব পৰা ৰোগ :

আয়ুৰ্বেদ মতে, আমাৰ শৰীৰত কিছুমান বেগৰ সৃষ্টি হয় আৰু সেইবোৰ বাধা দি ৰাখিলে আমাৰ দেহত নানাধৰণৰ ৰোগ সৃষ্টি হব পাৰে। বৈ থকা নৈ এখন বাধাপ্ৰাপ্ত হলে যেনেকৈ পানীৰ ঢৌ উঠি ওপৰলৈ যায়, ঠিক তেনেদৰে আমাৰ শৰীৰৰ বেগবোৰ বাধাপ্ৰাপ্ত হলেও শৰীৰত চাপৰ সৃষ্টি হয়।এই বেগবোৰৰ ভিতৰত অপানবায়ু(পাদ), মল-মুত্ৰবেগ, হামিওৱা, নিদ্ৰা, হাচিওৱা, তৃষ্ণাবেগ,ক্ষুধাবেগ, কাহ, শুক্ৰবেগ, বমিঅহা, অশ্ৰুবেগ, শ্ৰমজনিত শ্বাসবেগ, উগাৰ অহা অন্যতম।।

অপানবায়ুবেগ ৰোধজনিত ৰোগ -

লজ্জাবোধৰ বাবেই হওক বা অন্যান্য কাৰণতেই হওক, এই বেগ ৰখোৱাৰ ফলত উদৰ সংক্ৰান্তীয় বিভিন্ন ৰোগ, শাৰীৰিক দূৰ্বলতা, নেত্ৰৰোগ, হৃদয়জনিত ৰোগ উৎপন্ন হব পাৰে।

  • মুত্ৰবেগঃ-দীঘলীয়া বাছযাত্ৰা, মুত্ৰাগাৰৰ সুবিধা উপলব্ধ নথকা বা অন্যান্য বিভিন্ন কাৰণত বহুসময় ধৰি মুত্ৰবেগ ৰোধ কৰিবলগীয়া হলে শৰীৰত প্ৰচণ্ড চাপ পৰে আৰু ইয়াৰ ফলত ৰক্তবিকাৰ, পাথৰীৰোগ হব পাৰে। ইয়াৰ উপৰিও মুত্ৰত্যাগৰ সময়ত বিষ, মুত্ৰনলী,মুত্ৰাশয়, বৃক্ক আদিতো বিষ হব পাৰে।
  • মলবেগ ৰোধজনিত ৰোগঃ- বিভিন্ন কাৰণত মলবেগ বহুসময় ধৰি ৰোধ কৰি ৰাখিলে মুৰৰ বিষ, মুখৰ দুৰ্গন্ধ, উগাৰ অহা আৰু উদৰ সংক্ৰান্তীয় বিভিন্ন ৰোগ হব পাৰে।
  • হামি ৰোধজনিত ৰোগঃ- শৰীৰত অক্সিজেনৰ অভাৱ ঘটিলে হামি ভাৱ আহে আৰু শৰীৰে আমাক সম্পূৰ্ণ নাক, মুখ মেলি উশাহ লবলৈ নিৰ্দেশ দিয়ে। কিন্তু কেতিয়াবা আমি মুখত হাত দিয়েই হওক বা বেলেগ উপায়েৰেই হওক ইয়াক ৰোধ কৰিবলৈ চেষ্টা কৰা দেখা যায়। ইয়াৰ ফলত প্ৰধানকৈ হৃদয়জনিত আৰু শ্বাসজনিত বিভিন্ন ৰোগ উৎপন্ন হোৱাৰ সম্ভাৱনা থাকে।
  • হাচি ৰোধজনিত ৰোগঃ- জোৰকৈ হাচি অহা বন্ধ কৰিবলৈ চেষ্টা কৰাৰ ফলত বিভিন্ন ৰোগ বিশেষকৈ মূৰৰ বিষ, কাণ আদি জ্ঞানেন্দ্ৰিয়ৰ দূৰ্বলতা হব পাৰে।
  • অশ্ৰুবেগ ৰোধজনিত ৰোগঃ- অত্যন্ত শোকত বা অত্যন্ত আনন্দত অশ্ৰু ওলায়। ইয়াক আবেগেৰে জোৰকৈ ৰোধ কৰিব চেষ্টা কৰিলে নানাধৰণৰ ৰোগ সৃষ্টি হব পাৰে। অশ্ৰুবেগ ৰোধৰ ফলত প্ৰধানকৈ নেত্ৰৰোগ, মূৰঘূৰোৱা,অৰুচি, হৃদয়ৰোগ আদি হয়।
  • নিদ্ৰাবেগ ৰোধজনিত ৰোগঃ-- নিদ্ৰা জোৰকৈ ৰোধ কৰি ৰখা বা গভীৰ টোপনিত থকা কাৰোবাক জগোৱা এই দুয়োটাৰে ফলস্বৰূপে বিভিন্ন ৰোগ যেনে- মূৰ্ছা যোৱা, চকু আৰু মূৰৰ গধুৰতা, আলস্য আদি হব পাৰে।
  • তৃষ্ণাবেগ ৰোধজনিত ৰোগঃ- যিকোনো কাৰণতেই হওক পিয়াহ লাগিলেও বহু সময়লৈ পানী নোখোৱাকৈ থকাৰ ফলত বিভিন্ন ৰোগ বিশেষকৈ শাৰীৰিক শিথিলতা , মুখগহ্বৰ শুকাই যোৱা, মুৰঘূৰণি, মূৰ্ছাযোৱা আদি হব পাৰে।
  • উগাৰবেগ ৰোধজনিত ৰোগঃ- উগাৰ ৰখোৱাৰ ফলত অৰুচি, অভোক, শৰীৰত কম্পন, হিকটি অহা, হৃদয়ৰ গতি হ্ৰাস হোৱা ইত্যাদি ৰোগ হব পাৰে।
  • বমিৰ বেগ ৰোধজনিত ৰোগঃ- সাধাৰণভাৱে হোৱা বমি জোৰকৈ বন্ধ কৰাৰ ফলত কুষ্ঠৰোগ, নেত্ৰৰোগ, পাণ্ডুৰোগ, জ্বৰ, কাহ আদি ৰোগ হব পাৰে।
  • ক্ষুধাবেগ ৰোধজনিত ৰোগঃ- অতি ভোক লগাৰ সময়ত(উপবাসক বাদে) বহু সময়লৈ একো খাব নোৱাৰিলে বিভিন্ন ৰোগ উৎপন্ন হব পাৰে। ইয়াৰ ফলত অৰুচি, অম্লশূল, মূৰঘূৰোৱা, শৰীৰত বিষ আদি হব পাৰে।
  • কাহবেগ ৰোধজনিত ৰোগঃ- পৰিস্থিতি অনুযায়ী কেতিয়াবা কাহৰ বেগ ৰোধ কৰিবলৈ কৰা চেষ্টাৰ ফলত কাহবৃদ্ধি, শ্বাসৰোগ, অৰুচি,হৃদৰোগ আদি হব পাৰে।
  • শ্ৰমজনিত শ্বাসবেগ ৰোধ কৰাৰ বাবে হোৱা ৰোগঃ-পৰিশ্ৰমৰ কাৰণে উৎপন্ন হোৱা শ্বাস-প্ৰশ্বাসৰ গতিবেগ ৰোধ কৰাৰ ফলত হৃদয় সম্বন্ধীয় ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
  • শুক্ৰবেগঃ- শুক্ৰবেগ ৰোধ কৰাৰ ফলত মুত্ৰৰ লগত শুক্ৰ বাহিৰ হোৱা, লিংগত পীড়া, জ্বৰ, অণ্ডকোষ বৃদ্ধি, নপুংসকতা আদি ৰোগ হব পাৰে।

আমি যিমান সম্ভৱ, এই বেগবোৰ বাধা দিব নালাগে। কাৰণ বহুদিন বা বহুসময় ধৰি এই বেগবোৰ ৰোধ কৰি ৰখাৰ ফলত আমাৰ শৰীৰত ইয়াৰ কুপ্ৰভাৱ পৰাতো খাটাং ।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate