অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুত্ৰতন্ত্ৰৰ শিলাৰোগ কিডনী ষ্টোন

ইয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ

বৃক্ক,মুত্ৰবাহী নল,মুত্ৰাশয় আদিৰ শিলাৰোগ

সাধাৰণতে মুল জনসংখ্যাৰ প্ৰায় ২-৩ শতাংশ লোক মুলমন্ত্ৰৰ শিলাৰোগত আক্ৰান্ত হোৱা দেখা যায়।পুৰুষ আৰু মহিলাৰ সমৰাখি হ’ল ৩:১।মৰুভুমি আৰু পৰ্বতাঞ্চলত বসবাস কৰা লোক এই ৰোগত বেছিকৈ আক্ৰান্ত হয়।প্ৰায় ২৫ শতাংশ ৰোগীৰ ক্ষেত্ৰত পৰিয়ালৰ আন সদস্য এই ৰোগত আক্ৰান্ত হোৱাৰ দৃষ্টান্ত আছে।আনহাতে,মুত্ৰতন্ত্ৰৰ জন্মগত অস্বাভাৱিক ৰোগ (আসোঁৱাহ)যেনে-মুত্ৰবাহী নলৰ অৱৰোধৰ বাবেও বৃক্কশিলা ৰোগ হ’ব পাৰে।সচৰাচৰ হোৱা চাৰিবিধ শিলা হৈছে কেলচিয়াম অক্সেলেট,ইউৰিক এচিড,ছিছটিন আৰু ষ্ট্ৰভাইট।

ৰোগ নিদান

মানুহৰ প্ৰস্ৰাৱত বিভিন্ন ধৰণৰ লৱণ আৰু ৰাসয়নিক পদাৰ্থ থাকে।স্বাভাৱিক এই পদাৰ্থসমুহ প্ৰস্ৰাৱত দ্ৰৱণীয় হোৱাৰ বাবে,প্ৰস্ৰাৱৰ লগত নিৰ্গত হয়।আনহাতে,বিভিন্ন কাৰণত প্ৰস্ৰাৱৰ লৱণ তথা অন্যান্য পদাৰ্থসমুহৰ মাত্ৰা বৃদ্ধি হৈ নিৰ্মল ফটিকলৈ পৰিৱৰ্তন হয়।এই সকলোবোৰ গোট মাৰি বৃক্কশিলা সৃষ্টি হয়।বাৰম্বাৰ প্ৰস্ৰাৱত ৰোগসঞ্চাৰ হৈ থাকিলেও কিছুমান বৃক্কশিলা গঠন হৈ প্ৰস্ৰাৱ নি:সৰণত বাধাৰ সৃষ্টি হয়।মুত্ৰতন্ত্ৰৰ বৃক্ক আৰু মুত্ৰাশয়ত শিলাৰ সৃষ্টি হয়।

আনহাতে,বৃক্কশিলা পাৰ হৈ আহি মুত্ৰবাহী নলত স্থিতি লৈ প্ৰস্ৰাৱ নি:সৰণত অৱৰোধ সৃষ্টি কৰে।পানী বা অন্য জুলীয়া পদাৰ্থ কমকৈ সেৱন কৰা,মুত্ৰতন্ত্ৰৰ ৰোগসঞ্চাৰ,অধিক প্ৰটিনযুক্ত আহাৰ গ্ৰহণ,নাড়ীৰ দমলাদমলি ৰোগ,অস্ত্ৰোপচাৰৰ দ্বাৰা সামান্য নাড়ীৰ অংশ ছেদন,গলগ্ৰন্থিৰ মৌলিক অত্যধিক তৎপৰতা,তথা গাঁঠিয়া ৰোগত আক্ৰান্ত ৰোগী বৃক্কশিলা ৰোগত ভোগাটো সচৰাচৰ দেখা যায়।নিশ্চল জীৱন প্ৰণালী তথা কিছুমান ঔষধ সেৱন কৰিলেও বৃক্কত শিলাৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণসমুহ-

বৃক্ক তথা মুত্ৰবাহী নলত শিলা সৃষ্টি হৈ প্ৰস্ৰাৱ নি:সৰণত বাধাৰ সৃষ্টি কৰিলে নিম্নলিখিত উপসৰ্গসমুহে ধৰা দিব পাৰে।

(১)হঠাতে আৰম্ভ হোৱা ওপৰ / তল পেটৰ বিষ-এই বিষ পিঠিৰফালে নতুবা সেইফালৰ অণ্ডকোষলৈ নাইবা যোনিদ্বাৰালৈ বিকিৰণ হ’ব পাৰে।

(২)বমিৰ ভাব বা বমি হোৱা।

(৩)প্ৰস্ৰাৱৰ বিৰক্তিকৰ লক্ষণসমুহৰ সংমিশ্ৰণ

(৪)প্ৰস্ৰাৱৰ লগত তেজ নিৰ্গত হোৱা

(৫)বাৰম্বাৰ প্ৰস্ৰাৱৰ ৰোগসঞ্চাৰ

(৬)মাজে মাজে জ্বৰ হোৱা

(৭)প্ৰস্ৰাৱ বন্ধ হৈ যোৱা (বিশেষকৈ মুত্ৰাশয়ৰ শিলাৰোগত)এনে লক্ষণত ভোগা ৰোগীৰ সঠিক শাৰীৰিক পৰীক্ষা কৰাৰ পিছত নিম্নলিখিত পৰীক্ষাসমুহ কৰিলে শিলাৰোগ সহজতে ধৰা পেলাব পাৰি।

(১)প্ৰস্ৰাৱ পৰীক্ষা-(প্ৰস্ৰাৱত বীজাণুৰ শুংসুত্ৰ ওলোৱা)

-প্ৰস্ৰাৱৰ লগত নিৰ্গত হোৱা স্ফটিক

-প্ৰস্ৰাৱত ক্ষাৰ আৰু এচিডৰ পৰিমাণ নিৰ্ণয়

(২)তেজ পৰীক্ষা

(৩)ৰঞ্জনৰশ্মি-(বৃক্ক –মুত্ৰবাহী নল-মুত্ৰাশয় সম্বলিত )

(৪)অতিৰিক্ত ধ্বনিৰ দ্বাৰা মুত্ৰতন্ত্ৰ বিশ্লেষণ

(৫)অন্ত:সিৰা মুত্ৰতন্ত্ৰৰ ৰঞ্জনৰশ্মি (IVU)আৰু শেহতীয়াকৈ

(৬)কম্পিউটাৰযোগে কৰা অংগবিশ্লেষণ (CT Scan,CT Urography)

ৰোগ চিকিৎসা-

 

যিসকল ৰোগী হঠাতে যন্ত্ৰণাৰ দ্বাৰা আক্ৰান্ত হয়,তেনে ৰোগীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰি,অন্ত:সিৰা প্ৰবাহী,পদাৰ্থ ,যন্ত্ৰণানাশক দ্ৰব্য আদি দি উপশম ঘটোৱা উচিত।এনে যন্ত্ৰণাৰ পৰা সাময়িকভাৱে মুক্ত হোৱাৰ পিছত উপৰিউক্ত পৰীক্ষাসমুহ কৰি মুত্ৰতন্ত্ৰৰ কোন ঠাইত শিলাৰোগ হৈছে,ইয়াৰ আকাৰ কিমান,নিৰ্ণয় কৰি প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হয়।মুত্ৰতন্ত্ৰৰ শিলাৰ আকাৰ,স্থিতি তথা উপাদান অনুযায়ী ইয়াৰ চিকিৎসা পদ্ধতিও বেলেগ বেলেগ হয়।

মুত্ৰতন্ত্ৰৰ দ্বাৰেৰে নিজে নিজে সৰু শিলাসমুহ প্ৰস্ৰাৱৰ লগত নিৰ্গত হ’ব পাৰে।এনে ধৰণে নিৰ্গত হোৱাৰ হাৰ হৈছে-

শিলাৰ আকাৰ

৪ মি.মি   ৪-৬ মি.মি.

৬ মি.মি

এবছৰৰ ভিতৰত

নিজে নিজে নিৰ্গত ৯০% ৬০  % ২০ % হোৱাৰ হাৰ

বৃক্কশিলাৰ চিকিৎসা

যিকোনো বৃক্কশিলাৰ আকাৰ যদি ২ চে:মি:তকৈ হয় (কেলচিয়াম অক্সেলেট/ছিছটিন শিলাৰ ক্ষেত্ৰত ১.৫ চে.মি., বৃক্কৰ তলৰ অংশত থিতাপি লোৱা শিলাৰ ক্ষেত্ৰত ১ চে.মি.)আৰু যদি দুয়োটা বৃক্ক কৰ্মশীল অৱস্থাত আছে আৰু প্ৰস্ৰাৱ নি:সৰণত সম্পুৰ্ণ অৱৰোধ সৃষ্টি হোৱা নাই,তেন্তে এনেবোৰ বৃক্কশিলাক প্ৰথমতে ‘অতিৰিক্ত কায়যুক্ত ঠেকা তৰংগৰ দ্বাৰা শিলা গুড়িকৰণ’ৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়।কেতিয়াবা এই শক্তি দুই বা তিনিবাৰ প্ৰয়োগ কৰিব লগা হয়।আনহাতে,২ চে.মি.তকৈ ডাঙৰহৰিণ শিঙীয়া আকাৰৰ বৃক্কশিলা ,১.৫ চে.মি.তকৈ ডাঙৰ কে অ/ছিছটিন শিলা তথা ১ চে.মি. তকৈ ডাঙৰ বৃক্কৰ তলত থিতাপি লোৱা শিলাক প্ৰথমতে এটি সৰু ফুটা কৰি ভিতৰতে গুড়ি কৰি শিলা বাহিৰ কৰা আধুনিক অস্ত্ৰোপচাৰ প্ৰয়োগ কৰা হয়।এনে পদ্ধতিক “ত্বচা সুক্ষ্ম ছিদ্ৰযোগে বৃক্কশিলা বাহিৰ কৰা পদ্ধতি (Per Cutananeos Nephrolithotomy,চমুকৈ PCNL)বুলি নামকৰণ কৰা হৈছে।আনহাতে,বৃক্কশিলাৰ চৰিত্ৰ অধিক জটিল হ’লে মুক্ত অস্ত্ৰোপচাৰ কৰি ৰোগৰ উপশম ঘটোৱা হয়।শেহতীয়াকৈ ১-২ চে.মি. বৃক্ক শিলাবোৰক মুত্ৰদ্বাৰেৰে যন্ত্ৰ ভৰাই লেজাৰ শক্তি প্ৰয়োগ কৰি (RIRS)সাফল্য লাভ কৰা পৰিলক্ষিত হৈছে।

আনহাতে,বহুক্ষেত্ৰত দেখা যায় যে ৰোগী তথা আপোনজনৰ অৱহেলাৰ বাবে বহুদিন ধৰি বৃক্কশিলা ৰোগত ভুগি থকা ৰোগীয়ে সময়মতে চিকিৎসকৰ পৰামৰ্শ নোলোৱাৰ বাবে শিলাৰে ভৰা বৃক্কত পুঁজ জমা হৈ সম্পুৰ্ণভাৱে বিকল হৈ পৰে।

এনে ৰোগীৰ জীৱন বচাবলৈ বিকল হোৱা বৃক্কটো অস্ত্ৰোপচাৰৰ দ্বাৰা ছেদন কৰি ৰোগৰ উপশম ঘটাব লগাত পৰে।যিহেতুকে বৃক্কশিলা ৰোগৰ চিকিৎসাৰ বাবে বিভিন্ন সংক্ষেপে কৰা অস্ত্ৰোপচাৰ পদ্ধতি প্ৰচলিত আছে,সেয়েহে এনে ৰোগৰ চিকিৎসাৰ বাবে লেপাৰ’স্কপী পদ্ধতিৰ প্ৰয়োগ তেনেই সীমিত।

বিভিন্ন পদ্ধতিৰে শিলামুক্ত হোৱাৰ হাৰ হ’ল এনেধৰণৰ (প্ৰেমিংগাৰ আৰু সতীৰ্থবৃন্দ,২০০৫)

(১)ত্বচাসুক্ষ্ম ছিদ্ৰযোগে বৃক্কশিলা বাহিৰ কৰা-৭৪%

(২)অতিৰিক্ত কায়যুক্ত ঠেকা তংৰগ-৫০%

(৩)ত্বচা সুক্ষ্ম ছিদ্ৰ অতিৰিক্ত কায়যুক্ত ঠেকা তৰংগৰ প্ৰয়োগ-৬৬ %

লেখক:ডা: শশাংক কুমাৰ বৰুৱা (সুকন্যা)

শেহতীয়া উন্নীতকৰণ: : 5/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate