অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুত্ৰতন্ত্ৰৰ সংক্ৰমণ কি

বৃক্ক,ইউৰেটাৰ,মুত্ৰথলী আৰু ইউৰেথ্ৰাৰদ্বাৰা মুত্ৰতন্ত্ৰ গঠিত।এই অংগবোৰৰ যিকোনো এটা অংগত হোৱা সংক্ৰমণক ‘মুত্ৰতন্ত্ৰৰ সংক্ৰমণ’বুলি কোৱা হয়।ইংৰাজীত ইয়াক ‘ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন ‘আৰু চমুকৈ ‘ইউ টি আই’বুলি কোৱা হয়।ই-কলাই বেক্টেৰিয়া হৈছে প্ৰধানত:মুত্ৰতন্ত্ৰৰ সংক্ৰমণৰ কাৰক।আন বেক্টেৰিয়া (যেনে-ক্লেবচিয়েলা,প্ৰ’টিয়াছ,ছিউডোমোনাছ,ষ্ট্ৰেপ্টেকোকাছ,ষ্টেফাইলোকোকাছ,ক্লেমাইডিয়া আদি),ভেকুঁৰ আৰু পৰজীৱীও মুত্ৰতন্ত্ৰৰ সংক্ৰমণৰ কাৰক হ’ব পাৰে।সাধাৰণতে এই বেক্টেৰিয়াবোৰ অলপ কম পৰিমাণে ইউৰেথ্ৰাৰ ওচৰে-পাঁজৰে আৰু সন্মুখ ভাগত থাকে।মুত্ৰতন্ত্ৰৰ গাঁথনি,কৰ্মপদ্ধতি আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা সঠিক অৱস্থাত থাকিলে এই বেক্টেৰিয়াবোৰে মুত্ৰতন্ত্ৰৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰি।কিন্তু ইয়াৰ তাৰতম্য ঘটিলেই বেক্টেৰিয়াবোৰে মুত্ৰতন্ত্ৰৰ ভিতৰত বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে।প্ৰস্ৰাৱ যিহেতু বেক্টেৰিয়া বৰ্দ্ধনৰ উৎকৃষ্ট মাধ্যম,সেয়েহে বেক্টেৰিয়াবোৰে তৰিৎ গতিৰে বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে।তেতিয়াই এই বেক্টেৰিয়াবোৰে ইউৰেথ্ৰাৰ পৰা ক্ৰমে ওপৰলৈ মুত্ৰাশয়,বৃক্কপৰ্যন্ত গতি কৰিব পাৰে।গতিকে সহজ ভাষাত ক’বলৈ গ’লে মুত্ৰতন্ত্ৰৰ সংক্ৰমণ হ’ল,মুত্ৰতন্ত্ৰৰ বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি।মুত্ৰতন্ত্ৰৰ সংক্ৰমণ লক্ষণহীন (Asymptomatic)অথবা লক্ষণযুক্ত (Symptomatic)যিকোনো প্ৰকাৰৰ হ’ব পাৰে।লক্ষণহীন মুত্ৰতন্ত্ৰৰ সংক্ৰমণত (Asymptomatic UTI)সংক্ৰমিত ব্যক্তিজনৰ শৰীৰত সংক্ৰমণৰ কোনো উপসৰ্গ দেখা নাযায়।কিন্তু প্ৰতি মিলিলিটাৰ প্ৰস্ৰাৱত ১০,০০০ তকৈ অধিক বেক্টেৰিয়া থাকে।প্ৰায় এক শতাংশ এবছৰ বয়সৰ তলৰ শিশু,এক শতাংশ স্কুলীয়া ছাত্ৰী,০.০৩ শতংশ স্কুলীয়া ছাত্ৰ,তিনি শতাংশ মহিলা,পাঁচ শতাংশ গৰ্ভৱতী মহিলা লক্ষণহীন মুত্ৰতন্ত্ৰৰ সংক্ৰমণত ভোগা দেখা যায়।

 

সমাজৰ বেছিভাগ লোকেই লক্ষণযুক্ত নিম্ন মুত্ৰতন্ত্ৰৰ সংক্ৰমণত (Symptomatic Lower UTI)ভোগা দেখা যায়। যায়।এই বিধ মুত্ৰতন্ত্ৰৰ সংক্ৰমণত বেক্টেৰিয়া ইউৰেথ্ৰাৰ পৰা মুত্ৰথলী পৰ্যন্ত সংক্ৰমিত হোৱা দেখা যায়।কেতিয়াবা মুত্ৰতন্ত্ৰৰ ভিতৰুৱা বিসংগতিৰ বাবে বাৰে বাৰে একেজন ব্যক্তিয়ে মুত্ৰতন্ত্ৰৰ সংক্ৰমণত ভোগে।ইয়াক Recurrent UTI  বুলি কোৱা হয়।বেক্টেৰিয়াবোৰে মুত্ৰথলীৰ পৰা ক্ৰমান্বয়ে আগুৱাই গৈ বৃক্ক সংক্ৰমিত কৰি ‘পায়েলোনেফ্ৰাইটিছ’(Pyelonephritis)ৰোগ সৃষ্টি কৰাৰ উপৰি গোটেই শৰীৰলৈ সংক্ৰমণ বিয়পাই ছেপ্টিছিমিয়া (Septicemia)পৰ্যন্ত ঘটাই মানুহক মৃত্যুমুখত পেলাব পাৰে।

মূত্ৰ্তন্ত্ৰৰ স্ংক্ৰমণ

 

মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণৰ কাৰকসমূহ

১|বীজাণু হৈছে মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণৰ মূল কাৰক।সাধাৰণতে এই বীজাণু বেক্টেৰিয়াবোৰ থাকে মানুহৰ বৃহদান্ত্ৰত।ই শৌচৰ লগত ওলাই অলপ কম পৰিমাণে ইউৰেথ্ৰাৰ ওচৰে-পাঁজৰে আৰু সন্মুখভাগত থাকে।মূত্ৰতন্ত্ৰত স্ংক্ৰমণ হ’বলৈ হ’লে এই বেক্টেৰিয়াবোৰ ইউৰেথ্ৰাৰ মাজেৰে প্ৰ্ৱেশ কৰি মূত্ৰথলী অথবা ওপৰলৈ বৃক্ক পৰ্যন্ত গতি কৰিব পাৰে।

২|পুৰুষৰ তুলনাত মহিলাৰ ইউৰেথ্ৰা চুটি ইউৰেথ্ৰাৰ মুখ আৰু শৌচাদ্বাৰ বেছি ওচৰা-উচৰি।সেয়েহে মহিলাৰ ক্ষেত্ৰত শৌচাদ্বাৰৰ পৰা এই বেক্টেৰিয়াবোৰে সহজতে মূত্ৰতন্ত্ৰত প্ৰৱেশ কৰি স্ংক্ৰমণ ঘটাব পাৰে।

৩|সহবাসো মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণৰ কাৰক হ’ব পাৰে।যদি যৌনস্ংগী এজন মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণত ভুগি থাকে,তেন্তে সহবাসৰ সময়ত স্ংস্পৰ্শৰদ্বাৰা আনজন স্ংগীও স্ংক্ৰমিত হোৱাৰ আশ্ংকা থাকে।তদুপৰি সহবাসৰ সময়ত ইউৰেথ্ৰাৰ আঘাট হ’লেও পেৰিনিয়ামৰ পৰা বেক্টেৰিয়া ইউৰেথ্ৰালৈ গতি কৰি মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ ঘটাব পাৰে।

৪|প্ৰস্ৰাৱ কৰোঁতে মূত্ৰথলী সম্পূৰ্ণভাৱে খালী নহ’লেও মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ হ’ব পাৰে।মূত্ৰনলী(ইউৰেথ্ৰা)যদি আংশিকভাৱে বন্ধ হয়,তেন্তে প্ৰস্ৰাৱ কৰোঁতে মূত্ৰথলী সম্পূৰ্ণ খালী নহ’ব পাৰে।মূত্ৰনলী আংশিকভাৱে বন্ধ হোৱাৰ কাৰণবোৰ হ’ল-পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধি, মহিলাৰ ইউটেৰাইন প্ৰলাস্প, মূত্ৰনলীৰ পাথৰ, মূত্ৰনলীত হোৱা ষ্ট্ৰিকচাৰ বা টিউমাৰ, ডায়েবেটিছ আৰু স্নায়ুৰোগ ইত্যাদি।

৫|ইউৰেথ্ৰাত বহুদিন ধৰি কথেটাৰ দিয়া থাকিলেও মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ হ’ব পাৰে।

৬|যৌনতন্ত্ৰৰ স্ংক্ৰমণ থাকিলে ই মূত্ৰতন্ত্ৰলৈ স্ংক্ৰমিত হ’ব পাৰে।

৭|শৰীৰৰ নিম্নাংশ(যৌনাংগ, ইউৰেথ্ৰাৰ মুখ, শৌচদ্বাৰ আদি)লেতেৰা হৈ থাকিলেও মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ হ’ব পাৰে।

৮|লেতেৰা, অপৰিষ্কাৰ, সেমেকা অথবা তিতা অন্তৰ্বাস বা কাপোৰ পিন্ধি থাকিলেও মূত্ৰতন্ত্ৰত স্ংক্ৰমণ হ’ব পাৰে।

৯|শৰীৰৰ নিম্নাংশ লেতেৰা, দূষিত পানীৰে ধুলেও মূত্ৰতন্ত্ৰত স্ংক্ৰমণ হ’ব পাৰে।

১০|শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহিলেও মূত্ৰতন্ত্ৰত স্ংক্ৰমণ হোৱাৰ আশ্ংকা বাঢ়ি যায়।

১১|ডায়েবেটিছ ৰোগীৰ প্ৰস্ৰাৱত যিহেতু গ্লুক’জ অধিক মাত্ৰাত থাকে আৰু বেক্টেৰিয়াবোৰৰ বাবে এই গ্লুক’জ যিহেতু অন্যতম খাদ্য, সেয়েহে এনে ৰোগীৰ ক্ষেত্ৰত মূত্ৰতন্ত্ৰত স্ংক্ৰমণৰ আশ্ংকা থাকে।

মূত্ৰতন্ত্ৰত স্ংক্ৰমণৰ লক্ষণ

 

মূত্ৰতন্ত্ৰত স্ংক্ৰমণৰ লক্ষণ অতি স্পষ্ট।সেইবোৰ হ’ল-

১|সঘনাই প্ৰস্ৰাৱ কৰিব লগা হোৱা, ২|প্ৰ্স্ৰাৱৰ সময়ত জ্বলন অনুভৱ হোৱা, ৩|বাৰে বাৰে প্ৰস্ৰাৱ অনুভৱ হ’লেও প্ৰস্ৰাৱ কৰিবলৈ ল’লে মূত্ৰ নিৰ্গত নোহোৱা, ৪|প্ৰ্স্ৰাৱৰ সময়ত মূত্ৰনলীত বিষ অনুভৱ হোৱা, ৫|প্ৰ্স্ৰাৱ কৰাৰ সময়ত বা ঠিক পিছতে তলপেটত বিষ অনুভৱ হোৱা, ৬|প্ৰস্ৰাৱ ৰঙচুৱা হোৱা বা বেয়া গোন্ধোৱা,৭|কামিহাড়ৰ তলত পিঠিৰ পিনে বৃক্কৰ ওচৰত বিষ অনুভৱ হোৱা, ৮|জ্বৰ আৰু চৰ্দি হোৱা, ৯|বমি আৰু মূৰৰ বিষ হোৱা, ১০|এলেহুৱা অনুভৱ হোৱা।

মূত্ৰতন্ত্ৰত স্ংক্ৰমণৰ চিনাক্তকৰণ

 

মূত্ৰতন্ত্ৰত স্ংক্ৰমণৰ অতি স্পষ্ট লক্ষণ আৰু প্ৰস্ৰাৱৰ পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ চিনাক্ত কৰিব পাৰি।সাধাৰণতে প্ৰস্ৰাৱত Pus Cell      আৰু বেক্টেৰিয়া থাকে।প্ৰ্স্ৰাৱ কালচাৰ কৰিলে বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ি অহা দেখা যায়।যদি প্ৰস্ৰাৱত Pus Cell থাকে, তেন্তে প্ৰস্ৰাৱত কম বেক্টেৰিয়া থাকিলেও মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ অৰ্ধবোধক হয়।কিন্ত্ত লক্ষণহীন মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ থিৰাং কৰিবলৈ হ’লে প্ৰতি মিলিলিটাৰ প্ৰ্স্ৰাৱত ১০ হেজাৰতকৈ অধিক বেক্টেৰিয়া থাকিবই লাগিব।তদুপৰি তেজ পৰীক্ষা কৰিলে শ্বেতৰক্ত কণিকাৰ(WBC)আৰু নিউট্ৰফিলৰ পৰিমাণ বাঢ়ি অহা দেখা যায়।তেজত ইউৰিয়া, ক্ৰিয়েটিনিন আদিৰ পৰিমাণো বাঢ়িব পাৰে।মূত্ৰতন্ত্ৰৰ ভিতৰুৱা কাৰণৰ বাবে মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ হ’লে, চিনাক্তকৰণ বাবে ছন’গ্ৰাফী, চি টি স্কেন, আই ভি পি, ছিষ্টোস্ক’পী আদিও কৰিব লগা হ’ব পাৰে।

মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণৰ চিকিৎসা

 

১|চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এণ্টিবায়’টিক খাব লাগে, ২|জিৰণি ল’ব লাগে আৰু প্ৰ্চুৰ পৰিমাণে জুলীয়া আহাৰ খাব লাগে, ৩|যথেষ্ট পানী(প্ৰ্তিদিনে কমেও দুই লিটাৰ)খাব লাগে, ৪|প্ৰ্স্ৰাৱ এলকালাইজিং কৰা দৰৱ খাব পাৰি, ৫|কেতিয়াবা এণ্টিবায়’টিক খালেও সুস্থ নোহোৱা আৰু পুনৰ কৰা প্ৰস্ৰাৱ কালচাৰত বেক্টেৰিয়া দেখা যায়।তেতিয়া বুজিব লাগিব যে মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণৰ কাৰণ মূত্ৰতন্ত্ৰৰ অন্য ভিতৰুৱা বিজুতি।এই বিজুতিৰ চিকিৎসা কৰিব লাগে,৬|বাৰে বাৰে মূত্ৰতন্ত্ৰৰ স্ংক্ৰমণ হৈ থাকিলে আৰু ভিতৰুৱা বিজুতি থিৰাং কৰিব নোৱাৰিলে, স্ংক্ৰমণ প্ৰ্শমিত কৰাৰ বাবে মাজে মাজে এণ্টিবায়’টিক খাই থাকিব লাগে।ছমাহৰ মূৰে মূৰে নিয়মিত্ভাৱে প্ৰস্ৰাৱ কালচাৰ কৰি সলাই সলাই এণ্টিবায়’টিক খাব লাগে,

মূত্ৰতন্ত্ৰত স্ংক্ৰমণৰ জটিলতা

সঠিক সময়ত চিকিৎসা নকৰিলে মূত্ৰতন্ত্ৰণৰ স্ংক্ৰমণ বৃক্কলৈ বিয়পি ‘পায়েলোনেফ্ৰাইটিছ’(Pyelonephritis)     ৰোগ সৃষ্টি কৰি বৃক্কৰ অচল অৱস্থা সৃষ্টি কৰিব পাৰে।আনকি গোটেই শৰীৰলৈ স্ংক্ৰমণ বিয়পি ছেপ্টিছিমিয়া(Septicemia)হৈ মানুহৰ মৃত্যুও হ’ব পাৰে।

প্ৰ্তিৰোধৰ উপায়

 

১|প্ৰ্তিদিনে কমেও দুই লিটাৰ পানী খাব লাগে,

২|প্ৰ্স্ৰাৱ কৰোতে মূত্ৰথলী সম্পূৰ্ণভাৱে খালী কৰিব লাগে।যদি প্ৰ্স্ৰাৱ নিৰ্গমন অসম্পূৰ্ণ যেন অনুভৱ হয়, তেন্তে প্ৰথম প্ৰস্ৰাৱ কৰাৰ পোন্ধৰ মিনিট পিছত পুনৰ প্ৰস্ৰাৱ কৰাৰ উচিত।

৩|ব্যক্তিগত্ভাৱে শৰীৰৰ নিম্নাংশ বিশেষকৈ ইউৰেথ্ৰাৰ ওচৰ অংশ চাফ-চিকুণ কৰি ৰাখিব লাগে,

৪|সহবাস কৰাৰ আগতে আৰু পিছতো প্ৰস্ৰাৱ কৰি ল’ব লাগে আৰু যৌনাংগ ধুই ল’ব লাগে।

৫|পায়সানা কৰাৰ পিছত ধোৱাৰ সময়ত পানী আগফালৰ পৰা পাছপিনে মাৰিব লাগে।পাছপিনৰ পৰা আগপিনলৈ মাৰিলে পানীৰ সৈতে পায়সানা মূত্ৰনলীৰ পিনে আহিব পাৰে আৰু তেতিয়া তাত থকা বেক্টেৰিয়াই মূত্ৰতন্ত্ৰত স্ংক্ৰমণ ঘটাব পাৰে।লেতেৰা, অপৰিষ্কাৰ পানী ধোৱৰ বাবে ব্যৱহাৰ কৰিব নালাগে

৬|লেতেৰা, অপৰিষ্কাৰ, সেমেকা অথবা তিতা অন্তৰ্বাস বা কাপোৰ পিন্ধিব নালাগে

৭|কেঁচুৱা বা শিশুক নাঙঠ হৈ মজিয়াত খেলিবলৈ দিব নালাগে

৮|যৌনতন্ত্ৰৰ স্ংক্ৰমণ থাকিলে চিকিৎসা কৰিব লাগে, নহ’লে যৌনতন্ত্ৰৰ স্ংক্ৰমণ মূত্ৰতন্ত্ৰলৈ স্ংক্ৰমিত হ’ব পাৰে

৯|ডায়েবেটিছ আৰু স্নায়ুতন্ত্ৰৰ ৰোগ থাকিলে চিকিৎসা কৰিব লাগে।

১০|প্ৰ্চুৰ ফলৰ ৰস খাব লাগে।

লেখক- ড: ধৰ্মকান্ত কুম্ভকাৰ (নিয়মীয়া বাৰ্তা)

 

 

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate