অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুৰৰ বিষ নহ’বলৈ

মুৰৰ বিষ নহ’বলৈ

 

পোহৰৰ পৰা চকু দুটা ৰক্ষা কৰক।বহুত পৰ টেলিভিছন চাই থকা বা কম্পিউটাৰত কাম কৰা মানুহৰ সঘনাই মুৰৰ বিষ হোৱা দেখা যায়।এনে ক্ষেত্ৰত চকুৰোগ বিশেষজ্ঞই দিয়া উপদেশে এইসকল ব্যক্তি ক কিছু সকাহ দিব পাৰে।টেলিভিছন চোৱা বা কম্পিউটাৰত কাম কৰি থকাৰ সময়ত দুঘণ্টামানৰ মুৰে মুৰে চশমাযোৰ খুলি চকু দুটা হাতৰ তলুৱাৰে ঢাকি লৈ সামান্য হেঁচি মোহাৰিব লাগে।হাত দুখনে সৃষ্টি কৰা আন্ধাৰলৈ কিছু সময় চাই থাকিব।হাত দুখন চকুৰ পৰা আঁতৰাই দিয়াৰ লগে লগে চকু দুটা মুদি দিব আৰু লাহে লাহে চকু মেলিব।এনেকৈ দুঘণ্টাৰ মুৰে মুৰে দহবাৰমান কৰিলে চকুৱে বহু আৰাম পায়।

ডিঙিৰ মাংসপেশীবোৰ খুব টান হৈ গ’লেও মুৰৰ বিষ হ’ব পাৰে।এই মাংসপেশীৰ ওপৰত গৰম পানীৰ সেক দিলে ডিঙিত তেজ চলাচল খৰকৈ হয়।ফলত মুৰৰ বিষৰ পৰা আৰাম পোৱা যায়।অত্যন্ত গুৰুতৰ বা অসহ্যকৰ মুৰৰ বিষ হ’লে স্ব-চিকিৎসাৰে ঔষধ গ্ৰহণ নকৰি চিকিৎসকৰ কাষ চপা উচিত।

মুৰত আঘাতৰ ফলতো কেতিয়াবা মুৰৰ বিষ হ’ব পাৰে।এনে মুৰৰ বিষত অৱহেলা নকৰি চিকিৎসকৰ কাষ চাপিব লাগে।কিয়নো,মুৰৰ বিষৰ কাৰণ জানিব পাৰিলে বিষ নিৰাময় কৰিবলৈ সহজ হয়।কেতিয়াবা আমি গ্ৰহণ কৰা খাদ্যৰ বাবেও মুৰৰ বিষ হ’ব পাৰে।দৈনিক নিয়মিত নিদ্ৰা,নিয়মীয়া খাদ্য গ্ৰহণ আদিয়েও মুৰৰ বিষ প্ৰতিৰোধত সহায় কৰিব পাৰে।

উৎস:জি এন আৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 1/23/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate