অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য কিটিপ

স্বাস্থ্য কিটিপ

মুৰৰ বিষ নহ’বলৈ-

 

পোহৰৰ পৰা চকু দুটা ৰক্ষা কৰক।বহুত পৰ টেলিভিছন চাই থকা বা কম্পিউটাৰত কাম কৰা মানুহৰ সঘনাই মুৰৰ বিষ হোৱা দেখা যায়।এনে ক্ষেত্ৰত চকুৰোগ বিশেষজ্ঞই দিয়া উপদেশে এইসকল ব্যক্তি ক কিছু সকাহ দিব পাৰে।টেলিভিছন চোৱা বা কম্পিউটাৰত কাম কৰি থকাৰ সময়ত দুঘণ্টামানৰ মুৰে মুৰে চশমাযোৰ খুলি চকু দুটা হাতৰ তলুৱাৰে ঢাকি লৈ সামান্য হেঁচি মোহাৰিব লাগে।হাত দুখনে সৃষ্টি কৰা আন্ধাৰলৈ কিছু সময় চাই থাকিব।হাত দুখন চকুৰ পৰা আঁতৰাই দিয়াৰ লগে লগে চকু দুটা মুদি দিব আৰু লাহে লাহে চকু মেলিব।এনেকৈ দুঘণ্টাৰ মুৰে মুৰে দহবাৰমান কৰিলে চকুৱে বহু আৰাম পায়।

ডিঙিৰ মাংসপেশীবোৰ খুব টান হৈ গ’লেও মুৰৰ বিষ হ’ব পাৰে।এই মাংসপেশীৰ ওপৰত গৰম পানীৰ সেক দিলে ডিঙিত তেজ চলাচল খৰকৈ হয়।ফলত মুৰৰ বিষৰ পৰা আৰাম পোৱা যায়।অত্যন্ত গুৰুতৰ বা অসহ্যকৰ মুৰৰ বিষ হ’লে স্ব-চিকিৎসাৰে ঔষধ গ্ৰহণ নকৰি চিকিৎসকৰ কাষ চপা উচিত।

মুৰত আঘাতৰ ফলতো কেতিয়াবা মুৰৰ বিষ হ’ব পাৰে।এনে মুৰৰ বিষত অৱহেলা নকৰি চিকিৎসকৰ কাষ চাপিব লাগে।কিয়নো,মুৰৰ বিষৰ কাৰণ জানিব পাৰিলে বিষ নিৰাময় কৰিবলৈ সহজ হয়।কেতিয়াবা আমি গ্ৰহণ কৰা খাদ্যৰ বাবেও মুৰৰ বিষ হ’ব পাৰে।দৈনিক নিয়মিত নিদ্ৰা,নিয়মীয়া খাদ্য গ্ৰহণ আদিয়েও মুৰৰ বিষ প্ৰতিৰোধত সহায় কৰিব পাৰে।

উৎস:জি এন আৰচি স্বাস্থ্য

স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা

 

আমি সকলোৱে জানো যে প্ৰতিকাৰতকৈ প্ৰতিৰোধ বেছি আদৰণীয়।সেই কাৰণেই স্বাস্থ্য পৰীক্ষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া প্ৰয়োজন।শাৰীৰিক পৰীক্ষা কৰিলেহে ৰোগৰ আগজাননী পোৱা যায়।আৰু তাক কলিতেই মষিমুৰ কৰাও সম্ভৱ হয়।বিশেষকৈ ৪০ বছৰ পাৰ কৰাৰ পিছত প্ৰতিবছৰে এবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰিব লাগে।এই স্বাস্থ্য পৰীক্ষাত কি কি কৰিব-

বহুমুত্ৰ ৰোগৰ সম্ভাৱনা জানিবলৈ প্ৰস্ৰাৱ পৰীক্ষা কৰক।

ৰক্তচাপ পৰীক্ষা কৰাই সেই পৰিমাণ নিৰাপদ সীমাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰক।তেতিয়া হৃৎপিণ্ডত হোৱা আক্ৰমণৰ পৰা শৰীৰটোক নিলগত ৰাখিব পাৰিব।

২৫ বছৰৰ ডেওনা পাৰ হোৱাৰ পিছত প্ৰায় সকলো মহিলাই ছাৰ্ভিকছত হোৱা কেন্সাৰৰ আগজাননী পাবলৈ বছৰত এবাৰ তাৰ পৰীক্ষা কৰিব লাগে।মহিলাসকলে তেওঁলোকৰ স্তনৰ কোনো অংশ গোটা মাৰিছে নেকি,সেই বিষয়ে জানিবলৈ স্তন পৰীক্ষা কৰাই থাকিব লাগে।ইয়াৰ জৰিয়তে স্তন কেন্সাৰৰ আগজাননী পাব।

চকুৰ গ্লুক’মাৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ মাজে মাজে চকু পৰীক্ষা কৰিব লাগে।যিবোৰ পৰিয়ালত এনে ৰোগীৰ ইতিহাস আছে তেওঁলোকে পৰীক্ষা কৰাটো বাধ্যতামুলক।যক্ষ্মা বা কেন্সাৰৰ আগজাননী পাবলৈ বুকুৰ সাধাৰণ এক্স-ৰে’ কৰিব লাগে।

শৰীৰৰ ওজন স্বাস্থ্যসন্মত সীমাৰ ভিতৰত আছে নে নাই জানিবলৈ মাজে-সময়ে পৰীক্ষা কৰিব লাগে।

শৰীৰৰ ওজন বাঢ়ি গ’লে ডায়েবেটিছ আৰু হৃদৰোগকে ধৰি বহুতো ৰোগৰ উৎপত্তি হয়।

নিয়মীয়াকৈ দাঁত পৰীক্ষা কৰিব লাগে।বয়স বাঢ়ি যোৱাৰ লগে লগে দাঁতৰ গঠনত প্ৰভাৱ পৰে।দাঁতবোৰ সেৰেঙা হৈ পৰে আৰু তাৰ ফাঁকত আহাৰ সোমাই দাঁতৰ ক্ষতি কৰে।তেনে অৱস্থাত চিকিৎসকসকলে বিশেষ চিকিৎসাৰ জৰিয়তে দাঁতৰ ফাঁকবোৰ নোহোৱা কৰি দিয়ে।

মানসিক ৰোগ সম্পৰ্কে

 

মানসিক ৰোগ সম্পৰ্কে আমাৰ সমাজত বহুতো ধাৰণা আছে।মানসিক ৰোগীৰ প্ৰতি থকা অৱহেলা তথা নিন্দনীয় মনোভাৱে এই ৰোগ ৰ চিকিৎসাৰ ক্ষেত্ৰত হেঙাৰ সৃষ্টি কৰিছে।অৱশ্যে এই ৰোগৰ বহু বৈজ্ঞানিক তথ্য আৰু সত্য এতিয়াও গৱেষণাতে আছে।মানসিক ৰোগৰ উৎপত্তিৰ কাৰণ ভুত-পিশাচ,অপদেৱতা,উপৰুৱা লেঠা আদি কিছুমান ভুল ধাৰণা জনসমাজত বৰ্তি আছে।

*কোনো অপদেৱতা বা গ্ৰহৰ দোষৰ বাবে মানসিক ৰোগ নহয়।

*মানসিক ৰোগ মানেই উন্মাদ আচৰণ বা বলিয়ালি নহয়।

*মানসিক ৰোগীৰ চিকিৎসাত তন্ত্ৰ-মন্ত্ৰ বা বেজক নিয়োগ কৰা অনুচিত।

*বহু মানসিক সমস্যায়ো মানসিক ৰোগৰ সৃষ্টি কৰিব পাৰে।

*মানসিক ৰোগবিভাগৰ চিকিৎসাইহে মানসিক বিকাৰগ্ৰস্ততা দুৰ কৰিব পাৰে।

*সকলো মানসিক ৰোগীয়ে ভয়ানক,হিংস্ৰ বা খঙাল বুলি ভবাটো ভুল ধাৰণা।

*মানসিক ৰোগী মানেই মতলবী নহয়।

*সকলো মানসিক ৰোগ বংশগত বুলি ভবাটো ভুল ধাৰণা।

*মানসিক ৰোগৰ বিজ্ঞানসন্মত চিকিৎসা আছে।ঔষধৰ দ্বাৰা চিকিৎসাই মানসিক ৰোগৰ লক্ষণসমুহ কমোৱাত সহায় কৰে।ইয়াৰ লগতে মানসিক ৰোগীৰ লগত চিকিৎসকৰ আলোচনা হোৱাটো বৰ জৰুৰী।

*সকলো ধৰণৰ মানসিক ৰোগীক চিকিৎসালয়ত ভৰ্তি নকৰাকৈও চিকিৎসা কৰিব পাৰি।

*মানসিক ৰোগীক বিয়া পাতি সংসাৰী কৰি দিলেই এই ৰোগ প্ৰতিৰোধত সহায়ক হয় বুলি এটা ভুল ধাৰণা আমাৰ সমাজত বৰ্তি আছে।

*আমাৰ সমাজত দৈনন্দিন বৃদ্ধি পোৱা মানসিক চাপেও মানসিক ৰোগ বৃদ্ধিত সহায় কৰিছে।বৰ্তমান সকলো স্তৰতে প্ৰতিযোগিতা আৰম্ভ হৈছে।এই প্ৰতিযোগিতাবোৰে মানুহৰ মেণ্টেল ষ্ট্ৰেছ বৃদ্ধি কৰে।ইয়াৰ লগতো মানসিক ৰোগৰ আংশিক সম্পৰ্ক আছে।

*অৰ্থনৈতিক অনগ্ৰসৰতাও মানসিক ৰোগৰ এটা কাৰণ।

*মানসিক ৰোগীৰ প্ৰতি সহানুভুতিশীল হোৱা উচিত।

উৎস: জি এন আৰচি স্বাস্থ্য




© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate