অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৃগী ৰোগ

মৃগী ৰোগ

হৰি বিশ্বকৰ্মাৰ মৃগী ৰোগ আছিল। আমাৰ কাপোৰৰ উদ্যোগত তেওঁ কাম কৰে। দুই-তিনি মাহৰ মূৰকত তেওঁক এই ৰোগে আক্ৰমণ কৰে। মুখেৰে বগা ফেন ওলায়। হাত-ভৰি জোকাৰি জোকাৰি অৱশ হৈ পৰি যায়। দাঁতে দাঁত লাগি কৰচি থাকে, কেইমুহূৰ্তমানৰহে কথা। আকৌ ভাল হৈ যায়। কিন্তু দুদিন দুৰ্বল হৈ থাকে। আকৌ কামত ধৰে। অৱশ্যে পিছলৈ তেওঁৰ জলকা লাগি থকাৰ সময় বাঢ়ি গৈছিল।

আচৰিত কথা এটা মন কৰিছিলো যে তেওঁ কামৰ তাগিদাত পঞ্জাৱৰ লুধিয়ানালৈ গৈছিল। তাত এই ৰোগে তেওঁক আক্ৰমণ নকৰে। অথচ অসমলৈ আহিলে আকৌ ধৰে। পঞ্জাৱত তেওঁৰ স্বাস্থ্য-পাতিও ভালকৈ ঠন ধৰি উঠিছিল। কালক্ৰমত তেওঁ অসমলৈ অহা বাদ দি পঞ্জাৱতে থাকিবলৈ ল’লে। অসমত হয়, তাত নহয়। এই কাৰণটো জলবায়ুৰ বাদে আৰু কি হ’ব পাৰে। খাদ্যাভ্যাসৰ কথাও থাকিব পাৰে। মানসিক পৰিৱৰ্তনৰ কথাও হয়তো আছে।

মৃগী বেমাৰটো মোৰ মূৰত সোমাই আছিল। ভয় এটাও তাৰ লগতে সোমাই থাকিল। কিয়নো হৰিৰ ওচৰত আধুনিক চিকিৎসা বিজ্ঞান হাৰ মানিছিল। হৰিয়ে বহু ঔষধ খায়ো ভাল পোৱা নাছিল। এইবাৰ এজন ৰোগী লগ পালো, অচিন্ত্য চাহ। ডিমৌত ঘৰ। কলেজৰ ছাত্ৰ। মেধাৱী। মোৰ ওচৰলৈ অহাৰ পাছত প্ৰাণায়াম কৰোৱালো। সুক্ষম আসন। ঘেঁহুৰ কুমলীয়া পাতৰ ৰস, অমৰলতাৰ ৰস, এল’ভেৰাৰ ৰস খুৱালো। শংখপুষ্পি ৰস আৰু মেধাৱতী বড়িও খালে। তেওঁ ভালপোৱা কিতাপ পঢ়িবলৈ দিলো। খুউব কথা পাতিলো। খেলিবলৈ ক’লো। এবছৰ দিন হ’ল। শিৱসাগৰত থকা খুৰাকে ক’লে ভাল পাইছে। পঢ়াশুনাত আগতকৈ ভাল হ’ল।

কাৰণঃ

 

মৃগী ৰোগ হোৱাৰ কাৰণ বহুত থাকিব পাৰে। যেনে- বিদ্যুতৰ চক লগা, নিচাজাতীয় দ্ৰব্যৰ অধিক সেৱন, মূৰত যিকোনো ধৰণৰ আঘাত পোৱা, তীব্ৰ জ্বৰ, এস্কিথেছিয়া জাতীয় ৰোগ, তীব্ৰ মানসিক অশান্তি ইত্যাদি। এই ৰোগ হোৱাৰ অন্য কাৰণ- স্নায়ু সম্বন্ধীয় ৰোগ, ব্ৰেইন টিউমাৰ, সংক্ৰমণ জ্বৰ ইত্যাদি। কিন্তু বহুত কম ক্ষেত্ৰতহে এইবোৰ কাৰণ দেখা যায়।

প্ৰাণায়ামঃ

 

ভষ্ট্ৰিকা প্ৰাণায়াম ৫ মিনিট, কপালভাটি ৩০ মিনিট, অনুলোম-বিলোম ৩০ মিনিট, ভ্ৰামৰী ২১ বাৰ, উদস্ৰাৱ ২১ বাৰ, প্ৰণৱ প্ৰাণায়াম ১০ মিনিট। যোগ শিক্ষকৰ পৰামৰ্শ বাঞ্ছনীয়।

মৃগী বেমাৰ এনেকুৱা এটা বেমাৰ যে ইয়াক লৈ মানুহ স্বাভাৱিকতে বেছ চিন্তাত থাকে। প্ৰায়েই ঘাতক বা সমস্যাত পেলাব পৰা ৰোগ হৈ থাকে। সেয়ে আমি যিকোনো কাৰণত যিকোনো বেমাৰক লৈ বেপৰোৱা হোৱা অনুচিত। আৰু মৃগীৰ দৰে ৰোগত আমি আৰু বেছি সতৰ্ক হৈ থকা প্ৰয়োজন।

চিন্তাঃ

 

মৃগী বেমাৰীসকল এই লৈ অনবৰতে চিন্তাত থাকে যে তেওঁলোকে স্বাভাৱিক মানুহৰ দৰে জীৱন যাপন কৰিব নোৱাৰে। তেওঁলোকে কেইটামান দিশৰ ক্ষেত্ৰত সততে সতৰ্ক হৈ থকা প্ৰয়োজন। বিশেষকৈ নিজৰ জীৱনশৈলীৰ আমূল পৰিৱৰ্তন সাধন কৰা প্ৰয়োজন। বাহিৰলৈ অকলে ওলাই যোৱা ক্ষেত্ৰতো সাৱধান। কিয়নো যেতিয়াই-তেতিয়াই য’তে-ত’তে যিকোনো সময়তে এই ৰোগত এজন মানুহ আক্ৰান্ত হ’ব পাৰে।

এই ৰোগ নানান ধৰণৰ বিৰুদ্ধভোজন কৰা বাবেও হয়। তাৰ বাবে ৰোগীৰ শৰীৰত নানান ধৰণৰ বিষালী পদাৰ্থ জমা হ’বলৈ ধৰে। ই মস্তিষ্কৰ কোষত প্ৰভাৱ বিস্তাৰ কৰে আৰু কালক্ৰমে এজন মানুহে মৃগী ৰোগত আক্ৰান্ত হৈ পৰে। প্ৰকৃতিৰ বিৰুদ্ধে গ’লেই বিপদ অনিবাৰ্য।

মগজুৰ সিৰা-উপসিৰাবোৰৰ মাজত বুজাপৰাৰ অভাৱ হ’লেই এজন মানুহ মৃগী ৰোগত আক্ৰান্ত হ’ব পাৰে। ৰাসায়নিক অসন্তুলনো এটা অন্যতম কাৰণ। বিভিন্ন ৰোগত গ্ৰহণ কৰা নানা পথ্যৰো পাৰ্শ্বক্ৰিয়া থাকিব পাৰে।

আঙুৰৰ ৰস মৃগী ৰোগীৰ বাবে বৰ উপকাৰী পথ্য। আঙুৰৰ ৰস আধালিটাৰকৈ পুৱা খালী পেটত তিনিমাহ একেৰাহে খালে আশ্চৰ্যজনকভাৱে আনন্দদায়ক ফলাফল পাব পৰা যায়।

প্ৰাকৃতিক চিকিৎসাঃ

 

*মাটি পানীত মিহলাই ৰোগীৰ শৰীৰ মালিচ কৰিব লাগে। সৰ্বশৰীৰ মালিচ কৰাৰ এঘণ্টা পাছত গা ধুব লাগে। এনেদৰে কিছুদিন কৰাৰ পাছত দোষবোৰ কম হৈ ৰোগীয়ে সুস্থ অনুভৱ কৰিব পৰা হয়। সপ্তাহত এদিন উপবাসে থাকিলে ভাল।

*মানসিক হেঁচা আৰু অত্যধিক পৰিশ্ৰম ৰোগীৰ বাবে বিপজ্জনক। ইয়াৰ পৰা আঁতৰি থকা ভাল।

*মৃগী ৰোগীক ছাগলীৰ গাখীৰ ২৫০ মিঃ লিঃ আৰু জেতুকা পাতৰ ৰস মিহলাই দুসপ্তাহ খালে অধিকপালি ভাল হয়। জৰুৰ ব্যৱহাৰ কৰক।

*দিনে তুলসীৰ ২০ খিলা পাত চোবাই খালে ৰোগ ভাল হোৱাৰ লক্ষণ দেখা যায়।

*পেঠা মৃগী ৰোগীৰ বাবে অন্যতম সৰ্বশ্ৰেষ্ঠ ঘৰুৱা উপাচাৰ। ইয়াত থকা পোষক তত্ত্বই সিৰা-উপসিৰাৰে মস্তিষ্ক পৰ্যন্ত ৰসায়ন সন্তুলিত কৰি মৃগী ৰোগীক আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। পেঠাৰ ভাজি ৰান্ধি খোৱা হয়। কিন্তু ইয়াৰ ৰস উলিয়াই খালেহে এই ৰোগ উপশমৰ ক্ষেত্ৰত বেছি সঁহাৰি পোৱা যায়। সুস্বাদ পাবৰ বাবে তাৰ লগত মুলেঠি বা চেনি মিহলাব পাৰে। গৰু-গাখীৰৰ ঘি-মাখনত ৰোগী ভাল পোৱাৰ তত্ত্ব নিহিত হৈ থাকে। দেশী গাইৰ গাখীৰৰ ঘি-মাখনহে ভাল। দিনে কমেও ১০ গ্ৰাম খাওক। আৰাম পাবই। লাহে লাহে আৰোগ্যও হ’ব।

গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই বেমাৰ গৰ্ভস্থ সন্তান আৰু মাতৃ দুয়োৰে বাবে বৰ বিপজ্জনক হয়। বৰ পীড়াদায়ক আৰু কৰুণ। ভালদৰে চোৱাচিতা কৰিলে আৰু যোগ্য উপাচাৰৰ প্ৰয়োগেৰে এনে মাতৃয়েও সুস্থ-সবল সন্তান জন্ম দিবলৈ সমৰ্থ। মৃগী ৰোগীয়ে গৰ্ভধাৰণ কৰিব পাৰে। এই সময়ত ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ মৰ্মে পথ্য গ্ৰহণ কৰা উচিত। মাকৰ ৰোগৰ প্ৰভাৱ শিশুৰ ওপৰত নপৰে। গৰ্ভৱতী মহিলাই সময়ে সময়ে চিকিৎসকৰ ওচৰত পৰীক্ষা কৰোৱাই থাকিব লাগে। অসুবিধা পালে নিয়মীয়াকৈ ঔষধ খাওক। মৃগী ৰোগীৰ ওচৰত থকা লোকেও এই ৰোগৰ বিষয়ে জনা উচিত।

বনৌষধঃ

 

*ব্ৰাহ্মী অথবা মানিমুনি ৰস ৪০ মিঃ লিঃ, কোমোৰা গুটিৰ চূৰ্ণ দহ গ্ৰাম মৌৰ সৈতে মিহলাই খাব লাগে।

*কেঁচা হালধি জুইত পুৰি ৰোগীৰ নাকত সি শুঙালে তৎকালীন ফলাফল পাব পাৰি।

*নহৰু খুন্দি ৰস নাকত এটোপালকৈ দি উজাব লাগে।

*পিঁয়াজৰ ৰস ৪০ মিঃলিঃ, ঘৃতকুমাৰী ৰস ৪০ মিঃ লিঃ মিহলাই পুৱা খাব পাৰিলে ভাল।

*জেতুকা পাতৰ ৰস ৪০ মিঃ লিঃ গাখীৰৰ সৈতে মিহলাই পুৱা খালী পেটত খুৱাব পাৰিলে ৰোগীয়ে ভাল পায়।

*কোমোৰাৰ ৰস, কোমোৰা সিজাই, কোমোৰাৰ গুটি মৌৰ সৈতে খালে উপকাৰ পোৱা যায়।

*অনন্তমূলৰ শিপা গাত বান্ধিলে কম বয়সীয়া ল’ৰা-ছোৱালীৰ মৃগী ৰোগ ভাল হয়।

*বকফুলৰ পাত শুকুৱাই গুড়ি কৰি লৈ তাৰ সৈতে জালুকৰ গুড়ি মিহলাই গো-মূত্ৰৰ সৈতে সানি নাকেৰে শুঙিলে বা পাঁচ গ্ৰাম খালেও ভাল।

*মহানিমৰ পাত ৰোগী শোৱা কোঠাত ওলমাই থ’ব, বিছনাৰ তুলীৰ তলত থ’ব, গাত বান্ধি থ’ব পাৰিলে ভাল ফল পোৱা যায়।

*পুৰণি ঘি, পটল, চজিনা, নাৰিকল, দূবৰি বনৰ ৰস, ব্ৰাহ্মী, মানিমুনি, টেঙেচী, কোমোৰা, গোমধান, মৰিচা শাক, সেউজীয়া শাক-পাচলি খালে বহুত কাম হয়। চজিনাৰ শিপাৰ ৰস, ফলমূল, জিকা প্ৰচুৰ পৰিমাণে খাব লাগে।

বৰ্জনীয়ঃ

 

উৰহী, মাটিমাহ, বৰা চাউল, নিমখ, মাদকদ্ৰব্য বৰ্জনীয়। কেৰেলা, পাতশাক, জ্বলা-পোৰা বস্তু, ধূম্ৰপান, ভাং, ধঁপাত অপকাৰী। ৰোগীৰ বাবে যৌনকাৰ্য বৰ্জনীয়।

উৎসঃ অসমীয়া খবৰ, বিকাশ গোস্বামী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate