অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেদবহুলতা :

 

শৰীৰৰ এডিপ’চ টিছুত অতিৰিক্ত চৰ্বি জমা হৈ শৰীৰৰ ওজন স্বাভাৱিকতকৈ ২০ শতাংশ বৃদ্ধি হ’লে তাকে মেদবহুলতা বোলা হয়। মেদবহুলতাৰ বাবে শৰীৰত বহুতো ক্ষতিকাৰক প্ৰভাৱ পৰাৰ উপৰি কম বয়সতে মৃত্যুও হ’ব পাৰে। মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ, উচ্চ ৰক্ত কলেষ্টেৰল, হৃদৰোগ, মধুমেহ, গলব্লাডাৰ পাথৰ আৰু কিছু ধৰণৰ কেঞ্চাৰ হ’ব পাৰে। অতি বেছি খাদ্য খোৱা সেই অনুপাতে কায়িক শ্ৰম নকৰাৰ বাবেও মেদবহুলতা হয়। বংশগতভাৱেও মেদবহুলতাৰ চিকাৰ হ’ব পাৰে। শৰীৰে শক্তি গ্ৰহণ আৰু শক্তি খৰচ কৰাৰ মাজত দীৰ্ঘদিনীয়া অসমতাৰ বাবে মেদবহুলতা বা ওজন বৃদ্ধি হয়। খাদ্যৰ লগত বেছিকৈ চৰ্বি গ্ৰহণ কৰাৰ ফলত মেদবহুলতা হ’ব পাৰে।

মেদবহুলতাৰ কাৰণ -

১)শৰীৰে শক্তি গ্ৰহণ আৰু শক্তি খৰচ কৰাৰ মাজত দীৰ্ঘদিনীয়া অসমতাৰ বাবে মেদবহুলতা বা ওজন বৃদ্ধি হয়।

২)খাদ্যৰ লগত বেছিকৈ চৰ্বি গ্ৰহণ কৰাৰ ফলত মেদবহুলতা হ’ব পাৰে।

৩)কমকৈ কায়িক শ্ৰম কৰা অলস-অৱশ জীৱনশৈলীও মেদবহুলতাৰ এটা প্ৰধান কাৰণ।

৪)জটিল ভাব-ভংগী আৰু মানসিক অৱস্থাৰ বাবেও বেছিকৈ খাদ্য গ্ৰহণৰ ফলত মেদবহুলতা হ’ব পাৰে।

৫)শৰীৰৰ শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত মেটাব’লিক বিসংগতি থকাৰ বাবে চৰ্বি জমা হৈ মেদবহুলতা হ’ব পাৰে।

৬)শিশু আৰু বয়ঃসন্ধি অৱস্থাত হোৱা মেদবহুলতাৰ বাবেও প্ৰাপ্তবয়স্কত এই সমস্যা হ’ব পাৰে।

ওজন কেনেকৈ কমাব পাৰি -

১)ভজা বস্তু কমকৈ খাব লাগে।

২)ফলমূল আৰু শাক-পাচলি বেছিকৈ খাব লাগে। আঁহযুক্ত খাদ্য যেনে- দাইল, বুট আদি বেছিকৈ খাব লাগে। দৈনিক ব্যায়াম কৰি শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰাখিব লাগে। লাহে লাহে ওজন কমাব লাগে।

৩)অতি বেছিকৈ উপবাসে থাকিলে স্বাস্থ্যৰ হানি হ’ব পাৰে।

৪)শাৰীৰিক শ্ৰম অনুপাতে বিভিন্ন ধৰণৰ ভাল পোৱা খাদ্য ভাৰসাম্য ৰাখি খাব লাগে।

৫)কমকৈ অধিকবাৰ নিয়মীয়াকৈ আহাৰ খাব লাগে।

৬)চেনি, চৰ্বিজাতীয় আহাৰ, এলকহল কমাই খাব লাগে।

৭)কম চৰ্বিযুক্ত গাখীৰ খাব লাগে।

৮)প্ৰ’টিন সমৃদ্ধ খাদ্য, কম পৰিমাণৰ কাৰ্ব’হাইড্ৰেট আৰু চৰ্বি থকা খাদ্য গ্ৰহণে ওজন কমায়।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate