অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যকৃতৰ সমস্যা আৰু আয়ুৰ্বেদৰ সমাধান :

দৈনন্দিন জীৱন-প্ৰণালীত সঘকনাই শুনিবলৈ পোৱা কেতবোৰ সমস্যা হ’ল -

  • মুখৰ দুৰ্গন্ধ,
  • খাদ্য সময় অনুসৰি হজম নোহোৱা,
  • প্ৰস্ৰাৱ-পায়খানাৰ অসুবিধা,
  • পেটৰ বিষ,
  • বেয়া উগাৰ আহি থকা,
  • সঘনাই পেট ফুলি থকা,
  • বুকু জ্বলা-পোৰা কৰা অথবা ক’লা পায়খানাৰ অসুবিধা।

১৫ বছৰ বয়সে হওক বা ৫০ বছৰ বয়স, বৰ্তমান প্ৰায় সকলো বয়সৰ লোকৰ ক্ষেত্ৰত ‘ফেটী লিভাৰ’ ধৰা পৰা দেখা যায়।

১)খাদ্য-প্ৰণালীৰ অনিয়ম,

২)ব্যায়ামৰ অভাৱ তথা

৩)সুৰাপুনা- এই তিনিবিধক প্ৰধান কাৰণৰূপে গণ্য কৰিব পাৰি যকৃতৰ সমস্যাসমূহৰ বাবে।

নৱজাতকৰপৰা বয়স্কলৈ জণ্ডিচ হোৱাটো খুব সঘনাই হোৱা দেখা যায়। ই এক বেমাৰ নহয়, কাৰণ ইয়াৰ আঁতৰ কাৰণসমূহ লুকাই থাকে। অসমৰ বহু গাঁও অঞ্চলত জণ্ডিচ দেখা দিয়াৰ পিছত কিছু গাঁৱলীয়া ঔষধ দিয়া দেখা যায়।

নামেৰে ঔষধ, এইবিধ বস্তু শৰীৰত ধাৰণ কৰা এক কথা আৰু মুখেৰে গ্ৰহণ কৰা আন এক কথা। কাৰণ, বেছিসংখ্যক ৰোগী, যিয়ে গাঁৱলীয়া ঔষধ গ্ৰহণ কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত Toxic Hepatitis হোৱাটো দেখা যায়।

বনৌষধি বুলি প্ৰচাৰ কৰা ‘আখুৰী’ খ্যাত এইবিধ কিহৰ মিশ্ৰণ সহজে অনুমান কৰাটো সম্ভৱ নহয়। সাধাৰণ শব্দৰে, লিভাৰৰ কোষসমূহ নষ্ট হৈ গৈ থকা প্ৰক্ৰিয়াটোকে ‘হেপাটাইটিছ’ বুলি কোৱা হয়।

ইয়াৰ ফলত দেখা যায় শৰীৰত বিভিন্ন প্ৰতিক্ৰিয়া তথা বীজাণুৰ আক্ৰমণ, যাক সম্পূৰ্ণ চিকিৎসা কৰাটো সম্ভৱপৰ হৈ নুঠে।

যিকোনো ধৰণৰ যকৃতৰ সমস্যা বা খাদ্যনলীৰ সমস্যাৰ বাবে ৰোগীয়ে মাজে-সময়ে ক’লা পায়খানাৰ অসুবিধা দৰ্শায়। পাকস্থলী বা খাদ্যনলীৰ যিকোনো অংশৰপৰা ৰক্তক্ষৰণ হৈ থাকিলে ই খাদ্যৰ লগত লগ লাগি ক’লা পায়খানাৰ সৃষ্টি কৰে।

বহুতো শাক-পাচলি বা ঔষধৰ ফলতো এই সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। সেইবাবে এইক্ষেত্ৰত জৰুৰীকালীন পৰীক্ষা আৰু চিকিৎসাৰ খুব প্ৰয়োজন। মদ্যপান কৰা ব্যক্তিৰ ক্ষেত্ৰত দেখা দিয়া ভিন্ন সমস্যাৰ মাজত এটি গুৰুত্বপূৰ্ণ সমস্যা হ’ল- পেটত পানী জমা হোৱা, যাক ascites বুলি কয়।

ইয়াৰ লগে লগে অহা ভিন্ন লক্ষণসমূহ হ’ল-

  • বৃক্কৰ সমস্যা,
  • ভৰি ফুলি থকা,
  • ৰুচি কমি যোৱা,
  • শৰীৰত প্ৰ’টিনৰ মাত্ৰা কমি যোৱা,
  • হাত-ভৰিৰ অৱশ অগা,
  • উশাহ লোৱাত অসুবিধা ইত্যাদি।

Ascites আন বেলেগ বেলেগ কাৰণৰ বাবেও হোৱা দেখা যায়, তাৰ ভিতৰত গুৰুত্বপূৰ্ণ কাৰণ হ’ল- টিউবাৰকুল’ছিছ অথবা কৰ্কট ৰোগ।

প্ৰথম অৱস্থাত ঔষধৰ জৰিয়তে চিকিৎসা সম্ভৱ হয় তথা পিছলৈ পেটৰপৰা সময়মতে পানী উলিয়াব লগা হয়।

অতি গুৰুত্বপূৰ্ণ কথা হ’ল যে যিকোনো অংগৰ এটি কোষ যেতিয়া নষ্ট হয়, ই বাকি কোষসমূহকো নষ্ট কৰি পেলায়।

Ascitesৰ ক্ষেত্ৰত বহুসংখ্যক যকৃতৰ কোষ বেয়া হৈ যায় আৰু পলমকৈ চিকিৎসাৰ বাবে কেতিয়াবা যকৃত সম্পূৰ্ণৰূপে বিকল হৈ পৰে। এনে ক্ষেত্ৰত চিকিৎসকসকলে যকৃতৰ প্ৰতিষ্ঠাপনৰ পৰামৰ্শ দিয়ে যদিও ইয়াৰ নেতিবাচক দিশসমূহ জীৱনৰ পিছৰ স্তৰত লক্ষণীয় হয়।

তদুপৰি কৰ্কট ৰোগ, ভাইৰেল বেমাৰ, হৃদয়ৰ বেমাৰ তথা শৰীৰৰ অন্য অংগৰ কাৰ্য বিকল হৈ গ’লে যকৃত প্ৰতিষ্ঠাপন কৰাটো সম্ভৱ নহয়। যকৃতৰ ওচৰতে থকা এটি অংগ হ’ল গ’লব্লাডাৰ।

এই অংগটিৰ যিকোনো ধৰণৰ সংক্ৰমণৰ প্ৰভাৱ যকৃতত পৰে। যেনে- গ’লব্লাডাৰত পাথৰ হোৱা, ফুলি যোৱা, টেমুনা হোৱা ইত্যাদি। আন এক গুৰুত্বপূৰ্ণ অংগ হ’ল অগ্ন্যাশয়(Pancreas), যাৰ কাৰ্যৰ বিষমতা বা গঠনমূলক বিষমতাৰ জৰিয়তে লিভাৰৰ সমস্যা হোৱা দেখা যায় তথা যকৃতৰ অসুবিধাৰ বাবেও Pancreatitis হোৱা দেখা যায়।

জণ্ডিচ বা বৃক্কৰ ৰোগৰ সঠিক চিকিৎসা নকৰোৱাৰ ফলত Hepatic Encephalopathy হোৱাৰ আশংকা বাঢ়ি যায়। শৰীৰত বিলিৰুবিনৰ মাত্ৰা যিমানেই বাঢ়ে, সিমানেই ই মস্তিষ্কত প্ৰভাৱ পেলাবলৈ লয়।

লক্ষণ হ’ল -

  • মাজে মাজে কঁপনি অহা,
  • অজ্ঞান হৈ যোৱা অথবা তন্দ্ৰাত থকা,
  • ভ্ৰম উচ্চাৰণ কৰা আদি।

শৰীৰত এম’নিয়াৰ পৰিমাণ বাঢ়ি যোৱাটো ইয়াৰ অন্যতম কাৰণ আৰু উচিত তথা জৰুৰীকালীন চিকিৎসা প্ৰয়োজন হয়।

সুৰাপান কৰা অথবা সুৰাপান নকৰা বহুত লোকৰ ক্ষেত্ৰত লিভাৰ চিৰ’ছিছ ধৰা পৰে। চিৰ’ছিছ মানেই হ’ল অধিকাংশ যকৃৎ কোষৰ মৃত্যু। এইক্ষেত্ৰত যকৃৎ তথা সমগ্ৰ খাদ্যনলীৰ কাৰ্য সীমিত হৈ পৰে আৰু লিভাৰে নতুন স্বাস্থ্যৱান কোষ গঠন হোৱাটো বিচাৰে।

আয়ুৰ্বেদিক ব্যৱস্থাপনাই যকৃৎ তথা খাদ্যনলীৰ ভিন্ন বেমাৰৰ ক্ষেত্ৰত বৃহৎ সফলতা অৰ্জন কৰি আহিছে। নতুন কোষ গঠন(Regeneration) হোৱাত কিছুসংখ্যাক প্ৰতিষ্ঠিত ঔষধে(Single Herb) বহুত উৎকৃষ্ট কাম কৰি আহিছে।

অসমৰ প্ৰায় সকলো ঠাইতে এইবোৰ উদ্ভিদ পোৱা যায় যদিও আনঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত ঔষধ আৰু ঘৰত তৈয়াৰ কৰা ঔষধৰ মাজত বহুখিনি পাৰ্থক্য থাকি যায়।

উদাহৰণস্বৰূপে, টেবলেট তুলসী বুলি ক’লে তুলসীৰ গুণ তথা, ঘৰত তৈয়াৰ কৰা তুলসীৰ ৰসত পোৱাটো সম্ভৱ নহয়।

যকৃতৰ বেলেগ বেলেগ ৰোগ অনুযায়ী আয়ুৰ্বেদৰ কেইবিধমান ঔষধ(Single herbs/Polyherbal Compound) বিশেষভাৱে নিৰ্মিত। লৌহ ভষ্ম (Iron), ৰোপ্য ভষ্ম(Silver) আদি শোধিত ধাতুৰ অস্তিত্বও পোৱা যায় বিভিন্ন মিশ্ৰিত ঔষধত(Polymineral compound)।

ধাতুৰ ভষ্মবোৰে ঔষধৰ কাৰ্যক্ষমতা(Efficacy) বঢ়োৱাৰ লগতে নিজৰ সুকীয়া কৰ্মও প্ৰতিষ্ঠিত কৰে। চিকিৎসাৰ বাবে ব্যৱহৃত কেইবিধমান উদ্ভিদৰ নাম হ’ল- যষ্টিমধু(Glycyrrhiza glabra) প্ৰয়োগ কৰা হয় যকৃতৰ কোষ নষ্ট হোৱা অৱস্থাত(cirrhosis) আৰু নতুন কোষ বৃদ্ধি হোৱাত সহায় কৰে।

ভূঁই আমলা(Phyllanthus niruri) ব্যৱহাৰ হয় এলক’হ’লিক লিভাৰত, হেপাটাইটিছ অৱস্থাত তথা ফেটী লিভাৰৰ সমস্যাৰ ক্ষেত্ৰত।

কালমেঘ(Andrographis niruri) সচৰাচৰ ফাৰ্মাচীৰপৰা কিনি নিয়া ভোক বঢ়াবলৈ ব্যৱহৃত ছিপাপবোৰত থাকে। ইয়ে যকৃতৰ উৎসেচকবোৰক গতিশীলতা প্ৰদান তথা বীজাণু আৰু পেলু বা কৃমিৰ আক্ৰমণৰপৰা বচায়।

ভূঁই নিম(Azadiractha indica) ই বীজাণুৰ আক্ৰমণৰ পৰা যকৃতক বচায় তথা পিছলৈ যকৃতক এক সুৰক্ষা কৱচ প্ৰদান কৰে।

ভৃংগৰাজ(Eclipta alba) উৎকৃষ্ট উদ্ভিদ, যিয়ে নতুন কোষ সৃষ্টি কৰায়, কাৰ্যক্ষমতা বঢ়ায় আৰু ফেটী এচিড বিনষ্ট কৰাত সহায় কৰে। তদুপৰি মিশ্ৰিত ৰূপত ত্ৰিফলা, নিম, জাইফল, ত্ৰিবৃট আদি ব্যৱহাৰ কৰা হয়, আয়ুৰ্বেদ বিজ্ঞানৰ চমৎকাৰস্বৰূপ পঞ্চকৰ্মও ব্যৱহৃত হয় যকৃতৰ বিকাৰসমূহত। স্বেদন, বিৰেচন,ব্বস্তি আৰু শিৰোধাৰাৰ দৰে উপযোগী থেৰাপীৰ প্ৰয়োগ কৰা হয় ভিন্ন যকৃৎজনিত সমস্যাসমূহত। এসপ্তাহ বা দহ দিনৰ বাবে প্ৰয়োগ কৰা থেৰাপীসমূহে খুব সোনকালে ফগ্লাফল দেখুৱাব আৰম্ভ কৰে। যকৃ্ৎ তথা খাদ্যতন্ত্ৰৰ লগত জড়িত গ্ৰন্থিসমূহৰ বিকাৰৰ চিকিৎসাৰ ক্ষেত্ৰত আয়ুৰ্বিজ্ঞানে সফলতাৰ শিখৰ চুমিবলৈ সক্ষম হৈছে। সুস্বাস্থ্য বৰ্তাই ৰখা তথা বেমাৰ আৰু বেমাৰৰ কাৰকক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে আয়ুৰ্বিজ্ঞান আজি আগবাঢ়ি আহিছে।

লেখিকা: ডাঃ ৰীমা ভট্টাচাৰ্য(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate