অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যন্ত্ৰণাদায়ক ডিঙিৰ পীড়া

যন্ত্ৰণাদায়ক ডিঙিৰ পীড়া

শৰতৰ আগমনৰ লগে লগে আমাৰ বহুতৰে ডিঙিৰ ভিতৰভাগত কেতিয়াবা বেছ কিছুদিনলৈ কথা কওঁতে বা আহাৰ খাওঁতে কষ্ট অনুভৱ হয়।সাধাৰণভাৱে ইয়াকে ডিঙিৰ পীড়া বা ছ’ৰ থ্ৰ’ট (Sore Throat)বুলি কোৱা হয়।ডিঙিৰ ভিতৰৰ এনে পীড়া সামান্যৰ পৰা অতি কষ্টদায়ক হ’ব পাৰে।মুখগহ্বৰৰ ভিতৰ ভাগ আৰু স্বৰতন্ত্ৰৰ আৰম্ভণি ভাগত থকা শ্লেষ্মা আৱৰণ(Mucous Membrane)  ৰ প্ৰদাহ বা প্ৰজ্বলনৰ বাবেই এনে পীড়া অনুভুত হয়।এই প্ৰদাহ বা প্ৰজ্বলন আকৌ ভাইৰাছজনিত সংক্ৰমণ,বেক্টেৰিয়াজনিত সংক্ৰমণ,শুষ্কাৱস্থা,এচিডিটি,এলাৰ্জী,ধুম্ৰপান বা পাৰিপাৰ্শ্বিক আদি বিভিন্ন কাৰণত হ’ব পাৰে।সৰহভাগ ক্ষেত্ৰতে (প্ৰায় ৮০ শতাংশতকৈ অধিক)ভাইৰাছজনিত স্বৰযন্ত্ৰৰ প্ৰদাহ (Inflamation)কাৰণ হিচাপে দেখা যায়।এনে ভাইৰাছমুহৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ ফ্লু ভাইৰাছৰ উপৰি মনোনিউক্লিওছিছ,মিজলছ ,চিকেন পক্স,ক্ৰুপ আদি ভাইৰাছেই মুখ্যত:দায়ী।বেক্টেৰিয়াৰ ভিতৰত ষ্ট্ৰেপ্ত’ক’ক্কাছ,ডিফথেৰিয়া,হুপিং কাহ আদিয়ে ডিঙিৰ পীড়া কৰে।শিশুসকলৰ ডিঙিৰ পীড়াৰ এক তৃতীয়াংশ ক্ষেত্ৰতে ষ্ট্ৰেপ্ত’ক’ক্কাছ শ্ৰেণীৰ বেক্টেৰিয়াৰ স্ংক্ৰমণৰ ফলত স্বৰতন্ত্ৰ আৰু তাৰ আশে-পাশে হোৱা প্ৰদাহ মুল কাৰণ।জ্যেষ্ঠসকলৰ ক্ষেত্ৰতো ষ্ট্ৰেপ্টকক্কাছে কৰা সংক্ৰমণে কম নগুৰ-নাকতি নকৰে।শীতকালৰ অত্যধিক শুকান পৰিৱেশ বা মুখেৰে উশাহ লোৱাৰ অভ্যাসে ডিঙিৰ ভিতৰভাগৰ শুকান অৱস্থা এটাৰ সৃষ্টি কৰিব পাৰে,যিয়ে মুৰকত ছ’ৰ থ্ৰ’টৰ কাৰণ হ’ব পাৰে।GERD নামৰ অসুখত পাকস্থলীৰ ভিতৰৰ আম্লিক পাচক ৰস উভতি ডিঙিলৈকে আহি ডিঙিৰ ভিতৰৰ পীড়া কৰিব পাৰে।ঘৰুৱা ধুলি-মাকতি,ফুলৰ ৰেণু,ভেঁকুৰ আদিয়ে এলাৰ্জীৰ সৃসটি কৰি মুৰকত ডিঙিৰ বাবে পীড়াদায়ক হ’ব পাৰে।ডিঙিৰ বিভিন্ন আঘাত,টেমুনা আদিয়েও এক পীড়াদায়ক অনুভুতি জগায়।

সংক্ৰমণজনিত Sore Throat বা ডিঙিৰ ভিতৰৰ পীড়াত মুখৰ ভিতৰত থকা টনছিল ফুলিব আৰু বিষাব পাৰে।ফুলি থকা আৰু চুলেই বিষোৱা গ্ৰন্থি ডিঙিৰ অইন ঠাইতো থাকিব পাৰে।টেটুৰ পাছফালে বিষ বা চুলে বিষোৱা অৱস্থা এটা হ’ব পাৰে।কম-বেছি পৰিমাণে জ্বৰ থাকিব পাৰে।জ্বৰৰ লগতে কঁপনি,মুৰৰ বিষ,ভাগৰ ভাগৰ লগা,কাহ,হাঁচি,নাকেৰে পানী বোৱা আদি লক্ষণো থাকিব পাৰে।কাণৰ বিষ,আহাৰ গিলোঁতে কষ্ট পোৱা,কণ্ঠস্বৰ ঘেৰঘৰীয়া হোৱা বা মাত-ভগাৰ লগতে কথা কওঁতে যন্ত্ৰণা অনুভুত হয়।সৰু ল’ৰা-ছোৱালীয়ে অনবৰতে আমনি কৰিবলৈ লয়,ঘনাই কন্দা-কটা কৰে আৰু আহাৰ নোখোৱা হয়।

আমি আলোচনা কৰি থকা ডিঙিৰ পীড়াই সকলো বয়সৰ যিকোনো লোককে আক্ৰান্ত কৰিব পাৰে।শিশু,ধুম্ৰপায়ী,ডায়েবেটিক,কোনোধৰণৰ এলাৰ্জী থকা লোক তথা স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তিসকল সঘনে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

ডিঙিৰ এনে পীড়া প্ৰতিৰোধ আৰু নিৰাময়ৰ বাবে কুহুমীয়া গৰম পানীত অকণমান নিমখ গুলি লৈ কৰা কুলকুলি আটাইতকৈ ফলপ্ৰসু আৰু দ্ৰুত প্ৰতিষেধক ব্যৱস্থা হিচাপে তাহানিৰে পৰা এতিয়ালৈকে পৰিগণিত হৈ আহিছে।নিমখে একপ্ৰকাৰৰ বীজাণুনাশকৰ দৰে কাম কৰাৰ উপৰি প্ৰদাহৰ ফলত ফুলি উঠা ডিঙিৰ ভিতৰ ভাগৰ শ্লেষ্মা আৱৰণৰ পৰা কিছু পৰিমাণে পানী উলিয়াই অনাত সহায় কৰা হেতু ফুলাটো কমে।ই ফ্লেগমা(Phlegma) নামৰ বগা হালধীয়া পদাৰ্থভাগ বাহিৰ হোৱাত সহায়ক হয়।কুলকুলিৰ বাবে এগিলাচ সহ্য কৰিব পৰা কুহুমীয়া গৰম পানীত আধাচামুচ নিমখ গুলি ল’ব লাগে।দিনটোত চাৰিবাৰকৈ কুলকুলি কৰি পানীখিনি মুখৰ পৰা পেলাই দিব লাগে।নিমখৰ সলনি খোৱা চ’ডাও ব্যৱহাৰ কৰিব পৰা যায়।ডিঙিৰ চাৰিওকাষে গামোচা বা তেনেকুৱা কপাহী কাপোৰ এখন অনবৰতে মেৰিয়াই ৰাখিলে সোনকালে সকাহ পোৱা যায়।খুব বেছি ঠাণ্ডা নহ’লে ঊণী মাফলাৰ আদিতকৈ কপাহী গামোচা জাতীয় কাপোৰেই ভাল,অন্যথা বেছি গৰম আৰু ছালৰ প্ৰজ্বলনৰ বাবে অস্বস্তি বঢ়াৰহে সম্ভাৱনা।শীতকালি বতৰ খুব শুকান হ’লে কোঠাৰ ভিতৰৰ বায়ুৰ প্ৰয়োজনীয় সিক্ততা ৰাখিবলৈ বিশেষকৈ শোৱা কোঠাৰ ভিতৰত পানীত ভিজোৱা চাদৰ জাতীয় বহল কাপোৰ এখন মেলি থৈ বা লগতে বহল মুখৰ চৰিয়া এটাত পানী নঢকাকৈ ৰাখি,অথবা ‘হিউমিডিফায়াৰ’যন্ত্ৰ ব্যৱহাৰ কৰি কোঠাৰ ভিতৰৰ বায়ুৰ সিক্ততা স্বাভাৱিক কৰি ৰখাৰ চেষ্টা কৰিব পৰা যায়।মুখেৰে উশাহ লোৱাৰ অভ্যাস থাকিলে সেয়া পৰিত্যাগ কৰিব লাগে,কিয়নো নসিকাৰন্ধ্ৰৰ স্বাভাৱিক বায়ু সিক্তকৰণ আৰু ধুলি-মাকতি বাধা দি পৰিষ্কাৰকৰণৰ ক্ষমতা মুখ গহ্বৰৰ নাই।বিড়ি,চিগাৰেট,হোকা,চিলিম আদি সকলো প্ৰকাৰৰ ধুম্ৰপানৰ অভ্যাস সমুলি এৰিব লাগে।ভিটামিন চি আৰু ভিটামিন ই আদি খাদ্যপ্ৰাণ আৰু জিংক আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ থকা আহাৰ যথেষ্ট পৰিমাণে খাব লাগে।এইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দৃঢ় কৰে।ভিটামিন-চি ঔষধৰ দোকানত টেবলেট হিচাপেও পোৱা যায়,ডিঙিৰ এনে পীড়া হৈ থকা সময়ত দিনে এটা বা দুটাকৈ এনে ভিটামিন –চি টেবলেট খাব পৰা যায়।নহৰু আৰু আদা এনে অৱস্থাত নিয়মীয়াকৈ খাব কোৱা হৈছে।জালুক বা কেপচিকাম দিয়া পাতল জ্বলা জোল বা আদা,জালুক দিয়া ৰঙা চাহেও কিছু সকাহ দিয়ে।মেন্থল আৰু প্ৰতিজৈৱিক ঔষধযুক্ত কুলুকুলিৰ মিশ্ৰণ উপযুক্ত প্ৰক্ৰিয়াৰে ব্যৱহাৰ কৰি সকাই পোৱা যায়।বেঞ্জ’কেইন জাতীয় চেতনানশকযুক্ত বা মেন্থল,মৌযুক্ত লজেঞ্চৰ ব্যৱহাৰে সাময়িক সকাহ দিব পাৰে।এই সময়ত ডিঙি আৰু স্বৰতন্ত্ৰৰ জিৰণি অতিকে প্ৰয়োজনীয়,ইয়াৰ বাবে কথা যথাসম্ভৱ কমকৈ ক’ব লাগে।

এনেবোৰ উপায়েৰে Sore Throat পীড়া উপশম নহ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।চিকিৎসকে NSAID শ্ৰেণীৰ বিষ কমোৱা ঔষধ,পেৰাচিটামল আৰু লগতে প্ৰয়োজনবোধে প্ৰতিজৈৱিক ঔষধ বিধান কৰিব পাৰে।ডিঙিৰ পীড়া কৰিব পৰা ডিফথেৰিয়া আদি ৰোগত সোনকালে চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন হয়।জটিল বা গুৰুতৰ বুলি ভবা ক্ষেত্ৰত প্ৰয়োজনবোধে নাক,কাণ,ডিঙি বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ কৰা উচিত।

লেখক:ডা: ৰমেন কুমাৰ কাকতি (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate