শিলাজিত বিভিন্ন প্ৰকাৰৰ ব্যাধিনাশক উৎকৃষ্ট ৰসায়ন। মানৱ শৰীৰত হোৱা বিভিন্ন ৰোগত শিলাজিতযুক্ত ঔষধ প্ৰয়োগ কৰা হয়। শৰীৰৰ শৰ্কৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অপৰিসীম। এই শিলাজিত নেপাল, ভূটান, তিব্বত, কাশ্মীৰ আদিৰ পৰ্বতত প্ৰচুৰ পৰিমাণে পোৱা যায়। পৰ্বতৰ গুহাৰ দৰে শিলাখণ্ডত শেলাইৰ দৰে ডাঠ আৱৰণৰ সৃষ্টি হয়। এই শেলাইভাগ জাৰকালি বেছিকৈ গোট মাৰি থাকে। মে’, জুন আৰু জুলাই মাহৰ গৰম অহাৰ লগে লগে এই শেলাইবিলাক গলিবলৈ আৰম্ভ কৰে। এই গলিত পদাৰ্থসমূহ একত্ৰিত হৈ ধুনা গছত ধূনা ওলমি থকাৰ দৰে ওলমি শিলাখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰে। সংগ্ৰাহকসকলে ইয়াক পনীৰৰ দৰে টুকুৰা- টুকুৰা কৰি সংগ্ৰহ কৰি ৰাখে। সেই কাৰণে এই শিলাজিতক শৈলনিৰ্যাস, শৈলেয় বা গিৰিজ বুলিও জনা যায়।
শিলাজিতে আমাৰ শৰীৰৰ অতিৰিক্ত অদৰকাৰী মেদ (ফেট)বৃদ্ধি পালে তাক নিৰাময় কৰে। সেয়েহে ইয়াক জণ্ডিচ ৰোগৰ পিছত দেখা দিয়া ৰোগৰ উপসৰ্গসমূহ দূৰ কৰাত সহায় কৰে। সেয়েহে ই আমাৰ দেহৰ মস্তিষ্কৰ দুৰ্বলতা, প্ৰমেহ, মধুমেহ, মৃগীৰোগ, উন্মাদ, ৰক্তপ্ৰদৰ (মন ৰেজিয়া) শ্বেতপ্ৰদৰ (লিওকবিয়া) আদিত প্ৰয়োগ কৰা হয়। মধুমেহ ৰোগত সঘনাই প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱৰ জ্বলন, প্ৰস্ৰাৱ নলীৰ পোৰণি আদি ৰোগত ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।
এই শিলাজিত ৪ প্ৰকাৰৰ, যেনে- স্বৰ্ণ (ৰক্ত বৰ্ণৰ), (ৰৌপ্য বগা বৰণৰ), তাম্ৰ (উজ্জ্বল সোণালী বৰণৰ), লৌহ (ক’লা বৰণৰ)। লৌহ ক’লা ৰঙৰ শিলাজিত সকলোতকৈ উত্তম। শিলাজীত স্ত্ৰী-পুৰুষ উভয়ৰে তৰল ধাতু গাঢ় আৰু সজীৱ কৰি তোলে। পক্ষান্তৰ, মনৰ স্থিৰতা বঢ়ায় আৰু ব্ৰহ্মচাৰ্য ৰক্ষাত সহায় কৰে। অবিবাহিত হৈ ব্ৰহ্মচাৰ্য মাৰ্গত থকা অভিলাষেৰে অসম আয়ুৰ্বেদিক প্ৰডাক্টছৰ ঔষধ প্ৰস্তুতকৰ্তা সিদ্ধ পুৰুষ এগৰাকীয়ে শিলাজিতযুক্ত চন্দ্ৰ প্ৰভাৱতী দৈনিক সেৱন কৰি নিৰোগী জীৱন যাপন কৰা আমি প্ৰত্যক্ষ কৰিছিলো। এতিয়াও শিলাজিতযুক্ত ইনচুপ্লাচে ডায়েবেটিছ ৰোগত প্ৰচুৰ সমাদৰ লাভ কৰিছে। এই শিলাজিত জধে-মধে খাব নালাগে। ইয়াক গব্যদুগ্ধ আৰু ত্ৰিফলাৰ ক্কাথত শোধন কৰা হয়। এইদৰে পৰিশোধিত হোৱাৰ পিছতহে ইয়াক খাব পাৰি বা ঔষধত প্ৰয়োগ কৰা হয়।
আমাৰ শৰীৰত হোৱা মধুমেহ, প্ৰস্ৰাৱ নলীত হোৱা পাথৰ, অতি কষ্টৰে প্ৰস্ৰাৱ কৰা, অপস্মাৰ, উন্মাদ, চৰ্মৰোগ, ৰক্তহীনতা (এনিমিয়া), বাতৰক্ত (আৰটিকেৰিয়া), ক্ৰিমিৰোগ নাশ কৰে। বিশেষকৈ ই মধুমেহত ফলদায়ক। মহৰ্ষি বাগভট্টই উল্লেখ কৰা মতে,
মধু মেহত্বমাপন্নো ভিষগভি: পৰিবৰ্জ্জিত:
শিলাজিত তুলামদ্যাৎ প্ৰমেহিত: পূৰ্ণনৱ ।।
অৰ্থাৎ চিকিৎসকৰ দ্বাৰা পৰিত্যক্ত অসাধ্য মধুমেহ ৰোগ নাশ কৰে। দৈনিক ২০০ মিলিগ্ৰাম শিঅলজিত আংগুৰৰ ৰস অথবা ত্ৰিফলাৰ ক্কাথেৰে দীৰ্ঘকাল খালে নিশ্চিতভাৱে মধুমেহ ৰোগৰ পৰা মুক্তি পাব পাৰি।
শিলাজিত কৰ্পূৰৰ লগত মিহলাই সানিলে কটা ঘা সোনকালে শুকাই যায়। শিলাজিত জীৱাণু নাশক হোৱাৰ বাবে ইনফেকচন হোৱাৰ ভয় নাথাকে। শৰীৰত আঘাত পালে পুৰণি ঘিৰ লগত শিলাজিত মিহলাই সানিলে সোনকালে আৰাম পোৱা যায়। শিলাজিতৰ দ্বাৰ প্ৰস্ৰাৱৰ লগতে অহা অতিৰিক্ত ওজস্ৰাৱ (এলবিঅ’মিন)নিয়ন্ত্ৰণ কৰে। অধিক ৰক্তচাপ আৰু লগতে মানসিক চাপৰ কাৰণে আমাৰ শৰীৰৰ ধমনীসমুহৰ দুৰ্বল স্থানবিলাকৰ কোনো অংশ সংকুচিত হৈ ধমনীৰ ভালভ বিবদ্ধ কৰি তোলে। ফলস্বৰুপে ৰক্ত চলাচলত বাধা জন্মি ৰোগী মূৰ্ছা যায় আৰু কেতিয়াবা শিৰ:শুল হয়। ধমনীৰ এই সংকোচন প্ৰসাৰণৰ সমতা ৰক্ষা কৰিব পৰা একমাত্ৰ ঔষধ শিলাজিত। পিত্তাশয়ত (গলব্লাডাৰ) পাথৰ হ’লে যদি শিঅলজিতযুক্ত ঔষধ প্ৰয়োগ কৰা হয়, তেতিয়া পাথৰৰ ওপৰৰ চামনিবিলাক ৰুকি পেলাই আৰু পাতল অৱস্থাপ্ৰাপ্ত কৰি বাহিৰ হোৱাত সহায় কৰে। সেয়েহে পিত্তাস্মৰী (কলেচিষ্টাইটিছ) ৰোগৰ পৰম ঔষধি ৰুপে শিলাজিতক গণ্য কৰিব পাৰি। মুঠৰ ওপৰত শিলাজিত আয়ুনৰ্বেদ চিকিৎসাৰ অব্যৰ্থ মহৌষধ।
লেখক: ডা: প্ৰভাত চন্দ্ৰ গোস্বামী (জি এনআৰচি স্বাস্থ্য)
শেহতীয়া উন্নীতকৰণ: : 2/21/2024