অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ ৰাতি কমকৈ দেখা সমস্যা :

শিশুৰ ৰাতি কমকৈ দেখা সমস্যা :

 

এযুৰি ধুনীয়া, উজ্জ্বল চকুৱে সকলোৰে মনোযোগ আকৰ্ষণ কৰে। কিয়নো চকুৱেও হেনো কথা কয়। সুস্থ, নিৰোগী, উজ্জ্বল চকুৰ বাবে ইয়াৰ পৰিপুষ্টিও বৰ গুৰুত্বপূৰ্ণ। ভিটামিন বা খাদ্যপ্ৰাণ হ’ল জৈৱ-ৰাসায়নিক পদাৰ্থ, যিবিলাক শৰীৰে নিজে তৈয়াৰ কৰি ল’ব নোৱাৰে বাবে আমি গ্ৰহণ কৰা আহাৰৰ পৰাই শৰীৰে প্ৰয়োজনীয় খাদ্যপ্ৰাণ, খনিজ লৱণ আদি পায়। এজন সু-স্বাস্থ্যৱান ব্যক্তিৰ দৈনিক খাদ্য তালিকাত এই ভিটামিনবিলাক থকাটো আৱশ্যকীয়। সেয়েহে চকুৰ পৰিপুষ্টিত আহাৰৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ।

চকুৰ ওপৰত খাদ্যপ্ৰাণ ‘ক’ বা ভিটামিন ‘এ’ৰ প্ৰভাৱ অসীম। চকুৰ পৰ্দা বা ৰেটিনাত ৰ’ডছ আৰু কোনছ নামৰ ফটোৰিচেপ্টৰ কোষ থাকে। ৰ’ডছ কোষবিলাকে কম পোহৰত বা ৰাতি দেখাত সহায় কৰে আৰু এই কোষবোৰৰ কাম কৰা ক্ষমতাৰ বাবে ভিটামিন ‘এ’ৰ অতিকৈ প্ৰয়োজন। সেয়েহে ভিটামিন ‘এ’ৰ অভাৱত এই ৰ’ডছ কোষৰ কাম কৰা ক্ষমতা কমে বাবে ৰাতি কম দেখা হয়। যাক আমি ‘কুকুৰীকণা’ বুলি কওঁ। চকুযুৰি সেমেকাই ৰখাৰ বাবে চকুপানী অহৰহভাৱে লেক্ৰিমেল গ্ৰন্থিৰ পৰা উৎপন্ন হয় আৰু চকু মেলা-জপোৱা কৰাৰ লগে লগে চকুৰ সন্মুখভাৱে এই চকুপানীয়ে পৰিষ্কাৰ  কৰি থাকে। শৰীৰত থকা ভিটামিন ‘এ’ৰ বাবে চকুপানী বা লেক্ৰিমেল ফ্লুইডৰ গুণাগুণ আৰু পৰিমাণ নিয়মিত হৈ থাকে। ভিটামিন ‘এ’ৰ অভাৱত এই চকুপানীৰ পৰিমাণ কমি যায় আৰু ইয়াৰ গুণাগুণৰ তাৰতম্য হয় বাবে চকু-কাণ শুকান লগা, খচখচনিৰে আৰম্ভ হৈ চকুৰ মণিত ঘা হৈ বগা পৰি শেষত দৃষ্টিহীন হৈও যাব পাৰে। ইংৰাজীত ইয়াক ‘ড্ৰাই আই ছিনড্ৰম’ বুলি কোৱা হয়।

চকুৰ বাবে পুষ্টিকৰ আহাৰ, যেনে- মাছ-মাংস, গাখীৰ, কণী, বাটাৰ, চীজ, লিভাৰ আদি প্ৰাণীজাত খাদ্যত প্ৰচুৰ ভিটামিন ‘এ’ ৰেটিনল হিচাপে থাকে। উদ্ভিদজাত পদাৰ্থ বিশেষকৈ সেউজীয়া শাক-পাচলি যেনে- পালেং, লাই, লফা, ভতুৱা আদিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ থাকে। যিমানে শাকৰ ৰং ডাঠ সেউজীয়া হয়, সিমানে বেছিকৈ ভিটামিন ‘এ’ কেৰাটিন হিচাপে থাকে। পকা ফলমূল, পকা কল, পকা অমিতা, আম, বেল আদিত আৰু ৰঙালাও, গাজৰ, বিলাহী আদি যথেষ্ট পৰিমাণে বিটা কেৰাটিন থাকে। এই কেৰাটিনবিলাক ক্ষুদ্ৰান্তত ভিটামিন ‘এ’লৈ পৰিৱৰ্তিত হয়। সেয়েহে যিবিলাক শিশুৰ হজমৰ অসুবিধা, ডায়েৰীয়া, ডিচেন্টেৰী আদি হয়, তেওঁলোকে ভিটামিন ‘এ’ৰ অভাৱত ভোগে।

দৈনিক এটি শিশুক ১৫০ ইন্টাৰনেচনেল ইউনিট ভিটামিন ‘এ’ আৰু প্ৰাপ্তবয়ষ্ক লোক এজনক পাঁচশ আই ইউ ভিটামিন ‘এ’ৰ প্ৰয়োজন।

শৰীৰত ভিটামিন ‘এ’ৰ অভাৱ হ’লে প্ৰথমতে ৰাতি কমকৈ দেখা পায় বা কম পোহৰত কমকৈ দেখা পায়। চকুযুৰিৰ চকুপানী গঠনত বিভ্ৰাট হয় বাবে চকু শুকান হয়। ছালৰ দৰে মিহি চকুৰ কনজাংটিভা শুকান হৈ বগা দাগ পৰিবলৈ ধৰে। তাৰ পাছতো যদি একেৰাহে ভিটামিন ‘এ’ৰ অভাৱ হয়, তেতিয়া সন্মুখৰ আইনাৰ দৰে স্বচ্ছ কৰ্নিয়াখনো শুকান হ’বলৈ ধৰে আৰু লাহে লাহে স্বচ্ছতা কমি আহে। এনেধৰণৰ চকুত সহজে বীজাণু সংক্ৰমিত হয় বাবে ঘা হ’বলৈ ধৰে আৰু কৰ্নিয়া বগা হৈ গলি যাবলৈ ধৰে। এটা সময়ত গোটেই চকুটোৱেই চবগা হৈ ৰোগী অন্ধ হৈ যায়। তেতিয়াও যদি ভিটামিন ‘এ’ বেজী আৰু উপযুক্ত এন্টিবায়’টিক ব্যৱহাৰ কৰি ইনফেকচন নিয়ন্ত্ৰণ কৰা নহয়, তেতিয়া গোটেই চকুটো উঠাই পেলাব লগা হ’ব পাৰে।

সাধাৰণতে অশিক্ষিত, দুখীয়া লোকৰ মাজত পুষ্টিহীনতাৰ সমস্যা বেছিকৈ হোৱা দেখা যায়। কিন্তু কেতিয়াবা অকল খাদ্যহীনতাৰ অভাৱৰ বাবেই পুষ্টিহীনতাত নোভোগে। বহুক্ষেত্ৰত ঠাই বিশেষে নিজে নিজে পুষ্টিহীন খাদ্যহে বাছি লয়। বহুতো পৰিয়ালৰ খাদ্যাভ্যাস বংশানুক্ৰমে একে চলি আহে আৰু এইবিলাকৰ ভুক্তভোগী হয় তেওঁলোকৰ সন্তানসকল। কিছুমান অন্ধবিশ্বাসেই এনে ৰোগত প্ৰভাৱ পেলায়। মাকৰ গাখীৰ খাই থকা কেঁচুৱাই যদি সেউজীয়া ধৰণৰ শৌচ কৰে বা জ্ব-কাহ হয়, তেতিয়াহ’লে মাকজনীক অকল কাঁচকল, সিদ্ধ ভাতহে খাবলৈ দিয়ে। মাছ-মাংস, গাখীৰ, কণী আৰু শাক-পাচলি বন্ধ কৰি দিয়ে, চকু যদি ৰঙা পৰে, ফুলে বা বিষায়, তেতিয়া সকলোধৰণৰ বগা আহাৰ খোৱা বন্ধ কৰি দিয়ে। এনেধৰণৰ আচৰণৰ ফলত সন্তান আৰু মাতৃ দুয়োৰে ক্ষতি হয়।

চকুৰ উজ্জ্বলতা বৃদ্ধিৰ লগতে দৃষ্টিশক্তি অটুট ৰখাৰ বাবে ভিটামিন ‘এ’ যুক্ত খাদ্যবস্তু নিতৌ গ্ৰহণ কৰাটো অপৰিহাৰ্য। চকুৰ অসুখ বা শৰীৰৰ আন কোনো অসুখ, যেনে- জ্বৰ, কাহ, ডায়েৰীয়া আদিৰ বাবে পুষ্টিহীনতা বেছিকৈ হ’ব পাৰে বাবে প্ৰচুৰ ভিটামিন ‘এ’ যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে নাইবা ভিটামিন ‘এ’ৰ দৰব খাব লাগে। অভিভাৱকৰ সজাগতা-সচেতনতাই শিশুটিৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াত সহায় কৰিব।

লেখক: ডাঃ বিজুলী গোস্বামী(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate