অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালৰ অসুখ-বিসুখ :

শীতকালৰ অসুখ-বিসুখ :

 

শীত আহিলেই শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে নাকৰ খচ্‌খচনি বাঢ়ি যায়। পুৱা সুস্থ হৈ থকা মানুহজনেও আবেলিলৈ উপৰ্যুপৰি হাঁচি মাৰি তত্‌ নোপোৱা হয়। এনে সময়ত প্ৰায়ে উশাহ-নিশাহ লোৱাত কষ্ট হয়, নাকেৰে পানী ওলায়, লগতে গাটোত জ্বৰ জ্বৰ ভাৱ দেখিবলৈ পোৱা যায়। এনেকুৱা বাৰু কিয় হয় ? সাধাৰণতে ঋতু পৰিৱর্তনৰ আৰম্ভণিতে চর্দি-কাহ বা কমন কল্য বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। কমন কল্য মূলতঃ ভাইৰাছৰ পৰা হয়। এলাৰ্জিৰ পৰাও হয়। শীতকালত এলাৰ্জিৰ মূল কাৰণ হ’ল ধোঁৱা। এই সময়ত বায়ুমণ্ডল গধুৰ হৈ থাকে। গধুৰ হোৱাৰ বাবেই দূষিত বতাহ বেছি ওপৰলৈ যাব নোৱাৰে। ফলত এই দূষিত বতাহ থাকে নাকৰ সমতলত। গতিকে যিমানবাৰ উশাহ লোৱা হয়, সিমানবাৰ ধূলি মিশ্ৰিত বতাহ নাকেৰে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে।

শীতকালত শিশুসকল প্রায়ে পানীলগা জ্বৰ, এলাৰ্জী আৰু হাঁপানী আৰু ভাইৰাছজনিত পাতল পায়খানাৰ দ্বাৰা আক্রান্ত হোৱা দেখা যায়। এনে ধৰণৰ অসুখ-বিসুখবোৰ বিষয়ে জানিবলৈয়ে আমি লগ কৰিছিলো জি এন আৰ চি হাস্পতালৰ ছয়মাইল চৌহদৰ শিশুৰোগ বিভাগৰ বিশেষজ্ঞ ডা: চামিউল এহছান হুছেইনক। শীতকালীন শিশুসকলে সমুখীন হোৱা সমস্যাৰ বিষয়ে জানিবলৈ বিচৰাত তেখেতে কৈছিল—

বতৰৰ পৰিৱৰ্তনৰ লগে লগে হঠাৎ শীতৰ সংস্পৰ্শলৈ অহাৰ ফলত শিশুসকল প্ৰায়ে পানীলগা জ্বৰত আক্রান্ত হোৱা দেখা যায়। এই ৰোগ সাধাৰণতে ভাইৰাছৰ সংক্ৰমণৰ ফলত হয়।

এনে ৰোগত প্রথমতে শিশুৰ জ্বৰ উঠাৰ লগতে নাকেৰে পানী ববলৈ আৰম্ভ কৰে। ফলত শিশুটোৱে যথেষ্ট কষ্ট পায়। সেয়েহে এনে হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামর্শ লোৱা উচিত।

শিশুৰ ৰোগ প্রতিৰোধ ক্ষমতা কম হোৱাৰ বাবে বেক্টেৰিয়া নামৰ মাৰাত্মক বীজাণুৱে আক্ৰমণ কৰাৰ ফলত শিশুটি নিউম'নিয়া ৰোগত আক্রান্তও হ’ব পাৰে।

এনে হ’লে শিশুটিক ঠাণ্ডাৰ পৰা বচাই ৰাখিব লাগে। সন্ধিয়া সময়ত বাহিৰলৈ শিশুটিক উলিয়াই নিব নালাগে, খালী ভৰিৰে মাটি বা পকাত খোজকাঢ়িব দিব নালাগে আৰু হাত-ভৰি মোজাৰে ঢাকি ৰাখিব লাগে।

ঠাণ্ডা দিনত শিশুসকলৰ হাঁপানী ৰোগৰ মাত্রা বুলি পায়। এনে হ’লে শিশুক সোনকালে চিকিৎসালয়লৈ লৈ আনিব লাগে আৰু নবেলাইজ্‌ড পদ্ধতিৰে চিকিৎসা কৰাব লাগে।

শীতকালত শিশুসকল প্ৰায়ে ৰোটা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাবে পাতলা পায়খানাৰ মাত্রা বাঢ়ি যায়। এই ৰোগ এজনৰ পৰা আন এজনলৈ সংস্পৰ্শৰ দ্বাৰা বিয়পে। সেয়েহে শিশুৰ যত্ন লওঁতে বা খাদ্য ৰান্ধোতে হাত ভালদৰে চাবোনেৰে ধুই ল’ব লাগে। পিতৃ-মাতৃ বা শিশুৰ যত্ন লোৱা ব্যক্তিগৰাকীয়ে নিজৰ চাফ-চিকুণৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এই ৰোগ প্রথমে জ্বৰ আৰু আৰু বমিৰে আৰম্ভ হয় আৰু পাছলৈ পাতল পায়খানা হয়। পাতল পায়খানা হোৱাৰ ফলত শৰীৰত পানী আৰু লোণৰ পৰিমাণ কমি গৈ শৰীৰ দুর্বল হয়। এনেদৰে দুৰ্বল হৈ সময়োপযুক্ত চিকিৎসাৰ অভাৱত কেতিয়াবা শিশু মৃত্যুমুখতো পৰে। সেয়ে শৰীৰত পানী আৰু লোণৰ পৰিমাণ অটুট ৰাখিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত অ’ আৰ এছ বা ঘৰত থকা লোণযুক্ত পানী খুৱাব লাগে আৰু পলম নকৰি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

শীতকালত শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে প্রায়ে চর্দি-জ্বৰ আৰু কাহত ভোগা দেখা যায়। এনে সময়ত হোৱা এই সমস্যাসমূহৰ বিষয়ে জানিবলৈয়ে আমি লগ কৰিছিলো জি এন আৰ চি হাস্পতাল ছয়মাইল চৌদহত নাক-কাণ আৰু ডিঙি বিভাগৰ বিশেষজ্ঞ ডাঃ মিকলু সেনাপতিক। তেওঁ আমাক জনায় যে,

শীতকালৰ আগমন হোৱাৰ লগে লগে বীজাণুৰ সংক্ৰমণৰ পৰিমাণো বাঢ়ি যায়। ফলত ঠাণ্ডা লগাৰ বাবে শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে কাহ-চর্দি আৰু জ্বৰত ভুগিবলৈ লয়। সেয়েহে এই সময়ছোৱাত শৰীৰটোক ঠাণ্ডাৰ পৰা বচাই ৰাখিব লাগে। আনহাতে যিমানদূৰ সম্ভৱ ঠাণ্ডা বস্তুৰ পৰিমাণ কমাই গৰম বস্তু খোৱাৰ চেষ্টা কৰিব লাগে। সম্ভৱ হ’লে শৰীৰটোক জিৰণি দিয়াটো ভাল। ঠাণ্ডাৰ দিনত গ্ৰীষ্মতকৈ মূৰৰ বিষ বেছি হয়। চর্দি-কাহ-জ্বৰ আদি বেছিকৈ হয় বাবে প্রায়ভাগে মূৰৰ বিষত ভোগে।

শীতকালত ভোগা আন এক সমস্যা হ’ল টনছিলাইটিছ। সাধাৰণতে শিশু আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল এই ৰোগত ভোগা দেখা যায়। সংক্ৰমণৰ বাবে এই ৰোগ হয়, আনহাতে শিশু আৰু বৃদ্ধ ব্যক্তিসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা কম হোৱাৰ বাবে এই দুই শ্রেণী শীঘ্ৰে আক্রান্ত হয়। সেয়ে চর্দি-জ্বৰ আৰু কাহ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চাইনাছাইটিছ, টনছিলাইটিছত ভূগি থাকিলেও নাকৰ পৰা সংক্রমণ গৈ শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে কাণৰ বিষত ভূগিবলগীয়া হ’ব পাৰে। কেতিয়াবা আকৌ এই বিষ ইমানেই অসহ্যকৰ হৈ পৰে যে অস্ত্ৰোপচাৰো কৰিবলগীয়া হয়।

খুব বেছিকৈ কাহিলে বা খুব বেছিকৈ কথা ক’লে যেনে ৰাজনীতিবিদ, শিক্ষক, গায়ক আদি বৃত্তিৰ লগত জড়িত ব্যক্তিসকলে প্রায়ে কণ্ঠনলীত জোৰ দি কথা ক’বলগীয়া হয় বাবে মাতটো ভাঙি যায় বা বহি যোৱা দেখা যায়। এনেদৰে মাত ভাঙি গ’লে বা বহি গ’লে অলপ ঘনাই ঘনাই গৰমপানী বা লাল চাহ খোৱাৰ লগতে গৰমপানীৰ ভাপ ল’লে সুফল পোৱা যায়। প্রায়ে দেখা যায় এনে ধৰণৰ হ’লে আমি গার্গল কৰো। কিন্তু এনে কৰা উচিত নহয়, কিয়নো গৰমপানীৰে গার্গল কৰিলে কণ্ঠনলীয়ে কষ্ট পায় বা আঘাত পায়। সেয়েহে এনে হ’লে কথা কোৱাটো কমাই দিব লাগে আৰু যিমান পাৰি কণ্ঠনলীক আৰাম দিব লাগে।

ঋতু পৰিৱৰ্তনৰ লগে লগে মানসিকভাৱেও পৰিৱর্তন হয়। এই বিষয়ে জানিবলৈ বিচৰাত জি এন আৰ চি হাস্পতাল ছমাইল চৌহদৰ মনোবৈজ্ঞানিক লাভলী চৌধুৰীয়ে আমাক জনায় যে

‘প্রায়ে দেখা যায় আগৰে পৰা মানসিকভাৱে হতাশাত ভূগি থকা ব্যক্তিসকল ঋতু পৰিৱৰ্তনৰ ফলত শীতকালত বেছিকৈ হতাশাত ভুগিবলৈ আৰম্ভ কৰে। ইয়াক চিজনেল এফেক্টিভ ডিজঅর্ডাৰ বুলি কোৱা হয়। বিশেষকৈ এনে ব্যক্তিসকলে কাম-বন কৰিবলৈ ইচ্ছা নকৰে, কাৰো লগত কথা পাতিবলৈ ইচ্ছা নকৰি অকলে অকলে থাকিবলৈ ইচ্ছা কৰে, কোনো কামতে মনোযোগ নিদিয়ে, সঠিক সিদ্ধান্ত ল’ব নোৱাৰা হয়। অত্যধিক টোপনি যোৱা বা একেবাৰে টোপনি কমি বেছিকৈ ভোক লগা বা একেবাৰে ভোক নলগা আদি লক্ষণবোৰ আপোনাৰ পৰিয়ালৰ কাৰোবাৰ গাত দেখিলে ই ক’থেৰাপিষ্টৰ পৰামর্শ লোৱাটো অতি প্রয়োজনীয়।

প্রায়ভাগ ব্যক্তিয়ে ঋতু পৰিৱৰ্তনৰ ফলত হোৱা শীতৰ বাবে দাঁতৰ বিষত ভোগা দেখা যায়। সেয়েহে এনে বিষৰ বিষয়ে জানিবলৈয়ে আমি লগ কৰিছিলো জি এন আৰ চি হাস্পতালৰ ছয়মাইল চৌহদৰ দন্ত বিশেষজ্ঞ ডাঃ ইন্দিৰা বি চৌধুৰীক। তেখেতে আমাক জনায় যে

‘আগৰে পৰা যদিহে দাঁতৰ সমস্যা যেনে দন্তক্ষয় বা এনামেল ইৰ’চন হৈ থাকে, তেনে ক্ষেত্ৰত ঋতু পৰিৱৰ্তনৰ ফলত লগা ঠাণ্ডা বতাহৰ বাবে বিষ অনুভৱ কৰিব পাৰে। ঠাণ্ডা আহাৰ লগে লগে আমি খোৱা ফলমূলৰ ৰস বা পানীও কমকৈ খাওঁ । ফলত শৰীৰত পানীৰ পৰিমাণ তথা ভিটামিন বিৰ পৰিমাণ কমি যোৱাৰ বাবে ওঁঠ ফাটিবলৈ ধৰে আৰু আংগুলাৰ চিল’চিচ তথা মাউথ আলচাৰ ৰোগত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে ঠাণ্ডা দিনতো ফলৰ ৰস আৰু পানী যথেষ্ট পৰিমাণে খাব লাগে।

লেখিকা: মামণি গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate