অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালৰ কষ্টদায়ক বেমাৰ চাইনাচাইটিছ

চাইনাচাইটিছ বুলি কোৱাৰ লগে লগে মনলৈ আহে এক অতি কষ্টদায়ক আৰু পীড়াদায়ক বেমাৰৰ কথা । সঘনাই মূৰৰ বিষ, নাকেদি পানী ওলোৱা, সঘনাই চৰ্দি লাগি থকা, বাৰে বাৰে হাচি-ঘাহি থকা, চকুৰ ওপৰৰ পতাত অসহ্য বিষ হৈ থকা, জ্বৰ জ্বৰ ভাব থকা আদি লক্ষণবোৰৰ কথা মনলৈ আহিলেই এক অসহ্য যন্ত্ৰণাৰ কথা সোঁৱৰাই দিয়ে । সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা-বুঢ়া উভয়ে এই পীড়াদায়ক বেমাৰৰ দ্বাৰা আক্ৰান্ত হয় । কোনেও শীতকালত এইবোৰ সমস্যাৰ পৰা সাৰি যাব নোৱাৰে । অকল শীতকালতে নহয়, আন আন ঋতুতো এইধৰণৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত নোহোৱাকৈ থাকিব নোৱাৰি । সেয়ে এই বেমাৰ প্ৰায় সকলোৰে পৰিচিত । চাইনাচাইটিছ কোনো প্ৰাণঘাতক বেমাৰ নহয় যদিও ইয়াৰ দ্বাৰা পোৱা অসহ্য কষ্টই মানুহক বিভিন্নধৰণে পীড়া দি থাকে । বাট-পথৰ দুৰৱস্থা, অস্ংখ্য গাড়ী-মটৰ, কল-কাৰখানা, উদ্যোগ আদিৰ পৰা পোৱা ধূলি-মাকতি আৰু ধোঁৱাই পৰিৱেশ অত্যন্ত প্ৰদূষিত কৰি পেলাইছে । পৰিষ্কাৰ বতাহ, মুকলি পথাৰৰ নিৰ্মল জলবায়ু প্ৰায় পাবলৈ নোহোৱা হৈ গৈছে । প্ৰদূষিত পৰিৱেশে প্ৰায় সকলো অঞ্চল গ্ৰাস কৰি পেলাইছে । অকল অসমতে নহয়, ভাৰতবৰ্ষৰ মেট্ৰ’পলিটান চহৰবোৰো কল-কাৰখানা, উদ্যোগ, মটৰ-গাড়ীৰ ধোঁৱাই মানুহৰ জীৱনযাত্ৰা দুৰ্বিষহ কৰি পেলাইছে । তদুপৰি ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশবোৰত সাধাৰণ খাটি খোৱা মানুহখিনি বজাৰ কৰা, অফিচ- আদালত আদিত চাকৰি কৰা, ব্যৱসায় কৰাৰ লগতে দৈনন্দিন কামবোৰ সমাপন কৰোঁতে প্ৰদূষিত জলবায়ুৰ ধূলি-বালি, ধোঁৱা আদিৰ সন্মুখীন হ’ব লগা হয় আৰু তাৰেই ফলস্বৰুপে উন্নয়নশীল দেশবোৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ খুব বেছি পৰিমাণে হোৱা দেখা যায় ।

মানুহৰ শৰীৰত তিনিযোৰ চাইনাছ থাকে । চাইনাছ অৰ্থাৎ সাধাৰণ ভাষাত ফুটা বুলি কোৱা হয় । আমাৰ দুচকুৰ ওপৰত এযোৰ, চকু আৰু নাকৰ সংযোগ স্থলত এযোৰ আৰু নাকৰ দুয়োকাষে এযোৰ চাইনাছ থাকে । এই তিনিযোৰ চাইনাছে উশাহত বায়ু গৰম কৰি ইয়াক চলাচল কৰাত সহায় কৰে । মূৰৰ ভিতৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰতো সহায় কৰে আৰু লগতে আমাৰ মাত-কথাৰ কম্পনাংকও নিয়মিত কৰি ৰাখে । এইখিনি কাৰ্য পেৰানেজেল চাইনাছৰ দ্বাৰা সম্পন্ন হয় যদিও আজিলৈকে পেৰানেজেল চাইনাছৰ কৰ্মৰ বিষয়ে সঠিক ধাৰণা কৰিব পৰা হোৱা নাই । এই তিনিযোৰ চাইনাছৰ পাতল, মিউকাছবোৰ যদি কিবা কাৰণত বীজাণুৰ দ্বাৰা সংক্ৰমিত হয় আৰু ফুলি উঠে তেতিয়া তাক চাইনাচাইটিছ  বুলি কোৱা হয় ।

কাৰণসমূহ -

১) নাকত কোনো বীজাণুৰ দ্বাৰা সংক্ৰমণ ঘটিলে

২) ফেৰিংছত বীজাণু সংক্ৰমণ হ’লে বা টনচিলাইটিছ হ’লে ।

৩) বহুদিনীয়া লেতেৰা পানী খালে, ডোং আদিত গা ধুলে ।

৪) দাঁতত বীজাণু সংক্ৰমণ হ’লে ।

৫) নাকত আঘাত পালে ।

৬) সাধাৰণ কিছু বেমাৰ যেনে : ইনফ্লুৱেঞ্জা, হুপিং কাহ ইত্যাদি কাৰণত চাইনাচাইটিছ হ’ব পাৰে ।

৭) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গ’লে

৮) অত্যধিক ঠাণ্ডা লাগিলে ।

৯) বুকুৰ কিছুমান বেমাৰ যেনে :- ব্ৰংকাইটিছ, হাপানী ইত্যাদি ৰোগৰ বাবে চাইনাচাইটিছ  হ’ব পাৰে ।

১০) নাকৰ ছেপটামৰ হাড় বেঁকা হৈ বন্ধ হৈ থাকিলে এই ৰোগ হ’ব পাৰে ।

১১) অত্যধিক ধূলি-মাকতি, ধোঁৱা থকা এলেকাত থাকিলে সেয়া সেৱন কৰিলে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায় ।

উত্তেজক কাৰক -

সাধাৰণতে যিবোৰ বীজাণুৰ দ্বাৰা সংক্ৰমণ হয়, তাৰ ভিতৰত নিউমো কক্কাই, ষ্টেপট’ কক্কাচ আদি বেক্টেৰিয়াৰ আক্ৰমনৰ কাৰণে চাইনাচাইটিছ  ৰোগ হয় ।

লক্ষণসমূহ :-

সাধাৰণ লক্ষণবোৰৰ ভিতৰত অত্যধিক মূৰৰ বিষ, চকুৰ বিষ, উশাহ লোৱা কষ্ট, নাকেদি অনবৰত পানী ওলাই থকা, নাকৰ আগফাল আৰু ভিতৰফালে জ্বলন হৈ থকা, বাৰে বাৰে হাচি আহি থকা ইত্যাদি । স্থানীয় লক্ষণবোৰৰ ভিতৰত নাকত সদায় অস্বস্তি অনুভৱ হয় । দুচকুৰ ওপৰত থকা চাইনাছত সংক্ৰমণ হ’লে মূৰৰ বিষ, চকুৰ বিষ, কপালৰ বিষ আদি অনুভৱ হয় । চকু আৰু নাকৰ সংযোগ স্থলত থকা চাইনাছযোৰ সংক্ৰমণ হ’লে কাণ, কান্ধ, ডিঙি আদিৰ বিষ হোৱাৰ উপৰি মূৰৰ ওপৰৰ অংশত বিষ হ’ব পাৰে । নাকত দুয়োকাষত থকা চাইনাছযোৰত হোৱা সংক্ৰমণৰ ফলত দাঁতৰ বিষ হ’ব পাৰে । নাক বন্ধ হৈ থাকিব, নাকেদি পানী আৰু শেঙুন ওলাই থাকিব । নাকৰ পৰা তেজ ওলাব । নাকৰ চাইনাছৰ অৱস্থানত বিষ অনুভৱ হ’ব আৰু এই বিষ দাঁতৰ মূল, কাণ আৰু চকুৰ ওপৰলৈ সম্প্ৰসাৰিত হ’ব । গাল ফুলি উঠিব আৰু ৰঙা পৰিব পাৰে ।

পৰীক্ষা-নিৰীক্ষাসমূহ -

এই ৰোগ ধৰা পেলাবলৈ কিছু পৰীক্ষাৰ ব্যৱস্থা আছে । যেনে- ট্ৰেন্সিলোমিনেশ্বন টেষ্ট । তদুপৰি এক্স-ৰে’ৰ দ্বাৰাও চাইনাছৰ অৱস্থানৰ বিষয়ে গম পোৱা যায় । নাকৰ পৰা ওলোৱা বিজলোৱা পদাৰ্থখিনিৰ কালচাৰ আৰু সংবেদনশীল পৰীক্ষাৰ দ্বাৰা চাইনাচাইটিছ ৰোগ ধৰা পেলাব পাৰি । এইবোৰ হ’ল পৰীক্ষাগাৰত হোৱা পৰীক্ষা । কিন্তু এইবোৰ পৰীক্ষা নকৰাকৈয়ে মাত্ৰ স্থানীয় লক্ষণবোৰৰ দ্বাৰাই এই বেমাৰ ধৰা পেলাব পাৰি ।

সাৱধানতা -

চাইনাচাইটিছৰ চিকিৎসা কৰি সুফল পোৱাতকৈ সাৱধানতা অৱলম্বন কৰিহে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি । যেনে-

১) ধূলি-মাকতি, ধোঁৱা আদিৰ পৰা সদায় নিজকে আঁতৰাই ৰখা ।

২) প্ৰদূষিত বতাহ আৰু প্ৰদূষিত পৰিৱেশৰ পৰা আঁতৰত থকা ।

৩) ঠাণ্ডাৰ পৰা নিজক বচাই ৰখা । ঠাণ্ডা বায়ু সেৱন কৰিলে, ঠাণ্ডা পানীৰে গা-ধুলে বহুতৰে এই বেমাৰৰ পীড়াবোৰে যন্ত্ৰণা দিয়া দেখা যায় ।

৪) চাইনাচাইটিছ হ’ল এলাৰ্জিজনিত সমস্যা । সেয়ে যিবোৰ বস্তুৰ দ্বাৰা গাত এলাৰ্জি হোৱা দেখা যায় সেইবোৰ দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকিব লাগিব ।

৫) মুকলি বতাহ সেৱন কৰা আৰু মুকলি, নিৰ্মল ঠাইৰ নিৰ্মল বায়ু গ্ৰহণ কৰা ।

৬) বতাহত থকা এলাৰ্জেনবোৰ যেনে: ধূলি, ধোঁৱা আদি যাতে উশাহত নাকৰ ভিতৰলৈ নাযায় তাৰ কাৰণে মাস্ক আদি ব্যৱহাৰ কৰা দৰকাৰ ।

চিকিৎসা প্ৰণালী -

এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীক ভাল ভেণ্টিলেটৰ থকা মুকলি ঘৰত জিৰণি ল’বলৈ দিয়া হয় । এণ্টি এলাৰ্জিক দৰব খাব দিব লাগে । তদুপৰি নেজেল ড্ৰপ ব্যৱহাৰ কৰি থাকিলে বন্ধ হোৱা নাক খোল খায় । চাইনাচাইটিছ পুৰণা হ’লে নেজেল ছেপ্টাম বেঁকা হৈ যায় তেতিয়া ইয়াক পোন কৰিবলৈ প্লাষ্টিক ছাৰ্জাৰীৰ ব্যৱস্থা কৰিব লাগে । তদুপৰি নাকৰ ছেপ্টাম বেছি বেঁকা হৈ নাকৰ ফুটা বন্ধ হৈ গ’লে সেই ক্ষেত্ৰত অস্ত্ৰোপচাৰেই উত্তম চিকিৎসা পদ্ধতি । সাধাৰণতে দুটা প্ৰথাৰে অস্ত্ৰোপচাৰ কৰা হয় । যেনে

১) ইণ্ট্ৰানেজেল এণ্টোছটমি

২) কালডৱেল নাক অপাৰেশ্বন ।

সাধাৰণতে অস্ত্ৰোপচাৰ চিকিৎসা হ’ল একেবাৰে জটিল অৱস্থাৰ চিকিৎসা । কিন্তু অস্ত্ৰোপচাৰ কৰিবলগীয়া অৱস্থা পোৱাৰ আগতেই কিছু সাৱধানতা অৱলম্বন কৰি চলিলে এই অৱস্থাৰ পৰা ৰেহাই পাই থাকিব পাৰি । আৰম্ভণি অৱস্থাৰ পৰা কিছু ছিমট’মেটিক চিকিৎসা কৰিও সাময়িক সকাহ পাই থাকিব পাৰি । বাহিৰৰ পৰা আহি কুহুমীয়া গৰম পানী নাকেৰে টানিব পাৰিলে নাকৰ নোম আৰু ছেপ্টামবোৰত লাগি থকা ধূলি-মাকতিবোৰ চাফা হৈ যায় আৰু সংক্ৰমণ হোৱাৰ পৰা ৰেহাই পাই থাকিব পাৰি । সদায় এয়া কৰি থাকিব পাৰিলে চাইনাচাইটিছৰ পীড়াৰ পৰা সকাহ পাই থাকিব পাৰি ।

লেখক :- ডা: আশ্বাৰাফুল আলম

উৎস :- পূৰ্বাচল

দিনচৰ্চা আৰু সুস্বাস্থ্য ৰক্ষাৰ কিছু নিয়ম -


সঠিক জীৱনশৈলী আৰু সঠিক আহাৰে মানুহক বিভিন্ন বেমাৰৰ পৰা মুক্তি দিব পাৰে। দেহৰ সম্পূৰ্ণ সুস্থতা বজাই ৰাখিবলৈ বিৰুদ্ধ আহাৰ বৰ্জন, খোৱা, লোৱা, শোৱা, উঠা সকলো সঠিকভাৱে হোৱাটো অতি জৰুৰী। যেতিয়াই তেতিয়াই খাদ্য-অখাদ্য গ্ৰহণ কৰি ব্যায়াম, প্ৰাণায়ম কৰা বুলি দম্ভ মাৰিলেই নহব, সুস্থ দেহৰ বাবে সঠিক আহাৰ-বিহাৰ আৰু দিনচৰ্চাও লাগিব।

  • দিনচৰ্চাঃ- যৌৱনকালৰ(১৪--৬০) দিনচৰ্চাৰ কিছু নিয়ম -
  • ৰাতিপুৱা শুই উঠাৰ সময় সদায় একে হোৱা উচিত। ৰাতি শোৱাৰ সময় যিয়েই নহওক, ৰাতিপুৱা সদায় সোনকালে আৰু একে সময়তে উঠা উচিত। শুই উঠি অলপ সময়ৰ বাবে হলেও ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰা উচিত।
  • দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত কিছুসময় জিৰণি লোৱা উচিত। বাওফালে কাটি হৈ কিছুসময় শুৱ পাৰিলে ভাল। ওপৰমুৱাকৈ শুলে পেট ওলায়।
  • ৰাতি শোৱাৰ কমেও দুঘণ্টা আগতে আহাৰ গ্ৰহণ কৰা উচিত। ৰাতি সদায় দাত চাফা কৰিহে শুব লাগে।
  • ৰাতিপুৱা খালী পেটত সাধ্য অনুসৰি(১•২৬০লিটাৰ পৰ্য্যন্ত) কুহুমীয়া পানী লাহে লাহে খাব লাগে। ইয়াৰ এঘণ্টা পিছতহে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰা উচিত।
  • আহাৰ খোৱাৰ এক বা ডেৰ ঘণ্টা পিছতহে পানী খোৱা নিয়ম। ইয়াৰে বহি কাম কৰা বা পাতলীয়া পৰিশ্ৰম কৰা সকলে ডেৰ ঘণ্টা পিছত আৰু বেছি পৰিশ্ৰম কৰা সকলে এক ঘণ্টা পিছত পানী খোৱা উচিত। অৱশ্যে শুকান জাতীয় আহাৰ খালে এক কাপ মান পানী খাব পাৰে।
  • আহাৰ খোৱাৰ আগতে পানী খোৱাৰ ব্যৱধান কমেও ৩০ মিনিট ৰাখিব।
  • ৰাতি শোৱাৰ সময়ত শিৰ সদায় পূৱফালে আৰু সম্বন্ধ হোৱাৰ সময়ত দক্ষিণফালে থাকিব লাগে।
  • টোপনি ক্ষতি কৰা অনুচিত আৰু কমেও ৬ ঘণ্টা শুৱ লাগে।
  • বিৰুদ্ধ আহাৰ একেলগে খোৱা অনুচিত। যেনেঃ মাছ আৰু গাখীৰ, পিয়াজ আৰু গাখীৰ, গাখীৰ আৰু দৈ, মাটিদাইল আৰু দৈ ইত্যাদি।
  • দৈ, ফলৰ ৰস আদি ৰাতি খোৱা অনুচিত।
  • ঘিউ, তেলজাতীয় বস্তু খোৱাৰ পিছত লগে লগে পানী খোৱা উচিত নহয়। কিছুসময় পিছতহে খোৱা উচিত।
  • মূৰত টুপী পিন্ধি বা ভৰিত মোজা পিন্ধি ৰাতি কেতিয়াও শুৱ নালাগে।
  • শৰীৰৰ প্ৰত্যেকটো অংগ সদায় চাফ-চিকুণকৈ ৰাখিব লাগে।
  • আহাৰ খোৱাৰ পিছত স্নান কৰা অনুচিত।
  • দুটা বগা বস্তু কম পৰিমাণত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক বগা চেনি আৰু বগা নিমখ।
  • আহাৰ খোৱাৰ পিছতেই বেগত খোজকঢ়া বা দৌৰা অনুচিত।
  • ৰন্ধা খাদ্য ১ ঘণ্টাৰ ভিতৰতে খাব পাৰিলে ভাল। ৪ ঘণ্টাৰ পিছত আহাৰ বাহি হৈ যায় আৰু ইয়াৰ পুষ্টিগুণও বহুখিনি কমি যায়।
  • ৰাতিপুৱা আহাৰ খোৱাৰ পিছত ফলৰ ৰস, দুপৰীয়া আহাৰ খোৱাৰ পিছত দৈ আৰু ৰাতি আহাৰ খোৱাৰ পিছত গাখীৰ খাব পাৰে। এই ক্ৰমকেইটা ওলট-পালট হোৱা বেয়া।
  • শৰীৰৰ বেগবোৰ কেতিয়াও জোৰকৈ ৰখাব নালাগে।যেনে--হাচি অহা, মল-মুত্ৰৰ বেগ, বীৰ্য বেগ, অপানবায়ু, হামিওৱা ইত্যাদি।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate