অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উচ্চ ৰক্তচাপ(High blood pressure):

 

আজিকালি বাট-পথত বন্ধু-বান্ধৱ, চিনাকি লোক, আত্মীয় লোক আদিৰ কাৰোবাৰ লগ পালে খা-খবৰ লওঁতে বহুতেই বৰ দুখেৰে জনায় যে “বৰ ভাল একো নাই” তেওঁ প্ৰেছাৰত ভুগি আছে। ভাল টোপনি নাই ইত্যাদি নানা দুখৰহে অৱস্থা জনাবলৈ আৰম্ভ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে ‘উচ্চ ৰক্তচাপ’ অসুখৰ কথাকে কয় আৰু এই ৰোগীৰ সংখ্যাও যথেষ্ট বেছি।

‘ব্লাডাপ্ৰেছাৰ’ সকলো লোকৰে থাকে। ই তিনি প্ৰকাৰে প্ৰকাশিত হয়। আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ বিভিন্ন কামবোৰ কৰি আমাক জীয়াই আৰু কাৰ্যক্ষম কৰি ৰখাৰ কাম আমাৰ শৰীৰৰ তেজে কৰি থাকে। বাগিচাৰ ফুলৰ গছৰ গুৰিত কিছুদিন পানী নপৰিলে যেনেকৈ গছবোৰ শুকাই মৰি যাবলৈ ধৰে তেনেকৈ শৰীৰৰ কোনো অংগৰ কোষলৈ তেজ নগ’লেও সেই কোষ শুকাই মৰি যায়। তেনেকৈ বেছি কোষ আক্ৰান্ত হ’ল সেই অংগ-প্ৰত্যংগই কৰ্মক্ষমতা হেৰুৱাই পেলায়। সেইবাবেই শৰীৰত ৰক্ত সঞ্চালন প্ৰক্ৰিয়া নিৰৱচ্ছিন্নভাৱে চলি থাকে। শৰীৰৰ মূৰৰ পৰা ভৰিৰ আঙুলিৰ প্ৰতিটো কোষলৈ তেজ পাম্প কৰি পঠোৱা কাম হ্ৰৎযন্ত্ৰ বা হ্ৰৎপিণ্ডই কৰে। তেজবোৰৰ চলাচল হয় গোটেই শৰীৰ আৱৰি থকা বক্তবাহিকা নাড়ী বা নলীবোৰৰ মাজেৰে যিবোৰক আৰ্টেৰি বা ধমনী বুলি কোৱা হয়।

ৰক্ত সঞ্চালন পদ্ধতি:

 

এজন সুস্থ মানুহৰ হ্ৰৎপিণ্ডই প্ৰতি মিনিটত ৭০-৭৫বাৰ, প্ৰতিদিনে এশ হাজাৰ বাৰ তেজৰ চলাচল চলাই থাকিবলৈ বুকুৰ স্পন্দন কাৰ্য সম্পাদন কৰে। অৰ্থাৎ তেজ পাম্প কৰে আৰু তাকে কৰোঁতে ৪৫০০ৰ পৰা ৯০০০ কিলোগ্ৰাম তেজ(শৰীৰৰ আকাৰ মতে), ১,৩০,০০০-তকৈও অধিক কিলোমিটাৰ ৰক্তবাহিকা নাড়ীৰ মাজেৰে পাম্প কৰি শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ পঠাই থাকে। মানসিক উত্তেজনাৰ সময়ত শাৰীৰিক পৰিশ্ৰমৰ সময়ত আৰু খাদ্য খোৱাৰ পাছত এই গতি আৰু বাঢ়ে।

হ্ৰৎপিণ্ডটো এটা প্ৰকৃতি নিৰ্মিত শক্তিশালী স্বয়ংক্ৰিয় মেচিন। মানুহৰ জন্মৰ পাছৰ পৰা মৃত্যুৰ আগলৈকে, নিৰৱচ্ছিন্নভাৱে, ঘড়ীৰ অটোমেটিক মেচিনৰ দৰেই চলি থাকে। চলি থাকিলেই জীৱন আৰু বন্ধ হ’লেই মৃত্যু নিৰ্ধাৰিত হৈ থাকে। ই শক্তিশালী মাংসপেশীৰে তৈয়াৰী আৰু আকাৰত মানুহজনৰ সুঁহাতৰ মুঠিটোৰ সমান ডাঙৰ।

ওজনত প্ৰায় ৪৫৪ গ্ৰাম(১ পাউণ্ড) আৰু ইয়াত ৪টা চেম্বাৰ(কোঠা) থাকে। ওপৰত দুটা চেম্বাৰ সোঁ আৰু বাওঁ অৰিকোল। তলত দুটা চেম্বাৰ সোঁ আৰু বাওঁ ভেন্ট্ৰিকোল। প্ৰত্যেকটো অৰিকোল আৰু তলত থকা ভেন্ট্ৰিকোলৰ মাজত একোটা ভালভ থাকে। হ্ৰৎপিণ্ডই প্ৰতি মুহূৰ্তত পাম্প কৰি থকাৰ ফলত তেজবোৰ আহি অৰিকোলত পৰে আৰু তাৰ পৰা ওলাই যায়। শৰীৰৰ বিভিন্ন অংশৰ পৰা অহা দূষিত তেজ, ভেইন নামৰ দূষিত ৰক্তবাহিকা নলীৰে আহি সোঁ-অৰিকোলত পৰে আৰু তাৰ পৰা সোঁ-ভেন্ট্ৰিকোললৈ যায়।

সোঁ-ভেন্ট্ৰিকোলে পালমোনেৰি নাৰ্ভেৰে হাওঁফাওঁলৈ পঠায়। হাওঁফাওঁত, উশাহত বাহিৰৰ পৰা অহা অক্সিজেনৰ সংস্পৰ্শলৈ আহে আৰু তেজ শোধিত হৈ অক্সিজেন লগত লৈ অৰিকোললৈ আহে। পাছত বাওঁ অৰিকোলৰ পৰা বাওঁ ভেন্ট্ৰিকোললৈ নামে। বাওঁ ভেন্ট্ৰিকোলে ‘এৱৰটা’ নামৰ ডাঙৰ আৰ্টেৰিডালত পেলাই দিয়ে। এই আৰ্টেৰি বা নলীডালে ডাঙৰ, সৰু ঠাল-ঠেঙুলিৰে গোটেই শৰীৰ আগুৰি আছে আৰু তেজ এই নাড়ীডালত পৰাৰ পাছত গোটেই শৰীৰতে বিয়পি পৰে। এইটোৱে থূলমূলভাৱে আমাৰ শৰীৰত তেজ চলাচলৰ যান্ত্ৰিক ব্যৱস্থা।

হ্ৰৎপিণ্ডৰ পৰা তেজ ওলাই আহি ‘এৱৰটা’ আৰ্টেৰিত পৰাৰ বাবে হ্ৰৎপিণ্ডই যি হেঁচাই(Contruction)দিয়ে আৰু তাৰ ফলত আৰ্টেৰিত তেজৰ যি গতি সৃষ্টি হয় সি এই নাড়ীৰ ওপৰত এক ধৰণৰ ‘প্ৰেছাৰ’ৰ সৃষ্টি কৰে। আকৌ, ৰক্তবাহিকা আৰ্টেৰিৰ ফুটাৰে তেজ গৈ থাকোঁতেও এই ৰক্তবাহিকা নাড়ীৰ গাত এক ঠেলা বা প্ৰেছাৰৰ উৎপন্ন হয়। এইবোৰেই ‘ব্লাডপ্ৰেছাৰ’। ব্লাডপ্ৰেছাৰ চলিয়ে থাকে(Constant); কিন্তু সামান্যভাৱে কম আৰু বেছি হয় থাকে।হ্ৰদপিণ্ডৰ ভেন্ট্ৰিকোলে যেতিয়া তেজৰ ওপৰত হেঁচা মাৰে(Venticular systole) তেতিয়া প্ৰেছাৰ বেছি আৰু ভেন্ট্ৰিকোলে হেঁচা এৰি দিয়া সময়ত(Diastole) প্ৰেছাৰ কম হয়। গতিকে প্ৰেছাৰ দুই প্ৰকাৰৰ ছিষ্টোলিক আৰু ডায়েষ্টোলিক প্ৰেছাৰ।

ব্লাডপ্ৰেছাৰ বয়স বা জীৱনৰ একোটা কাল ভেদে বেলেগ বেলেগ হয়। ৯-১২ বছৰীয়া ল’ৰা-ছোৱালীৰ ছিষ্টোল ১০৫ আৰু ডায়েষ্টোল ৭০ মনোমিটাৰ থাকে। তেনেকৈ এজন ডেকা সুস্বাস্থ্যৰ লোকৰ ১২০-৮০ মনোমিটাৰ সাধাৰণতে থাকিব লাগে। এজন বয়সিয়াল লোকৰ প্ৰেছাৰ ১৩০-৯০ থাকিলে এইবোৰ স্বাভাৱিক বা নৰমেল ব্লাডপ্ৰেছাৰ বুলি ধৰা হয়। বয়সৰ উপৰিও প্ৰতিজন লোকৰ ব্লাডপ্ৰেছাৰ একে নহ’বও পাৰে, সামান্য কম বা বেছি থাকে। তাতে বিশেষ প্ৰভেদ একো নাথাকে। কিন্তু পূৰ্ণবয়স্ক লোকৰো ৰক্তচাপ ১৭০-১১৫-তকৈ বেছি হ’লে উচ্চ ৰক্তচাপ বুলি বিৱেচিত হয়।

অসুখ আদি নানা কাৰণত ব্লাডপ্ৰেছাৰ নৰমেল ব্লাডপ্ৰেছাৰতকৈ কমো থাকে। সেই হিচাপে ব্লাডপ্ৰেছাৰ তিনি প্ৰকাৰৰ- লো ব্লাডপ্ৰেছাৰ, নৰমেল ব্লাডপ্ৰেছাৰ আৰু হাই ব্লাডপ্ৰেছাৰ। মানুহে সাধাৰণতে প্ৰেছাৰ থকা বুলি কওঁতে কিন্তু হাই ব্লাডপ্ৰেছাৰকে বুজায়। কাৰণ মানুহে এইভাৱেই ক’বলৈ লৈছে। উচ্চ ৰক্তচাপক হাইপাৰটেনছনো বোলে।

উচ্চ ৰক্তচাপৰ ৰোগ লক্ষণ: ৰক্তচাপ বা ব্লাডপ্ৰেছাৰ স্বাভাৱিক হৈ থাকিলে শৰীৰৰ স্বাভাৱিক বল শক্তি প্ৰায় অটুট থাকে। কিন্তু ব্লাডপ্ৰেছাৰ অস্বাভাৱিক হ’লে শৰীৰ দুৰ্বল যেন অনুভৱ হয়, গা ভাল নালাগে। সাধাৰণতে উচ্চ ৰক্তচাপ থকাৰ ৰোগৰ লক্ষণ আৰম্ভণিতে বিশেষ একো নাথাকে আৰু ৰোগীয়ে একো ক’ব নোৱাৰাকৈয়ে মৃত্যুৰ মুখামুখি হয়। সেই কাৰণে ইয়াক নীৰৱ ঘাতক বা ভিতৰে ভিতৰে নীৰৱ হত্যাকাৰী ৰোগ বোলা হয়। উচ্চ ৰক্তচাপ থাকিলে শৰীৰৰ বিশেষ গুৰুত্বপূৰ্ণ অংগ-প্ৰত্যংগ কিছুমানত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰভাৱিত হয়। ৰক্তবাহিকা নাড়ীবোৰত পৰিৱৰ্তন ঘটে। মগজু, হ্ৰদপিণ্ড, বৃক্কগ্ৰন্থি আদিলৈ পঠোৱা তেজৰ পৰিমাণ কমি যায়। সেইবোৰৰ অসুখ আৰম্ভ হয়। আনহাতে, হ্ৰৎপিণ্ডই আৱশ্যকীয় তেজ যোগান ধৰিবলৈ বিশেষ জোৰেৰে কাম কৰিবলৈ ধৰে। হ্ৰৎপিণ্ডৰ স্পন্দন খৰ হয়। হ্ৰৎপিণ্ড দুৰ্বল হৈ পৰে। শৰীৰৰ জোৰাৰ গাঁঠিও টান হ’ব পাৰে। অন্তত হাৰ্টফেইল হয়, মগজুৰ ৰক্তক্ষৰণ হ’ব পাৰে, বৃক্ক গ্ৰন্থি অকামিলা হৈ বা এইবোৰৰ যিকোনো লক্ষণেৰে ৰোগী মৃত্যুৰ মুখত পৰে।

ৰোগৰ কাৰণ:

 

ৰক্তচাপ কিয় বাঢ়ে তাৰ মাত্ৰ ১০ৰ পৰা ১৫ শতাংশ ৰোগীৰ ক্ষেত্ৰতহে জানিব পাৰি। কিডনিৰ কোনো অসুখত ভুগি থাকিলে, শৰীৰত কোনো ‘টিউমাৰ’ ওলালে, কোনো এড্ৰিনেল গ্ৰন্থিৰ কোষ বৃদ্ধি হ’ব ধৰিলে, ৰক্তবাহিকা নাড়ীত কোনো ৰোগ উদ্ভৱ হ’লে ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। কিন্তু এইধৰণৰ ৰোগৰ বাবে ৰক্তচাপ বৃদ্ধি হোৱা ৰোগীৰ সংখ্যা তেনেই কম আৰু এইভাৱে হোৱা ৰোগক ছেকেণ্ডাৰি হাইপাৰটেনছন বোলে। আনহাতে, বহু উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ কাৰণ জনাই নাযায়। এইবোৰক এছেনছিয়েল হাইপাৰটেনছন বা হাইপাৰপেইছিয়া(Hyperpiesia) বোলে। চিকিৎসা গৱেষকসকলে ৰোগ উদ্ভৱ হোৱা পৰিস্থিতি সৃষ্টিৰ বাবে কিছুমান কথা জড়িত হৈ পৰাৰ ফলতে উচ্চ ৰক্তচাপ ৰোগ হয় বুলি কৈছে। ৰক্তবাহিকা নাড়ীৰ অসুখৰ কথা আলোচনা কৰিলে দেখা যায় যে নলীৰ ভিতৰফালে কাষে কাষে বেৰত চৰ্বী বা ফেট, যাক কোলেষ্টৰল বুলি জনা যায় লাগি ধৰে।

কোলেষ্টেৰল কিছুমান টান হৈ খিলাৰ দৰে বস্তুৰ সৃষ্টি হয়, ঘা লাগে যাক ইংৰাজীত ‘Atheroma’ বেমাৰ বোলা হয়। এইবোৰে ৰোগীৰ তেজ চলাচলত বধা সৃষ্টি কৰে আৰু থ্ৰম্বোছিছৰ দৰে ঘাতক বেমাৰ হ’ব পাৰে। কোলেষ্টেৰলৰ বাবে নাড়ীৰ তেজ চলাচল কৰা ফুটা সৰু হৈ গৈ থাকে। গতিকে তেজ চলাচলত কিছু বাধা হয় আৰু হ্ৰৎপিণ্ডই বেছি প্ৰেছাৰ দিব লগা হয় আৰু ব্লাডপ্ৰেছাৰ বাঢ়ি যায়। খোৱা খাদ্যত ফেট জাতীয় বস্তু বেছিকৈ খাই থকাৰ অভ্যাস কৰিলে মানুহৰ শৰীৰত ফেট জমা হয় আৰু ব্লাডপ্ৰেছাৰ বাঢ়ে। কণী, মাংস, তেল, ঘিউ বেছিকৈ খোৱা মানুহৰ শাৰীৰিক পৰিশ্ৰম নাথাকিলে মানুহ শকত হয় আৰু শকত মানুহৰ হাই ব্লাডপ্ৰেছাৰ থকা বিশেষভাৱে দেখা যায়।

সৰু কালৰে পৰা বেছি নিমখ খোৱা অভ্যাস থাকিলেও ব্লাডপ্ৰেছাৰ বাঢ়ে। মানসিক সংঘাত কিছুমান চম্ভালিব নোৱাৰা হোৱাৰ বাবে মানসিক উত্তেজনা বা টেনছন থাকিলে ৰক্তচাপ বৃদ্ধি হয়। বহু লোকে বৰ তিক্ততাৰ মাজেৰে জীৱন কটাই থাকে আৰু তাৰ ফলতেই কিছুমান লোকৰ ঊৰ্ধ্ব ৰক্তচাপ আৰম্ভ হয় আৰু তেনে পৰিৱেশ চলি থকাৰ বাবে উচ্চ ৰক্তচাপ স্থায়ী হৈ যায়। হতআশ হোৱা শিল্পী, দেশান্তৰ হোৱা দেশপ্ৰেমিক, শোকাকুল পিতা-মাতা, ক্ষতিগ্ৰস্থ হোৱা ব্যৱসায়ী আদি লোকৰ কিছুমানে কেতিয়াবা পৰিৱেশ সহিব নোৱাৰা হয়; আৱেগ, অনুভূতি আৰু দুশ্চিন্তাত বা উৎকণ্ঠিত অৱস্থাত দিন কটায়। তেনে লোকৰো ৰক্তচাপ বৃদ্ধি হয় আৰু তাৰ অন্তিম পৰ্যায়ত হ্ৰৎপিণ্ড বিকল(হাৰ্টফেইল) হৈ মৃত্যুৰ মুখত পৰে।

চিকিৎসা:

 

উক্ত ৰক্ৰচাপ বেছি হৈ থাকিলে ডাক্তৰি চিকিৎসাৰ সহায় ল’ব লাগিব। সাধাৰণ অৱস্থাত থাকিলে তলত উল্লেখ কৰা যিকোনো ব্যৱস্থা ল’ব পাৰে।

1. ১ চামুচ পিঁয়াজৰ ৰস আৰু ১ চামুচ মৌ মিহলাই দিনত এবাৰকৈ খালে উচ্চ ৰক্তচাপ(হাই ব্লাডপ্ৰেছাৰ) প্ৰশমিত হয়। পিঁয়াজৰ ৰসে তেজৰ কোলেষ্টেৰলৰ মাত্ৰা কমাই দিয়ে। তেজ পৰিষ্কাৰ কৰে, হজম শক্তি উন্নত কৰে। পিঁয়াজৰ ৰসে নাৰ্ভাছ ছেষ্টেমক টনিকৰ দৰে কাম কৰে। সেই বাবে খাদ্যৰ লগত কেঁচা পিঁয়াজ খালে বেছি উপকাৰ হয়। মৌৱে শৰীৰত শীতলতা আনে। ৰক্তবাহিকা নাড়ীৰ উত্তেজনা কমাই দিয়ে। মৌ নিয়মিত ভাৱে সেৱন কৰিলে শৰীৰ সবল আৰু পুষ্ট হয়। গতিকে মৌ আৰু পিঁয়াজৰ ৰস খোৱাৰ ফলত ৰক্তচাপৰ প্ৰভাৱ কমি যায়। উচ্চ ৰক্তচাপ থাকিলে ৫-৭ দিন খালেই উপকাৰ আৰম্ভ হয়। কেইদিনমান খালে ৰক্তচাপ নিয়ন্ত্ৰিত হ’ব।

2. উচ্চ ৰক্তচাপত নহৰু অত্যন্ত উপকাৰী। ৰক্তচাপ বৃদ্ধি হোৱাৰ প্ৰৱণতা দেখিলে কেঁচা নহৰু দুই কোঁহ চোবাই খালে বৃদ্ধি নিয়ন্ত্ৰিত হৈ যাব। এই ক্ষেত্ৰত একোঁহৰ নহৰু বেছি উপযোগী। আহাৰ খোৱাৰ পাছত ১-২ কোঁহ কেঁচা নহৰু খাওক। চোবাই খাওক, অসুবিধা পালে ১-২টা কিচমিচৰ সৈতে খাওক অথবা নহৰুৰ কোঁহ সৰু সৰু ৪-৫ টুকুৰামান কৰি আধাকাপমান পানীৰ সৈতে গিলি খাওক। ৰক্তচাপ নিয়ন্ত্ৰিত হৈ যাব। নহৰুৰ গোন্ধ আৰু মুখ জ্বলা সমস্যা নাথাকিব।

পিঁয়াজ আৰু নহৰু যদি প্ৰতিদিনে খোৱা হয়,তেজৰ কোলেষ্টেৰল(ফেট) বাঢ়িব নোৱাৰে। ইয়াত ফ্ৰাইব্ৰিনোলাইটিক নামৰ পদাৰ্থ থাকে যিয়ে তেজ গোট মাৰিব নিদিয়া, গলাই দিয়ে আৰু তেজক স্বাভাৱিক কৰি তোলে। পিঁয়াজ আৰু নহৰু হ্ৰৎপিণ্ডৰ ৰোগতো সেই বাবে বিশেষ উপকাৰ সাধন কৰে।

উচ্চ ৰক্তচাপ থাকিলে নহৰু এই ধৰণে খাব পাৰে-ৰাতিপুৱা খালীপেটত ২-৩ কোঁহ কেঁচা নহৰু চোবাই খাওক বা কোঁহবোৰ সৰু সৰু টুকুৰা টুকুৰাকৈ কাটি লৈ আধাকাপমান পানীত লৈ গিলি থওক।তেজৰ কোলেষ্টেৰল(ফেট)কমাই দিব, ৰক্তচাপ নিয়ন্ত্ৰিত হ’ব, টিউমাৰ আদি ৰোগ হোৱাৰো সম্ভৱনা নাথাকে।

3. ১ চামুচ মেথিৰ গুৰি ৰাতিপুৱা আৰু ৰাতি মুখত লৈ অলপ পানীৰে খাওক। ১০-১৫ দিন একেৰাহে খালে উচ্চ ৰক্তচাপ প্ৰশমিত হ’ব। ডায়েবেটিছ থাকিলে সিও নিয়ন্ত্ৰিত হ’ব।

4. উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আমলখিৰ উপকাৰ প্ৰণিধানযোগ্য। নিয়মিত(সদায় বা প্ৰায়ে) আমলখি খাই থাকিলে উচ্চ ৰক্তচাপ ৰোগ নহয়। হ্ৰৎপিণ্ডৰ গতি বন্ধ কৰি দিব পাৰে তেনে ৰোগৰ প্ৰবলতা কমি যায়, হ্ৰৎপিণ্ড বন্ধ হোৱাৰ ভয় নাথাকে। আমলখি খাই থকাৰ ফলত ৰক্তবাহিকা নাড়ীৰ ভিতৰ ফালৰ বেৰবোৰত চৰ্বীৰ আঠা, যাক কোলেষ্টেৰল বোলা হয়, লাগি ধৰিব নোৱাৰে। থাকিলে এৰুৱাই দিয়ে। ফলত ৰক্তবাহিকা নাড়ী কোমল হৈ থাকে। ৰোগীৰ ৰক্তবাহিকা নাড়ীৰ ৰক্ত সঞ্চালন প্ৰাকৃতিক বা স্বাভাৱিক হৈ যায়। ৰক্তবাহিকা নাড়ীৰ ক’তো তেজ জমা বান্ধিব (Blood clotting) নোৱাৰে। ফলত তেজ চলাচলত বাধা হৈ মস্তিষ্ক আক্ৰান্ত হোৱা অসুখ হোৱাৰ ভয় নাথাকে। হ্ৰৎপিণ্ডৰ আয়তন বৃদ্ধি(Enlargement) আদি ৰোগ নহয়।

5. উচ্চ ৰক্তচাপ নিৱাৰণৰ বাবে অনুলোম-বিলোম প্ৰাণায়াম অত্যন্ত নিৰ্ভৰযোগ্য উপায় বুলি হৰিদ্বাৰ দিৱ্যযোগ মন্দিৰৰ পৰমপূজ্য স্বামী ৰামদেৱজী মহাৰাজে টিভি চেনেলৰ মাধ্যমেৰে প্ৰচাৰ কৰি আছে। তাৰ বাবে কোনো পৰিষ্কাৰ-পৰিচ্ছন্ন ঠাইত ৰাতিপুৱা খালী পেটতে(এগিলাচ পানী খাই ল’ব পাৰে) পদ্মাসনত বহক। সোঁহাতৰ বুঢ়া আঙুলিৰে সোঁ-নাক(নাকৰ ফুটা) বন্ধ কৰি লওক আৰু বাওঁ নাকেৰে ধীৰে ধীৰে উশাহ টানি বুকু ভৰাই উশাহ লওক। তাৰ পাছত বাওঁ নাক অনামিকা আৰু কনিষ্ট আঙুলিৰে বন্ধ কৰি সোঁ-নাক খুলি লৈ নিশাহ লাহে লাহে একগতিৰে ত্যাগ কৰক। ইয়াৰ পাছত আকৌ এই সোঁ-নাকেৰেই ধীৰে ধীৰে উশাহ টানি বুকু ভৰাই উশাহ লওক। এয়ে অনুলোম-বিলোম প্ৰাণায়ম। আধা ঘন্টাকৈ, একে বহাই দিলে কৰিলে শৰীৰৰ প্ৰায়বোৰ ৰোগ নিৰ্মূল হৈ যায়। দিনে ১৫ মিনিটকৈ কৰিলে ৪ মাহত উচ্চ ৰক্তচাপ বা হাইপাৰটেনছন বিলোপ হ’ব। কম বা বেছি ৰক্তচাপ যিয়ে নাথাকক নৰমেল হৈ যাব। কিন্তু ৫ মিনিটতকৈ কম কৰিলে বিশেষ কাম নিদিয়ে। এইবোৰ যোগাশাস্ত্ৰৰ কথা আৰু স্বামী ৰামদেৱজী মহাৰাজে প্ৰমাণ দেখুৱাই নিৰ্দিষ্ট কৰি দিছে।

সহায়ক চিকিৎসা:

1.উচ্চ ৰক্তচাপ লগে লগে নিয়ন্ত্ৰণত ৰাখিবলৈ আধাকাপ পানীত আধাটাকৈ কাগজি নেমুৰ ৰস ২ ঘন্টা অন্তৰে অন্তৰে, দুই তিনিবাৰ খাওক। ইয়াৰ ফলত ৰক্তবাহিকা নাড়ীৰ টান টান ভাব(Hardness) দূৰ হ’ব, নাড়ী কোমল হৈ আহিব। ‘হাৰ্টফেইল’ৰ শংকা দূৰ হ’ব।

2.  ৰাতিপুৱা খালী পেটতে ঘেঁহুৰ বাহি ৰুটি গাখীৰত ভিজাই খাওক। ভাল পাব।

3.  পঞ্চমুখী ৰুদ্ৰাক্ষৰ মালা ধাৰণ কৰক, গেঞ্জিৰ তলত গাত লাগি থকাকৈ মালা পিন্ধিব। ৰক্তবাহিকা নাড়ী আকাৰত ডাঙৰ আৰু টান হ’লে তাক স্বাভাৱিক অৱস্থালৈ আনে।

4.  সপ্তাহত এদিন আৰু শুক্লপক্ষৰ একাদশীত উপবাসে থাকক। উপকাৰ হ’ব।

5.  ৰাতিপুৱা খালী ভৰিৰে কমেও ৪ কি:মি: খোজ কাঢ়ক।

6.  সঠিকভাৱে নিয়মিত শৱাসন অভ্যাস কৰক। ৫ মিনিট কৰিলে শৰীৰলৈ শান্তি আহিব। দহ মিনিট কৰিলে শৰীৰৰ ক্লান্তি দূৰ হ’ব। মানসিক উত্তেজনা হ্ৰাস পাব। ব্ৰাডপ্ৰেছাৰ কমিব।

7.  উচ্চ ৰক্তচাপৰ ৰোগীয়ে একেৰাহে আধা ঘন্টা বাওঁ নাকেৰে উশাহ লওক, ৰক্তচাপ হ্ৰাস পাব। তাৰ বাবে সোঁ নাকৰ ফুটাত তুলাৰে সোপা দি লওক।

জল চিকিৎসা:

 

ৰাতিপুৱা বাহী মুখে খালী পেটতে ৪ গিলাচ(১২৫০ মি:লি:) পানী খাওক। একেৰাহে কিছুদিন খালে সকলো ৰোগৰ পৰা মুক্ত হ’ব পাৰি। এমাহ খালে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাৰ্টৰ অসুখৰ লক্ষণ বিলোপ হৈ যায় বুলি বৈদ্যাচাৰ্যসকলে মত প্ৰকাশ কৰিছে।

পথ্য:

 

অমিতা, আমলখি, মৌচম্বী, আপেল, তৰমুজ, নেমুটেঙা, দৈ-ঘোল, পালেং শাক, পিঁয়াজ, বিলাহী, কোমোৰা, গাজৰ আৰু অন্যান্য পাত শাক উপকাৰী।

অপথ্য:

 

গাখীৰ, মাখন, ভজা খাদ্য, ঘিউ, দাইল, ময়দা, মিঠাই, গুড়, তেল, জলকীয়া, মছলা, নতুন চাউলৰ ভাত, চেনি, চাহ, কফি আদি ক্ষতিকাৰক খাদ্য। গৰু, খাহী ছাগলী আদিৰ মাংস খোৱা উচিত নহয়। বিড়ি, চিগাৰেট, মদ-মাদকদ্ৰব্য, ড্ৰাগছ আদি নিষিদ্ধ। বৰ চোকা টেঙা নাখাব।

খুব বেগাই ছিৰি বগাই নাযাব, বৰ ঘনঘনকৈ খাই নাথাকিব, বেছি সময় চকীত বহি বা থিয় হৈ নাথাকিব। বৰ খং, ভয়, শোক, ব্যাকুলতা, উত্তেজনা(টেনছন) উদ্বেগ, অইন কি আনন্দ আদিৰ পৰিস্থিতিত নিজকে সংযত কৰি ৰাখিব লাগিব বা এইবোৰৰ পৰা আঁতৰত থাকিব। মনৰ চঞ্চলতা ত্যাগ কৰিব। লোণ কমকৈ খাব। ভাত খাওঁতে কেঁচা লোণ নাখাব।

লেখক-ব্ৰজনাথ শৰ্মা

2.94285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top