অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংশোধন চিকিৎসা:

সংশোধন চিকিৎসা:

 

বৰ্তমান চিকিৎসা বিজ্ঞানৰ যথেষ্ট উন্নতি হৈছে যদিও মানুহৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ এতিয়াও যেন বহু বাকী। চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে মানুহৰ জীৱনকাল বৃদ্ধি হৈছে। কিন্তু মানুহ শাৰীৰিক আৰু মানসিকভাৱে অসূস্থ হৈহে জীয়াই আছে। কি কাৰণে মানুহে সুস্থ শৰীৰ তথা মনৰ অধিকাৰী হ’ব পৰা নাই? এনে বহু প্ৰশ্নই মানৱ জাতিৰ মনত উদয় হৈছে। এনে প্ৰশ্নৰ সঠিক উত্তৰ আছেনে? নে মানৱ জাতি দিনকদিনে ৰুগীয়া শৰীৰ আৰু মন লৈ জীয়াই থাকিব লাগিব?

ইয়াৰ সঠিক উত্তৰ পাবৰ বাবে আজিৰ পৰা প্ৰায় ১৫০ বছৰ আগেয়ে ১৯৭৫ চনত আমেৰিকাৰ চিকিৎসা বিজ্ঞানী ডাঃ লিনাছ পাউলিঙে(Dr. Linus Pouling)গৱেষণা কৰি কোষ সংশোধন নামৰ এক অভিনৱ চিকিৎসা প্ৰণালী আৱিষ্কাৰ কৰিছিল। যাৰ বাবে তেখেতে দুবাৰকৈ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। এই চিকিৎসা প্ৰণালীৰে এজন্মানুহ নিৰোগী হৈ থাকিবলৈ হ’লে শৰীৰ আৰু মন দুয়োটাকে সংশোধন কৰিব লাগিব। এনে সংশোধনকাৰী চিকিৎসা প্ৰণালীকে সংশোধন চিকিৎসা বা Reform Therapy বুলি কোৱা হয়। এই নীতিটো বিকল্প চিকিৎসা পদ্ধতিৰে মূল ভেটি বুলিও ক’ব পাৰি। সকলোবোৰ বিকল্প চিকিৎসা প্ৰণালীয়ে মূলতঃ এই নীতিকে সমৰ্থন কৰে।

এই সংশোধন চিকিৎসা প্ৰণালী মূলতঃ দুই ধৰণৰ-

 

১)শাৰীৰিক সংশোধন(Physical Reform) আৰু

২)মানসিক সংশোধন(Mental Reform)।

শাৰীৰিক সংশোধন চিকিৎসা প্ৰণালীৰ বিষয়ে জানিবলৈ হ’লে আমি শৰীৰ গঠন প্ৰক্ৰিয়াৰ লগত চিনাকি হ’ব লাগিব। আমাৰ শৰীৰটো মূলতঃ কোষেৰে গঠিত। এই কোষবোৰৰ দ্বাৰাই আমাৰ বিভিন্ন অঙ্গ-প্ৰতঙ্গ তেজ, হাড়, চুলি বা বিভিন্ন ধৰণৰ হৰম’ন আদি গঠিত হয়। সেয়েহে যদিহে আমাৰ কোষবোৰ সুস্থ হৈ থাকে, তেন্তে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব। এই কোষবোৰ সংশোধন প্ৰক্ৰিয়াৰে শোধিত কৰি সুস্থ অৱস্থালৈ আনিবলৈ বিজ্ঞানসন্মতভাৱে গৱেষণা কৰি ডাঃ লিনাছ পাউলিঙে এক চিকিৎসা ব্যৱস্থাৰ উদ্ভাৱন কৰিছিল। এই চিকিৎসা ব্যৱস্থাৰ উদ্ভাৱন কৰিছিল।

এই চিকিৎসা ব্যৱস্থাৰ নাম হ’ল কোষ সংশোধন চিকিৎসা বা(Molecular Reform Therapy বা cell Reform Therapy)।

এই চিকিৎসা প্ৰণালী এক অতি সৰল জীৱন ধাৰণ প্ৰণালী মাত্ৰ। যাৰ দ্বাৰা এজন মানুহে শাৰীৰিক সুস্থতা লাভ কৰি বীজাণুৰ বিৰুদ্ধে যুঁজিব পৰাকৈ শক্তিশালী হৈ উঠে। বৰ্তমান সময়ত এই চিকিৎসা বা জীৱন ধাৰণ প্ৰণালী অতি প্ৰাসঙ্গিক হৈ পৰিছে। বিশেষকৈ যি হাৰত মানুহ বিভিন্ন ধৰণৰ জীৱনশৈলীগত ৰোগ, যেনে- মধুমেহ, ৰক্তচাপ, গ্ৰন্থবিকাৰ আদিত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে, এনে অৱস্থাত আমি জীৱনশৈলীৰ সংশোধন অবিহনে গত্যন্তৰ নাই।

এই চিকিৎসাৰ মূল ভেটি হ’ল জীৱনশৈলীৰ আমূল পৰিৱৰ্তন-

 

ইয়াত চাৰিটা খলপীয়া নীতি আছে। ই হ’ল-

১)সুষম আহাৰৰ মাত্ৰা বঢ়োৱা(Balanced nutrition)

২)অক্সিজেনৰ মাত্ৰা বঢ়োৱা(Increase oxygen intake)

৩)দেহৰ পৰা বিষাক্ত পদাৰ্থবোৰ নিষ্কাশন(Doxification)

৪)শাৰীৰিক সক্ৰিয়তাৰ দ্বাৰা স্বাস্থ্য ৰক্ষা কৰা(Health regulation)

সুষম আহাৰ বুলিলে আমি দেহক প্ৰয়োজন হোৱা সকলোবোৰ পুষ্টিৰে ভৰি থকা খাদ্য উপযুক্ত মাত্ৰাত গ্ৰহণ কৰাকে বুজো। কিন্তু বাস্তৱ ক্ষেত্ৰত ই অতি কঠিন কাম। সাধাৰণতে আমি খোৱা খাদ্যদ্ৰব্যত সঠিক পৰিমাণৰ পুষ্টি সম-মাত্ৰাত পোৱাটো সম্ভৱ নহয়। কিছুমান পুষ্টিগত দ্ৰব্য অতি কম মাত্ৰাত দৈনিক লাগে।

কিন্তু সেই দ্ৰব্যবোৰ প্ৰতিদিনে সেই নিৰ্দিষ্ট মাত্ৰাত গ্ৰহণ কৰাটো সম্ভৱ নহয়। কিছুমান দ্ৰব্য আকৌ অত্যধিক পৰিমাণে খোৱাৰ বাবে মেদবহুলতা, উচ্চ ৰক্তচাপ নাইবা তেনেধৰণৰ ৰোগৰ সৃষ্টি হয়। ইয়াৰ সমাধান বাৰু কি হ’ব পাৰে? ইয়াৰ বাবে আমি খাদ্যদ্ৰব্য কম মাত্ৰাত গ্ৰহণ কৰি এক উচ্চ মানসম্পন্ন খাদ্য পৰিপূৰক(Food Suppliment) দৈনিক কৰিব লাগে। ইয়াৰ বাবে পৰিপুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয়।

তদুপৰি বৰ্তমান খাদ্যদ্ৰব্যত যি ধৰণে কীটনাশক বা আন ক্ষতিকাৰক দ্ৰব্যৰ পয়োভৰ ঘটিছে এনে ক্ষেত্ৰত খাদ্য বৰ্তমান এক বৰবিহলৈ পৰিৱৰ্তিত হৈছে। সেয়েহে জৈৱিক পদ্ধতিৰে কৰা খাদ্যদ্ৰব্যহে গ্ৰহণ কৰা উচিত। আহাৰ তৈয়াৰ কৰোতে ব্যৱহাৰ হোৱা তেল বা চৰ্বিযুক্ত পদাৰ্থবোৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক। সেয়েহে তেলবিহীন ৰন্ধন প্ৰণালী ব্যৱহাৰ কৰিব লাগে আৰু চৰ্বিযুক্ত খাদ্য কম মাত্ৰাত গ্ৰহণ কৰিব লাগে।

মুঠতে আমি আমাৰ শৰীৰৰ কোষসমূহক উপযুক্ত খাদ্য বা পৰিপুষ্টি দিব পাৰিলে কোষসমূহ সুস্থ হৈ থাকিব আৰু সুস্থ কোষেৰে সুস্থ শাৰীৰিক অৱস্থা দিব পাৰে। শাৰীৰিক সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় স্তৰটো হ’ল উপযুক্ত মাত্ৰাত অক্সিজেন গ্ৰ্হণ কৰা। কাৰণ উপযুক্ত পৰিমাণৰ বিশুদ্ধ অক্সিজেন কোষবোৰে পালেহে কোষৰ ভিতৰত দহন ঘটি খাদ্যৰ পৰা শক্তি উৎপাদন কৰিব নোৱাৰে। অক্সিজেন সঠিক মাত্ৰাত পাবৰ বাবে আমি উশাহ-নিশাহৰ জৰিয়তে অক্সিজেন গ্ৰহণ কৰিব লাগিব নাইবা তৰল অক্সিজেন সেৱন কৰিব লাগিব। উন্নত দেশবোৰত আজিকালি অক্সিজেন ল’বৰ বাবে ‘অক্সিজেন বাৰ’ খোলা হৈছে। য’ত মানুহে ইচ্ছানুসৰি অক্সিজেন ল’ব পৰাৰ উপায় আছে।

আমি ৰাতিপুৱাই প্ৰাণায়াম বা শ্বাস-প্ৰশ্বাসৰ অনুশীলনৰ যোগেদি অক্সিজেন গ্ৰহণ কৰিব পাৰো। ভাৰতীয় বিকল্প চিকিৎসা ব্যৱস্থাত সদায়ে অক্সিজেন গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

সংশোধন চিকিৎসাৰ তৃতীয় স্তৰটো হ’ল শৰীৰৰ কোষবোৰক বিষমুক্ত বা শুদ্ধিকৰণ কৰা। কাৰণ আমি গ্ৰহণ কৰা খাদ্যদ্ৰব্য বা শ্বাস-প্ৰশ্বাসৰ দ্বাৰা নানা ধৰণৰ বিষাক্ত পদাৰ্থবোৰে দেহত ৰোগৰ সৃষ্টি কৰে। যদিহে এই বিষাক্ত পদাৰ্থবোৰক দেহৰ পৰা উলিয়াই দিব পৰা যায় তেন্তে মানৱ দেহক কিছুমান ৰোগৰ পৰা মুক্ত কৰিব পৰা যাব।

আয়ুৰ্বেদতো দেহ শুদ্ধিকৰণৰ কথা কোৱা হৈছে। আয়ুৰ্বেদত পঞ্চকৰ্ম বা ঔষধি ব্যৱস্থাৰ দ্বাৰাই কোষৰ শুদ্ধিকৰণ কৰি বিভিন্ন ৰোগৰ চিকিৎসা কৰিব পাৰি। কিন্তু বৰ্তমান কিছুমান খাদ্য ঔষধিৰ দ্বাৰা দেহৰ পৰা বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিব পৰাৰ ব্যৱস্থা আছে। এই পদ্ধতি অতি সহজ আৰু পাৰ্শ্বক্ৰিয়াবিহীন।

সংশোধন চিকিৎসাৰ শেষৰ পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ। শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো বৰ্তমান সময়ৰ মানৱ সমাজৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। কাৰণ এজন মানুহৰ কোনো এটা অঙ্গ যদি ব্যৱহাৰ কৰি থকা নহয় বা তাৰ অত্যধিক ব্যৱহাৰ হয়, তেন্তে সেইটোৰ সক্ৰিয়তা কমি আহে।

সেয়েহে আমি প্ৰতিদিন নিজৰ প্ৰতিটো অঙ্গক সক্ৰিয় কৰি ৰাখিব লাগে বা নিয়মিত মাত্ৰাত ব্যৱহাৰ কৰি থাকিব লাগে। সক্ৰিয় কৰি ৰখা মানে দৈনন্দিন কৰা কামৰ পৰিমাণ নুবুজায়। কাৰণ আমি কৰা দৈনন্দিন কামত দেহৰ অংগবোৰ সমানে ব্যৱহাৰ নহয়। সেয়েহে এজন লোক শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিবলৈ হ’লে নিয়মিত ব্যায়াম বা শৰীৰ চৰ্চা কৰিব লাগে। প্ৰাণায়াম আৰু যোগ চৰ্চাই দ্বাৰাই মানসিক তথা শাৰীৰিক শক্তি বৰ্ধন কৰিব লাগে।

মানসিকভাৱেও আমি সক্ৰিয় হৈ থাকিব লাগে। মনত কেতিয়াও ঋণাত্মক চিন্তা আনিব নালাগে। মন সক্ৰিয় হৈ থাকিলেহে শৰীৰ সক্ৰিয় হৈ থাকিব। মনত সদায় ভাল চিন্তা, অৰ্থাৎ ধনাত্মক চিন্তা থাকিব লাগে। নিজৰ থকাখিনিকে মূলধন হিচাপে লৈ সৎ পথেৰে উন্নতি কৰিবলৈ যত্ন কৰিব লাগে। সঠিক দিশত কাম কৰি গ’লে উন্নতি হ’বই। আনৰ প্ৰতি হিংসা, বিদ্বেষ, বেয়া ভাব আদিয়ে মনক ৰুগীয়া কৰি তোলে। সেয়েহে এনে মনোভাব পৰিত্যাগ কৰি মানসিকভাৱে স্থিৰ হৈ থাকিব পাৰিলেহে জীৱনৰ উন্নতি হ’ব।

শাৰীৰিক সুস্থতাৰ বাবে যেনেকৈ সুষম খাদ্যৰ প্ৰয়োজন, ঠিক তেনেদৰে মানসিক সুস্বাস্থ্যৰ বাবেও মানসিক সুষম খাদ্য, যেনে- গান, নাচ, চিনেমা, থিয়েটাৰ আদি উপভোগ কৰি মনক প্ৰফুল্লিত কৰি ৰাখিব লাগে বা ভাল কিতাপ-আলোচনী আদি পঢ়ি ভাল কথাৰে মন ভৰাই ৰাখিব লাগে।

মহৎ লোকৰ জীৱনী বা মানসিক শক্তি বৃদ্ধি কৰিব পৰা কিতাপৰ কিছুমান কথাই আপোনাৰ মনক এক অদ্ভুদ শক্তিৰ অধিকাৰী কৰি তুলিব। আধ্যাত্মিক চিন্তাই মনক শান্ত কৰি তোলে।

 

সেয়েহে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আধ্যাত্মিক চিন্তাৰে মনক সক্ৰিয় কৰি ৰাখিব লাগে। শৰীৰ আৰু মনৰ ভাৰসাম্যইহে সম্পূৰ্ণ সুস্থতা আনিব পাৰে আৰু ৰোগৰ পৰা মানুহক মুক্ত কৰিব পাৰে।

 

লেখক: হেমন্ত কলিতা(জিএনআৰচি স্বাস্থ্য)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate