দৈনন্দিন জীৱনত এনে বহু লোক দেখা যায়, যি মেদবহুলতাৰ চিকাৰ হৈছে। তাৰে কিছুমানে তেনে মেদবহুল শৰীৰেৰে জীৱন অতিবাহিত কৰে বা নিজকে খাপ খুৱাই লয় আৰু কিছুমানে বায়ামশালাত গৈ শৰীৰৰ কমাব খোজে আৰু কিছুমানে উপবাসৰ সহায় লয়। কিন্তু পৰিতাপৰ কথা এই যে বহু লোকে উপবাসৰ (fasting) নামত কিছুমান এনে পন্থা গ্ৰহণ কৰে যে শৰীৰৰ হিতৰ ঠাইত অহিতহে হোৱা দেখা যায়।
আমাৰ শৰীৰে এক বিশেষ ধৰণে কাম কৰে। আমি যি খাদ্য খাওঁ, খাদ্য হজম কৰি শৰীৰৰ নানান কার্য সম্পাদন কৰাৰ লগতে ভবিষ্যতৰ বাবে সঞ্চয় কৰি ৰাখে। যেতিয়া শৰীৰক প্রয়োজনতকৈ অধিক খাদ্য যোগান ধৰা হয়, তেতিয়া শৰীৰে অপ্রয়োজনীয় অংশ শৰীৰত সঞ্চিত কৰি ৰাখে। ফলত এনে সঞ্চয়ে পাছলৈ গৈ মেদবহুলতাৰ সৃষ্টি কৰে। মানুহৰ এটা সহজাত প্রবৃত্তি আছে যে তেওঁলোকে শৰীৰৰ চৰ্বি যিমান সোনকালে পাৰে সিমান সোনকালে নাইকিয়া কৰিব খোজে। কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে যিদৰে শৰীৰৰ ওজন বা চর্বি এদিনতে গঠন নহয়, ঠিক একেদৰে এদিনতে শৰীৰৰ চর্বি কমোৱা অসম্ভৱ। দেখিবলৈ পোৱা যায় যে কিছুমান লোকে উপবাসৰ নামত দিনটো একো নোখোৱাকৈ কটায়। কিন্তু এনে কৰাৰ ফলত শৰীৰৰ বহু ক্ষতি হয়। যদিও তেনে কৰাৰ ফলত শৰীৰে সঞ্চিত কৰি ৰখা চর্বি বা শক্তি ক্ষয় কৰে, কিন্তু শৰীৰৰ বহু লাগতিয়াল পুষ্টিতত্ত্ব (nutrient) ও ব্যয় হয়। ইয়াৰ উপৰি ভাগৰুৱা অনুভৱ হয়। মূৰ ঘূৰোৱা আদি লক্ষণে দেখা দিয়ে।
বিভিন্ন সমীক্ষাত প্রমাণিত হৈছে যে শৰীৰৰ ওজন বা মেদ কমোৱাৰ বাবে উপবাস গ্রহণযোগ্য নহয়। ইয়াৰ সলনি কম কেলৰিযুক্ত খাদ্য গ্রহণ কৰি আৰু শৰীৰ চৰ্চাৰ দ্বাৰা চর্বি শৰীৰৰ ওজন কমাব পাৰি। কম কেলৰিযুক্ত খাদ্য, যেনে—বিভিন্ন শাক-পাচলি, ফলমূল (কম মিঠাযুক্ত)শৰীৰক কম কেলৰি যোগান ধৰাৰ উপৰি শৰীৰক আঁহজাতীয় পদার্থ আৰু নানান প্রয়োজনীয় ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে। আঁহজাতীয় পদাৰ্থই ভোক নাইকিয়া কৰে। ফলত শৰীৰে প্রয়োজনীয় পুষ্টিৰ বাবে সঞ্চিত চর্বি ব্যৱহাৰ কৰে আৰু চর্বি লাহে লাহে কমি আহে।
সেয়েহে শৰীৰৰ ওজন বা চৰ্বি কমোৱাৰ বাবে উপবাস কৰাৰ সলনি এক সুন্দৰ খাদ্যাভাসৰ দ্বাৰা আৰু কিছু পৰিমাণে শৰীৰচৰ্চাৰ সহায় ল’ব পাৰে। যিহেতু উপবাসৰ সময়ত শৰীৰে কিছু চর্বি ক্ষয় কৰে, কিন্তু যেতিয়াই সাধাৰণ ডায়েট গ্রহণ কৰে, তেতিয়া শৰীৰে পুনৰ ওজন বঢ়ায়। যদিও বা উপবাস কৰিবলগীয়া হয়, তেন্তে খাদ্য বিশেষজ্ঞৰ সহায় লৈহে উপবাস কৰা উচিত।
মহিলাসকলৰ মুখত আজিকালি বৰকৈ শুনিবলৈ পোৱা এষাৰ কথা হৈছে শৰীৰৰ বিভিন্ন স্থান, জোৰা আদিৰ বিষ। আগেয়ে বৃদ্ধ বয়সত কঁকাল বিষোৱা, কুঁজা হৈ পৰা শুনিবলৈ আৰু দেখিবলৈ পোৱাতো সাধাৰণ কথা আছিল। তাক মানুহে সাধাৰণভাৱে লৈছিল। “বুঢ়া বয়সত এনেবোৰ বিষ কোপ হয়েই, সেয়াই আছিল সকলোৰে সহজ-সৰল ধাৰণা। কিন্তু আজিৰ দিনত মানসিকৰ লগতে শাৰীৰিক সমস্যাবোৰো সলনি হৈছে৷ আগৰ সহজ-সৰল জীৱন যাপনৰ ঠাইত এতিয়া সমস্যাবোৰো জটিল হৈ পৰিছে। জটিল হৈ পৰা নাই বুলি জানো ক’ব পৰা যায়—যদি ৪০ বছৰ বয়স অতিক্রম কৰাৰ লগে লগে প্রায় ৭০ শতাংশ মহিলায়ে আঁঠু, কঁকাল, কান্ধ, হাতৰ জোৰা আদিত নানানটা বিষৰ কথা কথাই কথাই ক’বলগীয়া হয়। বিষৰ বাবে হতাশাত ভূগিবলগীয়াও হয়। ডাক্তৰৰ ওচৰলৈ দৌৰি থাকিবলগীয়া হয়। ঔষধৰ ওপৰতে জীয়াই থাকিবলগীয়া হয়। ঔষধৰ ওপৰতে জীয়াই থাকিবলগীয়া হয়। আৰ্থাইটিছ, স্পণ্ডেলাইটিছ, টেনিছ এলব’ আদি অসুখৰ নাম মহিলাসকলৰ মুখে মুখে।
আধুনিক জীৱনত পূৰ্বৰ দৰে কষ্টৰ কাম-বন নাই। তথাপি কিয় এই বিষ-কোপৰ প্রকোপ। পূৰ্বৰ তুলনাত আজিকালি মানুহে মাছ-মাংস, কণী আদি প্ৰ’টিন, ভিটামিনযুক্ত খাদ্য সহজে খাবলৈ পোৱা হৈছে। নগৰ-চহৰৰ মহিলাৰ খোৱাৰ বিলাসিতা বাঢ়িছে। তথাপি কিয় আধুনিক যুগৰ মানুহ ৰুগীয়া হৈছে। বিশেষকৈ মহিলাসকলৰ অষ্টিঅ' আথ্ৰাইটিছ বা অষ্টিঅ'প'ৰ'ছিছৰ দৰে ৰোগ বৃদ্ধি পাইছে। চিৰি বগাই ওপৰলৈ উঠিব নোৱাৰে। লেকেচিয়াই খোজ কঢ়া মহিলা আজি বহুতো দেখিবলৈ পোৱা যায়। বিশেষজ্ঞসকলে ইয়াৰ কাৰণ ৰাসায়নিক সাৰৰ দ্বাৰা উৎপাদিত শাক-পাচলি, কৃত্রিম প্ৰজননৰ দ্বাৰা উৎপাদন বঢ়োৱা মাছ, ব্ৰয়লাৰ আদি খাদ্য হিচাপে গ্রহণ কৰাৰ বাবে এনে ৰোগ বৃদ্ধি পাইছে বুলি মন্তব্য কৰি আহিছে। দোকানত ৰখা চাউল, দাইল, ফল-মূল নষ্ট নহ’বৰ বাবে নানা কীটনাশক ৰাসায়নিক দ্রব্য মিহলি কৰি ৰখা হয়। এইবোৰেও আমাৰ শৰীৰলৈ গৈ নানা বিষক্রিয়া ঘটাই থাকে। আমি গ্রহণ কৰা গাখীৰ টুপিনো কিমান নির্ভেজাল? এনেবোৰ ঘটনাৰ ফলতে আগৰ তুলনাত মহিলাসকলৰ বিষ-কোপ বাঢ়িছে বুলিব পাৰি। ইয়াৰ লগতে আন এটা গুৰুত্বপূর্ণ কথা হৈছে, মাহেকীয়াই মহিলাসকলৰ শৰীৰত যথেষ্ট পৰিমাণে আইৰণ আৰু কেলছিয়ামৰ অভাৱ ঘটায়। তেনেকৈয়ে মহিলাসকলে শাৰীৰিক পৰিশ্ৰমৰ নানা কাম কৰি থাকে। গাঁৱৰ মহিলাসকলে এনে অৱস্থাতো পুষ্টিকৰ আহাৰৰ প্ৰতি সচেতন নোহোৱাকৈ কঠিন কাম কৰি যায়। এনেদৰেও মহিলাসকলৰ স্বাস্থ্য ভিতৰি ভিতৰি ক্ষয়-ক্ষতি হৈ থাকে। লাহে লাহে বিষ-কোপৰ মাজেদিয়েই তাৰ প্রকাশ ঘটে।
মহিলাসকলৰ খাদ্য উন্নত মানৰ হ’ব লাগে। জীৱন-ধাৰণ প্রণালীও উন্নত হোৱা উচিত। গাঁৱৰ মহিলাসকলে অৱশ্যে আজিও বাৰীৰ সতেজ বন-পাচলি, লাউ, কোমোৰা, কচু-ঢেঁকীয়া খাবলৈ পোৱা হৈ আছে। নগৰ-চহৰৰ মহিলাই কৃত্রিম সাৰযুক্ত পাচলিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এই পাচলিবোৰ ৰন্ধাৰ আগেয়ে কিছু পৰ পানীত তিয়াই থোৱা উচিত। সেইদৰে চাউল, দাইল আদিও খুব ভালদৰে ধোৱা উচিত। থলুৱা মাছ, মূৰ্গী আদি খাব পাৰিলে ভাল। কিন্তু সেইবোৰো আজি মহঙা হৈ পৰিল। তথাপি চাব লাগে— বেছিকৈ বয়লাৰৰ মাংস নাখাই প্ৰ'টিন, ভিটামিনযুক্ত পাচলি, ফল-মূল, চিজ আদি খাব পাৰি।
ঘৰমুৱা কাম-বন, অতিপাত দৌৰা-ঢপৰা কৰি কৰা উচিত নহয়। ইয়াৰ ফলত ভূগিবলগীয়া হয় পাছৰ জীৱনত। এই স্বভাৱৰ বাবেও বহুতে সোনকালে বিষ-কোপত ভুগিবলগীয়া হয়। এটা ছন্দ ৰাখিহে ঘৰুৱা কাম-বন কৰিব লাগে। শৰীৰটোৱে কেতিয়া আৰাম বিচাৰিছে, কিমান কাম কৰা উচিত, তাৰ খেয়াল ৰাখিব লাগে। এই ক্ষেত্ৰত ঘৰৰ আন সদস্যৰো কৰণীয় আছে। এগৰাকী মানুহৰ ওপৰতে ঘৰখনৰ সকলো কাম জাপি দি বাকীসকলে আৰামত কটোৱাতো একপ্রকাৰ অপৰাধ। ইজনে সিজনৰ কথা অনুভৱ কৰি ঘৰুৱা কাম-বনবোৰ ভগাই লোৱা উচিত। তেতিয়া এজনৰ ওপৰতে কামৰ বোজা নপৰিব। এই ব্যৱস্থাত ঘৰখনৰ সকলোৰে শাৰীৰিক-মানসিক স্বাস্থ্য ৰক্ষা হোৱাত সহায় কৰে|
বিশেষজ্ঞসকলে সমীক্ষা চলাই লগতে গৱেষণা কৰি এই সিদ্ধান্তলৈকো আহিছে যে গাঁৱত বাস কৰা লোকতকৈ চহৰৰ মহিলাসকলে আজি অধিকভাবে বিষ-কোপত আক্রান্ত হ’বলগীয়া হৈছে। ইয়াৰ কাৰণ গাঁৱৰ মহিলাসকলে এতিয়াও প্ৰদূষণমুক্ত, প্রাকৃতিক পৰিৱেশত আৰু লগতে হাঁহি-আনন্দৰে সহজ-সৰল জীৱন চলাই আহিব পাৰিছে। চহৰত বাস কৰা মহিলাসকলে এই সকলোৰে পৰা বঞ্চিত হৈ প্ৰদূষণ, যান্ত্রিক, মানসিক চাপে ভৰা পৃথিবীত জীৱন-যাপন কৰিবলগীয়া হোৱাত ৰোগৰ চিকাৰ হৈ পৰিছে। ‘অভাৱেই আৱিষ্কাৰৰ মূল’ এই ভাবনা আগত ৰাখি খাদ্য, জীবন যাপন প্রণালীৰ এটা ভাৰসাম্য অৱস্থা গঢ়ি তুলিব পাৰিলে, চহৰৰ মহিলাসকলেও ৰোগৰ পৰা নিজক বচাই ৰাখিবলৈ সক্ষম হ’ব পাৰে। এই বিষয়ে অধিক চিন্তা-ভাবনা কৰা, উপায় উদ্ভাৱন কৰাৰ সময় আহি পৰা নাইনে?
সকলো মানুহৰে জীৱনত কোনো নহয় কোনো সময়ত কাৰণে বা অকাৰণে মনটো বিষণ্ণ হৈ পৰে। হঠাৎ হোৱা এই বিষন্নতা পূৰ কৰিবলৈ চেষ্টা কৰা উচিত। কি কি কৰিব-
লিখক সকল ক্ৰমে: অঞ্জনজ্যোতি ডেকা, ৰাণু দাস চৌধুৰী, সীমা চক্ৰৱতী, অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 3/24/2020