অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আকুপাংচাৰ

আকুপাংচাৰ

আকুপাংচাৰ সম্পৰ্কে বৰ্ত্তমান মিডিয়াত প্ৰচাৰ হোৱাৰ বাবে এচাম শিক্ষিত আৰু বুদ্ধিজীৱী মহলে জানিব পাৰিছে যদিও সৰ্বসাধাৰণ মানুহে ভালদৰে নাজানে। সেইবাবেই আকুপাংচাৰ চিকিৎসা, ইয়াৰ তত্ত্ব আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা কৰা হ’ল।

আকুপাংচাৰ নামটো এটা লেটিন নাম। ‘আকুস’ৰ অৰ্থ হৈছে বেজী আৰু ‘পাংচুৰা’ৰ অৰ্থ হৈছে ফুটুওৱা। এই দুই শব্দ মিলি আকুপাংচাৰ সৃষ্টি হৈছে। এই চিকিৎসা পদ্ধতিত ৰোগ অনুযায়ী শৰীৰৰ বিশেষ কিছু বিন্দুত বিভিন্ন জোখৰ বেজীৰে ফুটাই এক উত্তেজনাৰ সৃষ্টি কৰা হয় আৰু এই উত্তেজনাই শৰীৰৰ নিজস্ব ক্ষমতাক কামত লগাই ৰোগ প্ৰতিৰোধ কৰে আৰু শৰীৰৰ নানা বিষ-বেদনা কমায়।

আকুপাংচাৰ চীন দেশৰ প্ৰায় ৪০০০ বছৰৰ পুৰণি এটা ঘৰুৱা চিকিৎসা পদ্ধতি। চীন দেশ স্বাধীন হোৱাৰ পিছত বিশেষকৈ চীন দেশত হোৱা সাংস্কৃতিক বিপ্লৱৰ ফলশ্ৰুতিতেই এই চিকিৎসা পদ্ধতিৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ বিষয়ে পৃথিৱীয়ে জানিব পাৰিছে। বৰ্ত্তমান চীন দেশত এই চিকিৎসা পদ্ধতি বহুলভাৱে ব্যৱহাৰ কৰা হয় আৰু পৃথিৱীৰ ১৪০ খন দেশত ইয়াক প্ৰয়োগ কৰা হয়। ভাৰততকৈ দুই বছৰ পিছত স্বাধীন হোৱা এই দেশখনে সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ইমান আগবাঢ়ি গ’ল যে যাৰ বাবে গোটেই পৃথিৱীয়ে ভয় খাব লগা হৈছে। বৰ্তমান চীনত ১৫০ কোটি জনসংখ্যা আছে। ইয়াত পাশ্চাত্য চিকিৎসাক জনগণৰ সেৱাত ব্যৱহাৰ কৰাৰ লগে লগে আকুপাংচাৰৰ ওপৰতো ব্যাপক গৱেষণা কৰি তাৰ অকাৰ্যকৰী আৰু কুসংস্কাৰে আৱৰি থকা ভুল দিশসমূহ বাতিল কৰি বিজ্ঞানসন্মতভাৱে ইয়াক গ্ৰহণ কৰা হৈছে। এনে ধৰণে পাশ্চাত্য আৰু দেশীয় চিকিৎসা পদ্ধতি প্ৰয়োগ কৰি বহু জটিল ৰোগ নিৰাময় কৰা হৈছে। যাৰ বাবে চিকিৎসাৰ বহু খৰচ আৰু ৰোগৰ জটিলতা কমাই দিয়া হৈছে। জৰুৰীভাৱে প্ৰয়োগ কৰিব লগা হ’লে আৰু জীৱনদায়ী হিচাপে জীৱাণুৰ দ্বাৰা আক্ৰমণ কৰা নানা ৰোগ প্ৰতিৰোধৰ বাবে নিঃসন্দেহে পাশ্চাত্য চিকিৎসা অপৰিহাৰ্য্য। এই ক্ষেত্ৰত আকুপাংচাৰ চিকিৎসা তাৰ বিকল্প হ’ব নোৱাৰে। কিন্তু এনে কিছুমান ৰোগ আছে য’ত পাশ্চাত্য চিকিৎসাত ফল পোৱা নাযায়, তেনেক্ষেত্ৰত আকুপাংচাৰ যথেষ্ট কাৰ্যকৰী চিকিৎসা পদ্ধতি হ’ব পাৰে। চীনত বৰ্তমান এই দৃষ্টিভঙ্গীকেই সন্মুখত ৰাখি পাশ্চাত্য চিকিৎসাৰ প্ৰচাৰৰ লগে লগে আকুপাংচাৰৰ নিচিনা ঘৰুৱা চিকিৎসা পদ্ধতিৰ গৱেষণা আৰু প্ৰয়োগ বঢ়াই দিয়া হৈছে। সেইধৰণে ভাৰতৰ বিশেষকৈ পশ্চিম বংগত বৰ্তমান এল’পেথী, হোমিওপেথী আৰু আয়ুৰ্বেদিক চিকিৎসাৰ লগত আকুপাংচাৰক সমান্তৰালভাৱে ব্যৱহাৰ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ১৯৭৯ চনতেই আকুপাংচাৰক স্বীকৃতি দিছে। তদুপৰি ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে ২০০৩ চনৰ মে’ মাহত এক জাননী যোগেদি আকুপাংচাৰ চিকিৎসা কৰাত বাধা নাই বুলি ঘোষণা কৰিছে। পশ্চিম বংগ চৰকাৰে ১৯৯৭ চনত ‘ৱেষ্ট বেংগল আকুপাংচাৰ চিষ্টেম অৱ্ থেৰাপী এক্ট’ নামেৰে এখন আইন পাছ কৰি তাৰ যোগেদি ৱেষ্ট বেংগল আকুপাংচাৰ কাউঞ্চিল গঠন কৰি ২০০১ চনৰ পৰা চৰকাৰী ভাৱে আকুপাংচাৰ মেডিকেল কলেজ প্ৰতিষ্ঠা কৰি তাত ৩ (তিনি) বছৰীয়া পাঠ্যক্ৰম পৰিচালনা কৰিছে। পশ্চিম বংগ চৰকাৰে কৰা এই মহত্ কাৰ্য্যৰ প্ৰতিপলন কিন্তু ভাৰতৰ আন ৰাজ্যত হোৱা নাই যদিও ভাৰতৰ বহু ডাঙৰ ডাঙৰ চহৰ যেনে- দিল্লী, মুম্বাই, চেন্নাই, বাংগালোৰ, চণ্ডীগড়, ৰুৰকেল্লা, ৰাইপুৰ, লক্ষ্ণৌ, পাটনা আদিত এই চিকিৎসাৰ বাবে ব্যক্তিগতভাৱে হাস্পতাল গঢ়ি উঠিছে। আমাৰ কাষতে থকা দেশ শ্ৰীলংকা আৰু বাংলাদেশত আকুপাংচাৰ বহুলভাৱে প্ৰয়োগ কৰা হয়। এইখিনিতে প্ৰচলিত পশ্চিমীয়া চিকিৎসা বিজ্ঞান সম্পৰ্কে কিছু কথা আলোচনা কৰা হওঁক। পৃথিৱীৰ সৰহ সংখ্যক মানুহ গাঁৱত বাস কৰে আৰু এইসকল মানুহৰ বাবে উন্নত চিকিৎসা গ্ৰহণৰ সুবিধা নাই। প্ৰচলিত পাশ্চাত্য চিকিৎসা পদ্ধতিৰ ঔষধৰ মূল্য অনেক বেছি হোৱাত সাধাৰণ আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ পক্ষে ঔষধ কিনা সম্ভৱ নহয়, কাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে জীয়াই থাকিবৰ বাবে নিজৰ আহাৰ মুঠিকে যোগাৰ কৰিব নোৱাৰে, তেনেক্ষেত্ৰত অসুখ হ’লেও অত্যধিক দাম দি বেমাৰৰ চিকিৎসা কৰাটো তেওঁলোকৰ বাবে আকাশ কুসুমৰ নিচিনা। আনহাতে, এইসকল লোকেই বিভিন্ন সংক্ৰামক ৰোগত উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰে। চৰকাৰী আঁচনিসমূহ এইসকল লোকে সম্পূৰ্ণকৈ গ্ৰহণ কৰিবলৈ নাপায়। দেশী-বিদেশী ঔষধ কোম্পানীসমূহে প্ৰস্তুত কৰা ঔষধ সমূহত অত্যধিক মুনাফা অৰ্জন কৰা বাবেই বৰ্তমান ঔষধৰ বজাৰখন নিয়ন্ত্ৰণহীন হৈ পৰিছে। যাৰ ফলত ভাৰতৰ দৰে দুখীয়া দেশৰ কথা বাদেই উন্নতশীল দেশ সমূহৰো চিকিৎসা খৰচ ভয়াবহ ৰূপত বাঢ়িছে। বহুক্ষেত্ৰত দেখা দিয়া পাশ্চাত্য চিকিৎসা পদ্ধতিৰ চিকিৎসকসকলে চিকিৎসাক ৰহস্যমুক্ত কৰিব নোখোজে আৰু অন্যান্য প্ৰাচীন চিকিৎসা পদ্ধতিৰ চিকিৎসকসকলক বন্ধুত্বৰ শাৰীত নলয়। ভাৰতকে ধৰি উন্নতশীল দেশসমূহৰ স্বাস্থ্যৰ বাজেটত থকা শতকৰা ৫০ ভাগ যায় পাশ্চাত্য ঔষধ কিনোতে। তথাপিতো দেশৰ আধাতকৈ সৰহসংখ্যক লোকে স্বাস্থ্যৰ উপযুক্ত যত্ন নাপায়। উল্লেখ কৰা ভাল হ’ব যে আমাৰ দেশৰ বনৌষধি সূত্ৰৰ দ্বাৰাও ভালেকেইবিধমান ঔষধ দেশী-বিদেশী কোম্পানীসমূহে প্ৰস্তুত কৰিছে। এই ঔষধসমূহৰ আৱশ্যকীয় কেঁচামাল সহজলভ্য হোৱা স্বত্ত্বেও ঔষধৰ মূল্য অধিক। গোলকীয়কৰণ বা মুক্ত বাণিজ্য নীতিৰ বাবে ভাৰতলৈ বহুজাতিক কোম্পানীসমূহে  ঔষধ প্ৰস্তুত কৰা কাৰখানা প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন মতে, বৰ্তমান ইউৰোপ, আমেৰিকা আদি দেশৰ জনসাধাৰণে ঔষধ সেৱনৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ বাবে বিকল্প চিকিৎসা পদ্ধতিৰ প্ৰতিহে বিশ্বাস কৰিবলৈ লৈছে।

গতিকে ভাৰতৰ নিচিনা তৃতীয় বিশ্বৰ দেশসমূহত ৰোগ চিকিৎসাৰ ক্ষেত্ৰত আকুপাংচাৰৰ নিচিনা অতি সহজ নিৰাপদ আৰু কম খৰচী চিকিৎসা পদ্ধতি সহজেই গ্ৰহণযোগ্য বুলি ভাবোঁ। বৰ্তমান আকুপাংচাৰ চিকিৎসাৰে এশবিধমানতকৈ অধিক সাধাৰণ ৰোগৰ চিকিৎসাৰ ভাল ফল পোৱা গৈছে আৰু ইয়াক স্বয়ংসম্পূৰ্ণ এক চিকিৎসা পদ্ধতি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গোটেই পৃথিৱীতে গৱেষণা চলি আছে। আকুপাংচাৰ চিকিৎসাৰ দ্বাৰা আমাৰ দেশৰ জনসাধাৰণৰ ৰোগ যন্ত্ৰণা কমোৱাৰ ক্ষেত্ৰত পাশ্চাত্য দেশসমূহৰ কোটি কোটি টকাৰ ঔষধৰ খৰচো বহুমাত্ৰাই কমাব পাৰি। আনহাতে, বহু ৰোগীয়ে ঔষধ সেৱনত অনীহা প্ৰকাশ কৰে। এইবাবেই যে ঔষধৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া কেতিয়াবা বেমাৰৰ যন্ত্ৰণাতকৈ বেছি ভয়ানক হ’ব পাৰে। পাশ্চাত্য চিকিৎসা দৰ্শনসমূহ পুনৰ মূল্যায়নৰ প্ৰয়োজন হৈছে। পিছে এটা কথা মনত ৰখা ভাল হ’ব যে অন্যান্য চিকিৎসা পদ্ধতিৰ দৰে আকুপাংচাৰ চিকিৎসাৰো সীমাবদ্ধতা আছে। কিছু ৰোগৰ চিকিৎসা অদ্যপৰিমিত সুফল পোৱা নাই আৰু বিভিন্ন ৰোগৰ ক্ষেত্ৰত আকাংক্ষিত ফল পাবলৈ দীৰ্ঘ সময় লাগে।

বিশ্ব-ব্ৰহ্মাণ্ডত এটা অদৃশ্য শক্তিয়ে অনবৰতে কাম কৰি আছে। মানুহ যিহেতু এই বিশ্ব-ব্ৰহ্মাণ্ডৰ অধীন গতিকে মানুহৰ শৰীৰতো এই শক্তি অনবৰতে বিদ্যমান। এই জীৱনী শক্তিক চীনা ভাষাত ‘ছি’ বুলি কোৱা হয়। এই ছি এটা বিদ্যুত্ শক্তিৰ দৰে। ইয়াক দেখা নাযায়। কিন্তু আমি ইয়াৰ অস্তিত্বৰ অনুভৱ কৰোঁ। কাৰণ বিজুলীৰ দ্বাৰা আমি পোহৰ দেখোঁ আৰু তাপ অনুভৱ কৰোঁ। বিজুলীত পজিটিভ আৰু নিগেটিভ শক্তি দুটা মেৰুত অৱস্থিত হৈ কাম কৰি আছে। ঠিক তেনেকৈ আমাৰ শৰীৰৰ মাজত প্ৰবাহিত হৈ থকা ছি বা জীৱনী শক্তিৰ মাজতো দুটা শক্তিৰ সমন্বয়ৰে গঠিত। এই দুই শক্তিৰ নাম হ’ল ইন আৰু ইয়াং। ইন হ’ল স্ত্ৰী-ধৰ্মী আৰু ইয়াং হ’ল পুৰুষধৰ্মী। মানুহৰ শৰীৰৰ প্ৰতিটো অংগতেই এই জীৱনী শক্তি প্ৰবাহিত হয় আৰু পৰস্পৰৰ সৈতে যুক্ত হৈ থাকে। এই বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো বস্তু এই দুই বিপৰীত ধৰ্মীৰ শক্তিৰ সমন্বয়ৰে গঠিত আৰু ইয়াৰ ভাৰসাম্যতাই বিশ্ব-ব্ৰহ্মাণ্ডক স্থিতিশীল কৰি ৰাখিছে। যেনেকৈ সূৰ্য্যই পৃথিৱীক আকৰ্ষণ কৰে আৰু পৃথিৱীয়েও বিকৰ্ষিত হৈ সূৰ্য্যৰ পৰা আঁতৰিব খোজে- এই আকৰ্ষণ আৰু বিকৰ্ষণ শক্তিয়েই হ’ল স্থিতাৱস্থা। মানুহৰ শৰীৰত ইন আৰু ইয়াং- এই দুই বিপৰীত শক্তিৰ সামঞ্জস্য বা ভাৰসাম্য থাকিলে মানুহৰ স্বাস্থ্য ভালে থাকে আৰু যদি এই সামঞ্জস্য বা ভাৰসাম্য হেৰাই যায় তেন্তে মানুহ অসুস্থ বা বেমাৰী হয়।

আমাৰ শৰীৰৰ ছালৰ তলেদি নিৰ্দ্দিষ্ট কেইটামান ৰেখাৰ মাজেৰে জীৱনী শক্তি প্ৰবাহিত বা চলাচল কৰি থাকে। এই ৰেখাসমূহে আকৌ মানুহৰ অভ্যন্তৰত থকা প্ৰতিটো অংগৰ লগত সংযুক্ত হৈ থাকে। এই ৰেখাসমূহে হ’ল আকুপাংচাৰ প্ৰণালী বা মেৰিডিয়ান। এই ৰেখাসমূহ কিছুমান নিৰ্দ্দিষ্ট বিন্দুৰ লগত সংলগ্ন হৈ থাকে। আকৌ সেই ৰেখাসমূহ কোনোবা এটা বা কেইবাটাও শৰীৰৰ অংগৰ লগত সংযুক্ত হৈ থাকে। এই বিন্দুবিলাকেই হ’ল আকুপাংচাৰ বিন্দু। এই বিন্দুবিলাকত বেজী সুমুৱাই উত্তেজনাৰ সৃষ্টি কৰি ৰোগৰ চিকিৎসা কৰা হয়। এই বিন্দুসমূহ মানুহৰ শৰীৰত ১৪ টা প্ৰণালীৰ লগত জড়িত। এই প্ৰণালীসমূহৰ ৬ টা ইন (স্ত্ৰী-ধৰ্মী) আৰু ৬ টা ইয়াং (পুৰুষধৰ্মী), বাকী দুটা মানুহৰ শৰীৰৰ মধ্যৰেখাত সন্মুখত এটা আৰু পিছফালে এটা অৱস্থিত।

এই প্ৰণালীসমূহ যিহেতু শৰীৰৰ আভ্যন্তৰীণ অংগৰ লগত জড়িত সেইবাবে এই ৰেখাসমূহৰ নামও সেই অংগসমূহৰ নামেৰে নামকৰণ কৰা হৈছে।

আকুপাংচাৰৰ লগত আৰু এটা চীনৰ ঐতিহ্যমণ্ডিত তত্ত্ব আছে। তাৰ নাম হৈছে পঞ্চভূত তত্ত্ব। এই তত্ত্ব অনুযায়ী বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো বস্তু তথা মানুহৰ শৰীৰৰ ৫-টা মূল উপাদানেৰে গঠিত, যেনে- কাঠ, জুই, মাটি, ধাতু আৰু পানী। এই সূত্ৰ অনুযায়ীও মানুহৰ শৰীৰত ইন আৰু ইয়াং শক্তিৰ প্ৰভাৱ পৰে বাবেই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আকুপাংচাৰ বিন্দু নিৰ্বাচনত সহায়ক হয়।

লেখকঃ যুৱ কুমাৰ বৰুৱা, আমাৰ অসম।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate