অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভৱতী মহিলাৰ যত্ন, সমস্যা আৰু হোমিওপেথিক চিকিৎসা

এগৰাকী সুস্থ-সবল গৰ্ভৱতী মহিলাইহে সময়ত এটা সুস্থ সন্তান জন্ম দিব পাৰে। গৰ্ভাৱস্থাত মহিলা গৰাকীক সুস্থ-সবলকৈ ৰাখিবলৈ হ’লে পৰ্যাপ্ত যত্ন, পৰিচৰ্যা আৰু চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন। নিৰাপদ প্ৰসৱ বা সুস্থ নৱজাতক স্বাভাৱিক ভাৱে জন্ম দিয়াবলৈ মহিলা গৰাকীৰ এটা জটিলতা বিহীন গৰ্ভাৱস্থাৰ দৰকাৰ।

গৰ্ভৱতী মহিলাৰ যত্ন কেনেদৰে ল’ব

সাধাৰণতে জটিলতা বিহীন গৰ্ভাৱতী (Normal pregnancy) মহিলাক গোটেই গৰ্ভকাল ছোৱাত ৩ ৰ পৰা ৫ টা পৰীক্ষা বা চেকাপ আৰু জটিলতাত ভোগা গৰ্ভৱতী মহিলাক (High Risk pregnancy) ৭ ৰ পৰা ১০ টা ‘চেক-আপ’ৰ প্ৰয়োজন।

গৰ্ভৱতী মহিলা গৰাকীৰ উচ্চতা অনুযায়ী ওজন, পালচ ৰেট, ৰক্তচাপ, শ্বাস যন্ত্ৰৰ কোনো ৰোগ আদি সাধাৰণতে পৰীক্ষা কৰা হয়। তদুপৰি তেজত হিমোগ্ল’বিনৰ পৰিমাণ, তেজৰ গ্ৰুপ ABO, Rh, VDRL (যৌন ৰোগ) তেজত চেনিৰ পৰিমাণ, আনকি প্ৰত্যোজন মতে পেচাব পৰীক্ষা কৰিও চাব লগা হ’ব পাৰে।

গৰ্ভাৱস্থাত ল’ব লগীয়া সাৱধানতা কি কি?

(১) ধুমপান, সুৰাপান আৰু অতিৰিক্ত শাৰীৰিক পৰিশ্ৰম কৰিব নালাগে।

(২) গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহত কোনো ধৰণৰ দৰৱ ব্যৱহাৰ কৰিব নালাগে। শক্তিকৃত হোমিও দৰব লক্ষণ অনুসৰি ব্যৱহাৰ কৰিব পাৰে।

(৩) চাৰি মাহৰ পিছত উপযুক্ত সুষম আহাৰ খোৱাত গুৰুত্ব দিব লাগে।

(৪) গৰ্ভাৱস্থাৰ ৫-৬ মাহ মানৰ পৰা ধনুষ্টংকাৰ প্ৰতিষেধক দিয়াব লাগে।

(৫) শেষৰ তিনি মাহ বিশ্ৰাম ল’ব লাগে।

(৬) অভিজ্ঞ হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শ মতে সৰল প্ৰসৱৰন্বাবে ‘ইজি ডেলিভাৰি কোৰ্চ’ বা সৰল প্ৰসৱৰ খোৰাক নিয়ম মতে ব্যৱহাৰ কৰিবলৈ দিব পাৰে।

গৰ্ভৱতী মহিলাৰ খাদ্য কেনে ধৰণৰ হ’ব লাগে?

গৰ্ভ ধাৰণৰ চাৰি মাহৰ পিছৰ পৰা গৰ্ভস্থ শিশু বাঢ়িবলৈ ধৰে। সেই বাবে এই সময়ৰ পৰা মহিলা গৰাকীক উপযুক্ত আহাৰ যোগান ধৰিব লাগে।

ভাত, ৰুটি, দাইল, সেউজীয়া যাক-পাচলি, বতৰৰ ফল-মূল আদিত প্ৰয়োজনীয় খাদ্যপ্ৰাণ, আয়ৰণ, কেলচিয়াম, প্ৰ’টিন আদি পোৱা যায়। আমিষ ভোজীবোৰে মাজে-সময়ে মাছ, মাংস, কণী আদি খাব পাৰে। কৃত্ৰিমভাৱে সংশ্লোষিত ভিটামিন, আয়ৰন আদি খোৱাতকৈ এই দ্ৰব্য সমূহ পৰ্যাপ্ত পৰিমাণে থকা শাক-পাচলি, ফল-মূল আদি খোৱাত অধিক গুৰুত্ব দিব লাগে।

গৰ্ভাৱস্থাত ভাল খাদ্য খালে গৰ্ভস্থ সন্তানৰ আকাৰ ডাঙৰ হ’ব বুলি বহু মহিলাই ভয় কৰে। আচলতে এই ধাৰণা শুদ্ধ নহয়। মাকৰ স্বাস্থ্য ভালে ৰাখিবলৈহে ভাল খাদ্যৰ প্ৰয়োজন।

কোনবোৰ মহিলাৰ প্ৰসৱ জটিল হোৱাৰ সম্ভাৱনা থাকে

(১) কম ওজনৰ মহিলা। বিশেষকৈ ৪০ কিলোগ্ৰামতকৈ কম ওজনৰ মহিলাৰ।

(২) চাপৰ মহিলা। ১৪০ চেণ্টিমিটাৰতকৈ চাপৰ মহিলা।

(৩) যদি মহিলা গৰাকীয়ে পূৰ্বে কেইবাবাৰো (৫ বাৰ বা তাতকৈ অধিক) গৰ্ভধাৰণ কৰিছে।

(৪) যিবোৰ মহিলাই আগতে মৃত সন্তান বা অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিব লগা হৈছিল।

(৫) কেচুৱাটো যদি ওলোটাকৈ অৱস্থান লোৱা বুলি অনুমান কৰা হয়।

(৬) অতিমাত্ৰা দুৰ্বল, ৰক্তহীনতাত ভোগা মহিলা।

(৭) যিবোৰ মহিলাক গৰ্ভাৱস্থাত স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাছিল।

(৮) ১৮ বছৰ বয়সৰ তলৰ বা ৩৫ বছৰ বয়সৰ ওপৰৰ নহিলা।

(৯) ‘ইজি ডেলিভাৰি কোৰ্চ (হোমিও দৰব) সেৱন নকৰোৱা মহিলা।

প্ৰসৱত জটিলতা হ’ব বুলি ভাবিলে কি কৰিব

(১) কম সময়ৰ ভিতৰত মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰাই দিব লাগে।

(২) মহিলা গৰাকীৰ অভিভাৱক বা স্বামীৰ লগত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি প্ৰসৱ চিকিৎসালয়ত হ’লেহে যে মাক আৰু শিশু দুয়োৰে বাবে মংগল, এই কথা বুজাই দিব লাগে।

লেবাৰ পেইন বা প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ সময় খিনিত মহিলা গৰাকীৰ স্বামী বা নিকট আত্মীয় ওচৰত থাকি মানসিক ভাবে মহিলা গৰাকীক উৎসাহিত আৰু নিৰ্ভয় প্ৰদান কৰিব লাগে। প্ৰসৱৰ সময় চোৱা মহিলা গৰাকীক পানীৰ বাহিৰে একো গোটা খাদ্য দিব নালাগে।

এনেদৰে এটা সময়ত শিশুটি স্বাভাৱিক ভাৱে ভূমিস্থ হ’ব।

জন্মৰ লগে লগে নৱজাতকৰ যতন কেনেদৰে ল’ব লাগে

(১) এখন চাফা শুকান কাপোৰেৰে গোটেই গাটো (ভৰিৰ পৰা মূৰলৈ) মচি দিব লাগে।

(২) প্ৰথম কাপোৰ খন আঁতৰাই আন এখন শুকান কাপোৰেৰে কেৱল মুখ খন খোলা ৰাখি গোটেই গাটো ঢাকি ল’ব লাগে।

(৩) সাধাৰণতেই শিশুৱে জন্মৰ খন্তেক পিছতে কান্দিবলৈ আৰম্ভ কৰে। শিশুৱে কান্দিলে বুজিব লাগিব যে শিশুটিৰ হাওঁফাওঁ সক্ৰিয় হৈছে। এতিয়া নৱজাতকৰ নাৰী ডাল দুই বা আঢ়ৈ ইঞ্চি জোখত কাটি আগতে পৰিষ্কাৰ কৰি থোৱা সত্তাৰে টানকৈ বান্ধিব লাগে।

(৪) মিউকাচ (বিজলুৱা পদাৰ্থ) চাক্সন ট্ৰেপেৰে মুখ আৰু নাকৰ ভিতৰত লাগি ত্যহকা মিউকাচবোৰ যিমান পাৰি যিমান সোনকালে চাফা কৰি দিব লাগে।

(৫) চকু কেইটা পৰিষ্কাৰ পানীত তিওৱা কপাহ বা কোমল কাপোৰেৰে মচি ল’ব লাগে। চকু চাফা কৰোঁতে সদায় ভিতৰৰ পৰা বাহিৰলৈ কপাহ বা কাপোৰ খন টানিব লাগে।

(৬) শিশুটিৰ ওজন কৰি চাব লাগে আৰু এখন বহীত জন্মৰ পিছৰ ওজন টুকি ৰাখিব লাগে।

(৭) জন্মৰ এঘণ্টা মানৰ ভিতৰত মাকৰ গাখীৰ চুপিবলৈ দিব লাগে আৰু কেচুৱাক অনবৰতে মাকৰ গাৰ সংস্পৰ্শত ৰাখিব লাগে।

(৮) নৱজাতকৰ কিবা জন্মগত ক্ৰুটি আছে নেকি চাই ল’ব লাগে। থাকিলে লগে লগে স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাব লাগে।

গৰ্ভাৱস্থাত মহিলা গৰাকীৰ বিভিন্ন সমস্যা আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা

‘হোমিওপেথি’ এটা অত্যাধুনিক চিকিৎসা পদ্ধতি। হোমিওপেথিক দৰববোৰে এণ্টিজেন হিচাপে কাম কৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰাখিব পাৰে।

গৰ্ভাৱতী মহিলাৰ সৰল প্ৰসৱৰ বাবে ক’ল’ফাইলাম, লাইক’পডিয়াম, পালচেটিলা আদি বায়কেমিৰ বিশেষ কম্বিনেচনসহ পৰ্যায়ক্ৰমে ব্যৱহাৰ কৰিবলৈ দিয়া হয়। হোমিওপেথিক দৰবৰ এই কেইপালি খোৰাকক একেলগে ‘ইজি ডেলিভাৰি কোৰ্চ’ বুলি কোৱা হয়। তাৰোপৰি গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাত হোৱা বিভিন্ন সমস্যাৰ নিশ্চিত বিধান হোমিওপেথিক চিকিৎসাত পোৱা যায়। কেইটামান বিশেষ সমস্যা আৰু তাৰ প্ৰতিকাৰৰ বাবে কেইটামান হোমিও দৰব লক্ষণসহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল।

গৰ্ভাৱস্থাত বমি

গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহত এই ৰোগটোৱে মহিলা গৰাকীক বাৰুকৈয়ে কাহিল কৰি তোলে। এনে অৱস্থাত দিয়া দৰববোৰ হ’ল-

(১) Ipecacunha : অনবৰতে বমি বমি ভাব থাকে। এবাৰ বমি হৈ যোৱাৰ পিছতো বমি ভাব নাঁতৰে। খঙাল আৰু খিংখিঙীয়া মেজাজ গঢ় লৈ উঠে। খাদ্যৰ প্ৰতি বিৰক্তি আৰু ঘৃণা উপজে।

(২) Sepia : পিত্তৰস মিশ্ৰিত বমি। হতাশা, স্বামী বা পৰিয়ালৰ আন সদস্যৰ লগত মনৰ অমিল, কাৰো লগত একমত হ’ব নোৱাৰে। অকলে থাকি ভাল পায়। খালী পেটত বিষ অনুভৱ হয়, খালে বিষ কমে, একো শব্দ শুনিব নোখোজে। খাদ্যৰ গোন্ধো অসহনীয় হৈ পৰে।

(৩) Phosporus : আনৰ লগত মনৰ অমিল অথচ অনবৰতে কাৰোবাৰ সংস্পৰ্শত থাকিব বিচাৰে। অকলে থাকিবলৈ ভয়। ভূত, কুকুৰ-মেকুৰীলৈ অত্যন্ত ভয় কৰে। ঠাণ্ডা পানী খাব বিচাৰে আৰু খোৱাৰ কিছু পাছতে গৰম বমিৰুপে বাহিৰ ওলাই যায়। চাহ, মাংস, গৰম গাখীৰ, গৰম পানী মুঠেই ভাল নাপায়। ওখ লাহী, ধুনীয়া কিচ্‌কিচিয়া চুলি আৰু ধুনীয়া চেলাউৰি যুক্ত মহিলাৰ ক্ষেত্ৰত Phosphorus ভাল দৰব।

ইয়াৰ উপৰি Pulsatilla, Cina, Colchicum, Nux vomica আদি দৰব লক্ষণ অনুযায়ী সততে ব্যৱহাৰ হয়।

অনিদ্ৰা

(১) Aconitum Napeiius : ভয়, উত্তেজনাৰ বাবে টোপনি নহয়। উদ্বেগ আৰু উচপিচনি বেছি হয়। গাৰ ছাল শুকান, কিন্ত গৰম। বিছনাত যন্ত্ৰণাসহ ছটফটাই বাগৰি থাকে।

(২) Belladonna : মূৰ গৰম। তেজাল সু-স্বাস্থ্যৰ মহিলা, চকু-মুখ ৰঙা-চিঙা পৰে, সামান্য টোপনি আহিলেও হঠাতে জিকাৰ খাই উঠি নিদ্ৰা ভংগ হয়।

(৩) Coffea Cruda : দুশ্চিন্তা, দুখ-বেজাৰৰ বাবে টোপনি নাহে। মনত বহু পৰিকল্পনা, কাৰ্যকৰী কৰিব লাগে, সেই ভাবত টোপনি নধৰে। মনৰ ফুৰ্তিৰ বাবে টোপনি ক্ষতি হয়। কফি সেৱনৰ কু-প্ৰভাৱৰ বাবে টোপনি নাহিলে অসহ্য বেদনা (বিষ)ৰ বাবে টোপনি নাহিলে Coffea ভাল দৰব।

(৪) Ignatia Amara : দুখ-শোক, উদ্বিগ্নতাৰ বাবে অনিদ্ৰা। হতাশাত ভাগি পৰা মন।

(৫) Lycopodium Clavatum : গোটেই দিনটো টোপনি ভাব, ৰাতি আহিলেই টোপনি পলাই যায়। পেটত গেছ (তলপেটত) হয়। হজমৰ গন্দগোল আৰু এচিডিটিৰ সমস্যাসহ নিদ্ৰাহীনতাত ভুগিলে এই ঔষধ ভাল।

(৬) Nux vomica : মানসিক পৰিশ্ৰমৰ বাবে টোপনিত ব্যাঘাত। মদ কফি আদি সেৱনকাৰীৰ অনিদ্ৰা। গধুলি টোপনিয়ে হেঁচা মাৰি ধৰে কিন্ত মাজ নিশা জাগি থাকিব লগা হয়। পুনৰ ৰাতিপুৱা পলমকৈ টোপনিত লালকাল দিয়ে। বেপৰোৱা, খেয়ালি মনৰ মহিলাৰ বাবে Nux vomica ভাল ঔষধ।

প্ৰসৱৰ পিছত হ’ব পৰা কিছুমান সমস্যাৰ হোমিওপেথিক দৰব

(১) Aconitum Napellus : হঠাতে চক্‌ খাই উঠা, অকাৰণতে ভয় ক্খোৱা আৰু উত্তেজনাৰ ফলত পেচাব বন্ধ অথবা পেচাব কৰাত কষ্ট পালে এই ঔষধ ভাল।

(২) Arnica Montana : প্ৰসৱৰ পিছত প্ৰতি গৰাকী মহিলাকে প্ৰায়ে দিব লগা হোৱা এই দৰব বিধে চেপচিচ, ধনুষ্টংকাৰ আদিৰ প্ৰতিষেধক কাম কৰে। প্ৰসৱৰ ফলত যোনি মুখ ফাটি যোৱাৰ আঘাত আদিৰ ফলত হোৱা যিকোনো বিষৰ বাবে Arnica ভাল দৰব।

(৩) Causticum: দীঘলীয়া, লেহেমীয়া প্ৰসৱৰ বাবে মহিলা গৰাকীয়ে কষ্ট পালে, ইউৰিনাৰী ব্লাডাৰত অতিৰিক্ত চাপ পৰাৰ ফলত পৰৱৰ্তী সময়ত পেচাব হোৱাত অসুবিধা বা কষ্ট পালে এই দৰব প্ৰয়োগ কৰা হয়।

(৪) Rhus Toxicodendron: দীঘলীয়া প্ৰসৱ বেদনাৰ বাবে দেহ জঠৰ আৰু ঠাণ্ডা পৰি যায়। দেহৰ মাংসপেশীৰ বিষ হয়, লৰচৰ কৰিলে ক্ৰমে বিষ কমে। এনে অৱস্থা হ’লে এই ঔষধ ভাল।

(৫) Staphisagria : ফাটি যোৱাৰ বিষ, কেথেৰাৰ ব্যৱহাৰ কৰাৰ ফলত পোৱা আঘাতৰ বাবে এই ঔষধ কাৰ্যকৰী।

পৰিশেষত এই কথাটো ক’ব লাগিব যে হোমিওপেথিক দৰববোৰ ৰোগীৰ লক্ষণ-সমষ্টিৰ (Sign-Symptom) স্বৰুপ পৰ্যবেক্ষণ কৰি নিৰ্বাচন কৰা হয়। কোনো এটা ৰোগৰ নামত দৰব প্ৰয়োগ কৰিলে (Therapeutically) মুঠেই ভাল ফল পোৱা নাযায়। সেই বাবে কোৱা হয়- ‘হোমিওপেথিয়ে ৰোগীৰ চিকিৎসা কৰে, ৰোগৰ নহয়’। ৰোগীৰ দেহ অৱয়ৱ, ঠাণ্ডা-গৰমৰ প্ৰতি প্ৰতিক্ৰিয়া, বংশগত কোনো ৰোগৰ প্ৰৱণতা, ৰোগৰ কাৰণ, প্ৰকৃতি, ৰোগীৰ মানসিকতা আদি এশ-এবুৰি দিশ সুক্ষ্মভাৱে পৰ্য্যালোচনা কৰি নিৰ্বাচন কৰি দিয়া দৰবটোৱে হ’ল ৰোগী জনৰ অব্যৰ্থ মহৌষধি। ডাঃ চেমুৱেল লিলিয়েন্থিলে তেওঁৰ ‘হোমিওপেথিক থেৰাপিউটিক’ত একোটা ৰোগীৰ বিপৰীতে কেইবা শতাধিক দৰবৰ নাম লক্ষণসহ সন্নিৱিষ্ট কৰিছে। এই জটিল অথচ নিৰাপদ আদৰ্শ চিকিৎসা পদ্ধতিৰ দ্বাৰা সঁচা অৰ্থত ৰোগ নিৰাময় কৰিবলৈ হ’লে সূক্ষ্ম পৰ্যবেক্ষণ আৰু অধ্যয়নৰ প্ৰয়োজন।

লিখক: ডাঃ জাকিৰ হুছেইন, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate