অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জনসাধাৰণৰ মাজত হোমিঅ’পেথিক চিকিৎসা

জনসাধাৰণৰ মাজত হোমিঅ’পেথিক চিকিৎসা

ডাঃ ছেমুৱেল খ্ৰীষ্টিয়ান ফ্ৰেডৰিক হেনিমানে হোমিঅ’পেথিক চিকিৎসা আৱিষ্কাৰ কৰি বিশ্বৰ জনসাধাৰণৰ হাতত তুলি দিছিল। এলোপেথিক চিকিৎসাৰ এম ডি ডিগ্ৰীধাৰী হেনিমেনে বহু বছৰ ধৰি এলোপেথিক চিকিৎসা কৰাৰ পিচত অশেষ গৱেষণাৰ অন্ততঃ আৱিষ্কাৰ কৰিছিল হোমিঅ’পেথিক চিকিৎসা। হেনিমেনে চিন্তা কৰিছিল যে ৰোগীয়ে কোনো কষ্ট নোপোৱাকৈ অৰ্থাৎ ৰোগীৰ ওপৰত কোনো আতিশয্য নকৰাকৈ খোৱা ঔষধৰ দ্বাৰা ৰোগী জনক সুস্থ কৰি ল’ব পাৰি নেকি? তেওঁৰ চিন্তাই সঠিক দিশতে অগ্ৰসৰ হ’ল। বিশ্বৰ জনসাধাৰণৰ মাজত হোমিঅ’পেথিক চিকিৎসাই দ্ৰুত গতিত সমাদৰ লাভ কৰিবলৈ ধৰিলে। দৰিদ্ৰৰ পৰা আঢ্যৱন্তলৈকে সকলোৱে হোমিঅ’পেথিক চিকিৎসাক আঁকোৱালি ল’লে।

হোমিঅ’পেথিক চিকিৎসাৰ মূল তত্ত্ব হৈছে কেতবোৰ দৰবে সুস্থ মানুহৰ দেহত নানান তৰহৰ উপসৰ্গ সৃষ্টি কৰিব পাৰে আৰু সেই দৰববোৰেই লক্ষণ বিশিষ্ট ৰোগীৰ ওপ্ৰত প্ৰয়োগ কৰিলে ৰোগী সুস্থ হৈ উঠে। হোমিঅ’পেথিক চিকিৎসা ব্যৱস্থাক ৰোগীকহে চিকিৎসা হয়, ৰোগক নহয়। সেইবাবে এই চিকিৎসা ব্যৱস্থাত সম্পূৰ্ণ লক্ষণ আৰু পৰীক্ষা-নিৰীক্ষা মাত্ৰ এটা ঔষধৰ ওপৰত প্ৰতিষ্ঠিত ঔষধৰ নিজা নিৰ্দিষ্ট বিশেষ ক্ৰিয়া আছে। ডাঃ হেনিমেনে যেতিয়া হোমিঅ’পেথিক চিকিৎসা আৱিষ্কাৰ কৰিছিল, তেতিয়া তেওঁ সকলো বয়স আৰু লিংগৰ সুস্থ মানুহৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰিছিল। সেইবাবে সমাজৰ সকলো শ্ৰেণিইৰ লোকে হোমিঅ’পেথি ঔষধ ব্যৱহাৰ কৰাত কোনো বাধা বা অসুবিধাৰ সৃষ্টি নহয়। অন্যান্য চিকিৎসা পদ্ধতিৰ দৰে হোমিঅ’পেথিক চিকিৎসা ব্যৱস্থাত কোনো পাৰ্শ্বক্ৰিয়া নাথাকে, যদিহে চিকিতসকে নিৰ্দিষ্ট নিয়মৰ ওপৰত গুৰুত্ব দি ৰোগীক চিকিৎসা প্ৰদান কৰে আৰু ৰোগী জনেও চিকিৎসকে দিয়া পৰামৰ্শ সঠিক ৰুপত মানি চলে। এজন ৰোগীক কিমান ঔষধ খাবলৈ দিয়া হয় সেইটো নিৰ্ভৰ কৰে পোছোলজি (Posology)ৰ ওপৰত। হোমিঅ’পেথিক চিকিৎসা পদ্ধতিত ঔষধৰ  ড’জক চাৰিটা ভাগত ভাগ কৰা হৈছে। মেক্সিমাম, ফোটেল, ডিভাইডেড আৰু মিনিমান ড’জ। হোমিঅ’পেথিক চিকিৎসা পদ্ধতিত মিনিমাম ড’জ প্ৰয়োগ কৰা হয়। এই ড’জত ঔষধ  প্ৰয়োগ কৰিলে সহজতে ইয়াৰ পাৰ্শ্বক্ৰিয়া হোৱা দেখা নাযায়। কিন্ত ইয়াৰ পৰিবৰ্তে যদি ফেটেলা ড’জ প্ৰয়োগ কৰে, তেতিয়া ৰোগী জনৰ অৱস্থাই জটিলৰ পৰা জটিল ৰুপ ধাৰণ কৰিব পাৰে বা ৰোগীৰ মৃত্যুও হ’ব পাৰে। হোমিঅ’ ঔষধৰ পাৰ্শ্বক্ৰিয়া বহু পলমকৈ হোৱাও দেখা যায়। কিন্ত অন্যান্য চিকিৎসা পদ্ধতিৰ দৰে হোমিঅ’ চিকিৎসা পদ্ধতিত ইয়াৰ পাৰ্শ্বক্ৰিয়াই জটিল ৰুপ ধাৰণ নকৰে। চিকিৎসকে দিয়া পৰামৰ্শ মতে যদি ৰোগীয়ে ঔষধ সেৱন আৰু মানিবলগীয়া নিয়মবোৰ পালন কৰে, তেতিয়া ৰোগীয়ে আশা কৰা ধৰণেই ইয়াৰ ফল লাভ কৰিব পাৰে। হোমিঅ’ ঔষধৰ বাহক বোৰ মিঠা হোৱা বাবে বহুতো ৰোগীয়ে একো অপকাৰ নকৰে বুলি ভাবি একেলগে বহুতো ঔষধ খাই দিয়াৰ ফলত হিতে বিপৰীত হোৱা দেখা যায়। মানুহৰ মাজত এটি চৰ্চিত বিষয় এই যে হোমিঅ’ ঔষধ সেৱন কৰিলে বহুতো খোৱা বিধি মানি চলিব লাগে। প্ৰকৃততে এনে ধাৰণা সত্য নহয়। ৰোগী জনৰ ওপ্ৰত প্ৰয়োগ কৰা ঔষধটোৰ বিপৰীতেহে সামান্য ধৰণৰ দুই-এটা বস্তু খোৱাৰ পৰা বাৰণ কৰা হয়। কিন্ত বহুতো হোমিঅ’ চিকিৎসকে অযথা বহুতো বস্তু খোৱাত বাধা দিয়াৰ ফলত মানুহৰ মাজত এইটো ধাৰণা হোৱাটো স্বাভাৱিক।

হোমিঅ’পেথিক চিকিৎসাত ন-পুৰণি সকলো ৰোগীকে চিকিৎসা কৰা হয়। পুৰণি ৰোগৰ ক্ষেত্ৰত হোমিঅ’পেথিক চিকিৎসাই বেছ জনপ্ৰিয়তা লাভ কৰি আহিছে। কিন্ত হোমিঅ’পেথিক চিকিৎসক সকলে সন্মুখীন হোৱা এটা ডাঙৰ সমস্যা হৈছে। এইটোৱে যে প্ৰায়বোৰ ৰোগীয়ে অন্য সকলো ধৰণৰ চিকিৎসা সামৰি প্ৰায় শেষ অৱস্থাত হোমিঅ’পেথিক চিকিৎসাৰ আশ্ৰয় লয়, যি সময়ত তেওঁক আৰোগ্য কৰিবলৈ হয়তো কোনো উপায় চিকিৎসক জনৰ হাতত নাথাকে। তথাপি অসম তথা ভাৰতৰ বিভিন্ন ঠাইত চিকিৎসা কৰি বিফ্লতাৰে ঘূৰি আহি হোমিঅ’পেথিক চিকিৎসাৰ দ্বাৰা আৰোগ্য হোৱা বহু ৰোগী এতিয়াও আছে।

কিছু ক্ষেত্ৰত ৰোগী সকলে নিজস্বভাৱে হোমিঅ’ ঔষধবোৰৰ অপপ্ৰয়োগ কৰাৰ ফলত ৰোগীয়ে ইয়াৰ পৰিমাণ ভোগ কৰিব লগীয়া হয়। এগৰাকী ৰোগী হিচাপে যিটো কাম কোনো দিনেই কৰা উচিত নহয়। ৰোগী সকল এই ক্ষেত্ৰত সজাগ হ’ব লাগিব। মানুহৰ উপৰি হোমিঅ’পেথিক চিকিৎসা ব্যৱস্থাত গৰু-ছগলী আদি বিভিন্ন পোহনীয়া জন্তৰ চিকিৎসা ব্যৱস্থা আছে, যিহেতু হোমিঅ’ চিকিৎসা লক্ষণৰ ওপৰত নিৰ্ভৰ কৰিহে ৰোগীক চিকিৎসা কৰা হয়। এটি নিৰাপদ চিকিৎসা পদ্ধতি হিচাপে হোমিঅ’পেথিক চিকিৎসাৰ তত্ত্ব সম্পৰ্কে কিছু আভাস লাভ কৰি হোমিঅ’পেথিক চিকিৎসাৰ প্ৰতি আকৰ্ষিত হ’লে প্ৰত্যেক ব্যক্তিয়ে ৰোগ মুক্ত হ’ব বুলি আশা কৰিব পাৰি। বৰ্তমান আধুনিক চিকিৎসাৰ ব্যয়বহুলতা ইমানেই বৃদ্ধি পাইছে যে ৰোগী এজন চিকিৎসক এজনৰ ওচৰলৈ যাব লাগিলে অভিভাৱক বা ৰোগী জনৰ চিন্তাই ব্যতিব্যস্ত কৰি তোলে। চিকিৎসকৰ পাৰিতোষিককে ধৰি পৰীক্ষা-নিৰীক্ষা, ঔষধৰ দাম সৰ্বসাধাৰণ লোকৰ কাৰণে বোজাস্বৰুপ হৈছে। গোটেই বিশ্ব জুৰি এই ঘটনা বা সমস্যা দেখা গৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এটি সমীক্ষা মতে আগত দিনবোৰত  বন দৰবৰ চাহিদা দিনক দিনে বাঢ়ি যাব আৰু হোমিঅ’পেথিক চিকিৎসাও পিচ পৰি নাথাকিব। অহা দিনবোৰত বিশ্বৰ প্ৰায় আশী শতাংশ লোকে প্ৰাচীন চিকিৎসা ব্যৱস্থা আঁকোৱালি ল’ব। বৰ্তমান পৃথিৱীত প্ৰতি বছৰে একো একোটা ন ন ৰোগৰ আৱিষ্কাৰে মানৱ জাতিক শংকিত কৰি তুলিছে। কিন্ত এই ৰোগবোৰৰ ঔষধ আৱিষ্কাৰ হোৱালৈকে ইতিমধ্যে বহুতো ৰোগীৰ মৃত্যু ঘটে। এনেক্ষেত্ৰত হোমিঅ’পেথিক চিকিৎসা বিজ্ঞানত নিৰ্দিষ্ট ৰোগৰ কাৰণে এককভাৱে কোনো নিৰ্ধাৰিত দৰব নাই আৰু লক্ষণৰ ওপৰত নিৰ্ভৰ কৰিহে চিকিৎসা কৰা হয়, তেনেক্ষেত্ৰত চৰকাৰে আন্তৰিকতাৰে হোমিঅ’পেথিক চিকিৎসা ব্যৱস্থাক জনসাধাৰণৰ মাজত আগবঢ়াই দিলে যিমানেই ন ন ৰোগ আৱিৰ্ভাৱ নহউক কিয়, ইয়াৰ সুফল লাভ কৰাৰ যথেষ্ট সুবিধা আছে। বৰ্তমান জনসাধাৰণৰ মাজত হোমিঅ’পেথিক চিকিৎসা পদ্ধতিটো অতি জনপ্ৰিয় হৈ উঠিছে। এগৰাকী ব্যক্তিয়ে সুস্থ-সবল জীৱন যাপন কৰিবলৈ হোমিঅ’পেথিক চিকিৎসাৰ তাৎপৰ্য উপলব্ধি কৰি নিজৰ লগতে আনকো আকৃষ্ট  কৰি সুফল লাভ কৰিলে ভৱিষ্যতে নীৰোগী জীৱন লভ কৰাৰ লগতে সুস্থ সমাজ গঢ়ি তুলিব পাৰিব।

লেখক: ডাঃ প্ৰাণকান্ত ভাট্টাচাৰ্য



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate