পৃথিৱীৰ সকলো ৰোগবিলাকৰ ভিতৰত বাতবিষৰো গুৰুত্ব বেছি। পৃথিৱীত এনে এখন দেশ নাই য’ত মানুহ এই বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা নাই।
বাতবিষ হৈছে একধৰণৰ গাঁঠিৰ বিষ। এই ৰোগটো সাধাৰণতে গাঁঠিত আক্ৰান্ত হয়। ৰোগ পুৰণি হৈ আহিলে সমগ্ৰ শৰীৰতে বিয়পি পৰে, কিন্তু নিৰ্দিষ্ট কোনো এটা অংগত আক্ৰমণ নকৰে। এই ৰোগ পুৰুষতকৈ মহিলাসকলৰ বেছিকৈ হোৱা দেখা যায়। বাতবিষ অতি যন্ত্ৰণাদায়ক আৰু দীৰ্ঘস্থায়ী হয়। গাঁঠিবোৰ ফুলি উঠি অত্যন্ত বিষ হয় আৰু জ্বৰ হয়। ৰোগ পুৰণি হৈ আঙুলিৰ গাঁঠিবোৰ ভাঁজ লাগি যায়। বাতবিষ দুই প্ৰকাৰৰ-
সন্ধিবাত আৰু গাঁঠিবাত।
বাতবিষক দুটা ভাগত ভাগ কৰা হৈছে- নতুন আৰু পুৰণি।
নতুন বাতবিষত গাঁঠিবোৰৰ ওপৰত থকা পিৰপিৰীয়া ছালৰ প্ৰদাহ হয়। ক্ৰমান্বয়ে গাঁঠিবোৰ ফুলে, ৰঙা পৰে, অসহ্য বিষ হয় আৰু বিষৰ কাৰণে জ্বৰো হয়। বাতবিষত প্ৰথমে আঁঠু আক্ৰান্ত হয়। তাৰ পিছত ইটোৰ পিছত সিটো আক্ৰান্ত হৈ হাত ভৰি লৰাব নোৱাৰা অৱস্থা হয়। নতুন গাঁঠিবাতত প্ৰায়ে বাতবিষ পৰিচালিত হৈ হৃৎপিণ্ড আক্ৰান্ত হয়।
কাৰণ
হঠাৎ ঠাণ্ডা লগোৱা, অধিক পৰিশ্ৰম কৰা, আঘাত পোৱা আৰু ছিফিলিছ জাতীয় অসুখত ভোগা আদি কাৰণেও বাতৰোগত আক্ৰান্ত হ’ব পাৰে।
শীত, বৰ্ষা আৰু ৰাতি ৰোগীৰ যন্ত্ৰণা বৃদ্ধি পায়। এই বাত বেমাৰৰ বাৰে বাৰে ৰোগত আক্ৰান্ত হোৱাৰ ফলত ক্ৰণিক বাতলৈ পৰিৱৰ্তন হয়। তদুপৰি গাঁঠিবিলাক ফুলি উঠে। হাত ভৰিবোৰ এনেদৰে ফুলি উঠে যে ৰোগীয়ে চলা ফুৰাত বৰ কষ্ট অনুভৱ কৰে।
বাতবিষৰ কাৰণে হোমিঅ’পেথিক চিকিৎসাত উন্নতমানৰ চিকিৎসা আছে। এই ঔষধবিৰ লক্ষণ অনুসাৰে যদি চিকিৎসা কৰা হয় তেতিয়া হ’লে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰি। বাতবিষৰ ঔষধবোৰ হ’ল- Aconite nap, Belladonna, Rhus tox, Kalimur, Phytolacca, Medorrium আদি।
Aconite nap
বতৰ পৰিৱৰ্তনত বা হঠাৎ বাত বেমাৰ উৎপত্তি হ’লে আৰম্ভণিতে এই ঔষধ ব্যৱহাৰ হয়। এই ঔষধ ব্যৱহাৰ হোৱা ৰোগী বিষৰ কাৰণে অস্থিৰ হয়। সকলো সময়তে বিষত ইকাটি-সিকাটি কৰে আৰু মাজে মাজে যন্ত্ৰণাত চিঞৰে। খুব পানী পিয়াহ আৰু জ্বৰ থাকে। জ্বৰত ঘাম নোলায়।
Bryonia alba
এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ সন্ধিবোৰ ফুলে আৰু সামান্য ৰঙা পৰে। জ্বৰ থাকে। বুকুত আৰু হৃৎপিণ্ডত খোছা বিন্ধা কৰা বিষ থাকে। সেই বিষ কাহিলে, লৰচৰ কৰিলে বাঢ়ে।
Rhus tox
এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ সন্ধিবোৰ ফুলা থাকিলেও ৰোগীয়ে সন্ধিবোৰ লৰচৰ কৰি থাকিবলৈ ইচ্ছা কৰে আৰু লৰচৰ কৰি থাকিলে কিছু আৰাম পায়। এই ৰোগীৰ হৃৎপিণ্ড আক্ৰান্ত হ’লে বাঁওবাহুত আৰু বাওঁকান্ধত খোছা-বিন্ধা বিষ থাকে।
Belladonna
এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ সন্ধিবোৰ ফুলি তেজৰ দৰে ৰঙা পৰে, ফুলা সন্ধিবোৰ অতিৰিক্ত গৰম হয়। ৰোগীৰ জ্বৰ থাকে আৰু অতিৰিক্ত ঘাম ওলায়। হৃৎপিণ্ড আক্ৰান্ত হ’লে হৃৎপিণ্ডত বিষ হয়। এই বিষ হঠাৎ উৎপত্তি আৰু হঠাৎ নিষ্পত্তি হয়। মূৰত বিষ থাকে আৰু বলিয়ালি থাকে।
হোমিঅ’পেথিক চিকিৎসা কৰাৰ উপৰি আকুপাংচাৰ চিকিৎসাতো বাতবিষৰ ভাল চিকিৎসা আছে। ইয়াৰ বিন্দুবোৰ হ’ল- GB 20, Sp-10, BL-17, LR-3 আৰু Ashi Point। এই বিন্দুসমূহত প্ৰতিদিনে বেজিৰে ফুটাই তীব্ৰ উত্তেজনা দি ১৫-২০ মিনিট সময় চিকিৎসা কৰা হয়। ৰোগৰ উগ্ৰতা কমি আহিলে এদিন এৰি এদিন চিকিৎসা কৰা হয়। এই চিকিৎসাৰ লগতে মক্সিবাশ্চনো ব্যৱহাৰ কৰা হয়। এই চিকিৎসাত দহটামান কোৰ্চত সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পাৰি।
বাতবিষ অতি যন্ত্ৰণাদায়ক আৰু ই বাতবিষ হোৱা লোকজনক পংগু কৰি পেলায়। বাতবিষ হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আমাৰ জীৱনশৈলীৰ বাবেই বাতবিষে দেখা দিয়ে। ৰোগীভেদে বাতবিষৰ কাৰণো বেলেগ বেলেগ হ’ব পাৰে। অতিৰিক্ত দেহৰ ওজন থকা লোকৰ বাতবিষ হোৱাৰ সম্ভাৱনা অধিক হয়। সেয়ে নিয়মীয়াকৈ ব্যায়াম কৰাৰ লগতে স্বাস্থ্যৱান হৈ থাকিবলৈ যত্ন কৰিব লাগে। দেহৰ ওজন কম থাকিলে ভৰিৰ গাঁঠিবোৰত চাপ কমকৈ পৰে। একেৰাহে গাঁঠিবোৰত চাপ পৰি থকাৰ কাৰণেও বাত বিষ হয়। বাতবিষ হোৱাৰ আন এটি কাৰণ হৈছে বয়স। বয়সৰ লগে লগে বাতবিষ হোৱাৰ সম্ভাৱনা বাঢ়ি গৈ থাকে। অৱশ্যে বৃদ্ধ হ’লেই সকলো লোকৰে বাতবিষ নহয়। আগেয়ে পোৱা কোনো আঘাতৰ বাবে ভৱিষ্যতে বাতবিষ হোৱাৰ সম্ভাৱনা থাকে। গাঁঠিত বাৰে বাৰে আঘাত পালে গাঁঠিবোৰ দুৰ্বল হয়। আঘাত ভাল হোৱাৰ পিছতো বাতবিষ হোৱাৰ সম্ভাৱনা বাঢ়ে।
বাতবিষৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সকলো ধৰণৰ ফল-মূল, সেউজীয়া শাক-পাচলি নিয়মিত খাব লাগে। কুহুমীয়া পানীত নেমু, টেঙাৰ ৰস মিহলাই খাব পাৰে। কলপচলা, মানিমুনি, নৰসিংহ, চজিনা, বগামূলা, বগা বেঙেনা প্ৰচুৰ পৰিমাণে খাব লাগে। কোমোৰা, মাটি দাইল, ভোল, বেছি জ্বলা মছলা, তেলযুক্ত খাদ্য খাব নালাগে।
এইবোৰৰ উপৰি বাতবিষ থকা লোকৰ বাবে বেছিকৈ কণী খোৱাটো বিপজ্জনক। বাতবিষৰ ৰোগীৰ কাৰণে মাছৰ কণীয়ো মাৰাত্মক। বেছিকৈ কণী খালে সাধাৰণ লোকৰো সমস্যাই দেখা দিয়ে। বাতৰোগীয়ে সপ্তাহত দুটা বা এটা কণী খাব লাগে। বিশেষকৈ কণীৰ কুহুমটো নাখাব। সৰু মাছ বাতবিষৰ ৰোগীয়ে খাব পাৰে। মাংসৰ ভিতৰত পঠা ছাগলী বা খাহী ছাগলীৰ মাংস একেবাৰে নাখাব। বাতবিষৰ ৰোগীয়ে ব্ৰয়লাৰ মুৰ্গীৰ সলনি দেশী মুৰ্গী খাব পাৰে। এইবোৰ বাচি খোৱাৰ উপৰি শাৰিৰীক ব্যায়াম নিয়মিত কৰি থাকিলে এইৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
লেখিকা: ডা: ডুলুমণি দাস, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 1/19/2019
চিয়াঁহি প্ৰস্তুত প্ৰণালী
পিঁয়াজৰ বিষয়ে
অসমৰ পুৰণি স্থাপত্য
চিলেট