অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰংকাইটিছৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা

শীত অহাৰ লগে লগে সাধাৰণত জনসাধাৰণৰ মাজত শ্বাসনলীৰ ৰোগ বেছিকৈ হোৱা দেখা যায়। তাৰে ভিতৰত এটা হ’ল ব্ৰংকাইটিছ ৰোগ।

এই ৰোগ সাধাৰণতে ধূলি, ধোঁৱা, ঠাণ্ড, বতাহ আদিৰ পৰা হয়। ব্ৰংকাইটিছ বা শ্বাসনলীৰ প্ৰদাহ হ’ল-শ্বাসনলী অনবৰতে বন্ধ হৈ পৰাৰ অস্বস্তিকৰ ৰোগ। কেতিয়াবা কিছুমান ব্যক্তিয়ে অনবৰতে খুক খুক কৰি গল খেকাৰি মাৰি গল পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰে, কিন্তু খেকাৰ বাহিৰ নহয়। এই ৰোগ গাঁও অঞ্চলতকৈ নগৰ অঞ্চলত বেছিকৈ হোৱা দেখা যায়। ঠিক তেনেদৰে এই ৰোগ মহিলাতকৈ পুৰুষসকলৰহে বেছিকৈ হোৱা দেখা যায়। আমি নাকেৰে লোৱা উশাহ শ্বাসনলীৰ দ্বাৰা হাওঁফাওঁ পায়গৈ। মানৱ দেহত ডিঙিৰ ভিতৰত দুডাল নলী তললৈ নামি গৈছে। ইয়াৰে এডাল হৈছে ইছোফেগাছ বা খাদ্যনলী আৰু আনডাল হৈছে শ্বাসনলী। এই শ্বাসনলীৰেই বায়ু হাওঁফাঁওলৈ যায়। ব্ৰংকাইটিছ বহুদিন ধৰি হৈ থাকিলে বায়ুথলীবোৰৰ নমনীয়তা কমি আহে, এইবোৰৰ পৰিসৰ কমি আহে আৰু কিছু পৰিমাণে ডাঠ হয়। ইয়াৰ ফলত বায়ুথলীলৈ বতাহ ঠিকেই যায়, কিন্তু সহজে ওলাই আহিব নোৱাৰে। এই অৱস্থাত ৰোগীৰ বাবে উশাহ লোৱা সহজ কিন্তু নিশ্বাস এৰা টান হৈ পৰে। ফলত হাঁওফাঁও দূষিত বায়ুৰে ভৰি পৰে। লাহে লাহে বায়ুথলীত চাপ বৃদ্ধি পায়, ইয়াৰ ওপৰত থকা পাতল আৱৰণত চাপ পৰে। এই অতিৰিক্ত স্ফীতিৰ ফলত বতাহ জমা হোৱা ঠাইখিনি সংক্ৰমিত হয়। যি স্তৰত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ আদান-প্ৰদান ঘটে সেইবিলাকৰ আয়তন কমি যায়। ইয়াৰ বাবে শ্বাসকষ্ট আৰম্ভ হয়। হৃদযন্ত্ৰটোৱে বেছিকৈ কাম কৰিব লগা। এনে অৱস্থা দীৰ্ঘদিন ধৰি হৈ থাকিলে, কেতিয়াবা ৰোগীৰ মৃত্যু পৰ্য্যন্ত ঘটিব পাৰে।

কাৰণ

এই ৰোগৰ প্ৰধান কাৰণ হ’ল-দুৰ্বল হাঁওফাঁও আৰু দুৰ্বল টনচিল গ্ৰন্থি। ঠাণ্ডা বতাহৰ সংস্পৰ্শ, উশাহৰ লগত ধোঁৱা, ধূলি হাঁওফাঁওত প্ৰৱেশ কৰা আদি। তদুপৰি যিকোনো ফুলৰ ৰেণুৰ পৰা এলাৰ্জি, চৰ্দি, সৰু আই, হুপিং কাহ, চাইনাছটিছ, হাঁওফাঁও আৰু ডিঙিৰ নানা ৰোগৰ কাৰণেও ব্ৰংকাইটিছ হয়।

লক্ষণ

সাধাৰণ ব্ৰংকাইটিছত ১০০-১০২ ডিগ্ৰী জ্বৰ থাকে। শুকান কাহ হয়, উশাহ-নিশাহ লোৱাত কষ্ট হয়, বুকুত বিষ হয়। কাহিলে সামান্য কফ ওলায়।

জটিল ব্ৰংকাইটিছত ১০২-১০৪ ডিগ্ৰী জ্বৰ থাকে। ঘনাই উশাহ লয়, কাহ ঘনাই হৈ থাকে, কাহোঁতে কাহোঁতে কেতিয়াবা বমি হৈ যায় কিন্তু কফ বাহিৰলৈ ওলাই নাহে। বুকুত অতিৰিক্ত বিষ থাকে।

ব্ৰংকাইটিছ ৰোগক দুটা ভাগত ভাগ কৰা হৈছে

নতুন আৰু পুৰণি।

নতুন ব্ৰংকাইটিছ

প্ৰথম অৱস্থাত অলপ চৰ্দি আৰু কাহ, লগতে জ্বৰো উঠে। আহাৰ গিলোতে বা কথা কওঁতে গলত বিষ অনুভৱ কৰে। অস্বস্তি লাগে, গা ঘামে। জিভাত বগা প্ৰলেপ পৰে। উশাহ-নিশাহ লওঁতে সামান্য কষ্ট পায় আৰু হাইফাই কৰে। বুকু বিষায়, বুকুত ঘেৰঘেৰণি শব্দ হয়। শুকান কাহ হয়। কাঁহোতে সামান্য কফ ওলায়। কফবিলাক আঠাৰ দৰে ডাঠ হয়। কফ হাতেৰে বা কাপোৰেৰে মচি পেলাবলগীয়া হয়।

পুৰণি ব্ৰংকাইটিছ

পুৰণি ব্ৰংকাইটিছত শীতকাল, সেমেকা পৰিৱেশ, শৰীৰত ঠাণ্ডা লগা ইত্যাদি কাৰণত ৰোগীৰ কাহ আৰু শ্বাস কষ্ট অধিক হয়। শ্বাসৰ সময়ত বাঁহীৰ মাতৰ দৰে চী চী শব্দ হয়। মাজে মাজে জ্বৰ উঠে। শৰীৰ শেতা পৰে। বুকু চুঙাকৃতিৰ হয়। দীঘলকৈ উশাহ এৰিব লগা হয় আৰু মাজে মাজে বুকুৰ বিষ হয়। শীতকাল অহাৰ লগে লগে কাহ আৰম্ভ হয়। কাঁহ মাৰোতে কম-বেছি পৰিমাণে ফেন আৰু আঠাযুক্ত ডাঠ বা পাতল বীজলুৱা কফ বাহিৰ হয়। কেতিয়াবা ৰক্ত কফ ওলায়। প্ৰচুৰ পৰিমাণৰ পূঁজৰ দৰে কফ ওলায়। কিছুমান ৰোগীৰ বুকু কফেৰে পৰিপূৰ্ণ হৈ থাকে। কিন্তু কাহিলে কফ নোলায়।

ব্ৰংকাইটিছ ৰোগত হোমিঅ’ ঔষধেৰে লক্ষণ অনুসাৰে যদি চিকিৎসা কৰা হয় তেতিয়া হ’লে ৰোগ অতি সোনকালে আৰোগ্য হ’ব।

ঔষধবোৰ হ’ল

Antim Tart: ৰোগীৰ কাহ আৰু দুৰ্বলতা, বায়ু নলীত প্ৰচুৰ শ্লেষ্মা সঞ্চয়ৰ কাৰণে ৰোগীৰ শ্বাসকষ্ট অধিক হয়। কফেৰে বুকু ভৰি পৰে। কাহিলে প্ৰচুৰ পৰিমাণে কফ বাহিৰ হ’ব যেন লাগে কিন্তু কফ বাহিৰ নহয়। বুকুত ঘৰঘৰণি শব্দ হয়।

Ammon Carb: বুকু কফেৰে পৰিপূৰ্ণ হৈ থাকে। ডিঙিত চিট চিট শব্দ হয়, পিৰপিৰাই থাকে, কাহোঁতে উশাহ-নিশাহ বন্ধ হৈ যায়। পুৱা কাহ বেছি হয়। কফ বেছি নোলায়। কেতিয়াবা মুখেদি তেজ ওলায়।

Belladona: শুকান কষ্টকৰ কাহ হয়। ডিঙিত বিষ আৰু গৰম অনুভৱ হয়। মাত বহি যায়। চকু-মুখ ৰঙা পৰে। মূৰ অত্যন্ত গধুৰ যেন অনুভৱ হয়।

Ipecac: বুকুত কফ বেছি পৰিমাণে জমে। কাহোঁতে বমি হৈ যায়। শ্বাস-প্ৰশ্বাসত কষ্ট পায়। বুকুখন গধুৰ লাগে।

Heper Sulph: শুকান কৰ্কশ কাঁহ হয়। বুকুত ঘৰ ঘৰ শব্দ হয়। কফ কেতিয়াবা নৰমো হয়। নৰম কফ হ’লেও কাহ মাৰোঁতে ভাগৰি পৰে। তদুপৰি আকুপাংচাৰ চিকিৎসাতো উন্নতমানৰ চিকিৎসা আছে।

আকুপাংচাৰ বিন্দুবোৰ হ’ল

-নতুন ব্ৰংকাইটিছত (Acute): LU.5,L.I.4,LU.7। জ্বৰ থাকিলে- DU.14,GB.20। ডিঙিৰ বিষ থাকিলে SI.17। অতিৰিক্ত কফ ওলালে- St.40। পুৰণি ব্ৰংকাইটিছ-UB.13,LU.1,LU.7,K6। বুকুৰ বিষ থাকিলে- LU6,UB17, পেট ফুলা থাকিলে- Ren.12।

আকুপাংচাৰ চিকিৎসাত প্ৰতিদিনে তীব্ৰ উত্তেজনা দি ১৫-২০ মিনিট সময় চিকিৎসা কৰা হয়। ৰোগৰ তীব্ৰতা কমি আহিলে এদিনৰ অন্তৰে অন্তৰে চিকিৎসা কৰা হয়। ৰোগৰ তীব্ৰতা কমি আহিলে এদিনৰ অন্তৰে অন্তৰে চিকিৎসা কৰা হয়। আৰু তাৰ লগতে মক্সিবাশ্বন চিকিৎসাও কৰা হয়। আমি যি চিকিৎসাই নকৰাও কিয় তাৰ লগতে কিছুমান প্ৰাথমিক চিকিৎসাও কৰিলে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰি।

  • আমলখিৰ গুড়ি এক চামুচ আৰু মৌ আধা চামুচ দিনে দুবাৰকৈ সাতদিন খালে ৰোগ উপশম হয়।
  • একাপ গাখীৰৰ দুচামুচ কেঁচা হালধিৰ ৰস মিহলাই দিনত তিনিবাৰকৈ খালে ৰোগ আৰোগ্য হয়।

খাব পৰা বস্তু

 

কাচকল, জিলমিল শাক, পালেংশাক, আনাৰস, নেমু, বাহক তিতা, আদা, মৌ, কেঁচা মূলা, পচতীয়া আদি।

খাব নোৱাৰা বস্তু

টেঙা বস্তু, দৈ কল, মধুৰিআম, মিঠা বস্তু, বিজলুৱা শাক-পাচলি আদি।

সাৱধানতা

ৰোগীয়ে গৰম কোঠাত থকাৰ ব্যৱস্থা কৰিব লাগে। ঠাণ্ডা বস্তু খাব নালাগে আৰু গা ধোৱা, খোৱা সকলো গৰম পানীৰে কৰিব লাগে। ধোঁৱ, ধূলি, ঠাণ্ডা বতাহৰ পৰা সদায় আঁতৰি থাকিব লাগে। ৰোগীয়ে যদি ধূমপান কৰে তেতিয়া হ’লে একেবাৰে ত্যাগ কৰিব লাগে। ৰোগীয়ে উশাহ-নিশাহত কষ্ট পালে গৰম পানীত সামান্য মৌ মিহলাই সঘনাই খুৱালে ৰোগৰ তীব্ৰতা কমে। ৰোগীয়ে নিয়ম-নীতিবোৰ যদি মানি চলে তেতিয়া হ’লে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।

লেখিকা: ডা: ডুলুমণি দাস



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate