অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ বগা স্ৰাৱৰ হোমিঅ’পেথিক চিকিৎসা

মহিলাৰ বগা স্ৰাৱৰ হোমিঅ’পেথিক চিকিৎসা

লিউকোৰিয়া বা বগাস্ৰাৱ হ’ল সকলো বয়্সৰ মহিলাৰে প্ৰায় দেখা দিয়া এক অস্বস্তিকৰ বেমাৰ। এই বেমাৰে মহিলাসকলক অতি সহজে আক্ৰমণ কৰা দেখ যায়। ইয়াৰ মূল কাৰণ হ’ল মহিলাৰ যৌনাংগ বা যোনি সদায় সেমেকা হৈ থাকে আৰু সেয়ে অতি সহজে বীজাণুৰ আক্ৰমণৰ বলি হয়। ইয়াৰ উপৰি যোনিৰ চাৰিওফালে প্ৰায় ঘামি থকাৰ বাবে বেমাৰত ই অৰিহণা যোগায়।

বগাস্ৰাৱৰ কাৰণবোৰৰ কি কি?

প্ৰায়ভাগ মহিলাই জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা এই বেমাৰত ভোগা দেখা যায়। বিভিন্ন কাৰণত এই বেমাৰ হ’ব পাৰে। কাৰণবিলাক এনেধৰণৰ –

  • বেক্টেৰিয়াৰ স্ংক্ৰমণ বা আন পেৰাছাইটৰ পৰা বগাস্ৰাৱ হ’ব পাৰে। ইয়াৰ উপৰি মহিলাৰ মুত্ৰনলীৰ বীজাণু আক্ৰমণৰ পৰাও বগাস্ৰাৱ হোৱা দেখা যায়।
  • যোনি, চাৰভিক্স বা গৰ্ভাশয়ত পোৱা আঘাতৰ পৰাও বগাস্ৰাৱ হ’ব পাৰে।
  • যৌনাংগ বা অন্তৰ্বাস সদায় অপৰিস্কাৰ থাকিলে এই বেমাৰ হ’ব পাৰে।
  • যৌনাংগত প্ৰে’, লুব্ৰিকেণ্ট, জেলি আদি অতিৰিক্ত বা মাত্ৰাতকৈ বেছি ব্যৱহাৰ কৰিলে বগাস্ৰাৱ হ’ব পাৰে।
  • গৰ্ভৰোধৰ্ বাবে মহিলাই বা পুৰুষে ব্যৱহাৰ কৰা কনড’ম, স্পাৰ্মিছাইড টেবেলেট আদিৰ পৰাও এই বেমাৰ হ’ব পাৰে। যৌন-স্ংগমৰ জৰিয়তে বিয়পা বেমাৰৰ পৰাও বগাস্ৰাৱ হ’ব পাৰে।
  • কম পুষ্টিকৰ খাদ্য নিয়মিত ভাৱে খালেও বগাস্ৰাৱ হ’ব পাৰে।
  • ডায়েবেটিছ বা এনিমিয়া থাকিলে দেহৰ ৰোগ প্ৰতিৰোধ শক্তি কমি যায়, ফলত যোনি অতি সহজে বীজাণুৱে আক্ৰমণ কৰি বগাস্ৰাৱ সৃষ্টি কৰিব পাৰে।

বগাস্ৰাৱৰ লক্ষণবোৰ কি কি?

বেছিভাগ ক্ষেত্ৰ্তে দেখা যায়্ যে পাতল বা গাঢ় ৰঙৰ বগাস্ৰাৱৰ বাহিৰে আন কোনো লক্ষণ নাথাকে। স্ৰাৱ হালধীয়া পানীৰ নিচিনা, বিজলুৱা বা কেতিয়াবা গাঢ় তেজ বৰণৰ হোৱা দেখা যায়। গন্ধ কেতিয়াবা থাকে বা কেতিয়াবা নাথাকে।

বগাস্ৰাৱৰ লগত দেখা দিয়া আন আন লক্ষণবোৰ হ’ল—

  • তলপেটৰ বিষ।
  • যৌন স্ংগমৰ সময়ত হোৱা বিষ।
  • কঁকালৰ বিষ। ভৰিৰ বিষো হ’ব পাৰে।
  • যোনিৰ খজুৱতি আৰু ফুলি যোৱা।
  • যোনিৰ ভিতৰফালে জ্বলা আৰু বিষ অনুভৱ কৰা।
  • ঘন ঘন কিন্তু কম পৰিমাণে প্ৰস্ৰাৱ হোৱা আৰু প্ৰস্ৰাৱ কৰোতে জ্বলা।
  • যৌনাংগত সদায়ে ইৰিটেশ্বন হোৱাৰ বাবে কাম-কাজত মনোজোগ দিব নোৱাৰা।
  • পায়খানা টান-ঢিলা হোৱা, বমি বমি লগা।
  • শৰীৰ দূৰ্বল অনুভৱ কৰা।

বগাস্ৰাৱ হ’লে মহিলাসকলে লগে লগে ইয়াৰ চিকিৎসা কৰিব লাগে। চিকিৎসকে বগা স্ৰাৱৰ মুখ্য কাৰণতো বিচাৰি তাৰ ওপৰত চিকৎসা কৰিলে আৰু ৰোগীয়েও নিয়মীয়াকৈ ঔষধ সেৱন আৰু পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে এই বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰে।

হোমিঅ’পেথিক চিকিৎসা পদ্ধতিত বগাস্ৰাৱৰ ভাল চিকিৎসা আছে। ৰোগীৰ সকলো লক্ষণ ভালদৰে পৰীক্ষা কৰি ঔষধ নিৰ্বাচন কৰিলে কম দিনতে ৰোগী ভাল হয়।

তলত কেইটামান ঔষধ আৰূ তাৰ লগত জড়িত লক্ষণসমূহ দিয়া হ’ল।

গ্ৰেফাইটিছ

বগাস্ৰাৱ গাখীৰৰ দৰে বগা, অত্যন্ত দুৰ্গন্ধ, প্ৰচুৰ পৰিমাণে হয়, প্ৰচণ্ড খজুৱতি হয়, তলপেটৰ বাওঁপিনে বিষায়, মহিলাগৰাকী শকত-আৱত, মাহেকীয়া কম আদি।

ক্যালকেৰিয়া: সৰু সৰু ছোৱালীৰ বগাস্ৰাৱ হয়। ৰ্ং বগা, পৰিমাণ প্ৰচুৰ। যোনি জ্বলা আৰু খজুৱতি থাকে।

সিপিয়া

বগাস্ৰাৱ খুব ঘন হয়। বৰণ বগা, হালধীয়া বা হালধীয়া আৰু সেউজীয়া মিশ্ৰিত হ’ব পাৰে। দুৰ্গন্ধ আৰু খজুৱতি থকে। ৰোগীৰ মূৰৰ বিষ (এফালে) থাকে। মাহেকীয়া অনিয়মিত আৰু পৰিমাণত কম হয়। প্ৰায়ে কোষ্ঠবদ্ধত ভোগা দেখা যায়।

ক্ৰিয়োজেট

স্ৰাৱৰ ৰ্ং হালধীয়া, কাপোৰত হালধীয়া দাগ লাগি থাক, অত্যন্ত বেয়া দুৰ্গন্ধ, গাত লাগিলে খজুৱায় আৰু জ্বালা কৰে। মহেকীয়া অধিক পৰিমাণে হয়। মাহেকীয়াৰ সময়ত কাণত শব্দ কৰে, প্ৰস্ৰাৱ ধাৰণ ক্ষমতা নাথাকে, ৰোগী ক্ষীণ আৰু দুৰ্বল হয়

পালমেটিলা

বগাস্ৰাৱ ঘন আৰু তেজমিশ্ৰিত, জ্বলা-পোৰা থাকে। কঁকালৰ বিষ থকে আৰু যোনিদেশ ফুলি যোৱা দেখা যায়। ৰোগীয়ে সদায়ে ঠাণ্ডা বস্তু বিচাৰে।

ইয়াৰ উপৰি হোমিঅ’পেথিত আন বহুত্ ঔষধ আছে বগাস্ৰাৱৰ। চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰিলে হোমিঅ’পেথিত ইয়াৰ স্থায়ী সমাধান পোৱা যায়।

ডা: আৰ আলম, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate