অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গেষ্ট্ৰিক ৰোগৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা

গেষ্ট্ৰিক ৰোগৰ হোমিঅ’ আৰু আকুপাংচাৰ চিকিৎসা

পৃথিৱীত প্ৰায়ভাগ লোকেই গেষ্ট্ৰিক ৰোগত ভোগা দেখা যায়। এই ৰোগত পেট, বুকু আৰু ডিঙি জ্বলা-পোৰা কৰে, টেঙা তিতা পানীৰে বমি হয়, ভোক নালাগে, বুকুত ভয় বা কঁপনি উঠে আৰু পেটত তীব্ৰ বিষ হয়। এই ৰোগ পাকস্থলীত উৎপত্তি হয়। আমাৰ শৰীৰত থকা পাকস্থলীতো এটা খাদ্যৰ ভঁৰাল। ইয়াৰ প্ৰধান কাম হ’ল খাদ্য হজম কৰা। পাকস্থলীত খাদ্য হজম কৰিবলৈ নানা ধৰণৰ ৰস, বিত্তৰস আদি প্ৰাকৃতিক নিয়ম অনুসৰি প্ৰৱেশ কৰে। এই ৰস (Gastric Juice), পিত্ত (Bile) আদি নিয়মিতভাৱে পাকস্থলীৰ ভিতৰলৈ খাদ্য হজম কৰিবলৈ সোমাব নোৱাৰিলে বা অতিৰিক্ত পৰিমাণত সোমালে বা অন্য কোনো প্ৰকাৰৰ বিকৃতি ঘটিলে গেষ্ট্ৰাইটিছ বা গেষ্ট্ৰিক হয়।তদুপৰি অতিৰিক্ত তামোল-পাণ, চূণ আদি খালে পাকস্থলীৰ আৱৰণী পৰ্দা (Mucus Membrance)ৰ ৰোগ হয়। অতিৰিক্ত মদ খালে বা অতিৰিক্ত মানসিক চিন্তা কৰি নিৰাশ হৈ বহি থাকিলেও পাকস্থলীৰ ক্ৰিয়া দূৰ্বল হৈ হজম শক্তি কমি আহে আৰু আহাৰ হজম নহৈ পাকস্থলীৰ ভিতৰতে ৰৈ থাকে। এনিমিয়া, নেফ্ৰাইটিছ, কেচুমুৰীয়া, বাতৰোগ, যক্ষ্মা আদি ৰোগৰ উপসৰ্গ হিচাপেও গেষ্ট্ৰিক হয়। গেষ্ট্ৰিক দুই প্ৰকাৰৰ হয়-

  • নতুন
  • পুৰণি

নতুন গেষ্ট্ৰিকৰ কাৰণ:

সাধাৰণতে অতিৰিক্ত গৰম মছলাযুক্ত খাদ্য, গেলা মাছ-মাংস, মাদক দ্ৰব্য, অতি গৰম বা ঠাণ্ডা খাদ্য গ্ৰহণ কৰিলে এই ৰোগ আৰম্ভ হয়। অতিপাত গৰমত পৰিশ্ৰম কৰি শৰীৰ আৰু পাকস্থলী গৰম হৈ থকা অৱস্থাত ঠাণ্ডা পানীয় বা আহাৰ গ্ৰহণ কৰাৰ ফলতো গেষ্ট্ৰিক হ’ব পাৰে।

লক্ষণঃ খাদ্য খোৱাৰ কিছু সময়ৰ পিছতে পেট ফুলে, পেটত বিষ হয়, কোনো কোনো ৰোগীৰ বমি হয়, বমিত গোটা গোটাকৈ খাদ্যবস্তু ওলাই যায়, কেতিয়াবা পিত্তযুক্ত বমি বা আঠালেতীয়া বমি হয়। ৰোগৰ প্ৰথম অৱস্থাত পেটৰ ওপৰ অংশ কড়ীৰ (Epigastric)স্থানত টিপিলে বিষায়। ৰোগীৰ জিভাত বগা বা হালধীয়া চামনি পৰে, মুখ গোন্ধায়, বুকু জ্বলাপোৰা কৰাৰ লগতে শৌচ কঠিন হয়। ৰোগীৰ সামান্য জ্বৰ ভাব আৰু মুৰৰ বিষ থাকে।

পুৰণি গেষ্ট্ৰিকৰ কাৰণ:

যি সকলে অতিৰিক্ত মাদক দ্ৰব্য সেৱন কৰে, জ্বলা-মছলা, অতিৰিক্ত তেল দিয়া খাদ্য গ্ৰহণ কৰে বা ভোক নলগাকৈ অতিৰিক্ত আহাৰ খোৱাৰ অভ্যাস কৰিলেও গেষ্ট্ৰিক হয়।

লক্ষণ

পুৰণি গেষ্ট্ৰিকত খাদ্য ভালদৰে হজম নহয়। ৰোগীৰ খাদ্য খোৱাৰ পিছতে উগাৰ আহে। পেট ফুলি উঠে, দাত মুখ টেঙা লাগি থাকে, টেঙা উগাৰ বা টেঙা বমি হয়। কিছুমান ৰোগীৰ বমিতকৈ বমি ভাব বেছি থাকে। ওপৰ পেট বা পেটৰ মধ্য অংশত বিষ, পাকস্থলীত বিষ হয়। পাকস্থলী খালী হ’লেও বিষ আৰম্ভ হয়। আহাৰ খালে ৰোগীয়ে আৰাম পায়। কিছুমান ৰোগীয়ে আহাৰ গ্ৰহণ কৰাৰ পিছতো বিষ নকমে, বৰং বাঢ়েহে। কোনো কোনো ৰোগীৰ আকৌ ভোক নালাগে। কিছুমান ৰোগীয়ে খোৱাৰ পিছতেই খাব বিচাৰে। মুখৰ পৰা পানী ওলাই থাকে। শৌচ কঠিন হয়। কিছুমান ৰোগীয়ে খাদ্য খালে হজম নোহোৱাৰ ভয়ত খাদ্য খাব নিবিচাৰে, তাৰ ফলত ৰোগী দুৰ্বল হৈ আহে আৰু হৃদপিণ্ড ধৰফৰ কৰে।

গেষ্ট্ৰিকৰ চিকিৎসা

নতুন গেষ্ট্ৰিকত যন্ত্ৰণা সহ্য কৰিব পৰা ধৰণৰ হ’লে কোনো ধৰণৰ ঔষধৰ প্ৰয়োজন নহয়। এই সময়ত পাকস্থলীতো বিশ্ৰাম দিয়াৰ অত্যন্ত জৰুৰী। ৰোগীয়ে কিছু সময়ৰ বাবে আহাৰ গ্ৰহণ কৰিব নালাগে। যদি উগাৰৰ লগত টেঙা পানী বা টেঙা পদাৰ্থ মুখেদি উঠি আহে তেনেহ’লে লক্ষণ অনুসাৰে নাক্স ভমিকা, পালচেটিলা, এছিড ছাল আদি ব্যৱহাৰ কৰিলে আৰগ্য হয়।

পুৰণি গেষ্ট্ৰিকৰ চিকিত্সা কৰাৰ আগতে ৰোগৰ উত্পত্তিৰ কাৰণবোৰৰ ওপৰত লক্ষ্য ৰাখিব লাগিব।

যদি আহাৰৰ দোষত ৰোগ উতপত্তি হৈছে, তেন্তে আহাৰৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব। যদি কোনো ৰোগৰ উপসৰ্গ হিচাপে গেষ্ট্ৰিক হৈছে। তেন্তে মূল ৰোগৰ চিকিত্সা কৰিব লাগিব।

গেষ্ট্ৰিকত লক্ষণ অনুসাৰে যদি চিকিত্সা কৰা হয় তেন্তে হোমিঅ’ চিকিত্সাৰ দ্বাৰাই ৰোগৰ উপশম ঘটাব পাৰি। এই ৰোগত ব্যৱহৃত কেইবিধমান হোমিঅ’ ঔষধৰ ব্যৱহাৰ তলত দিয়া হ’ল-

  • এচাইনাইট: এই ঔষধৰ ক্ষেত্ৰত লক্ষণ হৈছে পাকস্থলীত খোচা বিন্ধা কৰাৰ দৰে যন্ত্ৰণা। জ্বৰ, পানী পিয়াহ, বমি আদি থাকে আৰু লগতে অস্থিৰতা আৰু মৃত্যু ভয় থাকে।
  • চাইনা: এই ঔষধত খাদ্য খোৱাৰ পিছত পেট ফুলি উঠে। সমূলি ভোক নালাগে, খোৱাৰ পিছত গোটা বস্তু বুকুৰ মাজলৈ আহে। খাদ্য হজম নোহোৱালৈকে পেটত অশান্তি কৰি থাকে, পেটত কৰ কৰ, গৰ গৰ শব্দ হৈ থাকে, বুকু জ্বলা পোৰা আৰু অম্লৰ লক্ষণ থাকে। কেতিয়া ৰোগীৰ হিকটি, বমি ভাব, তেজ বমি আৰু টেঙা-তিতা উগাৰ আহে।
  • লাইকোপডিয়াম: ৰোগীৰ দাত মুখ টেঙা লগা, টেঙা উগাৰ অহা, পেটত বায়ু জমা হোৱা, পেট ফুলা, পেটত শব্দ কৰা, অলপ খাদ্য খালেই পেট ফুলা, পায়খানা কঠিন হোৱা আৰু অম্লৰ কাৰণে বুকু জ্বলা-পোৰা কৰা লক্ষণত এই ঔষধ ব্যৱহাৰ কৰা হয়।
  • নাক্স ভমিকা: এই ঔষধত পায়খানা প্ৰায় কঠিন বা কম পৰিমাণে হয়। খাদ্য হজম নহৈ পেট চিকুট মাৰি ধৰে, পেট কামোৰণি আৰু বিষ হয়। খাদ্য খোৱাৰ দুঘন্টা মানৰ পাছতেই টেঙা বা তিতা বমি হয়। বমি নহ’লে ৰোগীয়ে আমনি পায় গতিকে কিছুমান ৰোগীয়ে মুখত আঙুলি ভৰাই বমি কৰিবলৈ চেষ্টা কৰে। বমি হৈ গ’লে কিছু আৰাম পায়। অতিৰিক্ত মছলাযুক্ত খাদ্য খোৱা, অতিৰিক্ত এল’পেথিক জাতীয় ঔষধ বা মদ, ভাং খাই অসুস্থ হ’লে এই ঔষধে ভাল ক্ৰিয়া কৰে।
  • পালচেটিলা: এই ঔষধৰ ক্ষেত্ৰত লক্ষণ হ’ল ভোক নালাগে, পানীৰ পিয়াহ নাথাকে, মুখত তিতা স্বাদ অনুভৱ, যি খাই তাকেই তিতা লাগে।

এইবিলাক ঔষধৰ উপৰি গেষ্ট্ৰিকত ব্যৱহাৰ হোৱা হোমিঅ’ ঔষধ বহুতো আছে। লক্ষণ অনুসাৰে সেই ঔষধবোৰ ব্যৱহাৰ কৰিলে অতি সোনকালে আৰোগ্য হ’ব পাৰি।

হোমিঅ’ চিকিত্সাৰ উপৰি আকুপাংচাৰ চিকিত্সাটো গেষ্ট্ৰিক ৰোগো নিৰাময় কৰিব পাৰি। গেষ্ট্ৰিক ৰোগৰ বিন্দুবোৰ হ’ল- U.B 21, Ren 12, P.6, Sp.4, St.36 St.44 আদি।

এই বিন্দুবোৰত ১৫-২০ মিনিট সময়কৈ প্ৰতিদিনে চিকিত্সা কৰি কৰা হয়। এই ৰোগৰ প্ৰকোপ কমি আহিলে এদিন এৰি এদিনকৈ ইয়াৰ চিকিত্সা কৰা হয়। ইয়াৰ লগতে মক্সিবাশ্চনেৰেও চিকিত্সা কৰা হয়। আমি যি চিকিত্সাই নকৰাও কিয় আমি নিজেই সাৱধান নহ’লে কেতিয়াও ৰোগৰ উপশম নাপাও। গতিকে আমি আহাৰ সম্পৰ্কেও সতৰ্ক হ’ব লাগিব। তেলত ভজা খাদ্য, ঘিউ, জ্বলা-মছলাযুক্ত খাদ্যৰ পৰা আতৰত থাকিব লাগিব। দিনটোৰ ভিতৰত ১০-১২ গিলাচমান পানী খাব লাগিব। বেছি সময় ব্যায়াম কৰিব নোৱাৰিলেও ১৫-২০ মিনিট সময় সদায় কৰিব লাগিব। এই ৰোগীৰ কোষ্ঠকাঠিন্যই দেখা দিয়ে। গতিকে শৌচ পৰিস্কাৰ কৰি ৰাখিবলৈ আধা চামুচ নেমু ৰসৰ লগত এগিলাচ গৰম পানী পুৱা শুই উঠিয়েই খাব লাগে। মদ্যপান, ধূমপান বা এনে ধৰণৰ বদ অভ্যাস ত্যাগ কৰি অলপ শাৰিৰীক পৰিশ্ৰম কৰিলে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

লেখিকাৰ পৰিচয়:

ডাঃ ডুলুমণি দাস



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate