স্নায়ুতন্ত্ৰৰ বিভিন্ন স্থানত থকা এক প্ৰতিৰক্ষা ব্যৱস্থাৰ শৃংখলাৰ দ্বাৰা হাওঁফাওঁ সুৰক্ষিত হৈ থাকে। মানুহে উশাহ লওঁতে বতাহত উৰি ফুৰা ধূলিকণাবোৰ নাকত সোমায় যদিও ইয়াৰ সকলোবোৰ কণাই হাপঁফাওঁ নাপায়গৈ। নাক হৈছে এক সুদক্ষ পৰিস্ৰাৱক(ফিল্টাৰ)। ডাঙৰ ধূলিকণা শৰীৰৰ ভিতৰলৈ সোমোৱাত নাকে বাধা দিয়ে। হাতেৰে খুচৰি বা হাঁচিয়াই বাহিৰ নকৰা পৰ্যন্ত এই ডাঙৰ ধূলিকণাবোৰ নাকৰ ভিতৰতে থাকে। অৱশ্যে কিছুসংখ্যক সৰু ধূলিকণা নাকেৰে পাৰ হৈ শ্বাসনলী আৰু বিভক্ত শ্বাসনলীত(যি হাওঁফাওঁলৈকে ব্যাপ্ত হৈ থাকে) সোমাবলৈ সক্ষম হয়। এই নলীসমূহক ‘ব্ৰংকি’ আৰু ‘ব্ৰংকিঅ’লছ’ বোলা হয়।
সকলোবোৰ নলীকে শ্লেষ্মা উৎপাদন কৰা কোষে আৱৰি ৰাখে। এই কোষবিলাকে উৎপাদন কৰা শ্লেষ্মাই(মিউকাছ) অধিক সংখ্যক ধূলিকণা ধৰি ৰাখে। বায়ুনলীৰ(এয়াৰ টিউব) গাত লাগি থকা ‘চিলিয়া’ নামৰ কণ কণ চুলি সদৃশ গঠনবিলাকে লৰচৰ কৰি শ্লেষ্মা(মিউকাছ) ওপৰলৈ উঠায় আৰু কন্ঠলৈকে উলিয়াই আনে। এই ধূলিকণা মিশ্ৰিত শ্লেষ্মা কাহ মাৰি আৰু খেকাৰ হিচাপে শ্বাস-তন্ত্ৰই উলিয়াই দিয়ে অথবা গিলি থয়ি। নাকে ধৰি ৰাখিব নোৱাৰা ধূলিকণাসহ বতাহ হাওঁফাওঁত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বতাহৰ মোনাবোৰত সোমায়গৈ। এই বতাহৰ মোনাবোৰ অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ এইবোৰৰ মাজেদিয়ে শৰীৰ অম্লজান(অক্সিজেন) লাভ কৰে আৰু ‘কাৰ্বন-ডাই-অক্সাইড’ এৰি দিয়ে।
বতাহৰ মোনা আৰু বায়ুনলীৰ একেবাৰে তলৰ অংশ য’ত কোনো ‘চিলিয়া’ নাথাকে, তাত মেক্ৰ’ফেগাছ’ নামৰ বিশেষ কোষৰ দ্বাৰা ধূলিকণাৰ আক্ৰমণৰ সন্মুখীন হয়। এই কোষবিলাক হাওঁহাওঁৰ প্ৰতিৰক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এইবোৰে বতাহৰ মোনাবোৰ চফা কৰি ৰাখে। মেক্ৰ’ফেগাছে ধূলিকণাসমূহ আৱৰি ৰাখে। ইয়াৰ পিছত সহজতে বুজিব নোৱাৰা এক প্ৰক্ৰিয়াৰ মাজেৰে মেক্ৰ’ফেগাছ কোষবোৰ চিলিয়াই আৱৰি ৰখা বায়ুনলীৰ সেই অংশটোত প্ৰৱেশ কৰেত। চিলিয়াৰ ঢৌ সদৃশ গতিয়ে ধূলিযুক্ত মেক্ৰ’ফেগাছক কন্ঠলৈ কঠিয়াই নিয়ে। এই অংশৰ পৰা ধূলি মিশ্ৰিত শ্লেষ্মা কাহৰ যোগেদি উলিয়াই দিয়া হয় বা গিলি থোৱা হয়।
মেক্ৰ’ফেগাছৰ বাহিৰেও ধূলি আঁতৰ কৰিবলৈ হাওঁফাওঁৰ আন এক ব্যৱস্থাও থাকে। কিছুমান বিশেষ প্ৰোটিন উৎপাদন কৰি হাওঁফাৱে বীজাণুযুক্ত ধূলিকণাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া কৰিব পাৰে। এই বিষাক্ত কণাবোৰ নিষ্ক্ৰিয় কৰি পেলায়।
ধূলি হৈছে বতাহত উৰি ফুৰা ক্ষুদ্ৰ গোটা কণিকা। উৎসৰ ওপৰত ভিত্তি কৰি য়েই কণিকাবোৰ জৈৱিক বা অজৈৱিক হ’ব পাৰে। অজৈৱিক ধূলি ধাতু বা খনিজ দ্ৰব্য যেন, শিল বা মাটিৰ গুড়িৰ পৰা আহিব পাৰে। অজৈৱিক ধূলিৰ উদাহৰণ- ছিলিকা, এজবেষ্ট’জ আৰু কয়লা।
জৈৱিক ধূলিৰ উদ্ভৱ হয় উদ্ভিদ বা জন্তুৰ পৰা। শস্য চপোৱাৰ সময়ত উদ্ভৱ হোৱা ধূলি জৈৱিক ধূলিৰ এক উদাহৰণ। এই ধূলিবোৰত বিশালসংখ্যক কণা যোগ হৈ থাকে। শাক-পাচলি আৰু জন্তুৰ গাৰ পৰা এৰাই যোৱা বা নিৰ্গত হোৱাৰ উপৰিও জৈৱিক ধূলিত মেক্ৰ’ফেগাছসমূহে এৰি দিয়া ভেঁকুৰ বা অনুজীৱ আৰু বিষাক্ত উপাদানো থাকিব পাৰে। উদাহৰণ স্বৰূপে এক বিশেষ উদ্ভিদ বা প্ৰাণীৰ সংক্ৰমিত জৈৱিক ধূলি উশাহত গ্ৰহণ কৰাৰ ফলত হিষ্ট’প্লাজম’ছিছ, ছিটাক’ছিছ আৰু কিউ ফিভাৰৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
সাৰ, ৰং আদিৰ দৰে বিভিন্ন জৈৱিক সাৰৰ পৰাও ধূলিৰ সৃষ্টি হয়।
উশাহত সোমোৱা কণাবোৰৰ প্ৰতি স্নায়ুতন্ত্ৰৰ প্ৰতিক্ৰিয়া বহু পৰিমাণে নিৰ্ভৰ কৰে কণাটো ক’ত ৰৈছেগৈ, তাৰ ওপৰত। উদাহৰণ স্বৰূপে নাকত ৰৈ যোৱা অস্বস্তিকৰ ধূলিয়ে শ্লেষ্মা আৱৰণত জ্বলা-পোৰা কৰা ৰাইনাইটিছৰ সৃষ্টি কৰিব পাৰে। যদিহে অস্বস্তিকৰ ধূলিয়ে বতাহ চলাচল কৰা ডাঙৰ পথটোত আক্ৰমণ কৰে, তেন্তে ট্ৰেকিয়া বা ব্ৰংকিত জ্বলা-পোৰাৰ সৃষ্টি কৰি ‘ট্ৰেকেইটিছ’ বা ব্ৰংকাইটিছৰ সৃষ্টি কৰিব পাৰে। হাওঁফাওঁৰ আটাইতকৈ গভীৰ অংশত ইয়াৰ সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া সৃষ্টি হয়ু। নাক আৰু ডিঙি পাৰ হৈ আহিবলৈ সক্ষম হোৱা কণাবোৰ বায়ুৰ মোনাবোৰ বা বায়ুনলীৰ শেষ হোৱা ঠাইৰ ওচৰত ৰৈ যাব বিচাৰে। ধূলি কণা আৰু মেক্ৰ’ফেগাছযুক্ত ধূলিয়ে হাওঁফাওঁৰ কোষবোৰ সংগ্ৰহ কৰি হাওঁফাওঁত আঘাত সৃষ্টি কৰে।
হাওঁফাওঁত আঘাত কিমান গভীৰ হ’ব, সেই কথা ধূলিৰ পৰিমাণ আৰু কণাসমূহৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে মেক্ৰ’ফেগাছে চিলিকা কণাবোৰ গিলি পেলোৱাৰ পিছত এইবোৰ নিষ্ক্ৰিয় হৈ যায় আৰু বিষাক্ত পদাৰ্থ এৰি দিয়ে। এই পদাৰ্থ বা উপাদানবোৰ ফাইব্ৰ’আছ বা ক্ষত কোষ উদ্ভৱ হোৱাৰ কাৰণ হৈ পৰে। এই কোষবোৰ হৈছে শৰীৰটোৱে নিজকে মেৰামতি কৰাৰ সাধাৰণ প্ৰক্ৰিয়া। ফাইব্ৰ’আছ কোষ গঠন হোৱা পৰিস্থিতিটোৰ সাধাৰণ নাম হৈছে ‘ফাইব্ৰ’চিছ’। ফাইব্ৰ’চিছ আৰু আঘাত সৃষ্টি কৰা কণাসমূহ হৈছে ফাইব্ৰ’জেনিক। ফাইব্ৰ’চিছ যেতিয়া ক্ৰিষ্টেলাইন ছিলিকাৰ দ্বাৰা সৃষ্টি হয়, তেতিয়া ইয়াক কোৱা হয় ‘ছিলিক’চিছ’।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 2/28/2024